পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰ
১. মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক সমতা সাহিত্য একাডেমীয়ে মনোনীত কৰিলে ২০১৩বৰ্ষৰ ইণ্ডিয়া-নেপাল ফ্ৰেইণ্ডশ্বিপ এৱাৰ্ডৰ বাবেঃ অহা ১০নৱেম্বৰত কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলন, নেপাল-২০১৩ৰ অধিবেশনস্থলীতে তেখেতক এই সন্মান আগবঢ়োৱা হব৷
ধেমাজিৰ মৌ-মাৰী পাৰ্কলৈ যোৱাৰ পথৰ আদৰণি তোৰণ
আলোকচিত্ৰ- মৃগেন বৰুৱাৰ

২. যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গট্টানীৰ একক প্ৰচেষ্টাত গঢ়ি উঠা "মুদ্ৰা সংগ্ৰহালয় জোৰা ভিনা"ত  উন্মোচিত হ’ল ইংৰাজী আৰু অসমীয়া ভাষাত "আহোম ৰাজত্ব -কালৰ মুদ্ৰা" শীৰ্ষক গ্ৰন্থ৷

৩. অসমত বৃদ্ধি কৰা হৈছ অতিৰিক্ত ২৯হাজাৰ ইন্দিৰা আৱাস যোজনা গৃহৰ লক্ষ্যঃ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত এই বিত্তীয় বৰ্ষত মুঠ ১লাখ ৬৭হাজাৰ ৭২৯টা এনে আৱাসগৃহ নিৰ্মাণৰ নতুন লক্ষ্য স্থিৰ কৰি দিয়ে৷

৪. এইবাৰ নৱ প্ৰজন্মই নিৰ্ধাৰণ কৰিব দেশৰ ভৱিষ্যতঃ ১২কোটি নতুন আৰু প্ৰথমবাৰ ভোটদান কৰিব লগা ভোটাৰৰ নাম সন্নিবিষ্ট হোৱাৰ সুখবৰ৷

৫. অহা ২২অক্টোবৰৰ পৰা শিশুৰ হৃদপিণ্ডৰ জন্মগত বিসংগতিৰ পৰীক্ষা শিবিৰ ৰাজ্যজুৰি আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে, ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ উদ্যোগতঃ উন্নত চিকিৎসাৰ বাবে কলকাতা আৰু বেংগেলুৰুৰ নাৰায়ণ হৃদয়ালয়ত চৰকাৰী খৰছত অভিভাৱকৰ সতে প্ৰেৰণৰো কৰিব ব্যৱস্থা৷

৬. আনন্দ বজাৰ, শালবাৰীৰ গাঁৱে গাঁৱে বিপিএফ দলে শান্তি সভা অনুষ্ঠিত কৰাৰ সুখবৰ৷

৭. বিশ্বনাথত আটক হ’ল দুজনকৈ দুৰ্ঘষ গঁড় চিকাৰী আটকঃ থ্ৰী নট থ্ৰী ৰাইফল আৰু সক্ৰিয় গুলী হ’ল উদ্ধাৰ৷

৮. গহপুৰত অনুষ্ঠিত হ’ল "গহপুৰ পুথিঘৰ"ৰ প্ৰতিষ্ঠাপক গ্ৰন্থপিপাসু প্ৰয়াত নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত অনুষ্ঠিত হ’ব বক্তৃানুষ্ঠানঃ "অসমীয়া সংবাদপত্ৰত সাহিত্য চৰ্চাঃ অতীত আৰু বৰ্তমান" বিষয়ত বক্তৃতা প্ৰদান কৰিব গল্পকাৰ প্ৰফুল্ল চন্দ্ৰ বৰা দেৱে অহা ৬অক্টোবৰত৷

৯. পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাঃ দিল্লী-মধ্যপ্ৰদেশ-ৰাজস্থান-চত্তিশগড় আৰু মিজোৰামৰ নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক মহলৰ বৃদ্ধি পালে উৎকণ্ঠা৷

১০. অসমত প্ৰদেশ কংগ্ৰেছ আৰু মন্ত্ৰী সভাত হব পাৰে ব্যাপক সালসলনিঃ আজি সন্ধিয়ালৈ মন্ত্ৰী পৰিষদৰ জৰুৰী বৈঠক, প্ৰদেশ কংগ্ৰেছৰ সভাপতিক তলৱ কৰি নিলে হাইকামাণ্ডে৷

No comments:

Post a Comment