Monday, October 7, 2013

জীৱন বাটৰ সুৰ

জোনাকী পৰুৱা, সাধুকথা, মোৰ শৈশৱ ইত্যাদি

- মনোজ মন কলিতা



" এন্ধাৰে এন্ধাৰে 
এটি জোনাকী 
উৰি আহি
মোৰ বুকুত শুলে |"
-কবি: হীৰেণ ভট্টাচাৰ্য্য

জোনাকী পৰুৱা | দুটা শব্দতেই যেন নিহীত হৈ আছে বহু ভাল লগা অনুভৱ | শৈশৱতে উমলিছিলো জোনাকী পৰুৱাবোৰৰ স’তে | প্ৰতিটো সন্ধিয়া আছিল এক মাদকতা ভৰা সময়, যাৰ বাবে অপেক্ষা আছিল বেলিটোৱে পূৱৰ পৰা পশ্চিমলৈ যোৱাৰ সূদীৰ্ঘ পথছোৱা |

 নামঘৰৰ ডবাৰ শব্দত আৰম্ভ হৈছিল মোৰ সন্ধিয়াবোৰ পদূলিমুখত বাট চাই ৰৈছিলো এবুকু আশাৰ সৈতে, দেউতা অফিচৰ পৰা অহিব আৰু মোক বাটতেই অকোৱালি ল’ব | তাৰ পিছত....., তাৰ পিছত আমি দুয়ো আৰম্ভ কৰিম জোনাকী পৰুৱাৰ সাধুকথা | দূৰণিত যেতিয়া শুনিছিলো কোনো নিশাচৰ চৰাইৰ মাত তেতিয়া দেউতাৰ বুকুৰ মাজত সোমাই পৰিছিলো আৰু বিচাৰি পাইছিলো এখন পৃথিৱী য’ত আছিল সীমাহীন নিৰাপত্তা |


"মোক ৰাতিটোৰ বাবে 
ওভতাই দিয়া মোৰ ল’ৰালি
আইৰ কোলাত আকৌ এবেলি শুম |"
-কবি: হীৰেণ ভট্টাচৰ্য্য

জোনাকী পৰুৱাবোৰৰ পিছে পিছে ঢপলিয়াই ফুৰুতে ভবাটো নাছিলো যে এদিন মই ডাঙৰ হ’ম আৰু স্মৃতিৰ মনিকোঠাৰ এচুকত পৰি ৰ’ব সেই সময়বোৰ | ভবাটো নাছিলো আইৰ কোলাত মূৰ থৈ শুনা সঁচা সঁচা যেন লগা পৰীৰ দেশৰ কাহিনীবোৰ এদিন মাথো সাধুকথা হৈ ৰ’ব | কোনোবাই যদি মোক এৰাতিৰ বাবে হ’লেও মোৰ ল’ৰালি উভতাই দিলেহেঁতেন জোনাকী পৰুৱাবোৰ হাতৰ মুঠিত আকৌ আলফুলে তুলি ল’লোহেতেন, পদূলিমুখত দেউতা ঘূৰি অহালৈ বাট চাই ৰ’লোহেতেন, আৰু শেতেলীত আইৰ কোলাত মূৰ থৈ আকৌ এবাৰ শুনিলোহেঁতেন পৰীৰ দেশৰ সাধুকথা | যদি উভতাই পালোহেঁতেন সেই শৈশৱ আকৌ এবাৰ শুনিলোহেঁতেন আইৰ মুখৰ সেই নিচুকনী গীত |

"পানীৰ তলৰ সোনালী পিঠিয়া মাছবোৰে 
ৰান্ধনি বেলিটোৰ ৰং বিচাৰে পানীৰ শেতেলিত"
-কবি: মিতালী ফুকন

ৰান্ধনি বেলিটোৰ দৰেই ৰঙীন আছিল মোৰ আবেলিবোৰ | খহি পৰা হাফপেন্টটো ককাললৈকে টানি লৰ দিছিলো ৰং বিৰংৰ পখিলাবোৰৰ পিছে পিছে সমনীয়াৰ স’তে, খেল খেলিছিলো নাৰিকলৰ কোৰোকাত ভাত ৰন্ধা, বনৰীয়া ঘাঁহেৰে আঞ্জা বনোৱাৰ, বটলৰ সাফৰত চাহ খোৱাৰ অভিনয় কৰাৰ | এতিয়া চকু মুদিলে হেচুকি থৈ যায় সোঁৱৰনিবোৰে আৰু সাৰ পাঁও এক মিঠা আমেজত |

পুৱা শেতেলীৰ পৰা দুহাত মেলি দিছিলো, এটাই আশা - মায়ে আলফুলে মোক কোলাত তুলি ল’ব | কিন্তু এতিয়া !! এতিয়া শোৱা পাটী এৰো দিনটোৰ ব্যস্ততাৰ বোজা মূৰত লৈ |

স্কুললৈ যাবলৈ শিকাৰ পৰা আৰম্ভ হৈছিল মোৰ শৈশৱৰ ভাল লগা দিনবোৰ অতীতৰ পৰা অতীত হোৱাৰ | মনত পৰে স্কুলত হেডছাৰৰ ভয়লগা চকুযুৰি আৰু মনত পৰে ছাৰৰ বেটৰ কোবত হাফপেন্ট টিটি যোৱাৰ কথা | কলম ধৰিবলৈ শিকাৰ পিছত দেউতাক ভাল কলম এটা আনি দিয়াৰ বাবে তাগীদা দিয়া | এবটল নতুন চিঞাঁহী পাবলৈ সন্ধিয়া দেউতা অহালৈ আগ্ৰহেৰে বাট চোৱা, নতুন বহীত লিখিবলৈ হেতা-ওপৰা লগোৱা, বছৰটোৰ আৰম্ভনিত নতুন কিতাপ পাবলৈ আশাৰে বাট চোৱা ইত্যাদি আছিলো মোৰ সোঁৱৰনিৰ ডায়েৰীত লিখি ৰখা কিছুমান সৰু সৰু কিন্তু পাহৰিব নোৱাৰা স্নেপশ্বট‍ | কিয়জানো এতিয়াও পাহৰিব পৰা নাই বহাগৰ বিহুত মায়ে মৰমেৰে দিয়া বিহুৱানখনৰ সুবাস, পাহৰিব পৰা নাই মুকলি বিহুতলিৰ সেই ঢোলৰ শব্দ, আঁতৰিব খোজা নাই দেহৰ পৰা দেউতাই কিনি দিয়া ফাকুগুড়িৰ ৰং | ডাঙৰ হ’লো বাবেই নেকি এতিয়া ভাল নলগা হ’ল বৰদৈচিলা | শুকান বতৰ, ধূলিৰ বতাহ ইত্যাদি শব্দৰে ৰুদ্ধশ্বাস কৰি পেলাওঁ ফাগুনৰ অনুভুতিবোৰক, অৱজ্ঞা কৰো বহাগ অহাৰ খবৰ | হয়তো ডাঙৰ হৈছো বাবেই তীড়কপে উঠা জ্বৰৰ খবৰবোৰ গোপনে ৰাখো আৰু টেলিফোনৰ সিপাৰে ৰৈ থকা মাক উত্তৰ দিওঁ, "মই ভালে আছো, মা |" মনত পৰে তেতিয়া ঘৰখনলৈ, মালৈ; মোৰ সাধাৰণ পানী লগা জ্বৰেও কঁপাই তুলিছিল যাৰ হৃদয়|

বুজাব নোৱাৰা কাৰণত পাহৰি পেলালো বহুতো স্মৃতি, জোকাৰি পেলালো সোঁৱৰনিৰ ধুলিকণাই আৱৰি থকা হৃদয়ৰ চাদৰখন | কিয়জানো আজিকালি ’বা’ৰ সৈতে লগ হৈ টেমাৰ গাখীৰ চুৰ কৰি খাবলৈ মন নোযোৱা হ’ল, সৰু সৰু কথাত দাদাৰ ওপৰত অভিমান কৰিবলৈও মন নোযোৱা হ’ল | ডাঙৰ হৈছো বাবেই নেকি ঘৰৰ মানুহবোৰ আৰু মোৰ দূৰত্বৰ হিচাপ দিয়ে টেলিফোনৰ বিলে | শৈশৱত লুকাভাকু খেলা বান্ধৱীবোৰৰ ওচৰত দেখোন এতিয়া জোৰকৈ কথা ক’বলৈও লাজ লগা হ’ল, হয়তো বন্ধুবোৰৰ স’তে এতিয়াও সজীৱ হৈ আছে পুৰণি অনুভূতিবোৰ | কেৱল মাথো ডাঙৰ হৈছো বাবেই নেকি এই পৰিৱৰ্তন ! 

"I love walking in the rain
Because no one knows that I am crying"
-by Charlie Chaplin

ডাঙৰ হৈছো বাবেই শিকিলো জীবন নাটৰ এজন পাকৈত অভিনেতা হ’বলৈ | নিসংগতাবোৰ মচি পেলাব পৰা হ’লো মাথো এটা ফ’ন ক’লেৰে; ’হেল্ল...............’ এটা শব্দৰ পিছত থকা নিৰৱতাখিনিৰে বুজাব পৰা হ’লো বিষাদৰ গভীৰতা | ইউনিভাৰ্ছিটিৰ ৰোমান্তিক সন্ধিয়াবোৰত শূণ্যতাৰ হাতত হাত মিলাই খোজ কাঢ়িব পৰা হ’লো ষ্ট্ৰীত লাইতৰ তলেৰে, কেৱল মাথো শৈশৱক পাহৰণিৰ চিঁতাত জাহ দিয়াৰ বাবেই ! ডাঙৰ হৈছো বাবেই চকুপানীবোৰ শুকাই গ’ল, মনৰ দুখবোৰক "কান্দোন"ৰ নাম দিব নোৱাৰা হ’লো |

হয়তো মোৰ শৈশৱৰ স’তে জীৱনৰ কোনোবাটো ষ্টপেজত আকৌ মুখা-মুখি হ’ব, কিন্তু তেতিয়া মোৰ পৰিচয় হ’ব পাৰে "মামা", "খুড়া" ইত্যাদি | তেতিয়া হয়তো মই প্ৰাণখুলি হাঁহিম, কথা পাতিম কাৰোবাৰ স’তে, সুখ-দুখৰ | কিন্তু তেতিয়া জোনাকী পৰুৱাবোৰ মোৰ হৈ নাথাকিব, সাধুকথাবোৰো মোৰ বাবে নহৈ আন কাৰোবাৰ বাবে হ’ব |

No comments:

Post a Comment