Monday, October 7, 2013

জীৱনৰ অনুভৱঃ বিদেশত আপোন মানুহ

গামোচা আৰু আমাৰ পৰিচয়
- মানস দত্ত
কালি আবেলি পৰত দিল্লীত থকা লগৰ এজনৰ ঘৰলৈ গৈছিলো। দিল্লীৰ ভিতৰুৱা গলি বিলাকৰ কথা আৰু কি কম । পথ বুলিবলৈ কথমপি ৰিক্সা এখন যাব পৰাকৈ বহল। মূৰৰ ওপৰত টেলিফ'ন,বিদ্যুত পৰিবাহী তাঁৰৰ জঁট। 
 
লগৰ জনৰ লগত খোজ কাঢ়ি যাওঁতে এনেই ওপৰলৈ চাই পঠিওৱাত দেখিলো - ওপৰৰ তাঁৰত গামোচা এখন ওলমি আছে। পুৰণি মলিয়ন গামোচা। হয়তো বহুত দিনৰেপৰা তেনেকৈয়ে আছে। বতাহে বোধহয় কাৰোবাৰ বেলক'নিৰপৰা উৰুৱাই আনি এই তাঁৰৰ মেৰপাকত পেলালেহি। য’ত গামোচাখন আছে তাৰপৰা বুটলি অনাৰ কাৰো সাধ্য নাই। "স্পাইডাৰ মেন" থকা হ'লে হয়তো সম্ভৱ হ'ল্ হয়। কিন্তু দিল্লীৰ এই গলিবিলাকৰ যিহে গতি মাজে মাজে ভাবো স্পাইডাৰমেন যদি এই গলি বিলাকৰ মাজেদি উৰে তেন্তে এই তাঁৰবিলাকত বাৰু কিমান উজুটি খালেহেতেন? হয়তো কোৱা টান হ'ব।

লগৰজনৰ এপার্টমেন্টটো কাষতেই। তাক ওলমি থকা গামোচা খন দেখুৱাই কলো "অই ওচৰতে অসমৰ মানু্হ আছে দেখোন। যাবি আকৌ চা চিনাকি হ'বি। ভাল লাগিব কথা বতৰা পাতি" !

"তই কি মই এতিয়া বিদেশত আছো বুলি ভাবিছনেকি? দিল্লী হয়। গোটেইখন অসমীয়া মানুহেৰে ভৰি আছে। তাতে ইয়ালৈ অহা দুদিনমান হৈছেহে মোৰ । ছেট'ল হৈ লও ৰ"- সি ভেকাহি মাৰিলে।

মই আৰু একো নকলো। গামোচাখনেৰেই যে পৰিচয়তো ইমান সহজে পাব পাৰি। মনলৈ আহিল ইঞ্জিনিয়াৰিং কলেজত নামভর্ত্তিৰ সময়ত হোৱা এটা মিঠা অভিজ্ঞতাৰ কথা...............

ইঞ্জিনিয়াৰিঙৰ কাৰণে আবেদদন কৰা AIEEE পৰীক্ষাৰ কাউন্সেলিং শিলছৰত হৈছিল। কাউন্সিলংত গম পালো মই National Institute of Technology চমুকৈ NIT জলন্ধৰত চিট পাইছো। কিন্তু গম পালো যে সাত দিনৰ ভিতৰতেই এডমিশ্যন লব লাগে। সেয়েহে দেউতা আৰু মই পোনে পোনেই শিলছৰৰ পৰা জলন্ধৰলৈ গলোগৈ। জুন মাহৰ ১৭ তাৰিখে এডমিশ্যন হৈ গল। তেতিয়াহে গম পালো যে ক্লাছ জুলাই মাহৰ প্ৰথম সপ্তাহৰপৰাহে আৰম্ভ হ'ব। 

এতিয়া কি কৰা যায়। মাজত ১৫ দিনমান আছে। ঘৰলৈ ঘূৰি যাবলৈও অসুবিধা। প্ৰথম বাৰৰ কাৰণে অসমৰ বাহিৰলৈ আহিছো। অহা যোৱাত বিৰাট অসুবিধা। শেষত সিদ্ধান্ত কৰিলো যে ঘৰলৈ মই উলটি নাযাওঁ। মই এইকেইটা দিন হোস্টেলতে থাকো। মোৰ নিচিনাকৈ থাকি যোৱা আৰু ২-৩ জনমান অসমৰ বাহিৰৰ ল’ৰাক লগ পালো । লগৰ লৰা দেখি দেউতা নিশ্চিন্ত হ'ল। হোস্টেলত এডমিশ্যন লোৱাৰ পাছত দেউতা ঘৰলৈ গলগৈ। 

হোস্টেলৰ এডমিশ্যন লওতে গম পালো মোৰ ৰুমমেট দুয়োজনেই অসমৰ। কথাটো গম পাই ভাল লাগিল। কিন্তু পাছত গম পালো তেওলোক দুয়োজনেই হেনো এডমিশ্যন লৈ ঘৰলৈ উলটি গল। ক্লাছ আৰম্ভ হোৱাৰ আগে আগেহে হোস্টেললৈ আহিব।

ৰুমলৈ আহি বিছনা পত্ৰ ঠিক ঠাক কৰি ললো। ওচৰে পাজৰে খবৰ কৰি দেখিলো প্ৰায় ৬-৭ জনমান ল’ৰাই আছে মোৰ "উইং" টোত। হ'ব তেও - নাই মোমাইতকৈ কণা মোমায়েই ভাল।

ৰুমত বহি বহি ভাবিবলৈ ধৰিলো "এই ১৫ দিন অকলে অকলে এই ৰুমটোত থাকিব পাৰিমনে বাৰু মই ?" আগতে হোস্টেলত নথকা নহয় কিন্তু অকলে অকলে ইঞ্জিনিয়াৰিং কলেজৰ হোস্টেলত থকাৰ কথাটো ভাবিয়েই কিবা ভয় ভয় লাগিল। তাতে আগৰেপৰা শুনি অহা ৰেগিংৰ দুস্বপ্নবোৰটো আছেই লগতে। 

"ছেহ অসমৰ লৰা এজন পোৱাহ'লে। মোৰ হিচাপমতে অসমৰপৰা কমেও ৮-৯ জন ল’ৰা আহিব লাগে। কিন্তু মই জনাত তেতিয়ালৈকে ৩ জন ল’ৰাইহে এডমিশ্যন লৈছে।" বাকী কেইজনো আহিব চাগে লাহে লাহে। মোৰ পাছত এডমিশ্যন লৈছে বোধহয়।" মনতে ভাবিলো। লগ কৰিব পৰা হ'লে ভাল হল হয়। কিজানি মোক দেখি তাৰ মাজৰে কোনোবা এজনেও যদি থাকি যোৱাৰ সিদ্ধান্ত কৰি পেলায়।"

কিন্তু কথা হ'ল যদি কোনোবা অসমৰপৰা আহে মই সেই কথা কেনেকৈ জানিম? তেওঁলোকেই বা কেনেকৈ মোৰ কথা জানিব । 

হঠাৎ উপায় এটা বিচাৰি পালো। বেগ'ৰপৰা গামোচাখন উলিয়ালো আৰু বেলক'নিত সকলোৰে চকুত পৰাকৈ ৰছীত আৰি দিলো। মোৰ ৰুমটো গ্ৰাউন্দ ফ্ল'ৰতেই আছিল আৰু হোস্টেলৰ এডমিশ্যন অফিছ'লৈ মোৰ ৰুমটোৰ কাষেদিয়েই যাব লাগে। স্বাভাবিকতেই গামোচাখন সকলোৰে চকুত পৰিব।

দৰবে কাম দিলে। ২-৩ ঘন্টামান যোৱাৰ পাছত কোনোবাই আহি দুৱাৰত ঢকিয়ালেহি। যোৱা দুদিন ধৰি ট্ৰেইন'ত যাত্ৰা কৰি কৰি ভাগৰ লাগিছিল। সেয়েহে আবেলি অলপ ভাগৰ পলুৱাই লও বুলি শুই পৰিছিলো। 

খপজপকৈ টোপনিৰপৰা উঠি দুৱাৰ খুলি দেখিলো বেগ, হ'ল্ডল লৈ ল’ৰা এজন ৰৈ আছে দুৱাৰমুখত। কাষত আৰু এজন মানুহ। সম্ভৱ দেউতাক। (পাছত গম পালো তেখেত ল’ৰাজনৰ খুৰাক আছিল)

মই কিবা কোৱাৰ আগতেই খুৰাকেই সোধিলে মোক - "য়ঁহা আছাম ছে কয়ী হে ক্যা? হাম আছাম ছে আয়া হো"

বিদেশত আপোন মানুহ !!!! মোক তেতিয়া কোনে পায় আৰু ""হয় খুৰা .. আহক আহক সোমাই আহক"......

No comments:

Post a Comment