লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "প্ৰেম কৰিব নাজানো" নামৰ চিৰিয়াছ ধৰ্মী চিনেমাখনে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে থকা সকলো মাল্টিপ্লেক্স চিনেমাঘৰত ঢৌ তুলিবলৈ সক্ষম হৈছে৷ এই সফলতাই অসমীয়া চিনেমা উদ্যোগলৈ উৎসাহৰ ঢল বোৱাই আনিছে৷ "টেট পালেই পলুৱাই নিম", "মই জালুকবাৰীৰ ভীম", "বাহঃ কন-জলকীয়াৰো কি জাল!" নামৰ তিনিখন চিৰিয়াছ চিনেমা একেজন পৰিচালকে মুক্তি দিব বুলি জনাইছে৷


২. বেত গাজৰ মিঠা হালোৱাৰ ৰেছিপি বনাই গুজাৰাটী মাষ্টাৰ চেফত বিজয়ী হৈছে অসমীয়া জীয়াৰী আধুনিকা শৰ্মা৷ সফলতাত সণ্টুষ্ট হৈ আধুনিকাই কয় যে, ৰেছিপি বুলিলেইতো উদ্ভুত কিবা এটা বনোৱা৷ সেয়েহে অসমীয়া পাৰম্পৰিক খাদ্য বেত গাজৰ হালোৱা বনাই অসমীয়া উপকৰণক বিশ্ব দৰবাৰলৈ নিবলৈ এয়া তেখেতেৰ এক ক্ষুদ্ৰ মেজিকেল প্ৰচেষ্টাহে বুলি আমাক জানিবলৈ দিছে৷

৩. নিচাদেউৰ পুতেকৰ বিয়াৰ অভ্যৰ্থনাৰ বাবে সাত হাজাৰ গাহৰি, কেইবা লাখ কুইণ্টল লোকেল মাছ আৰু মুৰ্গীৰ প্ৰয়োজন হব৷ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰা মতে, এই চাহিদাৰ বাবেই অনাগত ছমাহত মাছ, মঙহৰ প্ৰৱল ধুমুহাই অসমক কোৱাই যোৱাৰ সম্ভাৱনা আছে৷ সেয়ে নিচাদেউ বোৱাৰীৰ ঘৰলৈ ফাইনেল ৰাউণ্ড যোৱাৰ আগতেই সকলো নগন্য অসমীয়াক মাছে-মাংসই দকচি খাই লবলৈকো আহ্বান জনাইছে৷ ব্লক পৰ্যায়তো অভ্যৰ্থনাৰ আয়োজন কৰিব বুলি নিচাদেউ ফেন ক্লাৱ ঠিকাদাৰ সন্থাই জনাইছে৷

৪. "পবিত্ৰ ভৰলুৰ পানী" শীৰ্ষক তথ্যচিত্ৰৰ বাবে অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছে গৌহাটি বিশ্ববিদ্যালয়ৰ গৱেষক কল্পনা দেৱীয়ে৷ কল্পনাই কয়, কল্পনাৰ মাজেৰেইতো অবাস্তৱকো বাস্তৱ কৰাৰ সপোন দেখিব লাগিব৷ এই তথ্যচিত্ৰৰ যোগেদিয়ে বিশ্ববেংকৰ পৰা দহ হাজাৰ কোটিৰ প্ৰজেক্ট অহাৰ বাট মুকলি হব বুলি পবিত্ৰ ভৰলু খননকাৰী ঠিকাদাৰ সন্থাই মত প্ৰকাশ কৰিছে আৰু কল্পনা দেৱীলৈ "ঠিকা লক্ষ্মী বঁটা" প্ৰদানৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে৷

৫. "ভোটফ্লৰ্ম" নামৰ ৰাসায়নিক গেচৰ আৱিস্কাৰ কৰিলে জালুকবাৰীৰ ৰত্ন শৰ্মাই৷ তেখেতে কোৱামতে ভোটাৰ কেন্দ্ৰত এই গেচ এৰি দিলে সকলোৱেই "হাইকামাণ্ডৰ হাত"তে ভোটদান কৰিবই বুলি তেখেতে প্ৰকাশ কৰিছে৷ এইবাৰ লোকসভাতে এই গেচ ব্যৱহাৰ কৰি সফলতা লাভ কৰিবই বুলি তেখেতে গোপনে পাৰ্টিৰ মঞ্চত প্ৰেজেণ্টেচন দিয়া বুলি জানিব পৰা হৈছে৷

৬. নথি পত্ৰতে মিড ডে মিল খুৱালে এখন বিদ্যালয়ত৷ বাচন ধোৱাৰ বাবে কোনো পুঁজিৰ যোগান নধৰাৰ বাবেই এনেকৈ নথিতে মিড ডে মিলৰ ব্যৱস্থা কৰা বুলি জনালে প্ৰধান শিক্ষকে৷ ক্ৰিয়েটিভ প্রধান শিক্ষক বঁটাৰ বাবে তেখেতৰ নাম কাহিলীপাৰালৈ প্ৰেৰণ কৰাৰ সুখবৰ৷

৭. সাতশ কোটি খৰছ কৰাৰ পাছতো শোচ কৰিবলৈ উপযুক্ত ঠাই পোৱা নাই ৩৬% ৰাইজে৷ বিষয়া কৰ্মচাৰীৰ পূৰা চৌহদ টাইলছ লগাই দিয়াৰ বাবেই কলতলে বাঁহতলে, কেঁচা শৌচাগাৰত ব্যৱহাৰ কৰা সকলে পূৰা চৌহদ ঘূৰিও উপযুক্ত ঠাই বিচাৰি নাই পোৱা বুলি কৰিলে ক্ষোভ প্ৰকাশ৷

৮. "আঁচনি কাপ" প্ৰতিযোগিতাৰ আয়োজন কৰিছে কইনাধৰা সমাজ কল্যাণ সংস্থাই৷ উন্নত আঁচনিৰ ঘোষণাৰে অনাগত নিৰ্বাচনৰ বাবে সৰ্বাধিক ভোট গোটাব পৰা মন্ত্ৰীকে ইয়াৰ বিজয়ী ঘোষণা কৰা হব৷ ৰূপায়ণ নহয়, মাত্ৰ আঁচনি ঘোষণাৰেই এই কাম কৰিবলৈ কোৱাত মন্ত্ৰী সকলে বৰঘৰত গোপন মিটিংত ব্যস্ত হোৱাৰ খবৰ৷

৯. কম-বেছি পাৰ্টিয়ে মেলিব লগা "মায়ংৰ বেজ" সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী কম-বেছি সেৱা দল বিভাগে আৰম্ভ কৰাৰ খবৰ পোৱা গৈছে৷ পুলিং বুথ ৰিগিং, কম্বল, টকা, মদ মেনেজমেণ্টৰ বিশেষজ্ঞ সকলে সমল ব্যক্তি হিচাবে প্ৰশিক্ষণত যোগদান দিয়াৰ খবৰে হাইকামাণ্ডকো উল্লাসিত কৰাৰ গোপন খবৰ৷

১০. এইবাৰ বিসম্বাদীয়ে কয়লা ছিণ্ডিকেট কৰা বুলি বিসম্বাদ নকৰা বিজুলী বৰদলৈলৈ দেখুৱালে অভিযোগৰ আঙুলি৷ বাদ-বিবাদ যিয়েই নহওক কিয় কম-বেছি পাৰ্টিৰ সকলোৱেই কম-বেছি এই ছিণ্ডিকেট নামৰ মেকুৰীটো জোলোঙাত লৈ ফুৰা বুলি গোপন সূত্ৰই কৰিলে প্ৰকাশ৷

No comments:

Post a Comment