Sunday, October 6, 2013

অনু গল্প

দৰৱ
- প্ৰতিভূ দত্ত
বতৰ সলনি হ’লেই মালাৰ পানী লগা, জ্বৰ আদি হয় ৷ এইবাৰো পূজাৰ বতৰত কাহ, পানী লগা জ্বৰ হ’ল ৷ 

মালিয়ে গাঁৱলীয়া বনদৰব খুৱাইছে, ৰয় ডাক্টৰৰ তাৰ পৰা আনি হেমিও কৰাইছে, বৰুৱা ডাক্টৰৰ এলোপেথিক খুৱাইছে ৷ পাছে ডিঙিৰ অসুখ ভাল নহয় হে নহয় ৷

মালায়ো লৈছে অদ্ভুত ৰূপ ৷ চুৱেটাৰ, মাফলাৰ, ওৰণি যি পাইছে তাকেই পিন্ধি বিচনাৰ ওপৰত বহি আছে ৷
ইপিনে মালি হায়ৰাণ ৷ হৈছে কি মানুহজনীৰ ?

এদিন আবেলি মালি লগৰবোৰৰ লগত আদ্দা মাৰিবলৈ যোৱাৰ আগতে মালাৰ বিচনাৰ ওচৰ পালেগৈ ৷ মালা বিচনাত বহি আছে বেৰৰ ফালে মূখ কৰি ৷ মালিয়ে মৰমেৰে সুধিলে,‘মালা, তোমাৰ ডিঙিৰ কাৰনে কিবা আনিব লাগিব নেকি?’’

মালাই বেৰৰ ফালে মুখ কৰিয়ে ক’লে,‘‘ডিঙিৰ কাৰণে ? সেই যে জি.এছ ৰ’ডত অঙ্গশ্ৰী জুৱেলাৰী আছে, তাতে মই এডাল সোনৰ নেকলেছ পছন্ড কৰি আহিছো ৷ সেই ডালকে লৈ আহিবা ৷’’

No comments:

Post a Comment