জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
পূজা আৰু মা-দেউতা
প্ৰশান্ত বল্লভ হাজৰিকা
পোন্ধৰটা বছৰ পাৰ হৈ গ'ল সাংবাদিকতাৰ জগতখনত ভৰি দিয়া ৷ অৱশ্যে সংবাদপ্ত্ৰত চিঠি লিখিছিলো ছাত্ৰাৱস্থাৰপৰাই ৷ প্ৰতিদিন প্ৰকাশ হোৱাৰ আগতেই 'সাদিন' আৰু 'তিনিদিনীয়া অগ্ৰদূত'ত প্ৰকাশ পাইছিল মোৰ চিঠি ৷ পূৰ্ণাংগ সাংবাদিক হিচাপেও আঠবছৰ পাৰ কৰিলো ৷ বিয়া পতাও সাত বছৰ হৈগ'ল ৷ ডিচেম্বৰত সন্তানৰ ছবছৰ হ'ব ৷
অথচ, মা-দেউতাৰ বাবে আজিও সেই তাহানিৰ সৰু ল'ৰাটোৱেই হৈ আছো ৷ একেই মৰম, একেই চিন্তা, একেই দায়িত্ববোধ, একেই শাসন!

সন্মুখত নাপালেও মোবাইল ফোনতে কঠোৰ শাসন ৷ বিয়া পাতিলো বুলিয়ে বৰ ডাঙৰ মানুহ হোৱা নাই আমি ৷ পুজা বুলিয়ে মহানগৰী হৈ পৰে জনসমূদ্ৰ ৷ কেতিয়া ক'ত কি কৰিব লাগিব, কেতিয়া ঘৰ সোমাব লাগিব আৰু বহু বচন ৷ সঁচাই যে কিমান চিন্তা কৰে মা-দেউতাই ৷

ভালকৈ, সাৱধানে পূজা চাওক, উপভোগ কৰক৷ সকলো পিতৃ-মাতৃ, পৰিয়াল, বন্ধু, আপোনজনলৈ পূজাৰ শুভেচ্ছা জনালো৷

No comments:

Post a Comment