সোঁৱৰণিৰ এখিলা পাত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

সোঁৱৰণিৰ এখিলা পাত

Share This
শাৰদীয় দূৰ্গোৎসৱ আৰু কিছু স্মৃতি.....
প্ৰণশ্ৰী বৰা দত্ত
আশী দশকৰ কথা, আমি তেতিয়া দেউতাৰ চাকৰি সূত্ৰে শিৱসাগৰৰ দিচাংমুখত আছিলো ! মোৰ শৈশৱ আৰু কৈশোৰ তাতে অতিবাহিত হৈছিল !! দিচাংমুখখন মূলতঃ মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চল যদিও তাত বহু সংখ্যক নেপালী লোকৰো বাসস্থান । আমাৰ চৰকাৰী বাসগৃহৰ আশে পাশে প্ৰায় সংখ্যকেই নেপালী মানুহৰ ঘৰ । 

 দূৰ্গা পূজা অহাৰ লগে লগেই আমাৰ মন সাতখন আঠখন লাগে । মোৰ মিতিনি (সখী) দুগৰাকী নেপালী ছোৱালী আছিল। পূজা আহিলেই দুয়োগৰাকীৰপৰা কাপোৰ উপহাৰস্বৰূপে পাইছিলো !! সেইদৰে দেউতাই পূজাৰ দুদিনমান আগত আমাক লগত নি শিৱসাগৰৰপৰা কাপোৰ কিনি দিছিল, শ্যাম ষ্ট'ৰ নাইবা জগদীশ ষ্ট'ৰৰপৰা । ওচৰ চুবুৰীয়া বিভিন্নজনে খাৰু মণিও উপহাৰ দিছিল আমাক !!

পূজাৰ দিনকেইটাত দেউতাই আমাক আমাৰ এম্বেচেদৰ গাড়ীখনেৰে আমাক শিৱসাগৰ টাউনলৈ পূজা দেখুৱাব লৈ গৈছিল । নতুন কাপোৰ পিন্ধি পূজা চাবলৈ গৈ খুওব আনন্দ পাইছিলো !! চকৰি, ৰঙা, হালধীয়া লাঠি লগোৱা বেলুন যিবোৰ লৰাই দিলে ঝুনুক ঝুনুক বাজে (নাম কি নাজানো) আদি হাতত লৈ আমি পূজা চাই ফুৰিছিলো, কিন্তু মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ল'ৰাবোৰে ফুটাই থকা পুতলা বন্দুক, পিষ্টলবোৰ !! কিন্তু বন্দুক ছোৱালীৰ বাবে নহয় বুলি দেউতাই কিনি নিদিছিল !! পূজা চাই ঘৰলৈ উভতাৰ সময়ত দৌলমুখ চাৰিআলিত থকা সৰজু হোটেলত জেলেপী আৰু আফচুচ খাইছিলো !! ভাললগা মিঠাইৰ সোৱাদে পাহৰাই পেলাইছিল বন্দুক, পিষ্টল নোপোৱাৰ বেদনা !!


তথাপি মনটোক বাধা দিব পাৰি জানো?? ঘৰলৈ আহি নিজৰ সাঁচতীয়া টকা কেইটাৰে শ্যাম খুড়াৰ দোকানৰপৰা বন্দুকৰ ৰিল লগা গুলবোৰ কিনি আনি ঘৰৰ মানুহে নেদেখাকৈ লগৰবোৰৰ লগত মথাউৰিৰ ওপৰত শিলেৰে খুন্দিয়াই ফুটুৱাইছিলো !! তেনেকৈ ফুটুৱাওতে এবাৰ মোৰ হাত অলপ পুৰি অলপ ঘাঁৰ সৃষ্টি হৈছিল !! হাতৰ ঘাঁ লুকুৱাব নোৱাৰি ধৰা পৰি গৈছিলো মাৰ চকুত, ফলস্বৰূপে চিটিকনি এচাৰিৰ কোব সহ্য কৰিব লগা অৱস্থা হৈছিলগৈ !! দশমীৰ দিনাখন কেইখনমান দূৰ্গা প্ৰতিমাৰ মূৰ্তি আমাৰ দিচাংমুখলৈকো উটুৱাবলৈ আনিছিল ভক্তসকলে। সেইদিনা আমি সমনীয়াসকলে মিলি হাতত চাউল লৈ থানা তিনিআলিৰ সম্মুখত গোঁসানী অনা গাড়ীবোৰলৈ অপেক্ষা কৰিছিলো আৰু যেতিয়া আহিছিল গাড়ীবোৰলৈ লক্ষ্য কৰি চাউল চটিয়াইছিলো !! এইবোৰ ফুৰ্তি কৰি যি অনাবিল আনন্দ অনুভূত হৈছিল তাক সঁচাকৈ ভাষাৰে বুজোৱা কঠিন!! 
 
দূৰ্গা পূজাৰ কেইদিন আমাৰ ঘৰত পঠা মাংসৰে উভৈনদী হৈ পৰিছিল কাৰণ ওচৰৰ প্ৰায় নেপালী মানুহৰ ঘৰতেই ছাগলি বলি দিয়াৰ প্ৰথা আছিল আৰু তেওঁলোকে মাংস প্ৰত্যেকৰ ঘৰে ঘৰে বিলাইছিল। কিছুমানে কেঁচাকৈয়ে টোপোলা দি গৈছিল আৰু আন কিছুমানে বনোৱা মাংস দি গৈছিল !! লগতে এটোপোলা চিৰা, তিলৰ আচাৰ আৰু মূলাৰ আচাৰো ইত্যাদিও দিছিল ! দশমীৰ দিনা মোৰ মিতিনিসকলৰ লগ লাগি ওচৰৰ সকলো নেপালী মানুহৰ ঘৰলৈ টিকা (দৈ চাউলেৰ সংমিশ্ৰণেৰে কপালত লগোৱা এবিধ ফোঁট) লগাবলৈ গৈছিলো। তেওঁলোকৰ এইটো নিয়ম । টিকা লগাই ডাঙৰসকলে আমাৰ হাতত পইচা গুজি দিছিল । সেইদিনা মোৰ হাতত চাৰি অনা, দহ পইচা, পঞ্চাছ পইচা, এটকা আদি বহুত পইচা গোট খাইছিল !! কাৎচিৎ কিছুমানৰপৰা পাঁচ টকা পাইছিলো, তেতিয়া মোৰ সৰু কোমলীয়া মনটো আনন্দেৰে ভৰি পৰিছিল !!

সেইদিনা আমি যথেষ্ট মিঠাই, খাঁহি মাংস, চিৰা খাব পাইছিলো !! পইচাখিনি আনি মই মোৰ পইচা ভৰোৱা পাউদাৰৰ টেমাটোত গোপনে সাঁচি ৰাখিছিলো !! ফোঁট লওঁতে লওঁতে মোৰ গোটেই কপালখন ভৰি পৰিছিল !! মায়ে মুখ হাত ধুৱাই দিওঁ বুলি কওঁতেও কোনো কাৰণতে মানি লোৱা নাছিলো আৰু তেনেকৈয়ে শুই পৰিছিলো। ৰাতি ভাগৰুৱা ক্লান্ত দেহা যেতিয়া নিদ্ৰাদেৱীৰ কোলাত লালকালহৈ শুই পৰিছিল তেতিয়াহে মায়ে কপালখন মচি দিছিল !! ইয়াৰোপৰি শৰতৰ সেইকেইদিন প্ৰতিটো উৎসৱেই উপভোগ কৰিছিলো !! দিপান্বিতাটো সখীসকলৰ লগত সন্ধিয়া ঘৰে ঘৰে দেওচি (আমাৰ হুচৰিৰ দৰে) গায় পইচা তুলি ফুৰিছিলো !!


সময় আগবাঢ়িল, দেউতা লক্ষীমপুৰলৈ বদলি হ'ল। ইয়ালৈ অহাৰ পাছত সেই স্ফুৰ্তি প্ৰায় সত্তৰ শতাংশই কমি গ'ল !! অৱশ্যে ইয়াত পূজা চোৱাৰ মাদকতাও বেলেগ !! অসমৰ বিভিন্ন ঠাইটো যেনে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গুৱাহাটী আদিটো পূজা উপভোগ কৰিছো ! কিন্তু দিচাংমুখৰ পূজাৰ সেই স্মৃতি চিৰসেউজ হৈ মনৰ কোঠালিত সংগোপনে সজীৱ হৈ থাকিব !! কোনোদিন পাহৰিব নোৱাৰা সেই স্মৃতি !! মহেন্দ্ৰ হাজৰিকাৰ সেই গানটো শুনিলে এতিয়াও সজীৱ হৈ পৰে দিচাংমুখৰ স্মৃতি !!

দিচাংমুখৰ একা বেকা ঐ
দীঘলীয়া বাট,
তাতে নানা জনৰ নানা ৰঙৰ ঐ
সমন্বয়ৰ ঘাট...

সঁচাকৈ, সমন্বয়ৰ থলী দিচাংমুখ !! তাত কটোৱা দিনবোৰৰ স্মৃতি সদায় সজীৱ হৈ ৰ'ব মোৰ মনত !! সময়ে বহু দূৰ আগুৱালে !! বন্ধু বান্ধৱীসকল এতিয়া ক'ত, কেনেকৈ আছে নাজানো, কিন্তু তেওঁলোকৰ লগত কটোৱা সুখৰ সেই মূহুৰ্তবোৰ কোনোদিন পাহৰিব নোৱাৰা !! দিচাং নৈৰ পাৰৰ কহুৱাৰ সৈতে ধেমালি এতিয়া মোৰ নষ্টালজিয়া !! সময়ে আঁতৰালেও তেওঁলোকৰ সৈতে কটোৱা প্ৰতিটো মূহুৰ্ত মনত পেলাও আৰু অকলে সুখৰ অনুভৱ কৰোঁ !! কেতিয়াও পাহৰিব নোৱাৰো তেওঁলোকক !!

যিসকলৰ সৈতে বহু চেষ্টা কৰিও সংযোগ স্থাপন কৰিব পৰা নাই তেওঁলোকৰ হাতত মৰমেৰে প্ৰণশ্ৰী ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages