মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
  পূজা বিশেষঃ
                                    আমাৰ অঞ্চলৰ মহিষাসুৰ
                                                   অজয় লাল দত্ত
দেৱী দূৰ্গাৰ বন্দনাৰ বাবে সকলো সাজু! চান্দা বৰঙণি তোলা হৈ গৈছে৷ টকাৰ পৰিমানত দুটাকৈ সংখ্যাৰ আগত সঠিক ভাৱেই দশমিক বহোৱা আৰম্ভ হৈ গৈছে৷ সম্পাদকে এইবাৰ পূজাৰ বাজেট ঘাটি হবই বুলি সকলোৱে শুনাকৈ দহোবাৰ কৈ আছে৷ ৰদিছ ছপোৱা প্ৰেছৰ বাকী, আৰু ৰভা বনোৱা টেণ্ট হাউচকহে পইচা দিবলৈ পইচা নুজুৰিব বুলি কথাটো খাটাং হৈ হৈ গৈ আছে!

গধূলি গধূলি আয়োজক কমিটিয়ে ৰঙা গন্ধ পূষ্পৰ ৰূপত ৰঙা ফুল একোটা চিঙি থকাৰ সুন্দৰ বতৰা আমালৈ আহি আছে৷ মুখত বিদেশী বস্তুকণৰ গোন্ধ লৈ নগ’লে বঙালী, দেচুৱালী আদি বিদেশীবোৰে চান্দা দিবলৈ থেৰোঁগেৰো কৰে, সেই শক্তিপানীকনৰ গোন্ধতে তেওঁসৱেও সেৱা লৈ দাবী কৰা ধনৰ পৰিমানত সৈমান হবলৈ মানসিক শক্তি পায়৷ মুঠতে গোঁফ পকাই, চেঁপা দি দি চান্দা তোলা সকলক মহিষাসুৰ দদাইদেউ যেনেই লাগে!
আমাৰ চাৰি কিল’মিটাৰ দীঘল আণ্ডাৰ কনষ্ট্ৰাকচন টাউনখনত বাৰখনকৈ পূজা৷ মানে তিনিশ মিটাৰৰ মূৰে মূৰে মণ্ডপ ৷ পৃষ্ঠপোষক সকলৰ নাম চালে বেছি ভাগেই মহিষাসুৰ৷ কোনো ঠিকাদাৰী অসুৰ, কোনো সুতখোৰ অসুৰ! কোনো আকৌ ঠিকা বিলোৱা ইঞ্জিনীয়াৰ, বিডিঅ’ অসুৰ ৷ বিধায়ক, নেতা, পালি-নেতা, উন্নয়ন পৰিষদৰ মেম্বাৰ ইত্যাদি ইত্যাদি! মুঠতে এই সকল অসুৰৰ ৰাজ্যত হোৱা পূজাত এই সকলৰ পৃষ্ঠপোষকতা নহ’লে কোনো কামেই নেচেল!

দেখিলো, টেট’ পোৱা সোপাই বিয়াবাৰু কৰাত মন কান দিছে৷ পূজাৰ বজাৰত টেট’ পোৱা কেইজনীৰ লচ-পচ কি চাবা! আগতে সেই শিমলুতলৰজনী, বৰুৱাৰ জীয়েক, খগেনৰ খুলশালী খ্যাত সকলৰ নামেই সলনি হৈ গৈছে৷ সেইজনী গ’ল গ’ল, বোলো কোন? হেৰি স্কুলৰ টেট’ মাষ্টৰণী৷ এলাপেচা ল’ৰাক হাৱাই নিদিয়ে হেনো! দেৱতা হেন ল’ৰাবোৰৰ উতলা হিয়া গচকি ভাল টকা থকা মহিষাসুৰলৈহে হেনো মন! তাকো বলেৰ’ থকাটো হেনো মিনিমান কোৱালিফিকেচন! স্কৰপিঅ’ লোৱা ডেকাৰ হেনো এইখন বজাৰত স্ক’ৰ ভাল! তাতে ডেকাতেই স্ক’ৰপিঅ’ লবলৈ দেৱতা হ’লে নেচেল! সাক্ষাৎ মহিষাসুৰেই হব লাগিব! তেহে লুটি পুতি সেই ফেৰা সন্মান অৰ্জন কৰিব পাৰে!

আগতে স্কুলত গুৰুলা গুৰুলকৈ পিতন খোৱা কেইটাও আমাৰ অঞ্চলত এতিয়া প্ৰখ্যাত মহিষাসুৰ হৈ উঠিছে৷ আমাৰ দৰে চুটি লৈ ঘৰলৈ অহা চাকৰিয়ালক মাত দিবলৈকো সময় নাই৷ মানে ইঞ্জিনীয়াৰ চাৰৰ ঘৰলৈ মাছ নিয়া, ছিলিণ্ডাক নিয়াৰ পৰা, বাইদেউৰ লাগতিয়াল ইটো-সিটো লৈকে যোগান দিয়াৰ কামত সমৰ্পিত এই কেইজন মহিষাসুৰৰ ব্যস্ততা দেখিলে নিজৰে কিবা কাম নাই, কাম নাই ভাব হয়৷ আচলি ব্যস্ততাটো এওঁলোকৰহে যেন অনুভৱ হয়! আমি আৰু এনেয়ে....জীৱনটো কটাই আছো যেন লাগে!


কালি স্বায়ত্ত শাসিত পৰিষদৰ ৰিজাল্ট দিলে, এজাক মহিষাসুৰে আন এজাক মহিষাসুৰক পৰাজিত কৰাৰ ফুৰ্তিত ৰাস্তাইদি বিৰ দি বাট পাবলৈ নোপোৱা হাই-উৰুমিৰ সমদল উলিয়ালে! তাতে শুকান দিন ঘোষণা কৰি থোৱা বাবে ৰাইজৰ ডিঙি তিতা নাই! কাষৰ ঘুমটিৰ ষ্টকেৰে জোৰা মাৰিব নোৱাৰা অৱস্থা৷ জিকা সকলে পাঁচ বছৰ মহিষাসুৰ হৈ ৰাজ কৰিব, সকলো পূজা বিহুৰ পৃষ্ঠপোষক হব! ভাবিলেই ভাল লগা কথা!

ভাবিছো, মহিষাসুৰ সকলৰটো একেই জাতি, একেই ধৰ্ম! লুটক, খাওক আৰু চান্দা দি পূণ্য কৰক! এনে লাগিছে মহিষাসুৰ ৰাজ্য বুলি নতুনকৈ ৰাজ্য এখনকে আমাৰ অঞ্চলত ঘোষণা কৰি দিয়াৰ বাবে দাবী তোলো, পূজাৰ পাচতে এহাজাৰ ঘণ্টামান বন্ধই আহ্বান কৰি দিও নেকি!

আইদিয়াটো ভাল লাগিছে৷ চাকৰিলৈ ঘূৰি নাযাওগৈ! ইয়াতে মহিষা হৈ বহিম৷ পেড, ৰছিদ বহী ছপাবলৈ, ষ্টাম্প বনাবলৈ দিওঁগৈ! মহিষাসুৰ ৰাজ্য দাবী সমিতি! আশীষ কৰিবা আই৷ প্ৰণামহে.....

No comments:

Post a Comment