Friday, October 11, 2013

জুতি লগা সোঁৱৰণ

পূজাৰ পৰীক্ষামূলক জিলেপী
হেমাঞ্জলী চুতীয়া

আৰম্ভণিতে আপোনালোক সকলোলৈকে শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ| দূৰ্গা পূজা বুলিলে আপোনালোকৰ মনলৈ কি কি ভাৱ নাজনো, কিন্তু মোৰ বাবে দূৰ্গা পূজা মানেই হ’ল নতুন নতুন কাপোৰ কিনা, বিভিন্ন ৰঙী বেলুন কিনা আৰু সকলোতকৈ ডাঙৰ কথা হ’ল জিপী কিনা, ৰসগুল্লা কিনা আৰু বিভিন্ন আৰ্হিৰ মিঠা মিঠা নিমকি কিনা| বেলুন, কাপোৰ নহলেও কথা নাই, কিন্তু জেলাপী, ৰসগুল্লা আৰু নিমকিৰ অবিহনে দূৰ্গা পূজাৰ কথা ভাৱিবই নোৱাৰি.......এতিয়াও

আমাৰ ঘৰত এইবোৰ মিঠাই বনোৱা নহয়, গতিকে সকলোবোৰ মিঠাই বাহিৰৰপৰাই কিনি অনা হয় পিছে আমি অলপ ডাঙৰ হোৱাৰ পিছত, বিশেষকৈ সখী, নন্দিনী পঢ়িবলৈ আৰম্ভ কৰাৰ পিছত, এই আলোচনীবোৰৰ পূজাবিশেষ সংখ্যাবোৰত প্ৰকাশ পোৱা বিভিন্ন মিঠাইৰ প্ৰস্তুতিৰ বৰ্ণনা পঢ়ি পঢ়ি নিজে মিঠাই বনোৱাৰ হেপাহ এটা লাহে লাহে মনত জাগিবলৈ ধৰিলে|এবাৰ থিকেই কৰি পেলালো যে সেইবাৰ পূজাত মই নিজেই মিঠাই বনাম| ভাবিলো িপীকে বনাম, এনেয়েও মায়ে িপী খাই বৰ ভাল পা!


ঘৰত ক’লো বোলো এইবাৰ পূজাত
িপী মই ঘৰতেই বনাম, গতিকে বাহিৰৰপৰা নিকিনিলেও হ’ব ইয়াৰ আগতেও এনেদৰে মই বিভিন্ন আলোচনীত বিভিন্ন সময়ত প্ৰকাশ পোৱা বিভিন্ন ধৰণৰ ৰেচিপি পঢ়ি পঢ়ি সেইবোৰ নিজেই বনাবলৈ কেইবাবাৰো বিফল চেষ্টা ইতিমধ্যে কৰিছো, গতিকে মোৰ কথা শুনি মোৰ সেই সকলোবোৰ পূৰ্বপ্ৰচেষ্টাৰ ভুক্তভোগী ঘৰৰ সকলোৰে চকু কপালত উঠিল, মনতে ভাবিলে কিজানি এইবাৰ িপীয়ে বা কি ৰূপ লয়গৈ মোৰ হাতত পৰি| মোৰ অৱশ্যে বিশ্বাস আছিল িপী ভাল বনিব বুলি কাৰণ পঢ়োঁতে বনোৱাৰ প্ৰক্ৰিয়াতো বৰ উজু পাইছিলো|


সময়ত পূজা আহিল আৰু এদিন ভগৱানকে স্মৰণ কৰি ময়ো
িপী বনোৱাৰ কাম আৰম্ভ কৰিলো| ময়দাৰ পৰিমান অলপ সৰহকৈয়ে ললো কাৰণ পূজা বুলিয়েইছোন দুদিনমান, ঘৰততো সকলোৱে খামেই, ঘৰলৈ অহা সকলো আলহীকো দিব লাগিব| সময়মতে মোৰ িপী বনোৱা হৈ গ’ল| সেইদিনা পিছবেলা বান্ধৱী তৃষ্ণা আমাৰ ঘৰলৈ ফুৰিবলৈ আহিল| পিছবেলাতো আমাৰ ঘৰতে কটাই তৃষ্ণা সন্ধিয়া ঘৰলৈ যাবলৈ ওলাল| তাই যোৱাৰ সময়তে দেতাই মোক ক’লে, "আই অ’, তৃষ্ণাকো দি পঠিয়া আক’ তোৰ িপী কেইহেতামান মোনা এটাতে ভৰাই...|"

হেঃ হেঃ....আপোনালোকে থিকেই ধৰিছে, সেইবাৰো মোৰ প্ৰচেষ্টা বিফল হ’ল মানে িপী ভালদৰে নবনিল, আৰম্ভণিতো থিকেই হৈছিল, কিন্তু চেনি পানীত ডুবুৱাৰ সময়তে গন্ডগোল লাগিল| সঠিক সময় নজনাৰ বাবে চেনি পানীত বেছি সময় ডুবাই থলো, গতিকে জেলাপীখিনি লেপথেপীয়া হৈ থাকিল, হাতেতো চুব নোৱাৰিয়েই, সৰু চামুচতো নাহে....হেতাখনেহে যেনে তেনে.........|


এনেধৰণৰ মিঠাই বনোৱাৰ চেষ্টা অৱশ্যে এতিয়াও অব্যাহত ৰাখিছো, প্ৰায়বোৰেতই বিফল হওঁ, পিছে ময়ো হাৰ মনা নাই, কাৰণ কোনে জানে এনেদৰেই কোনোবা এদিনা কিবা এটা ভালো বনিবগৈও পাৰে, নহয়জানো???

No comments:

Post a Comment