এছিয়াডত স্বৰ্ণ পদক জিনি স্বপ্না বৰ্মণ ৰাতিটোৰে ভিতৰতে হৈ পৰিল এটি চিনাকি নাম৷ কালি এছিয়ান গেমছৰ হেপ্টাথলন প্ৰতিযোগিতাত সোণ জয় কৰি দেশৰ নয়নৰ মণি হৈ পৰা স্বপ্নাৰ জীৱন সংগ্ৰামৰ বিষয়ে বহুতেই নাজানে৷ পশ্চিমবঙ্গৰ জলপাইগুড়ি চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ঘোষপাৰাত ঘৰ কোচ ৰাজবংশী জনগোষ্ঠীয় ছোৱালী স্বপ্না বৰ্মণৰ৷
অতি দুখীয়া পৰিয়ালৰ ছোৱালী স্বপ্না৷ দেউতাক পঞ্চানন বৰ্মণ ৰিক্সাচালক আছিল। কিন্তু প্ৰায় পাঁচ বছৰ পূৰ্বে পক্ষাঘাত হৈ শয্যাগত হৈ পৰে৷ মাক বাসনা বৰ্মণে চাহবাগানত কাম কৰি আৰু তাইৰ পুৰস্কাৰৰ পইচাৰে চলাবলগীয়া হৈছিল পৰিয়ালটি৷
আনহাতে স্বপ্নাৰ দুয়োখন ভৰিতে আছে জন্মগতভাৱে ৬টাকৈ আঙুলি৷ যাৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তাই৷ সাধাৰণ স্পৰ্টছ্ জোতা ফিট নহয়, ভৰিৰ বিষ হয়৷ ইফালে নিজাকৈ অৰ্ডাৰ দি কিনাৰো সামৰ্থ্য নাই৷ তথাপিও মনোবল কমা নাছিল স্বপ্নাৰ, ঘৰুৱা সমস্যাবোৰক বাধা হ'বলৈ দিয়া নাছিল তাই কোনোদিনে৷ যাৰ ফল কালি দেখা গ'ল সুদূৰ ইণ্ডোনেছিয়াৰ জাকাৰ্তাৰ এছিয়ান গেমছৰ খেলপথাৰত৷
হেপ্টালিট স্বপ্না বৰ্মণে আজুৰি আনিলে সোণ৷ এথলেটিক্সৰ কঠিনতম বিভাগ হেপ্টাথলন৷ এছিয়াৰ বহুতো নামী দামী হেপ্টাথলিটসকলক হৰুৱাই সোণৰ পদক জিতাটো সহজ নাছিল স্বপ্নাৰ বাবে৷ আনহাতে এছিয়ান গেমছৰ পূৰ্বে পিঠিৰ বিষৰ বাবে জিৰণিও ল'বলগীয়া হৈছিল কিছুদিন৷ আকৌ কালিৰ ইভেণ্টৰ পূৰ্বে প্ৰচণ্ড দাঁতৰ বিষতো ভূগি আছিল স্বপ্না৷ কিন্তু কঠোৰ পৰিশ্ৰম আৰু প্ৰবল আত্মবিশ্বাসেৰে এই সকলো প্ৰতিবন্ধতাকো সহজ কৰি তুলিলে স্বপ্নাই৷ ১০০ মিটাৰ হাৰ্ডলছ্, হাইজাম্প, লং জাম্প, শটপুট, ২০০ মিটাৰ, জেভলিন থ্ৰ’ আৰু ৮০০ মিটাৰ দৌৰ - এই ৭ টা ইভেণ্ট মিলি হয় হেপ্টাথলিন প্ৰতিযোগিতা। হাইজাম্প আৰু জেভলিন থ্ৰ’ত সকলোৰে আগত থাকে স্বপ্না। শটপুট আৰু লংজাম্পত দ্বিতীয় স্থান লাভ কৰে।
যোৱা বছৰ উৰিষ্যাত অনুষ্ঠিত এছিয়ান এথলেটিক্স চেম্পিয়নশিপতো সোণৰ পদক অৰ্জন কৰিছিল স্বপ্নাই৷ ধন্যবাদ স্বপ্না, আমি গৌৰৱান্বিত তোমাক লৈ৷ তোমাৰ দৰে অসাধাৰণ যোদ্ধাৰ কাহিনীয়ে দেশৰ সৰ্ব-সাধাৰণ হাজাৰ হাজাৰ জীয়াৰীক উদ্বুদ্ধ কৰিব পাৰিব বুলিও আমাৰ দৃঢ় বিশ্বাস। এই বহুমুখী প্ৰতিভাৰ প্ৰয়োজন হোৱা ক্ৰীড়া বিধৰো জনপ্ৰিয়কৰণৰ বাবে তুমি এক ধ্বজ হৈ জিলিকি ৰবা। তোমাৰ ভৱিষ্যত আৰু উজ্জ্বলতৰ হৈ উঠক। অলেখ অভিনন্দন আৰু শুভেচ্ছা।

No comments:
Post a Comment