মহীৰূহৰ লেখাঃ বিশ্বনাথত গৰু-সম্পর্কিত হত্যা: বৰপেটাত ধৰ্মান্তকৰণ:: ড° হীৰেন গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ বিশ্বনাথত গৰু-সম্পর্কিত হত্যা: বৰপেটাত ধৰ্মান্তকৰণ:: ড° হীৰেন গোহাঁই

মহীৰূহৰ লেখাঃ বিশ্বনাথত গৰু-সম্পর্কিত হত্যা: বৰপেটাত ধৰ্মান্তকৰণ:: ড° হীৰেন গোহাঁই

Share This
ৰাইজে মন কৰিব যে উত্তৰ ভাৰতত ভাত-মাছ খােৱাৰ দৰে য’তে-ত’তে দিনদুপৰতে হত্যাকাণ্ড হােৱাৰ কথা মনত পেলাই অসমতাে এতিয়া খন্তীয়াখুচুৰিয়াকৈ গণপ্রহাৰত হত্যাৰ ঘটনা হ’বলৈ ধৰিছে। অলপতে বিশ্বনাথত এনে এটা ঘটনা ঘটিছে। ডক্‌মকাৰ নৃশংস ঘটনাই অসমবাসীৰ কলিজা কঁপাই যােৱাৰ পিছত পুনৰ কেনেকৈ এনে এটা ঘটনা ঘটিল, সেইটো ভাবিবলগীয়া কথা। মােৰ ধাৰণা হৈছে যে এনে ধৰণে উন্মত্ত জনতাৰ দ্বাৰা নৃশংসতা চলাই থাকি কোনাে অপশক্তিয়ে মানুহৰ বিবেক আৰু ন্যায়অন্যায় বােধ দুর্বল কৰিব খুজিছে, যাতে পৰৱৰ্তী কালত ভয়াবহ কিবা সাম্প্রদায়িক বা গােষ্ঠীগত সংঘর্ষত ও গণহত্যা হলেও মানুহৰ বিবেক নিষ্ক্রিয় হৈ থাকে। বাধা দিয়াৰ প্ৰবৃত্তি হেৰুৱায়।


ঘটনাটো গাে-হত্যা লৈ নহয়, গৰু চুৰিৰ সন্দেহক লৈহে হ'ল। পূর্বেও অসমত গৰু চুৰিৰ ঘটনা হৈছিল। নিধক বুজাবলৈ গৰুচোৰ’ শব্দ প্রয়ােগ কৰা হৈছিল। কিন্তু সৰুৰে পৰা আজিলৈকে গৰুচুৰ কৰাৰ সন্দেহত মানুহক কোবাই মৰাৰ কথা শুনা নাছিলোঁ। এই প্রথম শুনিলোঁ। ই ডাঙৰ বিপদ সংকেত দিয়ে। পুলিচে নাে কি কৰি আছে? আইন-শৃংখলা এচাম আইন নমনা। মানুহৰ হাতত এৰি দিলে পুলিচৰ কি কাম থাকিব? মােৰ পৰামৰ্শ এয়ে যে পুলিচৰ এনে এটা সহজ নম্বৰ থকা উচিত, যত এতিয়াও বিবেক-বুদ্ধি বাচি থকা কিছুমান মানুহে ওচৰে পাজৰে। এনে ঘটনা ঘটাৰ বা ঘটিবলৈ যােৱাৰ উপক্রম হলেই খবৰ দিব পাৰে, যাতে পুলিচেও নিকটতম থানাৰ পৰা তুৰন্তে জৰুৰী ব্যৱস্থা লৈ। পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰে। প্ৰতিখন থানাৰ সন্মুখৰ ডাঙৰ ফলকত। উদ্দেশ্যৰ সৈতে এই নম্বৰটো থাকিব লাগে। টিভি, বাতৰি কাকততাে একেৰাহে পাঁচ দিনমান এই নম্বৰটো প্ৰচাৰ কৰিব লাগে।

বৰপেটাত ধর্মান্তৰকৰণ 
সত্ৰনগৰী বৰপেটাতে কোনাে এক হাটিৰ কেবাঘৰাে মানুহ ধর্মান্তৰিত হােৱা বুলি মাজতে প্রচাৰ হৈ গ'ল। তাৰ মাজত হেনাে এগৰাকী “পাঠেকনী'ও আছে। সত্ৰৰ কর্মকর্তাসকলে খেদ কৰিছে যে অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে এনে কি বস্তু দি থৈ যােৱা নাই যে খ্রীষ্টান ধৰ্মৰ আশ্রয় ল’ব লগা হ'ল। অনুমতি দিলে এষাৰ কথা এই অভাজনেও ক’ব পাৰোঁ। তেখেতসকলে কি দি থৈ গৈছে আমি সকলাে বুজিছোঁ বুলি ক'ব নােৱাৰিলেও এটা কথা দেখিছোঁ যে পৰৱৰ্তী কালত অকাতৰে জনসেৱা কৰাৰ কোনাে পৰম্পৰা তেওঁলােকৰ ধৰ্মত গঢ়ি নুঠিল। খ্রীষ্ট ধৰ্মৰ এই এটা গুণ আছে যে নিঠৰুৱা দুর্গত জনগণৰ প্রতি সেৱা আগবঢ়োৱা। ধর্মপ্রচাৰৰ এটা অংগ। অসমৰ মিছ হাস্পতালবােৰত বহু আন ধৰ্মৰ লােকেও নিঃস্বার্থ সেৱা লাভ কৰিছে। তাৰ বাবে খ্রীষ্টান হােৱাৰ কোনাে দৰকাৰ নাই। সেইদৰে স্কুলকলেজ খুলিও তেওঁলােকে অভাৱগ্ৰস্ত আৰু আঢ্যৱন্ত নির্বিশেষে সকলােকে শিক্ষাৰ পােহৰ বিলাই আছে। কিন্তু আমাৰ ইমানবােৰ সত্ৰ-সচং থকা সত্ত্বেও, শংকৰসংঘই হীৰক জয়ন্তী পালন কৰি নিজৰ বিস্তৃতিৰ আভাস দিলেও, এনে সেৱামূলক অনুষ্ঠান গঢ়াৰ বেছি উদাহৰণ নাই। কথাটো প্রভূসকলে আৰু বাপসকলে মন দি চিন্তা কৰা উচিত। তাৰ প্রেৰণা নাই কিয়? | ধর্মান্তৰকৰণৰ পৰিকল্পিত প্রচেষ্টা যে হােৱা নাই, মই নকওঁ। তাহানিৰে পৰা সমাজৰ দুৰ্বলতম মানুহ চামৰ মাজত ধর্মান্তৰকৰণৰ কাম চলে। সংবিধানে তাত বাধাও দিয়া নাই। সেইখিনি মানুহক স্বাস্থ্যসেৱা আৰু শিক্ষাদানৰ জৰিয়তে আত্মসচেতন আৰু উন্নতিকামীও কৰি তােলে। এইটো পশ্চিমৰ খ্রীষ্টান মিছনেৰি সকলৰ মনােবৃত্তি কিন্তু কেতবােৰ ভাৰতীয় ধর্মপ্রচাৰকে প্রক্রিয়াটো চমু কৰি নিতান্ত বৃত্তিগত পদ্ধতিৰে স্বাস্থ্যসেৱা আৰু শিক্ষাদানৰ বিনিময়ত ধর্মগ্ৰহণৰ দৰে কাৰবাৰাে কৰিব পাৰে। সি যি নহওক, তাৰ যােগ্য সমিধান হ’ব আমাৰ ধৰ্মৰ মানুহে স্বাস্থ্যসেৱা আৰু শিক্ষাদানত দৰিদ্র, অৱহেলিত জনক অকাতৰে সেৱা কৰাৰ ভূমিকা লােৱা। জবৰদস্তিৰে কাম নহ'ব। অস্পৃশ্যতা আৰু জাতিভেদ থকা ধর্ম গণতন্ত্রত টিকি থকাও টান। আটায়ে আত্মপৰীক্ষা কৰক।| অৰুণাচলৰ কোনাে-কোনাে অঞ্চলত অৱস্থাবানখিনিয়ে গাঁওভূঁইৰ জনতালৈ পিঠি দিয়াৰ ফলত হেনাে গাঁৱে-ভূঞে খ্রীষ্টান। অনুপাত ৫ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি পাইছে। বল প্রয়ােগেৰে এনে ঘটনাৰ ওৰ পেলাব নােৱাৰি।

বাংলাদেশৰ দুর্যোগ 
এই দুই-তিনি মাহ আমি এন-আৰ-চিক লৈ ব্যস্ত থকা বাবে লক্ষ্যই কৰা নাই যে সম্প্রতি বাংলাদেশৰ ৰাজনীতি মহা সংকটাপন্ন। কিন্তু বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে অনিবার্যভাবে অসম তথা ভাৰতৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব। শ্বেখ হাছিনা ক্ষমতালৈ অহাৰ পিছত পােনতে শুনিছিলোঁ ক্ষমতাচ্যুত ধর্মভিত্তিক দলবােৰে এটাৰ পিছত এটাকৈ ধৰ্মনিৰপেক্ষ লেখকৰ হত্যাকাণ্ড ঘটাই, হিন্দু ধর্মস্থানত আঘাত কৰি সন্ত্রাসৰ সৃষ্টি কৰাৰ কথা। সম্প্রতি তাৰ বিপৰীতে শেখ হাছিনা অভিযুক্ত হৈছে নির্মম হাতেৰে চৰকাৰ-বিৰােধী আন্দোলন দমন কৰাৰ অভিযােগত। অলপতে পথ-সুৰক্ষাৰ দাবীত ছাত্ৰসকলে কৰা আন্দোলনাে নির্বিচাৰে গুলী চালনা কৰি দমন কৰা হৈছে। যেন এবিধ একনায়কত্বৰ বিপৰীতে আন এবিধ একনায়কত্ব। শেখ হাছিনাৰ আৱামি দল’ত ছিণ্ডিকেট চলােৱা দুর্নীতিগ্রস্ত মানুহ । বহুত আছে। দলৰ মাজত সিহঁতৰ প্ৰভাৱে বেছি। সেইখিনি মানুহক - শাসনলৈ আনি তেওঁ যদি ৰাইজক সকাহ নিদিয়ে, ভাৰতত কংগ্ৰেছৰ দৰেই তেওঁৰ অৱস্থা হ'ব। ভাৰতত বিজেপিয়ে গণতান্ত্রিক বিৰােধী আন্দোলনক সমর্থন দি শেষত তাৰ নেতৃত্ব দখল কৰাৰ দৰে বাংলাদেশতাে জামাত আদি উগ্রবাদী দলে নেপথ্যৰ পৰা গণতান্ত্রিক বিৰােধী আন্দোলনক সহায় কৰি শেষত সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে— যদিহে শেখ হাছিনা সাৱধান নহয়। তেতিয়া অসমলৈকো এছাতি গৰম বতাহ বব।।

ভাষা-সংকট 
ডাঃ ধ্ৰুৱজ্যোতি বৰাই দেওবাৰৰ আমাৰ অসমত ঠিকেই লিখিছে যে শিক্ষাৰ মাধ্যম, চৰকাৰী কাম কাজ, ব্যৱসায় আদিত এটা ভাষা নচলিলে তাৰ ভৱিষ্যৎ অন্ধকাৰ। অসমীয়াৰ সমস্যা হ’ল উচ্চ শিক্ষাৰ মাধ্যম হিচাপে তাৰ যথার্থ যােগ্যতা গঢ়ি উঠাই নাই। কোনাে-কোনােৱে আপত্তি কৰে যে উচ্চতৰ পৰ্যায়ৰ শিক্ষাৰ বাবে ৰেফাৰেন্স বুক’ নালাগে পাঠ্যপুথিয়েই নাই অসমীয়াত। ডাঃ বৰাই কৈছে যে কলেজ শিক্ষকসকলেই সেই কাম কৰিব পাৰে। পৰামর্শ ভাল। বিশেষজ্ঞই উত্তম বুলি প্রমাণপত্র দিয়া পাঠ্যপুথি বা প্রসংগ পুথি লিখাটো কলেজ শিক্ষকৰ বাবে পদোন্নতিৰ বাবে গৱেষণাপত্র লিখাৰ দৰে এক অৰ্হতা বুলি বিবেচিত হ'ব পাৰে। তথাপি কওঁ, কলেজ স্তৰৰ পাঠ্যপুথি ৰচনা ধেমালিৰ কথা নহয়। নবেল বটা বিজয়ী বিশ্ববিশ্রুত অর্থনীতিবিদ পল ছেমুৱেলছনৰ দ্বাৰা ৰচিত বিদেশৰ কলেজৰ প্রাথমিক স্তৰত বহু দিন চলিছিল। অলপতে দেখিলোঁ তিনিগৰাকী লব্ধপ্রতিষ্ঠ সমাজবিজ্ঞানীৰ দ্বাৰা কলেজৰ প্রাথমিক স্তৰৰ বাবে প্রস্তুত বিলাতৰ পাঠ্যপুথি। এনে পাঠ্যপুথিৰ লেখকৰ বিষয়টো সম্পর্কে গভীৰ আৰু বিস্তৃত জ্ঞান থকা বাবেই প্রাঞ্জল ভাষাত খৰচী মাৰি বুজাই দিব পাৰে। আমাৰ দিগগজ সকলে দিগমণ্ডলতে বিহাৰ কৰে, মাটিলৈ নানামে। তথাপি অসমীয়াত এনে কিতাপ কিমান? জ্ঞান সমুদ্রত সাঁতুৰিবলৈ হলে ইংৰাজী জানিবই লাগিব। তাৰ বাবে স্কুলীয়া পৰ্যায়ৰ ইংৰাজী শিক্ষা উন্নত কৰিব লাগিব। অসমীয়াক এলাগী নকৰাকৈ।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিকোড সংৰক্ষণৰ অৰ্থে লেখকৰ মৌখিক অনুমতি মৰ্মে সুখ-দুখতো প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment