ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাস 'মৰমৰ দেউতা'ই পাব চলচ্চিত্ৰৰ ৰূপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাস 'মৰমৰ দেউতা'ই পাব চলচ্চিত্ৰৰ ৰূপ

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাস 'মৰমৰ দেউতা'ই পাব চলচ্চিত্ৰৰ ৰূপ

Share This
ৰাইজে আদৰি লোৱা এনাজৰী টকিজৰ 'কেলেণ্ডাৰ' নামৰ অসমীয়া চিনেমাখনৰ যোগেদি পৰিচালক ৰূপে সফলতা লাভ কৰা হিমজ্যোতি তালুকদাৰে কালি পৰবৰ্তী প্ৰকল্পৰ কথা ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি, ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ স্মৃতিত এনাজৰী টকিজ আয়োজন কৰিব পৰৱৰ্তী নিবেদনৰ।

পৰিচালক হিমজ্যোতি তালুকদাৰে  এই সন্দৰ্ভত ঘোষণা কৰি কয় যে- "অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহী কৰি তোলাত যি গৰাকী ব্যক্তিয়ে মোক অনুপ্ৰাণিত কৰিছিল সেই গৰাকী ব্যক্তি আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ। সহজ সৰল লিখন শৈলী, ঘৰুৱা কিন্তু শক্তিশালী সংলাপ, কাহিনী বিন্যাস আদিয়ে আকৰ্ষণ কৰিছিল সৰুৰে পৰাই। 'কেলেণ্ডাৰ' খন নিৰ্মাণ কৰিলো। অভাৱনীয় ভাবে দৰ্শকে আদৰি ল’লে। অসমীয়া চিনেমা নোচোৱা বুলি সততে অভিযোগ শুনা এটা পৰিৱেশত কেলেণ্ডাৰ হৈ পৰিল চৰ্চাৰ বিষয়, যি আছিল আমাৰ সপোনৰো অগোচৰ।"

উল্লেখযোগ্য যে কেলেণ্ডাৰ নামৰ অসমীয়া চিনেমাখনলৈ অসমৰ ৰাইজে যথেষ্ট সহাঁৰি জনোৱাৰ পাছত দেশৰ ভিন্ন মহানগৰ দিল্লী, মুম্বাই, বেংগেলুৰু আদিতো অসমীয়া সমাজে বিশেষ প্ৰদৰ্শনীৰ আয়োজনৰ যোগেদি চিনেমাখন আদৰি লয় আৰু এনাজৰী টকিজৰ চিনেমা নিৰ্মাণৰ প্ৰচেষ্টাই অসমীয়া চিনেমালৈ এক সজীৱতা কঢ়িয়াই আনিব বুলিও ৰাইজে মত পোষণ কৰে। 

এইবাৰ এনাজৰী টকিজ পুনৰ সাজু হৈছে পুনৰ এবাৰ এখন নতুন চিত্ৰনাট্যৰ কামৰ মাজেৰে। নতুন পৰিকল্পনা এটা লৈ। এইবাৰৰ কামটো যথেষ্ট জটিল আৰু প্ৰয়োজন হ’ব কিছু সময়ৰ। কাৰণ এই প্ৰকল্পৰ লগত জড়িত হৈ আছে অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিকৰ নাম। তেখেতৰ সৃষ্টিক ৰূপালী পৰ্দাত প্ৰক্ষেপ কৰাটো হ’ব কষ্টসাধ্য কাম হব। তথাপি কিছু সাহস মনত লৈ আগবাঢ়িছে কৰ্মদলটো।  

এনাজৰী টকিজৰ পৰৱৰ্তী নিবেদন হিচাবে অসমৰ ৰাইজলৈ আগবঢ়াব স্বনামধন্য সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ বহুপঠিত জনপ্ৰিয় উপন্যাস ‘মৰমৰ দেউতাৰ’ চলচ্চিত্ৰ ৰূপ। কালি তেখেতৰ মৃত্যুবাৰ্ষিকীৰ দিনা এই আনুষ্ঠানিক ঘোষণা কৰিলে প্ৰযোজনা সংস্থাটোৱে। লগতে এই কাহিনীক চলচ্চিত্ৰ ৰূপ দিবলৈ অনুমতি প্ৰদান কৰা বাবে উপন্যাসিক গৰাকীৰ সহধৰ্মীনি প্ৰীতি শইকীয়াকো সংস্থাটোৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে কিশোৰ সন্তানৰ সৈতে পিতৃ-মাতৃৰ সম্পৰ্ক কেন্দ্ৰিক উপন্যাসখন পূৰ্বতে অসম চৰকাৰৰ শিক্ষা বিভাগে দ্ৰুত পাঠ্য ৰূপেও অসমত প্ৰচলন কৰিছিল।  এই  উপন্যাসখনৰ সাৰ্বজনীন আবেদনে অসমীয়া চিনেমাক সমৃদ্ধ কৰিব বুলিও আশা কৰি পাৰি আৰু এয়া অসমীয়া সাহিত্য-সংস্কৃতি ক্ষেত্ৰৰ বাবে বাবেই এক সুখবৰ বুলিব পাৰি।

1 comment:

  1. আন্তৰিক শুভেচ্ছা থাকিল ৷

    ReplyDelete