বিশ্লেষণঃ বাজপেয়ীৰ যুঁজখন... :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ বাজপেয়ীৰ যুঁজখন... :: বুলন কুমাৰ শইকীয়া

বিশ্লেষণঃ বাজপেয়ীৰ যুঁজখন... :: বুলন কুমাৰ শইকীয়া

Share This
অৱশেষত মহাজীৱনে মেলানি মাগিলে ৷ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ লগে লগে দেখা গৈছে সততাই ক্ষয়িঞ্চু ৰূপ লোৱা ভাৰতৰ ৰাজনীতিৰ শ্ৰদ্ধা অাদায় কৰিব পৰা খুউব নগণ্য সংখ্যক নেতাৰ বিদায়ক্ষণত কেনেকৈ জনসাধাৰণে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে তাৰ দৃশ্য ৷ সম্ভৱতঃ দেশে বাজপেয়ীৰ দৰে এজন জনদৰদী নেতা সতকাই নাপাব৷ এখন আধুনিক ভাৰত নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা অটল বিহাৰী বাজপেয়ীৰ অৱদানক দেশৰ উত্তৰপুৰুষে নিঃসন্দেহে মনত থ’ব ৷ অন্ততঃ তেওঁৰ মহাপ্ৰয়াণৰ পাছত সেই কথা পৰিস্ফূট হৈছে ৷ 

জনতাৰ প্ৰাণৰ এইগৰাকী নেতাই কিন্তু বহুবাৰ বহুতৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ আৰু আশ্চৰ্যকৰভাৱে তেনে বিৰোধিতাৰ সৰহসংখ্যকেই তেওঁ সহিবলগীয়া হৈছিল নিজৰ সতীৰ্থ সকলৰ পৰাই ৷ অধিক কি, মাত্ৰ ১৫ বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰা বাজপেয়ীয়ে পাছৰ জীৱনত আটাইতকৈ অশালীন আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল খোদ সংঘ পৰিবাৰৰ সদস্যৰ পৰাই ৷ আৰু কোনো সন্দেহ নাই- বাজপেয়ীৰ সকলোধৰণৰ ৰাজনৈতিক দৰ্শনৰ প্ৰতি সহনীয়তা, মুকলি মত পোষণ কৰা আৰু সন্মান জনোৱাৰ তেওঁৰ স্বভাৱেই প্ৰধান কাৰণ আছিল তেনেধৰণৰ আক্ৰমণৰ মূল উদ্দেশ্য৷ সাম্প্ৰতিক ভাৰতবৰ্ষত শাসকীয় পক্ষত আছে এদিন জনসংঘৰ জৰিয়তে বাজপেয়ীৰ দৰে নেতাই আৰম্ভ কৰা ধাৰাৰ উত্তৰসূৰীসকল ৷ কিন্তু একেদৰে এতিয়াও বাহাল আছে সেই তাহানিতে বাজপেয়ীৰ দৰে নেতাই সন্মুখীন হোৱা সংকীৰ্ণতা আৰু ধৰ্মান্ধতাৰ ৰাজনীতিও ৷ বাজপেয়ীৰ বিদায়ত এতিয়া আমি সকলোৱে দৰদ ভৰা কন্ঠৰে তেওঁৰ অৱদানক সুঁৱৰিম ঠিকেই ৷ কিন্তু বাজপেয়ীৰ বিৰুদ্ধে৷প্ৰকৃত শ্ৰদ্ধা জনাবলৈ আমি এখন যুঁজত অৱতীৰ্ণ হ’বই লাগিব যিখনৰ বিৰুদ্ধে অহৰহ যুঁজিছিল প্ৰয়াত নেতাগৰাকীয়ে ৷

ৰাজনৈতিক জীৱনত বাজপেয়ী আছিল অজাতশত্ৰু ৷ আন নহওক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভালদৰেই চিনি পাইছিল বাজপেয়ীৰ ভিতৰত থকা সত্তাটোক ৷ ৬০ৰ দশকৰ আৰম্ভণিতে ৱাশ্বিংটনৰ এক অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ তদানীন্তন সচিব প্ৰধান , ছুইডেনৰ অৰ্থনীতিবিদ ডগ হেমাৰস্ক’জল্ডৰ সৈতে বাজপেয়ীক নেহৰুৱে চিনাকি কৰাই দিবলৈ গৈ কৈছিল India's blooming young parliamentarian. সেই নেহৰুৱে যেতিয়া এই পৃথিৱীৰ পৰা মেলানি মাগিছিল বাজপেয়ীয়ে কৈছিল- The sun has set. কেৱল সিমানেই নে ? নেহৰু জীৱিত থকাৰ কালতো ১৯৫৭ চনত লোকসভাত প্ৰদান কৰা ভাষণত বাজপেয়ীয়ে স্পষ্ট ভাষাৰে কৈছিল , দেশত কংগ্ৰেছৰ বাদে আন কোনোবাই চৰকাৰ কৰিলেও, প্ৰধানমন্ত্ৰী নেহৰুৰ স্থলাভিষিক্ত আন কোনোবাই হলেও তদানীন্তন চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু বৈদেশিক নীতিসমূহৰ গ্ৰহণযোগ্যতা থাকিবই ৷ সম্ভৱতঃ তেনেবোৰ কথাতেই বাজপেয়ীৰ বিৰুদ্ধে খড়ৰ্গহস্ত হৈ পৰিছিল স্বয়ং সেৱক সংঘ ৷ 

সেই সময়ৰ জনতা দলৰ সাংসদ আৰু এতিয়াৰ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে বাজপেয়ীৰ সমালোচনা কৰিবলৈ গৈ কৈছিল , Vajpayee himself is in many ways a carbon copy of Nehru. He is as whisy-washy as Nehru was.I don't think he has any ideology. বিৰোধিতাৰ সেই স্বৰূপ তললৈ নামিছিল ৷ বাজপেয়ীয়ে দত্তক কন্যা হিচাপে গ্ৰহণ কৰা নমিতা ভট্টাচাৰ্যৰ মাতৃ ৰাজকুমাৰী কৌলৰ সৈতেও নেতাগৰাকীৰ কুৎসা ৰটনা কৰিছিল খোদ আৰ.এছ.এছৰ মজিয়াৰ পৰা ৷যাৰ পৰিণতিত আৰ.এছ.এছৰ অন্যতম বিষয়ববীয়া প্ৰফেছৰ বলৰাজ মেধকে ক’বলৈ বাধ্য হৈছিল সংঘৰ কোনো কৰ্মকৰ্তাই যাতে বাজপেয়ীৰ সম্পৰ্কত তেনেধৰণৰ গল্প গুজৱ প্ৰচাৰ নকৰে ৷ আচলতে বাজপেয়ীয়ে এনে এখন যুঁজৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাজনীতিৰ ঊৰ্ধ্বলৈ তেওঁ বিচৰণ কৰিব পৰা ক্ষমতাৰ কাৰণেই ৷ সম্ভৎতঃ এনেবোৰ কাৰণতে বাজপেয়ীয়ে বলৰাজ মেধকক কৈছিল if I hadn't come to the RSS , I would have been a communist. আনহাতে আৰ.এছ.এছ বুলি ক’লেই বিৰক্ত হোৱা বাওঁপন্থী মহলেও বাজপেয়ীৰ প্ৰসংগত স্থিতি সলাইছিল ৷ তেওঁলোকৰ মতে বাজপেয়ী আছিল he is different, he is liberal, nothing of the Hindu fanaticism about him. He is not trusted by RSS.

ভাৰতীয় যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত সংকীৰ্ণতাবাদক ৰুদ্ধ কৰিবলৈকে বাজপেয়ীৰ চিন্তাৰ প্ৰকৃত চৰ্চা হোৱা উচিত ৷ তেওঁ আৰ.এছ.এছৰ পৰা জনসংঘ কৰি বিজেপিৰ মজিয়াৰ পৰা প্ৰধানমন্ত্ৰী হলেও যি মুক্ত চিন্তাৰে নিজৰ ৰাজনৈতিক বীক্ষা গ্ৰহণ কৰিছিল তাৰ কৰ্ষণ হোৱাটো উচিত । নেহৰুৰ মৃত্যুত বাজপেয়ীয়ে কৈছিল The sun has set. কিন্তু কি বুলি কোৱা যায় বাজপেয়ীৰ চিৰগমনক ? ভাৰতীয় ৰাজনীতিৰ ধ্ৰুৱতৰাটো লুকাল ? হয়, ধ্ৰুৱতৰাই আছিল বাজপেয়ী ৷ আন্ধাৰতো আমি তেওঁৰ স্থিতি অনুমান কৰিব পাৰিব লাগিব ৷ ভাৰত আৰু ভাৰতীয়ৰ মংগল বাৰ্তা তাতেই সোমাই আছে ৷

No comments:

Post a Comment