
পিছে এন.আৰ.চিকলৈ প্রতিক্রিয়া কেৱল বিতর্কলৈ সীমিত নাথাকিল। অসমৰ ওচৰৰ কিছু ৰাজ্যৰ সীমান্তত ৰাতিৰ ভিতৰতে চেকপোস্ট বনোৱা হল। পিছে এই চেকপোস্ট আৰক্ষীয়ে নহয়, কিছু সামাজিক সংগঠন আৰু ছাত্র সংগঠনে গঢ়ি তুলিলে। আৰু এই চেকপোস্টবোৰত থকা স্বনিয়োজিত কিছু কর্মীয়ে অসমৰ পৰা নিবনুৱা হিচাপে বা আন সৰু সুৰা কাম কৰিবলৈ যোৱা মানুহবোৰৰ নথি পত্র নিৰীক্ষণ কৰাৰ আৰম্ভ কৰিলে। আনকি এন আৰ চিত নাম আহিছে নে অহা নাই সেইটোলৈও সোধপোচ আৰম্ভ কৰিলে।
এয়া আন কথা যে ওচৰৰ ৰাজ্যৰ চৰকাৰে এটা কথা উনুকিয়াই দিছে যে এন আৰ চিত নাম নহাৰ বাবে বহুতে ওচৰৰ ৰাজ্যবোৰলৈ ঢাপলি মেলিব পাৰে আৰু নিজৰ নিজৰ ৰাজ্যৰ আৰক্ষীক সজাগ থাকিব দিছে। কিন্তু ইয়াৰ অর্থ এইটো হব নোৱাৰে যে স্বনিয়োজিত সুৰক্ষাবাহিনীয়ে কেৱল খচৰাত নাম নহাৰ বাবে মানুহক চলা-ফুৰাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব।
এন আৰ চিৰ পূর্ণ খচৰাত প্রায় ৪০ লক্ষ মানুহৰ নাম বাদ পৰিছে। কিন্তু তাৰ পিছতো মানুহবোৰে ধৈর্য্য ধৰি এন আৰ চিৰ প্রক্রিয়াৰ প্রতি সহযোগ কৰি আছে। মানুহবোৰে এতিয়াও আশাবাদী যে অন্যায়ভাৱে কাৰো নাম পূর্ণ তালিকাৰ পৰা বাদ নপৰিব। পিছে এনে ধৈর্য্য ৰাজনৈতিক দলৰ নেতাবোৰে দেখুৱাবলৈ বিফল হৈছে। দ্বীতিয় খচৰা প্রকাশ পোৱাৰ লগে লগে ৰাজনৈতিক নেতাবোৰে নিজৰ কাৰসাজি আৰম্ভ কৰিলে। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে ক’লে যে এই বাদ পৰা মানুহবোৰ হেনো ‘ঘুসপেঠী’ বা অনুপ্রবেশকাৰী।
যেতিয়া বিপক্ষকে ধৰি বিভিন্ন ফালৰ পৰা প্রশ্ন উত্থাপন হব ধৰিলে যে কেনেকৈ এটা পৰিয়ালৰ দুই এজনৰ নাম বাদ পৰিল বা সকলো নথি পত্র দিয়াৰ পিছতো কিয় কিছু মানুহৰ নাম বাদ পৰিল, কিয় ভালে সংখ্যক জনজাতীয় মূলৰ মানুহৰ নাম বাদ পৰিল, তেতিয়া কিছু ৰাজনৈতিক দলৰ মানুহে ইতিকিং কৰিব ধৰিলে যে বিপক্ষ চিন্তিত কাৰণ তেওঁলোকে ৪০ লক্ষ ভোট হেৰুৱালে। এনে মন্তব্য মণিপুৰৰ মুখ্য মন্ত্রীৰ উপদেষ্টা ৰজথ সেঠীও টুইটাৰত কৰিছিল। এয়া ধৰি লোৱা হৈছিল যে এই ৪০ লক্ষ মানুহ অবৈধ অনুপ্রবেশকাৰী আৰু এওঁলোক বিপক্ষৰ ভোটবেঙ্ক। এন আৰ চিকলৈ সুস্থ, গঠনমূলক আলোচনা বা সমালোচনা অসম্ভৱ কৰি তুলিছিল এনে নির্বাচনীমুখী মন্তব্যই।
আনফালে বাংলাৰ মুখ্য মন্ত্রী মমতা বেনার্জীয়ে গোটেই প্রক্রিয়াক বঙালী বিৰোধী বুলি আখ্যা দিলে। মমতা বেনার্জী বাংলাত নিজৰ ৰাজনৈতিক স্থিতি শক্তিশালী কৰাৰ বাবেই অসমৰ বঙালী সম্প্রদায়ৰ হৈ মাত মাতিব ধৰিলে। পিছে অসমৰ বুদ্ধিজীৱীসকলে যদিও মমতা বেনার্জীৰ এনে ৰাজনীতিক সমালোচনা কৰিলে, ৰাজ্যত বসবাস কৰা বঙালী সম্প্রদায়ৰ মানুহক আশ্বস্ত নকৰিলে যে তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰা নহব। ইয়াৰ বাবেও ৰাজ্যৰ ভিতৰতে বহু সমাজ কর্মী আৰু বুদ্ধিজীৱী যেন দুই ভাগত বিভক্ত হৈ পৰিছে – এফালে এটা শ্রেণী দিল্লীস্থিত সকলক সমালোচনা কৰি এন আৰ চিৰ সপক্ষে থিয় দিছে আৰু আন এটা গোটে এন আৰ চিৰ উন্নীতকৰণৰ প্রক্রিয়াৰ সমস্যাসমূহ উনুকিয়াই দিয়াৰ চেষ্টা কৰিছে।
এটা কথা আমি মানিব লাগিব যে এন আৰ চিত এনে বহু মানুহৰ নাম বাদ পৰিছে যিসকলে হয়তো দৰিদ্রতা বা শিক্ষাৰ অভাৱৰ বাবে লাগতীয়াল নথি পত্র যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজত এনে ভালে সংখ্যক মানুহ আছে যিসকলে পৰিয়ালৰ পোহপালৰ বাবে উত্তৰ পূর্বাঞ্চলৰ আন ৰাজ্যত গৈ দিন হাজিৰা বা আন সৰু সুৰা কাম কৰে। নতুনকৈ গঢ়ি উঠা চেকপোস্টে এই মানুহবোৰৰ কাৰণে ভালেখিনি সমস্যাৰ সৃষ্টি কৰিছে।
প্রথমতে এনে চেকপোস্টৰ খবৰ ওচৰৰ মেঘালয়, নাগালেন্ড আৰু মণিপুৰৰ পৰা আহিছিল। মেঘালয়ৰ খাচী ছাত্র সন্থাই অসমৰ পৰা যোৱা গাড়ীবোৰ ৰখাই মানুহবোৰৰ কাগজ-পাতি নিৰীক্ষণ কৰি আছিল। এনে নিৰীক্ষণৰ অধিকাৰৰ তেওঁলোকৰ আছে নে নাই সেয়া অপ্রাসংগিক হৈ পৰিছিল। শাসক দল, এন আৰ চিৰ দায়িত্বত থকা বিষয়ববীয়াসকলে বাৰে বাৰে কলে যে নাম নহাসকলক কোনো ধৰণৰ হাৰাশাস্তি কৰা নহব।কিন্তু এনে ধৰণৰ কার্য্যকলাপ হাৰাশাস্তি নহয় নেকি?
ওপৰত উল্লেখিত তিনিখন ৰাজ্যৰ ওপৰিও অৰুণাচল প্রদেশতো সদৌ অৰুণাচল প্রদেশ ছাত্র সন্থাই অৰুণাচল প্রদেশত কাম কৰা মানুহবোৰক এটা সময়সীমা বান্ধি দিলে। সেই সময়ৰ ভিতৰত লাগতীয়াল কাগজ পাতি দেখাব নোৱাৰিলে তেওঁলোকক সেই ঠাই এৰি আহিবলৈ কোৱা হল। ফলত বহু সংখ্যক অসমীয়া মানুহ অৰুণাচল প্রদেশৰ পৰা গুচি আহিব লগা হল। কিন্তু এই মানুহবোৰৰ প্রতি কোনো ধৰণৰ সহানুভূতি প্রকাশ নকৰি ওলোটাই কিছু ৰাজ্যিক সংবাদ মাধ্যমে মানুহবোৰক প্রমাণ অবিহনে বাংলাদেশী বুলি ঘোষণা কৰিলে। এনে দায়বদ্ধহীন কার্য্যকলাপ সঁচাকৈ নিন্দনীয়। আমি পাহৰা উচিত নহয় যে অসমতে কেৱল সন্দেহৰ ভিত্তিত এনে বহু নঘটিবলগীয়া দুর্ঘটনা ঘটে। তেনে ক্ষেত্রত ভুল তথ্য প্রচাৰ কৰাটো এটা অপৰাধ।
অৰুণাচল প্রদেশ ছাত্র সন্থাই ১৭ আগস্টৰ সময়সীমা বান্ধি দিছিল। আৰু তাৰ পিছতে এই ছাত্র সংগঠনে অপাৰেচন ক্লীন ড্রাইভ চলোৱাৰ কথা কয়। এই অপাৰেচন ক্লীন ড্রাইভৰ বাবে বহু মানুহ অসমলৈ ঘুৰি আহিব লগা হয়। ছাত্র সংগঠন বা আন স্বেচ্ছাসেৱী সংগঠনৰ এনে ভিজিলান্টিজিম কিমানখিনি বৈধ আৰু উচিত সেইটো প্রশাসনে চালি জাৰি চোৱা উচিত। আমি জানো যে আৰক্ষীক বাইপাছ কৰি চলোৱা এনে চেকপোস্ট আইন শৃঙ্খলাৰ অৱস্থা আৰু শোচনীয় কৰিব পাৰে। ভিজিলান্টে জাস্টিস বা স্বনিয়োজিত ন্যায় প্রনয়ণৰ বিশ্বাসে ভিৰৰ দ্বাৰা সংঘটিত বহু হিংসাৰ মূল কাৰণ। সেইটো ডকমকাৰ কাণ্ড হওক, বা সদ্যহতে বিহাৰত ভাগলপুৰত এটি মহিলাক উলংগ কৰি সমদল উলিওৱা ঘটনা হওক বা দেশৰ বিভিন্ন ঠাইত গোৰক্ষাৰ নামত ঘটা হত্যাকাণ্ড হওক। প্রত্যেক ক্ষেত্রত মানুহৰ উন্মত্ত ভিৰৰ দৃড় বিশ্বাস আছিল যে যত আইনী প্রক্রিয়া অসফল, তেওঁলোকে সফল – তৎক্ষণাৎ ন্যায় প্রদান কৰাত।
অসমৰ সীমান্তৱর্ত্তী এলেকাবোৰত এনে চেকপোস্টে যে আৰু গুৰুতৰ সমস্যা সংঘটিত নকৰিব সেইটো কব নোৱাৰি।অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল ডাঙৰীয়াকে ধৰি বিপক্ষ দলৰ নেতা দেবব্রত শইকীয়া আৰু আন বহু কেইটা সংগঠনে ওচৰৰ ৰাজ্যৰ মুখ্যমন্ত্রীকসকলক এনে চেকপোস্টৰ জৰিয়তে অসমীয়া মানুহক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ কৰিছে। পূর্ণ তালিকা প্রকাশ পোৱাৰ আগতে মানুহক কোনো ধৰণৰ হাৰাশাস্তি কৰা নহব বুলি প্রশাসনেও আশ্বস্ত কৰিছে। তেনে ক্ষেত্রত এই ভিজিলান্টে গ্রুপবোৰক শীঘ্রেই নিয়ন্ত্রিত কৰা উচিত।
কেৱল সন্দেহৰ বাবে যদি এটা সৰহ সংখ্যক মানুহ আন ৰাজ্য এৰি অসমলৈ আহিব লগা হয় তেনেহলে তেওঁলোকৰ নিজা অর্থনৈতিক সমস্যা হোৱাৰ লগতে ৰাজ্যখনৰো অর্থনৈতিক ক্ষতি হব। বহিঃ ৰাজ্যত কাম কৰি বহু খিনি ধন অসমত ব্যয় কৰা হয়। দীর্ঘ দিন ধৰি যদি এনে পৰিস্থিতি থাকে তেনেহলে ৰাজ্যৰ আর্থিক ক্ষতি হোৱাটো অনিবার্য্য।
অসমৰ বৰপেটাৰ পৰা বহু সংখ্যক মানুহ লক্ষ্ণৌলৈ গৈ চাফাই কর্মচাৰী বা কুড়াৱালা হিচাপে কাম কৰে। একেবাৰে ভয়াবহ অৱস্থাত কাম কৰা এই মানুহবোৰে লক্ষ্ণৌ চহৰখনক পৰিস্কাৰ কৰি ৰখাত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁলোকে সময়ে সময়ে বৰপেটালৈ আহি ভোট দান কৰিছে আৰু এন আৰ চিত নিজৰ অন্তর্ভূক্ত কৰোৱাৰ বাবেও লাগতীয়ালখিনি কৰিছে। কিন্তু এই মানুহবোৰো এন আৰ চিকলৈ অলপ শংকিত কাৰণ এনে এক উৰা বাতৰি তেওঁলোকে শুনিছিল যে উত্তৰ প্রদেশৰ আৰক্ষী হেনো চাব আহিব যে কাৰ কাৰ নাম এন আৰ চিৰ খচৰাত প্রকাশ পোৱা নাই।
এন আৰ চিৰ অসম্পূর্ণ খচৰাক এটা আহিলা বনাই মানুহক হাৰাশাস্তি কৰাটো একেবাৰে অনুচিত। সদ্যহতে উচ্চতম ন্যায়ালয়ে বাদ পৰা নামখিনি অন্তর্ভূক্ত কৰাৰ বাবে যি নিয়মাৱলী ঠিক কৰি দিছে সেইবোৰ আগৰ নিয়মবোৰৰ পৰা খুব বেছি ভিন্ন নহয়। এতিয়াও পঞ্চায়ত চার্টিফিকেটলৈ প্রশ্ন আছে আৰু নির্দেশ দিয়া হৈছে যে কেৱল পঞ্চায়ত প্রমাণ পত্র দিয়া মহিলাসকলে শুনানিৰ সময়ত গাওঁৰ মানুহৰ সাক্ষী আনিব পাৰিব। পিছে এনে বহু খবৰ শুনা গৈ আছে যত মহিলাসকলক আন কিবা নথি পত্র জমা দিবলৈ কোৱা হৈ আছে।
এই নতুন নিয়মাৱলীত পিছে অনাথ সকলৰ বাবে কিছু সুকীয়া ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰিছে আৰু তেওঁলোকৰ নথি পত্র নাথাকিলেও এটা সমিতি গঠন কৰি দিয়া হব যি সমিতিয়ে তেওঁলোকৰ নাগৰিকত্বৰ বিষয়ে সিদ্ধান্ত লব। খচৰাত বাদ পৰা মানুহৰ সংখ্যা বহু বেছি আৰু বাদ পৰাৰ কাৰণলৈ বহু প্রশ্ন উত্থাপিত হৈছে। তেনে ক্ষেত্রত কাম কৰিবলৈ যোৱা মানুহবোৰক চেকপোস্ট আদিৰ দ্বাৰা হেনস্থা কৰাটো দুর্ভাগ্যজনক।
এন আৰ চিৰ ঐতিহাসিক গুৰুত্বক নুই কৰিব নোৱাৰি। অন্য কোনো উত্তম উপায়ৰ অভাৱত বহুতে বিশ্বাস কৰিছিল যে এটি শুদ্ধ এন আৰ চি বিদেশী সমস্যাটোক সমাধান কৰাৰ ফালে এটি পথ মুকলি কৰিব। কিন্তু আমি মনত ৰখা উচিত যে নীতি সমূহ মানুহৰ বাবে। আমি সজাগ হোৱা উচিত যে এন আৰ চি যেন এটা আমোলাতান্ত্রিক প্রক্রিয়ালৈ কেৱল সীমিত নাথাকে আৰু সাধাৰণ মানুহৰ মাজত যেন আতঙ্কৰ সৃষ্টি নকৰে। বহুতে এই ৪০ লক্ষক আশ্বস্ত কৰিছে যে চুড়ান্ত তালিকাত নাম নহাসকলেও বিদেশী ন্যায়াধিকৰণ আৰু আন ন্যায়ালয়ৰ ওচৰ চাপিব পাৰিব। কিন্তু আমি চাই আহিছো যে কেৱল দেড় লাখমান সন্দেহযুক্ত ভোটাৰৰ কেছত ৰায়দান কৰোতে এই ন্যায়ালয়বোৰে কি ধৰণৰ সময় লয়। তাৰ ওপৰিও দুখীয়া নিৰীহ মানুহে দীঘলীয়া আইনী যুদ্ধ চলাই লৈ যাবলৈ সক্ষম নহয়। তেনে ক্ষেত্রত ডিচেম্বৰত ওলাব লগীয়া চুড়ান্ত তালিকাত নাম নথকা মানুহবোৰৰ বাবে সুযোগ খুবেই সীমিত। তেনে ক্ষেত্রত আমি সকলোৱে সজাগ হোৱা উচিত যে এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়াটো যেন আমাৰ ৰাজ্যৰ বাস্তৱ পৰিস্থিতি যেনে অশিক্ষা, দৰিদ্রতাৰ প্রতি সমবেদনহীন নহৈ মানুহৰ সুবিধার্থেহে কামখিনি কৰে।
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখিকাৰ ফোনঃ ৮০১১৯০৩৬২৩
No comments:
Post a Comment