মহীৰূহৰ লেখা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অখিল ভাৰত জাপি সংৰক্ষিণী সন্মিলন
ড° হীৰেন গোহাঁই
সপোনত কেতিয়াবা কিছুমান অদ্ভুূত ঘটনা দেখা যায়। পিছত ভাবিলে মজা লাগে। পাঠক সকলৰ নিশ্চয় তেনে অভিজ্ঞতা নোহোৱাকৈ থকা নাই। অৱশ্যে সম্প্ৰতি তিনি-চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ দেশজুৰি যি জক উঠিছে যে বাস্তৱ নে দুুঃস্বপ্ন ধৰাই টান হৈছে। কিছুমান পবিত্ৰাত্মাই দেশ চলোৱা বাবে এনে প্ৰেত-লীলা চলিছে নেকি, ভাবিবলৈ বাধ্য হওঁ। যাহওক, সেইবোৰ বাজে কথা। আমি ইতিবাচক চিন্তা কৰা উচিত। নেতিবাচক চিন্তা মনস্তাত্ত্বিক বিকাৰ। মােৰ সপােনটোতে অপূর্ব ইতিবাচক চিন্তাৰ সকলাে লক্ষণ দেখা গৈছিল।
সপােনতে দেখিলোঁ কলাক্ষেত্ৰত মহাসমাৰােহে অখিল ভাৰত জাপি সংৰক্ষিণী সন্মিলনৰ অধিৱেশন বহিছে। দুগৰাকী কৃতবিদ্য ধীমান পুৰুষে আঁত ধৰিছে। এজন সর্বজনমান্য স্বাধীনচিতীয়া সাংবাদিক ভুৰুং পাঠক, আনজন। যশস্বী বিদ্বান সর্বানন্দ গােস্বামী। দুয়ােৰে উদাত্ত ভাষণেৰে সন্মিলন আৰম্ভ হ'ল। তেওঁলােকে অতি প্রাঞ্জল ভাষাত আৰু পানী-নসৰকা যুক্তিৰে ৰাইজক জাপিৰ ব্যাপক অপব্যৱহাৰ সম্পর্কে সজাগ কৰি দিলে। বৰষুণ আহিলেহে জাপি ব্যৱহাৰ কৰিব লাগে। বৰষুণ অহাৰ লক্ষণ নাথাকিলে জাপিটো লৈ ফুৰিলে সি এটা হাড়মালহে হব, আন কামতাে অসুবিধা হব। সেয়ে দুয়াে জাপিৰ উচিত ব্যৱহাৰ সম্পর্কে সঁকীয়নি দি অসমৰ ৰাইজক সাৱধান কৰি দিলে। সভাস্থ সকলৰ মাজত জাপিসজীয়া গাৱঁৰ জনৈক প্রতিনিধিয়ে জাপিৰ ব্যৱহাৰ বন্ধ হলে গাওঁবাসীৰ জীৱিকা ক্ষতিগ্রস্ত হব, আৰু বৰষুণৰ বতৰত কাষতে পােৱাকৈ জাপিৰাখিব লাগে বুলি কৈছিলহে, আটাইৰে ধিক্কাৰত বেচেৰাই তাপ মাৰিলে। হাৰিয়ানাৰ বতৰ-বিজ্ঞানী ঝনক সিং চৌতালাই কলে যে মানুহে স্মৰণাতীত কালৰে পৰা বতৰৰ লগত তাল মিলাই চলি আহিছে। আপােনালােকৰ হিয়াৰ আমঠু ঝাপিকো তাল বুজিহে ব্যৱহাৰ কৰা উচিত। ঝাপি’ৰ দিন এনেয়েও গৈছে। প্রথমে ‘ছৰি ব্যৱহাৰ কৰক, তাৰ পিছত ‘ৰেইন কোট’, তভি যদি ফইদা নুঠে তেতিয়াহে ঝাপি’ভৰালৰ গাধৈৰ পৰা উলিয়াব লাগে। ঝন সিং চৌতালাৰ বক্তৃতাই আটাইৰে হৃদয় স্পর্শ কৰিলে। হাত-চাপৰি, সুহুৰিৰ গির্জনিত কেইমিনিটমান আৰু একো শুনাই নগ’ল। দিল্লীৰ ৰামৰতন শিউনন্দনজীয়ে এক তত্ত্বগধুৰ বক্তৃতাৰে জাপিৰ আধ্যাত্মিক মহিমা বখানিলে। সভাৰ আলােচনাৰ মােখনি মাৰি ভুৰুং পাঠকে কলে যে চিন্তাৰ কাৰণ নাই। জাপি কিছু outdated হলেও প্রয়ােজনত ভুৰুং কৰে তাৰ তলত আশ্রয় ল’ব পাৰি। সৰ্বানন্দ গােস্বামীয়ে ক'লে যে এই বিষয়ে নানা মুনিৰ নানা মত। ইয়াকে কয় democracy। প্রয়ােজনবােধে আনন্দমনে যি কোনাে এটা মতত ওলমি দিব লাগে। এনেতে এক কলেজীয়া চেঙেৰা উঠি ক'লে যে বৰষুণ দিয়াৰ সময়ত জুপুকা লাগি থাকি বৰষুণ গলে জাপি উলিয়ালে লাভ কি হ’ব? কেউ পিনৰ পৰা তাৰ ওপৰত ‘চোপ ৰও’, ‘নিকাম্মা’, ‘বেইমান’আদি ধ্বনিৰ বৰষণ হােৱা সত্বেও কলেজীয়া চেঙেৰাই তাৰ জেদ নেৰিলে দেখি মই তাইজ্জ মানিলোঁ। শেষত ঝনক সিং চৌতালাই তেতিয়া জ্ঞানগর্ভ যুক্তিৰে বুজালে যে যদি একো নকৰাকৈ বহি থাকোতেই বৰষুণজাক যায়, তেনেহলে জাপিৰ আৰু দৰকাৰ কি? কলেজীয়া চেঙেৰাই উত্তৰ কাটিলে যে বৰষুণে কর্মনাশ কৰা সময়ত বহি থকাটো বােদ আৰু কাপুৰুষৰহে লক্ষণ। চিঞৰ-বাখৰ, হাই-উৰুমিত হলঘৰ কঁপি উঠা যেন লাগিল। সাৰ পাই দেখিলোঁ বাৰিষাৰ দিনতাে ঘৰৰ সমুখৰ ৰাস্তাটো মেৰামতী কৰি থকা বাবে ক্রাশ্বাৰ মেচিনৰ তীব্র ঘর্ঘণিয়ে মােৰ শােৱা কোঠাৰ খিৰিকি কঁপাই দিছে।
কুমাৰী হিমা দাসৰ কৃতিত্ব 
ভাৰতৰ মহিলা ক্রীড়া-জগতৰ কিংবদন্তী-স্বৰূপ পি-টি-ঊষাই ৪০০ মিটাৰ দৌৰত চতুর্থ স্থান পাওঁতেই দেশ জুৰি আনন্দৰকলৰৱ উঠিছিল। আজি অসমৰ গাৱলীয়া ছােৱালী হিমাই হেলাৰঙে বিশ্ব-প্রতিযােগিতাৰ স্বর্ণপদক আঁজুৰি অনাত দেশ জুৰি অভিনন্দন, প্রশংসাৰ জোৱাৰ উঠিছে। প্রতিজন অসমীয়াৰ বুকু ওফন্দি উঠিছে। সকলােৰে শুভাশীষ আৰু শুভেচ্ছা বর্ষিত হৈছে তেওঁৰ ওপৰত। আমিও তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ। | কিন্তু যােৱা দেওবাৰৰ The Hindu কাকতত তেওঁৰ এটা উক্তি পঢ়ি কিছু চিন্তিত হ'লোঁ। তেওঁ কৈছে যে তেওঁৰ গাৱঁৰ ওচৰে-পাঁজৰে এতিয়া বঙালী মুশ্লিম আৰু হিন্দুৰ আধিপত্য দেখি তেওঁ ব্যথিত হৈছে। “দি হিন্দু কাকতৰ সাংবাদিকজনে কি কাৰণে তেওঁৰ উক্তিৰ লগতে উগ্র জাতীয়তাবাদৰ পােষকতা কৰা অসমীয়া নেতাৰাে ক্ষুব্ধ উক্তি জুৰি দিলে, বুজি নাপালোঁ। এই মুহৰ্ত্তত ইয়াৰ পৰিণাম হব পাৰে নাগৰিকত্ব আইন সংশােধনী বিধেয়কৰ বিৰুদ্ধে অসমত (ঘাইকৈ অসম উপত্যকাত) গঢ়ি উঠা ঐক্যবদ্ধ জনমতত বিভাজন অনা।

কুমাৰী হিমা দাসৰ বয়স উনৈছ বছৰৰ তলত। ৰাজনীতিৰ নানা পাকচক্র তেওঁ বুজি উঠাই নাই। তাতে তেওঁৰ এই অভূতপূর্ব সাফল্যৰ পিছত নানা মহলে তেওঁক দিয়া উৎসাহ-উদগনিৰ মাজত কাৰাে কাৰাে কু-মতলব থকাৰ কথা তেওঁৰ মনলৈ নহাই স্বাভাৱিক। এই শুভক্ষণত যাতে সকলাে তেওঁৰ শুভাকাংক্ষী হৈ থাকে, তেওঁ যত্নবান হব লাগিব। অসমৰ কোনাে জনগােষ্ঠীকে যাতে তেওঁ পৰ বুলি নাভাবে, সজাগ থকাই ভাল। | তেওঁৰ ক্ৰীড়া-নৈপুণ্য এইবােৰ গােলমলীয়া কথাৰ বহুত ওপৰত। তেওঁ নুবুজাকৈ এইবােৰ কথাৰ চাকনৈয়াত সােমাই গ'লে তেওঁৰ ক্ৰীড়া-নৈপুণ্যও ক্ষতিগ্রস্ত হব পাৰে বুলিহে আমি শংকিত হৈছে।
আইনষ্টাইনৰ বৰ্ণ বিদ্বেষ? 
আধুনিক বিজ্ঞানৰ মহামনীষী এলবার্ট আইনষ্টাইন সদায় সমাজ-সচেতন ব্যক্তি নাছিল। তেওঁ বিজ্ঞানৰ তাত্ত্বিক গৱেষণাতে ডেকা বয়সত নিমগ্ন আছিল। কিছুমান তাত্ত্বিক সিদ্ধান্ত ইমানেই অভিনৱ আৰু যুগান্তকাৰী আছিল (যেনে মহাকর্ষণজনিত তৰংগ’) যে এতিয়াহে তাৰ কাৰ্যকৰী প্ৰমাণ ওলাইছে। স্বাভাৱিকতে সামাজিক পৰিপাশ্বত কি হৈছিল তেওঁ বিশেষ খবৰ নাপাইছিল। কিন্তু ত্ৰিছৰ দশকত নাৎছি বর্ণবাদে জার্মানিত তেওঁৰ স্বজাতীয় ইহুদি সকলৰ সৈতে তেওঁৰ ওপৰত এনে ভয়ানক বর্ণবৈষম্যমূলক নির্যাতন চলালে যে তেওঁ বর্ণবাদৰ মাৰাত্মক মানবতা-বিৰােধী চৰিত্ৰৰ পৰিচয় পালে। আনকি শেষত আশ্রয় লােৱা আমেৰিকাত বিখ্যাত কৃষ্ণাংগ গায়ক পল ৰ'বছৰ লগ লাগি চল্লিছ-পঞ্চাছৰ দশকৰ আমেৰিকাত প্রচলিত শ্বেতাংগ সকলৰ কৃষ্ণাংগ সকলৰ ওপৰত তেওঁ প্রবল বর্ণবাদী নিপীড়নৰ তীব্ৰ বিৰােধিতা কৰিছিল। এই বিষয়ে আমি নতুন পদাতিক আলােচনীৰ দুই-তিনিটা সংখ্যাত আমেৰিকাৰ লাইব্রেৰিত পােৱা কিতাপৰ তথ্য উদ্ধৃত কৰি প্রবন্ধ লিখিছিলোঁ। তাৰ আগলৈকে তেওঁক ৰাজনীতিৰ প্রতি নির্লিপ্ত পকাচুলীয়া ঋষি বুলিয়েই অসমৰ লােকে জানিছিল। | মার্কিন শাসক মহলে আইনষ্টাইনৰ এইটো ভাবমুর্তিয়েই থকা বিচাৰে। সেয়ে কুৰি শতিকাৰ দ্বিতীয় দশকৰ আগফালে তেওঁ জাপানলৈ ভ্ৰমণ কৰিবলৈ আহোঁতে ৰখা ডায়েৰিত চীন, শ্রীলংকা আদি প্ৰাচ্যৰ দেশৰ অধিবাসী সকলৰ অস্বাস্থ্যকৰ জীৱন-যাত্রা, অপৰিষ্কাৰ পৰিবেশত জীৱন-নির্বাহ আদি বিষয়ে তেওঁ কৰা মন্তব্যবােৰ এতিয়া নতুনকৈ সোঁ-পন্থী বাতৰি-যােগনীয়াৰ সংস্থাবােৰে ধুমধাম প্রচাৰ কৰিছে। সিহঁতে নকয় যে সেইবােৰ তেওঁ ডেকা বয়সত কৰা মন্তব্য, যেতিয়া তেওঁ ঔপনিবেশিকতাৰ মাৰাত্মক ক্ষতিৰ কথা নাজানিছিল। পূৰঠ বয়সত আইনষ্টাইন আছিল এজন দৃঢ়চেতা অবিমিশ্র মানবতাবাদী যাৰ মনত বর্ণবাদী চিন্তাৰ কোনাে নামগােন্ধ নাছিল। কিবা কাৰণে বিশ্ব পুঁজিবাদে পৃথিবীত মানৱ জাতিৰ মাজত নানা ভেদাভেদ থকা বিচাৰে। সেই উদ্দেশ্যে আইনষ্টাইনক বর্ণবাদী ৰূপ দিয়া হৈছে।
চীনৰ জাতীয়তাবাদ আৰু ইশ্লাম-বিদ্বেষ 
চীনে যদিও নিজকে সমাজবাদী দেশ বুলি কৈ আছে, চীনৰ ভূখণ্ডৰ অন্তৰ্গত কিছুমান বেলেগ জাতিৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নত সমাজবাদী চিন্তাৰ পৰিচয় দিয়া নাই। সেইবিলাকৰ সংস্কৃতিৰ ওপৰত নানা সংস্কাৰ ওপৰৰ পৰা জাপি দিয়াৰ উপৰি মূল ‘হান’ জাতিৰ চীনা মানুহেৰে সেইবােৰ অঞ্চল ভৰাই জাতিবােৰৰ বিলুপ্তিৰ পথহে ৰচনা কৰিছে।

এই কাৰ্যপন্থাৰ উৎকট নিদর্শন দেখা যায় ছিনচিয়াং (জিনজিয়াং) প্রদেশত। তাত থকা ‘উইগুৰ’ জাতিয়ে চীনা স্বেচ্ছাচাৰী আধিপত্যৰ বিৰুদ্ধে কৰা বিদ্রোহ কঠোৰ হাতেৰে দমন কৰাৰ উপৰি ‘উইগুৰ’ সকলৰ এচামে ইশ্নামীয় সন্ত্রাসবাদৰ আশ্রয় লােৱা হেতুকে সমগ্র ‘উইগুৰ সকলৰ ধৰ্মতাে হাত দিছে। ই সাংস্কৃতিক অৱদমন।

খবৰত ওলাইছে, ছিনচিয়াঙত ৰােজা ৰখা, ৰমজান পালন কৰা, কোৰানৰ অধ্যয়ন কৰা আদি ধর্মীয় আচাৰাে নিষিদ্ধ কৰা হৈছে। অৱশ্যে পছিমীয়া সংবাদ মহলে কেতিয়াবা পশ্চিমৰ বিৰােধিতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে অপপ্রচাৰ কৰে। প্রকৃত সত্য কি, জানিবলৈ মন যায়।

মহংগাঈ বড় ৰহা হায়! প্রধানমন্ত্রী মােদীয়ে ২০১৬ চনত গুৱাহাটীত সগর্জনে বক্তৃতা দিয়া মনত পৰে। কংগ্ৰেছৰ নানা কুকীৰ্ত্তিৰ মাজত উল্লেখ কৰিছিল অতিপাত মূল্যবৃদ্ধিৰ কথা। এতিয়া পিছত হৈছে কি? প্রতি তিনিমাহে-চাৰিমাহে নিত্যপ্রয়ােজনীয় বস্তুৰ দাম বাঢ়ি আছে। আলু কিলােত ত্রিছ টকা হ’ল; পিয়াঁজ, তেল, একো বাকী নাই। শাক পাছলি এতিয়া দোকানীয়ে পােৱা হিচাবত বিক্ৰী কৰাত ধৰিছে।

যােগাসন কৰি, গীতা পাঠ কৰি, যাগ-যজ্ঞঃ পাতি বস্তুৰ মূল্যবৃদ্ধিৰ প্রতাপ ৰােধ কৰা নাযায়।
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু লেখকৰ মৌখিক অনুমতি ক্ৰমে সুখ-দুখত ইউনিকোডীয় সংস্কৰণ প্ৰকাশ তথা সংৰক্ষণ কৰা হৈছে।) 
লেখকৰ সুখ-দুখত প্ৰকাশিত সকলো লেখা একত্ৰে পঢ়িবলৈ ক্লিক কৰকঃ http://www.xukhdukh.com/search/label/DR-HIREN-GOHAIN

No comments:

Post a Comment