চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এইবোৰ প্ৰাসংগিক প্ৰশ্ননে?
পৰেশ মালাকাৰ
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন নানিলেহেঁতেন, আমি আজি যেনেকৈ বিদেশী নাগৰিকৰ প্ৰশ্নটোত লাগিছোঁ, তেতিয়া তেনেকৈ লাগিলোহেঁতেন নে? অসম আন্দোলনৰ সময়ত বামপন্থী দলসমূহ আৰু দলীয় ৰাজনীতিৰ লগত অসংযুক্ত গণতান্ত্ৰিক লোকসকল ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ অধিকাৰৰ সপক্ষে থিয় দিছিল, মাত মাতিছিল৷ এতিয়া আমি আমাৰ মতামত প্ৰকাশ কৰোঁতে বা বিধেয়কখনৰ বিৰুদ্ধে মাত মাতোতে এই দুটা সম্প্ৰদায়ৰ মাজত কিবা প্ৰাৰ্থক্য কৰিছোঁ নেকি? ডি ভোটাৰৰ, মানে সন্দেহযুক্ত ভোটাৰৰ ক্ষেত্ৰত আমি কি দৃষ্টিভঙ্গী লোৱা উচিত? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিসকল লোকৰ নাম নাথাকিব তেওঁলোকৰ কি হ’ব? এই সম্পৰ্কে আমি কি চিন্তা কৰিছোঁ? বা এই ক্ষেত্ৰত আমাৰ দৃষ্টিভঙ্গী বা অৱস্থান কি হোৱা উচিত? অসমত ডিটেশ্বন কেম্প কিমান আছে আমি জানো নে? তাত থকা মানুহবোৰ কি অৱস্থাত আছে? তেওঁলোকৰ মানব অধিকাৰ সুৰক্ষিত হৈছে নে? এই সম্পৰ্কে আমি কিবা ভাবিছোঁ নে বা ভবা উচিত নে? এজন গণতান্ত্ৰিক ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী বিলখন কেতিয়াও, কোনো পধ্যেই সমৰ্থন কৰিব নোৱাৰে৷ বিদেশী নাগৰিকৰ প্ৰশ্নটোৰ সমাধানৰ কাৰণে আৰু সমস্যাটো কিমান ভয়াবহ সেইটো জানিবলৈও আমাক এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লাগে আৰু লাগিবই৷ কিন্তু এই দুয়োটা কথা মানিলোৱাৰ পিছতো পূৰ্বোক্ত প্ৰশ্নবোৰ প্ৰাসংগিক প্ৰশ্ন নহয়নে? এই প্ৰশ্নবোৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাইনে? বোধহয় অসমৰ বৰ্তমান পৰিস্থিতিত সেইটো অতি প্ৰয়োজনীয়৷

হিন্দু বাংলাদেশীয়ে, আমাৰ, মানে অসমীয়া মানুহৰ, অস্তিত্ব আৰু সাংস্কৃতিক পৰিচয় নি:শেষ কৰিব বুলি নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ আগলৈকে আমি ভাবিছিলোঁ নে নাই? আজি আমি বিদেশী নাগৰিকৰ প্ৰশ্নটো লৈ যেনেকৈ উদ্বাউল হৈছোঁ,তেতিয়াতো আমি তেনে আচৰণ কৰা নাছিলোঁ৷ কেন্দ্ৰীয় চৰকাৰে যি উদ্দেশ্যেৰে বিধেয়কখন আনিছিল আমি বিধেয়কখনৰ বিৰুদ্ধে কৰা প্ৰতিক্ৰিয়াই প্ৰকাৰন্তৰে সেই উদ্দেশ্য সফল হোৱাত সহায় কৰিলে নেকি? আজি যেনেকৈ হিন্দু,মুছলিম, অসমীয়া, বঙালী কথাবোৰ আলোচনা হৈছে বা আমি আলোচনা কৰিছোঁ বিধেয়কখন অনাৰ আগলৈকে আমি কথাবোৰ তেনেকৈ পাতিছিলো নে? এই বিলখনে আমাক অইন সকলো বিষয় বাদ দি এটা 'আৱেগিক’ আৰু 'পৰিচয়’ কেন্দ্ৰীক বিতৰ্কত আবদ্ধ কৰি পেলোৱা নাই নে? ই আমাৰ দৃষ্টি আমাৰ মৌলিক সমস্যাবোৰৰ পৰা আঁতৰাই ৰখা নাই নে? সংস্থান, কৃষি, উদ্যোগ, স্বাস্থ্য আৰু শিক্ষা- এই বিষয় কেইটাৰ গুৰুত্ব হ্ৰাস পালে নেকি? নে এই বিষয়বোৰৰ বিষয়ে কেনেকৈ অৰ্থপূৰ্ণ প্ৰতিবাদ সম্ভৱ সেইটোৱেই আমি ঠিক কৰিব পৰা নাই, নে এই বিষয়বোৰ আমনি লগা বিষয় হৈ পৰিছে এতিয়া? এই সমস্যাবোৰ এতিয়া আমি কৰিম?

বি জে পিয়ে আটাইবোৰ কথা, বিষয়, বিতৰ্ক কেনেকৈ বিভাজনবাদী কৰিব পাৰিছে? তেওঁলোক আগে আগে আৰু আমি পিছে পিছে গৈ আছোঁ নেকি? কথাবোৰ তেনেকুৱা হোৱা নাই নে? আমি কোনোবাখিনিত কিবা এটা ভুল কৰা নাই নে? আমি বিষয়টোক ধৰ্মনেৰপেক্ষ কৰি ৰখাৰ সলনি জয় আই অসম কৰি পেলালো নেকি? মনত ৰাখিব, ভাৰত মাতা কী জয় যেনেকৈ হিন্দু হিন্দু গোন্ধায়, জয় আই অসমৰ গোন্ধটোও তেনেকৈ উগ্ৰ অসমীয়া নোগোন্ধায়নে? আমি নিজকে প্ৰশ্ন কৰি চোৱা ভাল৷

ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘুৰ মাজত আমি কিবা পাৰ্থক্য কৰিছোঁ নেকি? এই ক্ষেত্ৰত আমি গুৰুত্ব ক’ত দিব লাগে? সময়সীমা নে হিন্দু, মুছলিমৰ ওপৰত? আমি বিতৰ্কটো যিমানেই সময়সীমা কেন্দ্ৰীক কৰিম সিমানেই ই ধৰ্মনিৰপেক্ষতাৰ ফালে যাব, তাকে নকৰি এই আইনখনৰ সংশোধন হ’লে বাংলাদেশৰ আটাইবোৰ হিন্দু মানুহ তেওঁলোকৰ ঘৰ-বাৰী এৰি আহি আমাৰ ইয়াত সোমাই আমাৰ অসমীয়া পৰিচয় নি:চিহ্ন কৰি পেলাব বুলি ভবা কথাটো বৰ যুক্তিসঙ্গত কথা হয় নে? আটাইতকৈ ডাঙৰ কথা হ’ল আমাৰ ইয়াত কিমান বিদেশী নাগৰিক আছে সেই সম্পৰ্কে এতায়লৈকে সৰ্বসন্মত কিবা সংখ্যা আমাৰ হাতত আছে নে? এতিয়ালৈকে যিয়ে যিমানবোৰ সংখ্যাৰ কথা কৈ আছে এই আটাইবোৰ সংখ্য অনুমান ভিত্তিক নহয়নে? আৰু এটা কথা ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত জনসংখ্যা বৃদ্ধি বিদেশী নাগৰিকৰ অসমলৈ অহা ধাৰাবাহিক সোঁতৰ বাবে হৈছে নে শিক্ষা আৰু সজগতাৰ অভাবত জন্মনিয়ন্ত্ৰনৰ অভাবৰ বাবে হৈছে?তেওঁলোকৰ মাজত, বিশেষকৈ চৰ অঞ্চলত থকা লোকসকলৰ মাজত জন্মনিয়ন্ত্ৰনৰ বিষয়ে এই চৰকাৰে কিবা ফলপ্ৰসু কাৰ্যসূচী গ্ৰহণ কৰিছে নে? বা আগৰ চৰকাৰবোৰে এই ক্ষেত্ৰত কিবা কাৰ্যকৰী আঁচনি লৈছিল নে? বিদেশীক লৈ অসমত ইমান উত্তেজনা, তাৰ মাজতে কি মৰসাহ কৰি, কি বিচাৰি বাংলাদেশৰ পৰা অসমলৈ মানুহ আহিব ? বিদেশীৰ অবাধ আগমন এতিয়াও হৈ আছে কথাটো কিমানদূৰ সঁচা?

এই যে অসমত আজি ইমান বছৰ ধৰি বিদেশী নাগৰিকক লৈ হুলস্থূল হৈ আছে তাত ভাষিক আৰু ধৰ্মীয় সংখ্যলঘুসকলৰ কিছু সংখ্যক লোকৰ হলেও মানব অধিকাৰ খৰ্ব হোৱা নাই নে? সেই সন্দৰ্ভত আমাৰ কিবা ক’বলগা আছে নে? অসম আন্দোলনৰ সময়ত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত ক'ৰবাত কৰ'বাত আক্ৰমণ হোৱাৰ কথা যেতিয়া আন্দোলনৰ নেতৃত্বৰ দৃষ্টিলৈ অনা হৈছিল, তেওঁলোকৰ এটাই উত্তৰ আছিল- ইমান ডাঙৰ জনজাগৰণ এটাত এনে দুই চাৰিটা বিক্ষিপ্ত ঘটনা ঘটিবই পাৰে৷ এতিয় যোৱা কেইবা দশকজুৰি বিদেশী নাগৰিকক লৈ যিটো হুলস্থূল হৈ আছে তাতো ক'ৰবাত ক'ৰবাত তেনে ঘটনা ঘটিছে নেকি? অমি যিসকলে নাগৰিকত্ব বিধেয়কৰ সংশোধনীৰ বিৰোধিতা কৰিছোঁ আৰু এখন শুদ্ধ নাগৰিকপঞ্জীৰ পক্ষে আছোঁ, আমি সমস্যাটো কেনেকৈ চাম?'এইবাৰ আহিলোঁ ডেটেনশ্বন কেম্পৰ কথালৈl অসমত কিমান ডিটেনশ্বন কেম্প আছে? তাত কিমান মানুহ আছে?তেওঁলোক কি অৱস্থাত আছে?তেওঁলোকৰ অধিকাৰ আৰু মানব অধিকাৰৰ প্ৰশ্ন আছে নে নাই?এই সম্পৰ্কে আমি কিবা ক’ম নে নিমাতে থাকিম?

এই প্ৰশ্নবোৰ মই কিয় তুলিছোঁ? এই প্ৰশ্নবোৰ মই চাৰিটা কথাৰ কাৰণে তুলিছোঁ৷ প্ৰথম কথা বিদেশী নাগৰিকৰ সমস্যাটোৰ এটা পৰিমানগত আৰু গুণগত মূল্যায়ন আমাক লাগে৷ তাৰ মানে হ’ল আমাৰ ইয়াত কিমান বিদেশী নাগৰিক আছে তাৰ এটা নিৰ্ভৰযোগ্য আৰু সৰ্বসন্মত পৰিসংখ্যা আমাক লাগে৷ এই পৰিসংখ্যাটো ওলালে অৱেশ্য সমস্যাটোৰ গুণগত দিশটো আপোনা আপুনি ওলাই আহিব, অৰ্থাৎ তেওঁলোকে আমাৰ কি ক্ষতি কৰিছে আৰু কেনেকৈ কৰিছে সেইটো ওলাই আহিব৷ তেতিয়াহে সমাধান সূত্ৰটো সহজ হ’ব৷ দ্বতীয় কথা- এই প্ৰশ্নবোৰত লুকাই থকা কথাটো হ’ল- এইবোৰৰ যদি সঠিক উত্তৰ আমাৰ হাতত নাথাকে তেন্তে ৰাজনৈতিক শক্তিবোৰে তাৰ সুবিধা ল’বই, ল’বই নহয়, লৈ আছে৷ আচলতে এতিয়া গোটেই বিশ্বতে ধনিক শ্ৰেণীটো আৰু আপোনালোকে যে কয় পুঁজিপতি গোষ্ঠীটো, তেওঁলোকৰ চেহেৰা কিন্তু বদলিছে সুজন! তেওঁলোকৰ কাৰণে আমাৰ অসমৰ দৰে অৱস্থাটো, মানে আবেগিক আৰু পৰিচয় কেন্দ্ৰীক, তেওঁলোকৰ ৰাজ কায়েম কৰিবলৈ উত্তম, অতি উত্তম৷তৃতীয় কাৰণটো-আপোনালোকৰ মনত আছে নে আগৰ মাহৰ ১১ জুনত যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী শুদ্ধকৰণ প্ৰক্ৰিয়া আৰু বিদেশীৰ প্ৰশ্নটো লৈ বিশেষ তথ্য পাতি বা উদাহৰণ নিদিয়াকৈ লাখ লাখ বাংলা ভাষি মুছলমানৰ ওপৰত অত্যাচাৰৰ কথা কৈ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীলৈ United Nations Human Rights Special Procedures,Special Rapporteurs,Independent Expert & Working Groupএ চিঠি এখন দিছিল৷ এই অভিযোগ আৰু ষড়যন্ত্ৰবোৰ প্ৰতিহত কৰিবলৈ আমি ওপৰৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব লাগিব৷চতুৰ্থটো হ’ল আৱাজ- দেখিছে কি প্ৰচাৰ চলাইছে আৱাজে! আৱাজে কি আৱাজ দিছে! এনে আৱাজ ফাকা আৱাজ বুলি প্ৰমাণিত কৰিবলৈও আমি ওপৰৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব লাগিব৷ বিদেশী নাগৰিক সমস্যাৰ সমাধান লাগে, শুদ্ধ এন আৰ চি লাগে৷ কিন্তু কাৰো মানব অধিকাৰ খৰ্ব হ’ব নালাগে(সৌ সিদিনা ৰামনাথ গোৱেংকা বক্তৃতা দিওঁতে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ ৰঞ্জন গগৈয়ে কি কৈছিল? কেৰালাৰ অতি কম সংখ্যক মানুহ থকা খৃষ্টিয়ান ধৰ্মালম্বী বিশেষ গোটা এটাৰ তিনি গৰাকী ছাত্ৰই ৰাষ্ট্ৰীয় সঙ্গীত বজোৱাৰ সময়ত থিয় হৈছিল যদিও গীত গোৱা নাছিল বাবে তেওঁলোকক স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ এই মোকৰ্দমাটো সন্দৰ্ভত উচ্চ ন্যায়লয়ে তেওঁলোকৰ পক্ষে ৰায় দি ১৯৮৬ চনত কৈছিল যে সংখ্যাত অতি নগণ্যসকলৰ অধিকাৰৰ সপক্ষে থিয় দিয়াটোৱে হ’ল গণতন্ত্ৰৰ আচল পৰীক্ষা),কোনো বিভাজনবাদী ৰাজ হ’ব নালাগে৷ আৰু আমাৰ মৌলিক সমস্যাসমূহ আমি পাহৰি যাব নালাগে৷

No comments:

Post a Comment