চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকত্ব সংশোধনী বিধেয়কঃ ছটা ধৰ্মৰ লোকৰ বাবে বিশেষ নিয়ম কিয়?
দীপাংকৰ মল্ল বৰুৱা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে প্ৰতিবাদ কৰাটো অসমীয়া জাতিৰ কাৰণে অতি শুভলক্ষণ বুলিব পাৰি। সকলোৰে সমূহীয়া প্ৰতিবাদে এই কথা প্ৰতিপন্ন কৰিছেযে জাতি জনগোষ্ঠীবোৰৰ মাজত হেজাৰ প্ৰভেদ থাকিলেও বিপদৰ সময়ত সকলোৱে একগোট হয়। অসম আন্দোলনৰ সময়তো বৃহত্তৰ অসমীয়া জাতিয়ে এনে একতা প্ৰদৰ্শন কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰা সহজেও বুজিব পৰা গৈছেযে অসমীয়া মানুহে অসমত বিদেশী সংস্থাপন দিয়াৰ কাৰ্য কোনোপধ্যে মানি নলয়। স্বাধীনচেতিয়া অসমীয়া মানুহে কেতিয়াও বিদেশীৰ আগত শিৰনত কৰিব নোৱাৰে। সুজলা সুফলা শস্য শ্যামলা অসম ভূমিত বিদেশীৰ দপদপনি কেতিয়াও সহ্য কৰিব নোৱাৰে। সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱা বুলি শুনি অসমীয়া মানুহ দলে দলে ৰাজপথলৈ ওলাই আহিছে।

এইখিনিতে প্ৰশ্ন হয়, অসমীয়া মানুহৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে, পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰ এখনে কেনেদৰে এনে এখন জাতিধ্বংসী বিধেয়কৰ সমৰ্থন কৰিব পাৰে? বিধেয়কখনত সঁচাকৈয়ে বাংলাদেশৰ পৰা ডেৰ – দুই কোটি হিন্দু বাংলাদেশীক অসমলৈ অনাৰ কিবা প্ৰস্তাৱ আছে নেকি? বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি? অসমীয়া মানুহে ভয় কৰাৰ দৰে বিধেয়কখনত থকা ব্যৱস্থাই অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিব নেকি?

মনকৰিবলগীয়াযে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ’লেও বিধেয়েকখনত কিনো আছে এই বিষয়ে প্ৰায়বোৰ অসমীয়া মানুহেই বিশেষ ভূ ৰখা নাই। ইণ্টৰনেটত অলপ খুচৰি জানিব পাৰিলোঁযে বিধেয়কখনত এটা কথা ষ্পষ্টকৈ লিখা আছেযে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উত্পীড়নৰ কবলত পৰি ভাৰতলৈ অহা সেইবোৰ দেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু, খ্ৰিষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন এই জনগোষ্ঠীকেইটাৰ মানুহে ভাৰতত সাত বছৰ থকাৰ প্ৰমাণ দিব পাৰিলে ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। এই সাতবছৰৰ ভিতৰত শেষৰ বছৰটোত একেৰাহে ভাৰতত থকাটো বাঞ্ছনীয়। অৰ্থাৎ চুবুৰীয়া দেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুৱে ২০১১ চনৰ পৰা ভাৰতত থকাৰ প্ৰমাণ দিব পাৰিলে ২০১৮ চনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ২০১৪ চনৰ পাছত অহা বিদেশীৰ বাবে এই ব্যৱস্থা প্ৰয়োজ্য নহয়। উল্লেখ্যযে ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতত বাস কৰা যিকোনো বিদেশী নাগৰিকে বাৰ বছৰ বাস কৰাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। বিধেয়কখনত অৱশ্যে বিশেষকৈ হিন্দু বাংলাদেশী অসমলৈ অনাৰ কোনো পৰিকল্পনা বিচাৰি নাপালোঁ। 

ভাৰতীয় নাগৰিকত্ব আইন মতে ১৯৫১ চনৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ পত্ৰ নোহোৱাকৈ বা বৈধ কাগজ পত্ৰৰ সময়সীমা উকলি যোৱাৰ পাছতো বাস কৰা সকলোৱেই অবৈধ বিদেশী। অৱশ্যে অসমত অসম চুক্তিৰ বাবে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে প্ৰৱেশ কৰা অবৈধ বিদেশীসকলকো স্বদেশী বুলি স্বীকাৰ কৰি লোৱা হৈছে। সেয়েহে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ হাতত নথকা সকল অবৈধ বিদেশী। এই অবৈধ বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ অসম চুক্তিত নিৰ্দেশ দিয়া আছে। ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰিবলৈ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে। এনে পৰিস্থিতিত ২০১৪ চনলৈ অহা কেইটামান ধৰ্মৰ মানুহক নাগৰিকত্বৰ আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধ বিদেশী হিচাপে চিনাক্ত হোৱা এচাম লোকেও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। তেনে পৰিস্থিতিত অসম চুক্তিয়ে নিৰ্দেশ দিয়ামতে সেইসকল লোকক কোনোকালেই দেশান্তৰিত কৰিব পৰা নাযাব।

মনকৰিবলগীয়াযে ২০১৪ আৰু ২০১৫ চনত দুখন অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে পাৰপত্ৰ অধিনিয়মৰ সংশোধন কৰি ইতিমধ্যে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ অহা উল্লিখিত ছয়টা ধৰ্মৰ লোকক বৈধ কাগজ পত্ৰ নথকাৰ বাবে কাৰাৰুদ্ধ বা দেশান্তৰিত কৰিব নোৱাৰিব বুলি নিয়ম বান্ধি দিছে। এই নিয়ম অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ যোগেদি অবৈধ বিদেশী বুলি চিনাক্ত হ’লেও ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ ভাৰতত প্ৰৱেশ কৰা উপৰোক্ত ছয়টা ধৰ্মৰ মানুহক কোনোপধ্যে বহিষ্কাৰ কৰিব পৰা নাযাব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ’লেও ২০১৪ চনলৈ অহা ছয়টা ধৰ্মৰ মানুহ ভাৰততে থাকিব পাৰিব।

এইখিনিতে প্ৰশ্ন হয়, চৰকাৰে উপৰোক্ত ছয়টা ধৰ্মৰ মানুহৰ কাৰণে বিশেষ ব্যৱস্থাৰ প্ৰচলন কৰিব খুজিছে কিয়? ভাৰতত শৰণাৰ্থী আইন নথকাৰ বাবে চুবুৰীয়া দেশৰ পৰা বৈধ কাগজ পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰা সকলোকে অবৈধ বিদেশী বুলি গণ্য কৰা হয়। এই অবৈধ বিদেশীৰ মাজত সেইবোৰ দেশত ধৰ্মীয় উত্পীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকো যথেষ্ট সংখ্যক আছে। এওঁলোকৰ বাহিৰে বাকী মানুহবোৰে জীৱন ধাৰণৰ উন্নত মানদণ্ড বিচাৰি বা জীৱিকাৰ সন্ধানত ভাৰতলৈ আহিছে বুলি ধৰি লোৱা হৈছে। ধৰ্মীয় উত্পীড়নত বলি হৈ ভাৰতলৈ অহা লোকসকলক ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি আশ্ৰয় প্ৰাৰ্থী বা Asylum Seeker বুলি কোৱা হয়। ১৯৫১ চনত জেনেভাত অনুস্থিত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলনৰ সিদ্ধান্ত অনুযায়ী ধৰ্মীয় উত্পীড়নৰ বলি হৈ নিজৰ দেশ এৰি আন দেশলৈ যোৱা লোকসকলক খেদি নপঠিয়াই আশ্ৰয়দাতা দেশখনে শৰণাৰ্থীৰ মৰ্যদা দিব লাগে। ভাৰত এই সন্মিলনৰ স্বাক্ষৰকাৰী নহয় যদিও বিশ্বৰ আন আন দেশৰ দৰে ভাৰতেও এই নিৰ্দেশনা মানি চলে। সেয়েহে ভাৰতে তিব্বত আৰু শ্ৰীলংকাৰ পৰা অহা বহুতো আশ্ৰয় প্ৰাৰ্থীক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। শৰণাৰ্থীৰ মৰ্যদা লাভ কৰিলে এই লোকসকলে প্ৰৱজন কৰা দেশখনত আৰক্ষীৰ হাৰাশাস্তি নোহোৱাকৈ বসবাস কৰাৰ অধিকাৰ লাভ কৰে। উপৰোক্ত ছয়টা ধৰ্মৰ মানুহ মূলত: ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা বুলি ধৰি লৈ ভাৰত চৰকাৰে ২০১৪ চনলৈ অহা সেইসকল লোকক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা সাতবছৰ বা তাতকৈ বেছি সময় বাস কৰা শৰণাৰ্থীসকলক নাগৰিকত্ব লাভ কৰাৰ সুযোগ দিব খোজা হৈছে। 

উল্লেখ্যযে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কেৱল অসমৰ কাৰণে প্ৰযোজ্য নহয়, বৰং সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য। কিন্তু এই বিধেয়কৰ দ্বাৰা কেৱল অসম নেতিবাচকভাৱে প্ৰভাৱিত হ’ব বুলি প্ৰবল প্ৰচাৰ চলিছে। মনকৰিবলগীয়াযে বৰাক উপত্যকাৰ অধিকাংশ মানুহে এই বিধেয়কখনৰ সমৰ্থনত মত প্ৰকাশ কৰিছে। বৰাক উপত্যকাৰ জনগাঁথনিত হিন্দু বাঙালীৰ আধিপত্যৰ বাবেই হয়তো বাংলাদেশৰ পৰা অহা হিন্দুৰ প্ৰতি তেওঁলোকে সহমৰ্মিতা অনুভৱ কৰে। অসমত এতিয়া বৰকৈ প্ৰচাৰ চলিছেযে এই বিধেয়কখন গৃহীত হ’লে বাংলাদেশৰ পৰা ১ কোটি ৭০ লাখ হিন্দু মানুহ অসমলৈ আহিব আৰু তেওঁলোকে অসমীয়া মানুহৰ ভাষা সংস্কৃতি সকলো ধ্বংস কৰিব। কিন্তু তথ্যমতে বাংলাদেশত কেৱল ১ কোটি ২০ লাখমানহে হিন্দু মানুহ আছে। গতিকে বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যাতকৈও অধিক মানুহ ঘৰ মাটি, কাম বন এৰি কেৱল অসমলৈ উঠি আহিব বুলি চলোৱা প্ৰচাৰ বহুপৰিমাণে উদ্দেশ্য প্ৰণোদিত বুলি বুজিব পৰা যায়। সেইখিনি মানুহ উঠি অহাটো কিবা প্ৰকাৰে সম্ভৱ হ’লেও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অনুযায়ী তেওঁলোকে কোনো সুবিধা দাবী কৰিব নোৱাৰে, কাৰণ এই বিধেয়কত কেৱল ২০১৪ চনলৈ অহা ধৰ্মীয় সংখ্যালঘুক বিশেষ সুবিধা দিয়াৰ কথাহে লিখা আছে। তদুপৰি কোনো কাৰণ নোহোৱাকৈ, যুদ্ধ বিগ্ৰহ নোহোৱাকৈ ইমান বৃহৎ সংখ্যক মানুহ সীমান্ত পাৰ হৈ এখন দেশৰ পৰা আন এখন দেশলৈ গতি কৰাটো কেতিয়াও সম্ভৱ নহয়।

১৯৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তিত ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি দেশান্তৰিত কৰাৰ নিৰ্দেশ দিয়া আছে যদিও আজি তিনি দশকৰো অধিক কাল পাৰ হৈ যোৱাৰ পাছতো সেয়া সম্ভৱ হৈ উঠা নাই। অসমত এতিয়াও প্ৰায় ৫০ লাখ অবৈধ বিদেশী নাগৰিক আছে বুলি অনুমান কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে চিনাক্ত কৰি উলিয়ালেও ইমান সংখ্যক লোকক উচ্ছেদ কৰি দেশান্তৰিত কৰাটো আজিৰ সময়ত এক অলীক কল্পনা বুলিব পাৰি। কোনো দেশৰ এনে কাৰ্যক ৰাষ্ট্ৰসংঘকে ধৰি কোনো আন্তৰ্জাতিক মানৱাধিকাৰ সন্থাই কেতিয়াও সহ্য নকৰে। উল্লেখ্যযে বাংলাদেশৰ লগত ভাৰতৰ কোনো নাগৰিক প্ৰত্যাৰ্পন চুক্তি নাই। ইয়াৰ ফলত চিনাক্ত হোৱা বিদেশী নাগৰিকক সীমান্ত পাৰ কৰি থৈ আহিলেও বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে পুনৰ খেদি পঠিয়ায়। সেয়েহে হিন্দুৱেই হওক বা মুছলমানেই হওক, অসমত থকা কোনো অবৈধ বিদেশীকে কেৱল অসম চুক্তিৰ আধাৰত বহিষ্কাৰ কৰিব পৰাটো হয়তো কেতিয়াও সম্ভৱ হৈ নুঠিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে ভাৰত চৰকাৰে অন্য দেশৰ পৰা পলাই অহা সেইসকল লোকক বিশেষ সুবিধা প্ৰদান কৰিব খুজিছে, যিসকলৰ ভাৰতৰ বাহিৰে অন্য কোনো গৃহভূমি নাই। অবিভক্ত ভাৰতত বাস কৰা বুজনসংখ্যক হিন্দু, শিখ, বৌদ্ধ, জৈন আদি ধৰ্মৰ মানুহ ধৰ্মৰ আধাৰত ভাৰতৰ মূলভূমিৰ পৰা বিচ্ছেদ হোৱা পাকিস্তানত থাকি গৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইছলামিক শাসন প্ৰৱৰ্তন হোৱাৰ পাছত এই লোকসকলে নানান ধৰ্মীয় নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ কিছু অংশ লোক প্ৰাণৰ মমতাত মূল গৃহভূমি ভাৰতলৈ ঘূৰি আহিছিল। পাকিস্তানৰ এটা অংশ বাংলাদেশ নামৰ এখন পৃথক ৰাষ্ট্ৰ হোৱাৰ পাছত ধৰ্মীয় নিৰ্ষাতনৰ বাবে বাংলাদেশৰ পৰাও ভাৰতলৈ ধৰ্মীয় সংখ্যালঘুৰ প্ৰৱজন চলি থাকিল। পশ্চিমবংগ আৰু ত্ৰিপুৰাতে মূলত: এই ভগনীয়াসকলে আশ্ৰয় ল’লে যদিও কিছু অংশ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকালৈও আহিল। এইসকল লোকে বৈধ ভাৱে ভাৰতত প্ৰৱেশ নকৰাৰ বাবে সদায় অবৈধ বিদেশী বুলি অভিহিত হৈ আহিছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। সেয়েহে মানবীয়তাৰ খাতিৰত এইসকল লোকক ভাৰতত আশ্ৰয় আৰু নাগৰিকত্ব প্ৰদান কৰাৰ দাবী বহুদিনৰ পৰা উঠি আহিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে এই লোকসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। উল্লেখ্যযে বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিয়াৰ সপক্ষে ২০১৪ চনত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখনক ৰাইজে সহজভাৱে লব পৰা নাই, কাৰণ বিভিন্ন সময়ত বিভিন্ন দলৰ চৰকাৰে বাংলাদেশী বহিষ্কাৰ কৰা হ’ব বুলি অসমীয়া মানুহক আভুৱা ভাৰি আছে। অসমীয়া মানুহক এতিয়াও সপোন দেখুৱাই থকা হৈছেযে অসমত থকা হিন্দু, মুছলমান সকলো বাংলাদেশীক দেশান্তৰিত কৰা হ’ব। বিভিন্ন দল সংগঠনেও বাংলাদেশী ইছ্যুটোক ব্যৱহাৰ কৰি নিজৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰি আছে। কিন্তু আজিলৈকে কোনো চৰকাৰ বা দল সংগঠনে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পন চুক্তি সম্পাদিত কৰিবলৈ বিশেষ উদ্যোগ হাতত লোৱাটো পৰিলক্ষিত নহ’ল। সেইদৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি হ’লেও সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিবলৈ অসমত তীব্ৰ গণ আন্দোলন গঢ়ি উঠিব লাগিছিল। অসম চুক্তিৰ ছয় নম্বৰ দফাত থকা অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচৰ বাবেও গণ জাগৰণ দেখা পোৱা নাই।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ’লে অসম চুক্তি আৰু ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ ৰ ৬(ক) দফাৰ উলংঘন হ’ব। সেয়েহে অসমত এই বিধেয়ক বলবৎ কৰাত আইনগত অসুবিধাও আছে। অসম চুক্তিৰ সাংবিধানিক বৈধতাৰ ওপৰত উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে যদিও, বিচাৰৰ ৰায় নোপোৱা পৰ্যন্ত অসম চুক্তিয়েই অসমৰ মানুহে ছয়বছৰ আন্দোলন কৰি পোৱা বিদেশী বহিষ্কৰণৰ নিৰ্দেশ থকা একমাত্ৰ দলিল। গতিকে অসম চুক্তিৰ উলংঘন অসমীয়া মানুহে মানি ল’ব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি মানুহৰ মনত থকা আশংকা দূৰ কৰাটো আৰু অসমত নতুনকৈ কোনো অবৈধ বিদেশীক সংস্থাপিত হ’বলৈ দিয়া নহ’ব বুলি আশ্বস্ত কৰাটো চৰকাৰৰ কৰ্তব্য। মুখ্যমন্ত্ৰীৰ দ্বায়িত্বত থকা অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ পৰা অসমবাসীয়ে আশ্বাস বিচাৰিছেযে অসমে যাতে কোনো কাৰণতে বিদেশীৰ অধিক বোজা ল’বলগীয়া নহয়। বৰাক ব্ৰহ্মপুত্ৰৰ সমন্ৱয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বৰাকবাসীকো বিশ্বাসত ল’ব লাগিবযে অসমক কেতিয়াও বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ’ব।

লেখকৰ নিজা ব্লগৰ সূত্ৰঃ http://likhoni.blogspot.com/2018/06/blog-post_98.html

No comments:

Post a Comment