সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকত্বৰ প্রমাণ আৰু অসমত মহিলাসকলৰ দুর্দশা

পাৰভিন চুলতানা 
চিৰাঙৰ পুব আঙ্কোৰবাৰীৰ অন্নবালা ৰায়ক চোঁচৰাই ডিটেনশ্বন কেম্পলৈ লৈ যোৱা ভাইৰাল ভিডিও এটাই বহুতকে বিচলিত কৰিছিল। কোচ ৰাজবংশী জনগোষ্ঠীৰ অন্নবালা ৰায়ৰ নথি পত্র হেনো সন্তোষজনক নাছিল আৰু সেইবাবে যোৱা ২৩ জুনত আৰক্ষীয়ে অন্নবালা ৰায়ক নিজ ঘৰৰ পৰা ডিটেনশ্বন কেম্পলৈ প্রেৰণ কৰে। কিন্তু ইয়াৰ পিছতে কোচ ৰাজবংশী সংগঠন আদিকে কৰি বিভিন্ন সংগঠনে কর্তৃপক্ষৰ এনে পদক্ষেপৰ সমালোচনা কৰে। এনে প্রতিবাদৰ পিছতহে অন্নবালা ৰায়ক এৰি দিয়া হয়। পিছে এনে বহু অন্নবালা ৰায় এতিয়াও ডিটেনশ্বন কেম্পত মুক্তিলৈ পথ চাই আছে। তেওঁলোকৰ দুর্দশাৰ যেন সীমা নাই। তেওঁলোক এনে এক কঠোৰ প্রক্রিয়াৰ ভুক্তভোগী য’ত নাগৰিকত্বৰ পৰিচয় কেৱল নথি পত্রৰ জৰিয়তেহে সম্ভব। কাগজ-পত্রত নিজৰ পৰিচয়ৰ প্রমান ডাঙি ধৰাৰ এই প্রতিযোগীতাত সর্বাধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে অসমৰ মহিলাসকল।

এটা কথা মনত ৰখা উচিত যে সন্দেহজনক ভোটাৰ বা ডি-ভোটাৰৰ ক্ষেত্রত মহিলা ডি-ভোটাৰৰ সংখ্যা অধিক। ডি-ভোটাৰ হোৱাৰ বাবে তেওঁলোকক ভোট দিয়া অধিকাৰৰ বাহিৰেও আন বিভিন্ন সুযোগ সুবিধাৰ পৰা বঞ্চিত কৰা হয়। এই মহিলাসকলৰ নামৰ আগত ‘ডি’ লগাৰ এটা ডাঙৰ কাৰণ হ’ল যে তেওঁলোকৰ পৰিচয় পত্রবোৰত কোনো ধৰণৰ অসামঞ্জস্য থাকি যায়। পুৰুষতান্ত্রিক সমাজ এখনত মহিলাক বিভিন্ন ক্ষেত্রত আনুষ্ঠানিক ভাৱে বঞ্চিত কৰা হৈছে – সেয়া শিক্ষা হওক, বিনিয়োগ হোওক বা সম্পত্তিৰ অধিকাৰে হওক। ভাৰতবর্ষত মহিলাৰ এটা ডাঙৰ সংখ্যা এতিয়াও শিক্ষাৰ পৰা বঞ্চিত। তেওঁলোকৰ ওচৰত বিদ্যালয়ৰ পৰা দিয়া কোনো ধৰণৰ প্রমাণপত্র নাথাকে য’ত তেওঁলোকৰ পিতৃৰ নাম উল্লেখিত থাকে। নাবালিক অৱস্থাতে বিয়া হোৱাৰ বাবে দেউতাকৰ লগত ভোটাৰ তালিকাত নাম পঞ্জীভূত নহয়। তেওঁলোকক সম্পত্তিৰ অধিকাৰৰ পৰাও বঞ্চিত কৰা হয়। তেনে ক্ষেত্রত নিজৰ পিতৃৰ লগত ‘লিংকেজ’ প্রমাণ কৰা তেওঁলোকৰ বাবে হৈ উঠে কঠিন। তেনে বহু মহিলা নিজৰ পৰিচয় আৰু লিংকেজ প্রমাণ কৰাৰ বাবে গাওঁ পঞ্চায়তৰ দ্বাৰা জাৰি কৰা প্রমাণ পত্র জমা দিছিল। আৰু এইসকল মহিলাৰ নাম নাগৰিক পঞ্জীৰ প্রথম খচৰাৰ পৰা বাদ পৰিছিল। এনে মহিলাৰ সংখ্যা আছিল ২৯ লাখ। 

এফালে য’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই পঞ্চায়ত প্রমাণ পত্রৰ বৈধতাক লৈ প্রশ্ন উত্থাপন কৰিছিল, উচ্চতম ন্যায়ালয়ে এই প্রমাণ পত্র বোৰ বৈধ বুলি ৰায়দান কৰিছে। আৰু পুনঃ নিৰীক্ষণৰ পিছত এই প্রমান পত্র বোৰ গ্রহণ কৰিবলৈ এন আৰ চি কর্তৃপক্ষক নির্দেশ দিছে। কিন্তু তাৰ পিছতো মহিলাসকলৰ সমস্যা শেষ হোৱা নাই কাৰণ বহু ঠাইত মহিলাসকলক নতুন নথি পত্র জমা দিবলৈ কোৱা হৈছে। বহু ক্ষেত্রত এই মহিলাবোৰক ২০১৫ৰ ডিচেম্বৰৰ আগৰ নথি পত্র জমা দিবলৈ কোৱা হৈছে। ইয়াৰ ওপৰিও গাওঁ পঞ্চায়তৰ প্রমাণ পত্র গৃহীত হ’ব যদি নিৰীক্ষণ কৰা বিষয়া এই প্রমাণ পত্রৰ বৈধতাৰ বিষয়ে সন্তুষ্ট হয়। পঞ্চায়ত প্রমাণপত্রৰ বৈধতাৰ ক্ষেত্রত ভালে খিনি স্ববিবেচনাৰ ক্ষমতা দিয়া হৈছে বিষয়াসকলক। আৰু বহু ঠাইৰ পৰা বিষয়াৰ পক্ষপাতমূলক ব্যৱহাৰৰ অভিযোগো উত্থাপিত হৈছে। ইয়াতে আৰু এটা কথা খুব সহজে আওকাণ কৰা হৈছে যে যিসকল মহিলাৰ ওচৰত কোনো ধৰণৰ পৰিচয় পত্র নাছিল, সাধাৰণতে তেওঁলোকেহে এই পঞ্চায়ত প্রমাণ পত্রৰ সহায় লৈছে। তেনে ক্ষেত্রত এতিয়া নতুন কাগজ পত্র জমা দিব লগীয়া হোৱাত সিহঁতৰ সমস্যা আৰু গহীণ হৈ পৰিছে। 

অসমৰ মহিলাৰ সমস্যা কেৱল পঞ্চায়ত প্রমাণপত্রলৈ সিমীত নহয়। বর্ত্তমান সময়ত পৰিলক্ষিত হৈছে যে সৰু সুৰা ভুল বা অসামঞ্জস্যৰ বাবে মানুহক সন্দেহযুক্ত ভোটাৰ বুলি ঘোষিত কৰা হৈছে। আনকি তেনেই সৰু নাম বা বয়সৰ অমিল থকাৰ বাবে মানুহক বিদেশী বুলিও ঘোষিত কৰা হৈছে। ভোটাৰ তালিকাত ভুল তথ্য অন্তর্ভূক্ত কৰাৰ বাবে দায়ী ভোটাৰ তালিকাৰ গণনাকাৰী বা enumerator। কিন্তু তেনে ভুলৰ বাবে হাৰাশাস্তি হয় সাধাৰণ, অল্পশিক্ষিত বা অশিক্ষিত জনগণ। মুছলমান মহিলাৰ ক্ষেত্রত নামৰ অসামঞ্জস্য এটা ডাঙৰ সমস্যা। বিয়াৰ আগতে সাহিদা খাতুন আছিল ‘খাতুন’, বিয়াৰ পিছত তাইৰ নাম ভোটাৰ তালিকাত অন্তর্ভূক্ত হব পাৰে সাহিদা ‘বিবি’ বুলি আৰু স্বামীৰ মৃত্যুৰ পিছত তাই হৈ পৰিব সাহিদা ‘বেঁওৱা’। পিছত গৈ এই তিনিওজনী যে একেজন মানুহ সেইটো প্রমাণ কৰা কঠিন হৈ পৰে। এনে ক্ষেত্রত affidavit গ্রহণযোগ্য নহয়। গণনাকাৰীৰ এই ভুলবোৰ অশিক্ষিত মহিলা সাধাৰণতে উনুকিয়াই দিবলৈ অক্ষম। 

সমাজ কর্মী ইলিয়াছ ৰহমান এনে বহু মহিলা ডি ভোটাৰৰ ঘটনাৰ তথ্য একতৃত কৰিছে। এটি কথোপকথনৰ মাজতে তেওঁ উল্লেখ কৰে যে বেছি ভাগ মহিলা ডি-ভোটাৰ নিজৰ কোনো ভুল নথকা সত্ত্বেও হাৰাশাস্তিৰ সন্মুখীন হয়। মমতা বেগম বোলা এজনী মহিলা বিদেশী ন্যায়াধীকৰণৰ পৰা এটি নোটিচ পায়। কিন্তু নোটিচত তেওঁৰ নাম দিয়া আছিল মমতাজ বেগম। যথোচিত নথি পত্রলৈ তেওঁ Foreigners Tribunal (FT)ৰ কাষ চপাত তেওঁক আশ্বস্ত কৰা হয় যে এইটো নোটিচ তেওঁৰ নামত নহয়। কিন্তু কিছু বছৰ পিছত তেওঁক এক পক্ষীয় ৰায়ত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰে। ধুবুৰীৰ আইৰকাটা অঞ্চলৰ আৰু এজনী মহিলা ২০০৭ চনতে FT Courtৰ পৰা ভাৰতীয় বুলি ৰিহাই পাইছিল। কিন্তু কিছুদিন আগতে তেওঁলৈ আকৌ নোটিচ প্রেৰণ কৰা হয় নিজৰ নাগৰিকত্ব প্রমাণ কৰিবলৈ। বহু বয়োজ্যেষ্ঠ মহিলাৰ নিজ নামতে ১৯৭১ চনৰ আগৰ নথি পত্র আছে। কিন্তু তেওঁলোকেও নিজৰ ভাৰতীয়তা প্রমাণ কৰিবলৈ ইফালৰ পৰা সিফাল দৌৰী ফুৰিব লগা হৈছে। এনে ঘটনাৰ সংখ্যা ইমান যে সহজে নাকচ কৰিব নোৱাৰি। 

অসমৰ বহু সম্ভ্রান্ত পৰিয়ালৰ মহিলাকো ডি-ভোটাৰ বুলি ঘোষিত কৰা হৈছে যেনে গোৱালপাৰীয়া লোকগীত সম্রাজ্ঞী প্রতিমা বৰুৱাৰ আৰু বিখ্যাত তাৰকা আদিল হুছেইনৰ আত্মীয় মেঘ্না শ্বাহী, বিশিষ্ট সাহিত্যিক ছৈয়দ আব্দুল মালিক আৰু পদ্মশ্রী এলী আহমেদৰ আত্মীয় ইত্যাদিক। ইয়াৰ ওপৰিও ভালে কেইজনমান সেনা বাহিনীত কাম কৰা মানুহক নিজৰ নাগৰিকত্ব প্রমাণ কৰিবলৈ নোটিচ জাৰী কৰা হৈছিল। এনে ঘটনাই ডি-ভোটাৰ আৰু বিদেশী নির্ণয় কৰাৰ প্রক্রিয়াকলৈ প্রশ্ন উত্থাপন কৰিছে। এনে বহু পৰিয়াল দেখা যায় য’ত সকলোৱে ভাৰতীয়, কেৱল এজন বা দুজন সন্দেহযুক্ত নাগৰিক বা বিদেশী বুলি ঘোষিত হৈছে। আনকি প্রথম খচৰাত যথোচিত নথি পত্রৰ সহায়ত কিছু তথাকথিত বিদেশীৰ নাম অন্তর্ভূক্ত হৈছিল। এই ঘটনাও বিদেশী প্রমাণ কৰাৰ প্রক্রিয়ালৈ প্রশ্ন উত্থাপন কৰে। সকলো নথি পত্র থকা মানুহ কেনেকৈ বিদেশী হ’ব পাৰে? 

বছৰেকীয়া বানপানী আৰু গৰাখহনীয়াৰ ফলত অসমৰ বহু মানুহ বিস্তাপিত হৈ জীৱিকা নির্বাহৰ বাবে আন ঠাইলৈ যাবলগীয়া হয়। ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্য্যকৰী সভাপতি আশ্রাফুল ইছলামৰ মতে আন ঠাইলৈ কাম কৰিব গৈ বহু মহিলা তাতে বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছু বছৰ পিছত সন্তান-সন্ততি লৈ তেওঁলোকে ওভতি আহে। বিয়া পতা মানুহজনৰ লগত বহু ক্ষেত্রত কোনো সম্পর্ক নাথাকে। এতিয়া ফেমিলী ট্রী ভেৰিফিকেচনত তেনে মহিলা নানা সমস্যাৰ সন্মুখীন হবলগা হৈছে। বৰপেটাত এনে কিছু ঘটনা সন্মুখত আহিছে। 

আন কিছু ক্ষেত্রত পৰিয়ালবর্গৰ দ্বাৰাও নির্য্যাতিত হৈছে মহিলা। এন আৰ চি ভেৰিফিকেচন অফিচাৰ এজনে তেনে এক ঘটনাৰ বিৱৰণ দিছে আমাৰ সৈতে হোৱা এটি আলোচনাত। এটি ছোৱালীৰ জন্মৰ কেইমাহমানৰ ভিতৰতে তাইৰ মাতৃ-পিতৃৰ মৃত্যু হয়। গাওঁবুঢ়া তাইক নিজ কন্যাৰ দৰে লালন পালন কৰি বিয়া দিয়ে। কিন্তু আজি গাওঁবুঢ়াৰ পৰিয়ালে সম্পত্তিৰ ভাগ দিয়াৰ ভয়ত ফেমিলী ট্রীত তাইৰ নাম নিদিলে। মাক দেউতাকক খুবেই কম বয়সত হেৰুওৱাৰ বাবে তেওঁলোকৰ লগত সম্পর্ক প্রমাণ কৰিব পৰা তাইৰ ওচৰত কোনো নথি পত্র নাই। এনে বহু মহিলা আছে, যিসকলে বিভিন্ন কাৰণত নিজৰ পিতৃৰ লগত সম্পর্ক বা লিংকেজ প্রমাণ কৰিবলৈ সক্ষম নহয়। 

ডিটেনশ্বন কেম্প আৰু দেশান্তৰৰ ভয় বহু কেইটা আত্মহত্যাৰ কাৰণ হৈ পৰিছে। যোৱা কেইদিন মানতে প্রায় ৫ জন মানুহ এন আৰ চি জনীত কাৰণত আত্মহত্যা কৰিছে। পঞ্চাশৰ উর্ধ্ব বয়সৰ জয়ন্তী দাস নিজৰ দুই পুত্র সহিত ডি-ভোটাৰ হৈ আছে। তেওঁৰ স্বামী গোপাল দাসৰ নাম ১৯৬৬ চনৰ ভোটাৰ তালিকাত থকা সত্ত্বেও তেওঁ ডি-ভোটাৰ হৈ আছে। এই দুশ্চিন্তা সহ্য কৰিব নোৱাৰি গোপাল দাসে নিজৰ জীৱন শেষ কৰে। এনে আৰু ঘটনা ঘটিছে যত দৰিদ্রতাৰ ফলত ডি-ভোটাৰ হোৱা পতীয়ে নিজ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰি নিজে আত্মহত্যা কৰে। কাৰণ এটাই -- ডিটেনশ্বন কেম্পৰ ভয়াবহ জীৱন তেওঁলোকে নিবিচাৰে। 

এনে ঘটনাই বহু প্রশ্ন মনলৈ আনে। আজিও নিৰক্ষৰতাৰ লগত যুঁজি থকা দেশ এখনত একমাত্র কাগজ পত্রত নিজৰ নাগৰিকত্ব প্রমাণ কৰিব নোৱাৰে প্রত্যেকেই বিদেশী নে? ভোটাৰ তালিকাত ভুল তথ্য অন্তর্ভূক্ত কৰাৰ বাবে কোনে দায়ী? ভোটাৰ তালিকাত জন্ম তাৰিখ লিখাৰ ঠাইত আনুমাণিক বয়স লিখা থাকে। সেই কাৰণে বেছি ভাগ মানুহৰে বয়স একেবাৰে শুদ্ধ নাথাকে। কিন্তু এই সমস্যাবোৰ সমাধান কৰাৰ কোনো চেষ্টা নকৰি ব্যৱস্থাটোৰ মুল মন্ত্র হৈ পৰিছে লাখ লাখ বাংলাদেশীৰ ‘ম্যাজিক নাম্বাৰ’টো ঢুকি পোৱাৰ। 

ডিটেনশ্বন কেম্পত মহিলাসকলৰ আন এক দুর্য্যোগৰ আৰম্ভ হয়। বহুতকে অন্যায় ভাৱে দিনৰ পিছত দিন আটক কৰি ৰখা হয়, নিজৰ সন্তান-সন্ততিৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰা হয়। আনকি যৌন শোষণৰ দৰে গুৰুতৰ অভিযোগো উত্থাপিত হৈছে কেম্প কতৃপক্ষৰ বিৰুদ্ধে। মানৱ অধিকাৰৰ ন্যুনতম ভাৱধাৰা আওকাণ কৰি অন্তঃসত্তা মহিলাক ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখা হৈছিল। পিছতহে তাইক সন্তান জন্ম দিয়াৰ বাবে কেম্পৰ পৰা মুক্তি কৰি দিয়া হয়। 

নাগৰিক পঞ্জী উন্নীতকৰণৰ অন্তর্নিহিত এই লিংগভিত্তিক বৈষম্যলৈ আলোচনা হোৱা খুবেই দৰকাৰী। কোনো এটা প্রক্রিয়া যদি মহিলাৰ প্রতি এনে পক্ষপাতিত্ব কৰে তেন্তে তেনে প্রক্রিয়াক কেতিয়াও নিৰপেক্ষ বুলি মানি লব নোৱাৰি। অসমৰ প্রত্যেক শ্রেণীৰ মানুহে এটি শুদ্ধ এন আৰ চি বিচাৰে। তেনে ক্ষেত্রত মহিলাৰ এই সমস্যাবোৰৰ প্রতি উচিত গুৰুত্ব দিব লাগিব। এনে নকৰিলে বহু মহিলাৰ নাম এন আৰ চিৰ সম্পূর্ণ খচৰাৰ পৰা বাদ পৰিব। আৰু মহিলাসকল দ্বৈত প্রান্তীয়কৰণৰ সন্মুখীন হ’ব লাগিব – সমাজে কৰা বঞ্চনাৰ বাবে আইনী প্রক্রিয়াও তেওঁলোককে হাৰাশাস্তি কৰিব। এই মহিলাসকলৰ সমস্যা ৰাজনীতিৰ মাজমজীয়াত অনা খুবেই জৰুৰী হৈ পৰিছে। এনে নকৰিলে ঐতিহাসিক ভাৱে শোষিত নাৰী আজিও কণ্ঠৰুদ্ধ হৈ থাকিব। 

No comments:

Post a Comment