মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিজেপি কিয় সভ্যতাৰ শত্ৰু! 
ডা° অজিত কুমাৰ পটঙ্গীয়া

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম নেতা যিয়ে কৈছিল - 'স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই তাক পাবই লাগিব' আৰু যাক ব্ৰিটিছে 'ভাৰতীয়ৰ মাজত অশান্তি সৃষ্টিকাৰীৰ পিতৃ' বুলি অৱিহিত কৰিছিল সেই লোকমান্য বাল গংগাধৰ তিলক হেনো এজন সন্ত্ৰাসবাদী। এইয়া ৰাজস্থানৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত থকা কথা। এই পৰিবৰ্তনৰ আনিছে ৰাজস্থানৰ বিজেপি চৰকাৰে। যোৱা চাৰি বছৰে মানুহক নানা ধৰণৰ আভুৱা ভৰা কথাৰে মোহবিষ্ট কৰি ৰখাৰ বাহিৰে ভাৰতবৰ্ষৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ কোনো উন্নয়ণ দলটোৱে আনিব নোৱাৰিলেও এইবোৰেই হৈছে দলটোয়ে অনা পৰিবৰ্তনৰ অন্যতম নমুনা।

বিজেপি শাসিত মধ্যপ্ৰদেশৰ বিদ্যালয়সমূহৰ হাজিৰাৰ সময়ত 'উপস্থিত', 'প্ৰেজেন্ট প্লিজ'ৰ পৰিবৰ্তে 'জয়হিন্দ' কোৱাৰ ফটোৱা জাৰি কৰা হৈছে। সম্প্ৰটি এনচিআৰটিয়ে বহুতো নতুন নতুন কিতাপ-পত্ৰৰ প্ৰচলন কৰিছে, য'ত ভাৰতবৰ্ষৰ ইতিহাসৰ নানা ধৰণে বিকৃতি ঘটোৱা হৈছে আৰু দেশপ্ৰেমৰ নামত হিন্দুত্ববাদৰ জয়গান গোৱা হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি আৰু বিজেপি দলৰ জয়ক 'ঐতিহাসিক' আখ্যা দিয়া হৈছে দ্বাদশ শ্ৰেণীৰ কিতাপত। কিতাপখনত 'সাম্প্ৰদায়িকতাবাদ, ধৰ্ম্মনিৰপেক্ষতা, গণতন্ত্ৰ' পাঠটিত পঢ়োৱা হৈছে, ১৯৮৬ চনৰ পিছৰে পৰা বিজেপিয়ে কেনেদৰে আদৰ্শগতভাৱে হিন্দু জাতীয়তাবাদৰ ওপৰত জোৰ দিছে তাৰ বিশ্লেষণ। কিতাপখনৰ পাতে পাতে আছে বিজেপি আৰু আৰএচএচৰ হিন্দুত্ববাদৰ প্ৰচাৰ।

গুজৰাটৰ বিজেপি চৰকাৰে সাম্প্ৰদায়ীক সংঘৰ্ষ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অপ্ৰীতিকৰ বিষয় অৰ্থাৎ মুছলমান নিধনৰ বিষয়তো যাতে সন্মুখলৈ নাহে তাৰ বাবে '২০০২ গুজৰাট সংঘৰ্ষ' পাঠটিত 'মুছলমান' শব্দটোৱেই বাদ দিয়া হৈছে। ধৰ্মনিৰপেক্ষতা বাদ দি বিদ্যালয়সমূহত প্ৰাৰ্থনাৰ সময়ত সৰস্বতী বন্দনা বাধ্যতামূলক কৰা হৈছে বহু ঠাইত। শিক্ষা প্ৰতিষ্ঠানসমূহত জাতীয় পতাকা কিমান ফুট উচ্চতাৰ হ'ব লাগিব, তাকো ধৰি দিছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে।

চৰকাৰৰ এই হিন্দুত্ববাদৰ প্ৰচাৰৰ মাজেদি মানুহৰ মাজত বিভেদ সৃষ্টিৰ চেষ্টাৰ বিৰুদ্ধে সৰৱ হৈছে দেশৰ সচেতন প্ৰগতিশীল বুদ্ধিজীৱিসকল। তেওঁলোকে কিতাপ-পত্ৰত দেশৰ ইতিহাসৰ বিকৃতি আৰু হিন্দুত্ববাদৰ অন্তৰ্ভুক্তিৰ প্ৰতিবাদ কৰি কৈছে যে - উচ্চশিক্ষাত বিশ্লেষণাত্মক চিন্তা-ভাৱনা গঢ়ি উঠাৰ পথত এই পাঠ্যক্ৰমে বাধাৰ সৃষ্টি কৰিব। এই দুইটাৰ মাজত অশুভ যুগসূত্ৰ আছে। অকল ইয়েই নহয়, চৰম সাম্প্ৰদায়ীক হিন্দুত্ববাদী ধ্যানধাৰণা প্ৰচাৰ কৰি কোমলমতীয়া শিক্ষাৰ্থীসকলৰ মনত অন্য সম্প্ৰদায়ৰ মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ বদ্ধমূলক কৰি দিয়াৰ চেষ্টা চলিছে। লগতে চলিছে গৌৰৱময় ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামক সৰু কৰি দেখুৱাৰ এক নীচ ষড়যন্ত্ৰ।

যিসকলে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাস পুখানুপুংখ ভাৱে পঢ়িছে তেওঁলোকে জানে প্ৰকৃততে ভাৰতৰ স্বাধীনতা আন্দোলনত বিজেপি-আৰএচএচৰ গুৰু জনসংঘৰ ভূমিকা আছিল অত্যন্ত ঘৃণনীয়। সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰবাসীৰ মৰণপন সংগ্ৰাম, তেওঁলোকৰ চকুত স্বাধীনতা সংগ্ৰাম নাছিল। ভাৰতবাসীৰ স্বাধীনতা সংগ্ৰামৰ সেই উত্তাল দিনবোৰত জনসংঘৰ নেতাবোৰে ব্ৰিটিছৰ প্ৰতি প্ৰশ্নাতীত অনুগত্য দেখুৱাই থৈ গৈছে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক মষিমূৰ কৰিবলৈ ব্ৰিটিছৰ চোৰাংচোৱাৰো ভুমিকা তেওঁলোকে পালন কৰিছে। আজিও আমাৰ দেশৰ জনসাধাৰণৰ মাজত স্বাধীনতা আন্দোলন সম্পৰ্কে আৱেগ থকাৰ কাৰনে নিজৰ সেই ঘৃণনীয় ভুমিকা প্ৰতি মানুহৰ দৃষ্টি আতৰোৱাৰ এইয়া এক কূট-কৌশল। একেলগে আধুনিক, বিজ্ঞানভিত্তিক চিন্তাৰ প্ৰসাৰৰ পৰিবৰ্তে তেওঁলোকে হিন্দুত্ববাদী ভাৱধাৰাৰ লগতে সামঞ্জচ্যপূৰ্ণ প্ৰতিক্ৰিয়াশীল আওঁপুৰণী চিন্তা-ভাৱনা মানুহৰ মাজত জগাই তুলিবলৈ পুৰণা বেদ-উপনিষদৰ যুগলৈ ঘূৰাই নিবলৈ বিছাৰিছে আজিৰ ছাত্ৰ-যুৱ সমাজক। চেষ্টা কৰিছে যাতে ছাত্ৰ-যুৱকসকলৰ মাজত যুক্তিবাদ গঢ়ি নুঠে, অকল মাত্ৰ অন্ধ বিশ্বাস তেওঁলোকৰ চিন্তাৰ ভিত্তি হয়, যাতে বিজেপিৰ অপকৰ্ম দেখি মানুহৰ মাজত কোনো প্ৰশ্ন, কোনো প্ৰতিবাদৰ সৃষ্টি নহয়। সেই উদ্দেশ্য পূৰণৰ লগে লগে সাম্প্ৰদায়িক মানসিকতাৰ প্ৰসাৰ ঘটাই মানুহৰ মাজত বিভেদ সৃষ্টি কৰি শোষক-শাসিত শ্ৰেণীৰ বিৰুদ্ধে জনষাধাৰণক একগোট হোৱাৰ পৰা বাধা দিয়াৰ লক্ষ্যৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত ইতিহাসৰ বিকৃতিকৰণ, স্বাধীনতা সংগ্ৰামীৰ অৱদানক সৰু কৰে দেখুৱাৰ চেষ্টা, তাৰ বাবেই দেশপ্ৰেমৰ নামত উগ্ৰ হিন্দুত্ববাদৰ জোৱাৰ সৃষ্টিৰ চেষ্টা কৰি আছে বিজেপিয়ে।

আদৰ্শগতভাৱে অত্যন্ত দেউলীয়া বিজেপি-আৰএচএচৰ এই ঘৃণনীয় ৰাজনীতি প্ৰতিহত কৰিব পাৰে একমাত্ৰ মানুহৰ ঐক্যবদ্ধ শক্তিয়ে। দেশৰ শুভবুদ্ধিসম্পন্ন মানুহ যিসকলে বিজেপিৰ এই অশুভ প্ৰচেষ্টাক আদৰ্শগতভাবে প্ৰতিহত কৰাৰ কথা ভাবিছে, যুক্তি-চিন্তা বৰ্জিত এই অন্ধতাৰ পৰাজয় বিছাৰিছে, ধৰ্ম-বৰ্ণ-জাতিগত বিভাজনৰ মাজেৰে সমাজৰ ধনী-দুখীয়া বৈষম্য সৃষ্টিকাৰী বিজেপিৰ দ্বাৰা আগন্তুক দিনত সমাজৰ অনিবাৰ্য্য বিপদ অনুভৱ কৰিছে, যুক্তি-বুদ্ধি প্ৰয়োগ কৰিয়েই, তেওঁলোকৰ সভ্যতা বিৰোধী কাৰ্য্য-কৌশলৰ মোকামিলা কৰিব লাগিব। ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু বিজ্ঞানভিত্তিক শিক্ষাৰ চৰ্চাৰ প্ৰসাৰ ইয়াৰ এক অন্যতম কৌশলী পদক্ষেপ হোৱা উচিত।

2 comments:

  1. ধন্য অাপোনাসৱ !!!! আমাৰ চকু খুলি দিয়াৰ বাবে!!! এতিয়া একেমুখে জনগনে কাক ভোট দিয়া উচিত তাকে কৈ সৎ সাহসকণ দেখুূৱায় জনগনক কৃতাৰ্থ কৰে যেন

    ReplyDelete
  2. ধন্যবাদ৷ ২০১৯ আৰু ২১ দুয়োবাৰ বিজেপিক ভোট দিবলৈ বাধ্য কৰোৱাৰ বাবে

    ReplyDelete