১. অসম কেশৰীৰ জন্মদিনত পালিত হোৱা চেতনা দিৱসত বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰী সোঁৱৰণী মঞ্চই বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক কালি বৰপেটাত প্ৰদান কৰে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা।
২. ডঃ নগেন শইকীয়া আৰু ডঃ অচ্যুত শ্যামন্তলৈ ‘ডি লীট’ প্ৰদানৰ সিদ্ধান্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বুলিও সুখবৰ প্ৰকাশ পাইছে।
৩. যোৰহাটত কেন্দ্ৰীয় ভাৱে আয়োজিত চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি দেৱৰ দ্বিতীয় মৃত্যু তিথিত আয়োজিত স্মাৰক বক্তৃতা প্ৰদান কৰে ডঃ নগেন শইকীয়াই। আদৰ্শ-চিন্তাৰ ক্ষেত্ৰত যতীন্দ্ৰ কুমাৰ বৰগোহাঞি কেতিয়াও আপোচ নকৰিছিল বুলিও মন্তব্য কৰে মিতাভাষৰ স্ৰষ্টাজনে।
৪. বৰবায়ন ৰামেশ্বৰ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অহা ৩০ডিচেম্বৰত যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত হব। নৃত্যাচাৰ্য যতীন গোস্বামীক এই বৰ্ষৰ বঁটা প্ৰদান কৰা হব।
৫. অনাগত বিধান সভাৰ নিৰ্বাচনৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সাধিব পৰাকৈ প্ৰতিশ্ৰুতি প্ৰদানৰ বাবে ভিজন ডকুমেণ্টৰ খচৰা প্ৰস্তত কৰিছে বুলি জানিব পৰা গৈছে।
৬. চৰকাৰী আঁচনিৰ ধন আৰু সাহাৰ্য বিতৰণত স্বচ্ছতা আনিবলৈ হিতাধিকাৰী সকলৰ মাজত কেৱল চেক যোগেহে ধন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা সময়চোৱাত ৮৬২কোটি ধন বিভিন্ন আঁচনি যোগে প্ৰদান কৰা হব।
৭. অহা ভচৰ ভেটিকানে মাদাৰ টেৰেছাক সন্ত ঘোষণা কৰিব বুলি সুখবৰ প্ৰকাশ পাইছে। মাডাৰ টেৰেছাক কেন্দ্ৰ কৰি ঘটা দ্বিতীয়টো দৈৱ ঘটনাক স্বীকৃতি দিয়াৰ পাছতে তেওঁক সন্ত হোৱাৰ পথো সুগম হৈ পৰে।
৮. কলিকতাৰ সংস্কৃত পুথিভঁৰাল এটিত পাঁচটা স্কন্ধৰ এখন ৰামায়ণৰ বেলেগ এটা সংস্কৰণ উদ্ধাৰ হৈছে। জনপ্ৰিয় ৰামায়ণখন সাতটা স্কন্ধত থকাৰ বিপৰীতে এই সংস্কৰণত পাঁচটা সংস্কৰণতে সকলো সামৰা হৈছে।
৯. কাইলৈ ২০ডিচেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত বিয়লি ৩-৩০বজাত ভবানী বুকছে প্ৰকাশ কৰি উলিওৱা ভাস্কৰ ঠাকুৰীয়াৰ ‘সিংহদ্বাৰ’ নামৰ গ্ৰন্থখন উন্মোচিত হব। উন্মোচন কৰিব দিল্লী নিবাসী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী জিতেন হাজৰিকাই।
১০. গুৱাহাটীৰ জীপৰ বিলত চলি থকা সপ্তম ৰাষ্ট্ীয় ড্ৰেগন নাও খেল প্ৰতিযোগিতাত অসমৰ মহিলা দলটোৱে সোণৰ পদক অৰ্জন কৰিছে।
১১. অহা ৭-১২ জানুৱাৰীত শিলচৰত অনুষ্ঠিত হব লগা ৰাজ্যিক ক্ৰীড়া সমাৰোহৰ শুভংকৰ কালি উন্মোচন কৰে ক্ৰীড়া মন্ত্ৰী অজিত সিঙে।
১২. চাইনা নেহৱালক লৈ এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ‘তাৰে জমীন পৰ’ৰ পৰিচালক আমোল গুপ্তেই। অহা বছৰ ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

No comments:
Post a Comment