১. সুদীৰ্ঘ বিশ বছৰৰ বিৰতিৰ পাছত, ‘অদাহ্য’ ছবিৰে খ্যাতি লভা অসমীয়া চিনেমা পৰিচালিকা ডাঃ সান্ত্বনা বৰদলৈয়ে নতুনকৈ এখন ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে। ছবিখনৰ নাম ‘মাজৰাতি কেতেকী’ আৰু মূল চৰিত্ৰত আদিল হুছেইনে অভিনয় কৰিব বুলিও জানিব পৰা গৈছে।
২. শীলা দীক্ষিত মুখ্যমন্ত্ৰী হৈ থকা কালত সংঘটিত দুৰ্নীতি কেলেংকাৰীৰ গোচৰৰ সংক্ৰান্তত কালি চিবিআইয়ে দিল্লী চৰকাৰৰ প্ৰধান সচিবৰ কাৰ্যালয়ত তালাচী চলায়। কম্পিউটাৰ ক্ৰয় আৰু সেৱা সম্বন্ধীয় কামত নিজা কোম্পানী খুলি অনৈতিক ভাৱে ৰাজহুৱা খণ্ডৰ কোম্পানীৰ সুৰুঙাৰে ৫০কোটিৰো অধিক টকাৰ ঠিকা লোৱাৰ অভিযোগতে ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ বিৰুদ্ধে এই তালাচী চলে। নগদ ২.৪লাখ টকা আৰু তিনি লাখৰো অধিক টকা মূল্যৰ বিদেশী মুদ্ৰা উদ্ধাৰ হোৱাৰো খবৰ প্ৰকাশিত হৈছে।
৩. অসমৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিশেষ ভাৱে চিন্তা-চৰ্চা কৰি থকা বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অৰামে প্ৰকাশ কৰিছে। দেশৰ এক হাজাৰৰো অধিক জনগোষ্ঠীক জনজাতি মৰ্যদা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰি এই বিষয়ত মডেলিটি শিথিল কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।
৪. যোৰহাটৰ সৈতে মাজুলীক সংযোগ কৰাকৈ লুইতৰ বুকুত দলং নিৰ্মাণৰ বাবে সত্ৰাধিকাৰ তথা জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি দলে জনোৱা দাবীলৈ যোগাত্মক সঁহাৰি জনাইছে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাদকাৰীয়ে। অচিৰেই দলঙ নিৰ্মাণৰ বাবে পদক্ষেপ লোৱাৰো প্ৰতিশ্ৰুতি দিছে মন্ত্ৰী গৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাসগৃহত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া সকলৰ সৈতেও এক আলোচনাত প্ৰতিনিধি দলটোৱে মিলিত হয় আৰু মাজুলীক সুৰক্ষা দিয়াৰ প্ৰসংগত বিভিন্ন দিহা-পৰামৰ্শও বৰ্ডে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
৫. তেজপুৰ সাহিত্য সভা ভৱনৰ সমুখৰ ডাকবঙলা চৌহদত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব ব্ৰঞ্জৰ মূৰ্তি সংপৃক্ত কৰি নিৰ্মাণ কৰা ‘ভূপেন হাজৰিকা কলাভূমি’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধনৰ বাবে প্ৰাক্ উদ্বোধনী অনুষ্ঠান দুদিনীয়াকৈ কালিৰে পৰা আয়োজন কৰা হৈছে।
৬. আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ৪৬পইচাকৈ দাম হ্ৰাস কৰাৰ সুখবৰ।
৭. নগাঁৱৰ ননৈত কালি বৰ্ণালী বায়’ এগ্ৰটেকৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসতে মাহেকীয়া আলোচনী ‘সেউজ বৰ্ণালী’ৰ প্ৰস্তাৱনা সংখ্যাও উন্মোচন কৰা হয়। ১২০০টা কেঁচুসাৰ উদ্যোগ স্থাপন আৰু ইয়াৰ জৰিয়তে ৬০হাজাৰ লোকৰ কৰ্ম সংস্থাপনৰ লক্ষ্যৰে বিগত এঘাৰ বছৰে বৰ্ণালী বায়’টেকে জৈৱিক খেতিৰ ক্ষেত্ৰত কাম কৰি অহা বুলিও জানিব পৰা গৈছে।
৮. বিখ্যাত বোখাৰী শ্বৰীফ হাদীছ গ্ৰন্থখনি সম্পূৰ্ণকৈ আৰু নিভুল ৰূপত অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে পয়গাম ফাউণ্ডেচনে। ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত ইয়াৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাব। এই উদ্যমত সহায় আগবঢ়াবৰ বাবে আহ্বায়ক লুতফুৰ ৰহমানৰ সৈতে ৯৮৩৫১-৪৮৮১৬ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।
৯. কালি উন্মোচিত হয় বিশিষ্ট সাহিত্যিক তবিউল হুছেইনৰ নৱতম গ্ৰন্থ ‘মই বৰ টেনচনত আছো’ নামৰ ব্যংগ ৰচনাৰ সংকলনখনি। হাইদৰ হুছেইনে উন্মোচন কৰা গ্ৰন্থখনিৰ প্ৰকাশক পূৰ্বাঞ্চল প্ৰকাশ।
১০. অসমত নাৰী সৱলীকৰণৰ অন্যতম হোতা প্ৰয়াত মিনা আগৰৱালাৰ ৯১তম ওপজা দিনৰ সৈতে সংগতি ৰাখি তেজপুৰ জিলা মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত মিনা আগৰৱালা স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰে শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়েও।

No comments:
Post a Comment