সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. ২০১৫বৰ্ষৰ সাহিত্য অকাডেমি বঁটা দেশৰ ২৩টা ভাষাৰ সাহিত্যিক সকললৈ ঘোষণা কৰা হৈছে। অসমীয়া ভাষাৰ ‘আকাশৰ ছবি আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে কুল শইকীয়া আৰু বড়ো ভাষাৰ ‘বাইদি ডিংখ, বাইদি গাব’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এক লাখ টকাৰ চেকসহ এই বঁটা অহা ১৬ ফেব্ৰুৱাৰীত নতুন দিল্লীত প্ৰদান কৰা হব।

২. আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৰ্তমান চল্লিশ ডলাৰৰ তললৈ নমাৰ বাতৰি প্ৰকাশ পাইছে। সেই অনুপাতে ভাৰতত পেট্ৰল আৰু ডীজেলৰ দাম হ্ৰাস কৰা নাই কেন্দ্ৰীয় চৰকাৰে। তাৰ বিপৰীতে কেন্দ্ৰীয় আবকাৰী শুল্ক পেট্ৰলৰ প্ৰতি লিটাৰত ৩০পইচা আৰু ডীজেলত ১টকা ১৭পইচাকৈ বৃদ্ধি কৰি ৰাজকোষ টনকীয়াল কৰাৰ বাবেহে পদক্ষেপ গ্ৰহণ কৰিছে।

৩. সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জাগীৰোড শাখা সমিতিৰ সহযোগত আয়োজন কৰা আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান অনুষ্ঠানৰ সফল সামৰণি। ধুবুৰীত বহিব লগা অনাগত অধিবেশনত নলিনীবালা দেৱী সোঁৱৰণী সাহিত্য বঁটা ডঃ লক্ষ্যহীৰা দাসলৈ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাহিত্য বঁটা ২০১৪ আৰু ২০১৫ ক্ৰমে ডঃ মালিনী আৰু পদুমী গগৈলৈ আগবঢ়োৱা হব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছে। শিশু সাহিত্য বঁটাৰ বাবে হিৰণময়ী দত্ত আৰু ডঃ হিৰণ শইকীয়াৰ নামো নিৰ্বাচিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

৪. বৃটিছৰ দিনৰ ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম-১৮৮৬’ৰ ঠাইত এখন নতুন গণতান্ত্ৰিক আৰু জাতীয় ভূমি আইন প্ৰৱৰ্তনৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খচৰা প্ৰস্তুত কৰি অসম চৰকাৰক দাখিল কৰিছে। ড্ৰাফট আছাম লেণ্ড বিল-২০১৬ নামৰ খচৰাখন তৈয়াৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিগত বৈঠকত সমিতিক দায়িত্ব অৰ্পণ কৰিছিল।

৫. অনাগত বৰদিনতে মুক্তি লাভ কৰিব ৰাজবংশী ভাষাৰ প্ৰথমখন ডিজিটেল কথাছবি " মনচল"। কথাছবিখন ধুবুৰীতি জিলাৰ দুটা ছবিঘৰত মুক্তি লাভ কৰিব।ছবিখন ধুবুৰীত" বিষ্ণু টকীজ "আৰু কালডোবাৰ (আগমনি) ৰ "প্ৰমা চিনেমা " ছবিঘৰত।

৬. তেজপুৰত উদ্বোধন হোৱা ভূপেন হাজৰিকা কলাভূমিত বিশ্ব প্ৰসিদ্ধ নাট্যশিল্পী ৰতন থিয়ামে অচিৰেই নাট্যশিল্পৰ এটি প্ৰকল্প ৰূপায়িত কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে। এই কলাভূমিত কোনো চৰকাৰী আৰ্থিক সাহাৰ্য লোৱা হোৱা নাই আৰু সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিৰেই ইয়াক গঢ় দিয়া হৈছে।

৭. শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ আৰু ৰংঘৰৰ বাকৰিত আজিৰে পৰা তিনিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰংপুৰ উন্নয়ন মহোতসৱ। তলাতলঘৰ প্ৰাংগণত ৬০খন বিপনীত ঐতিহাসিক সমলৰ লগতে পৰম্পৰাগত সাজপাৰ, অলংকাৰ, বাঁহ-বেতৰ সামগ্ৰীকে ধৰি খাদ্য মেলাৰো আয়োজন কৰা হৈছে। পৰম্পৰাগত নাওখেল ও খেলা-ধূলাৰ লগতে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী আয়োজিত হৈছে। সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ ৰূপে গুৱাহাটীৰ ভাইব্ৰেণ্ট বীটছ আৰু কল্পনা পাটোৱাৰীয়েও গীত পৰিবেশনৰ বাবে আহিব বুলিও জানিব পৰা গৈছে।

৮. চতুৰ্দশ অসম মহোতসৱ-২০১৫ অহা যোৱা ৯ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে। কাইলৈ সন্ধিয়া জনগোষ্ঠীয় বিহু প্ৰদৰ্শনৰ লগতে ফেশ্বন শ্বৰো আয়োজন কৰা হৈছে।

৯. নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত এতিয়াৰ পৰা স্পকেন ইংলিচ বিষয়ো সন্নিবিষ্ট কৰা হব বুলি অসমৰ শিক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ। ইয়াৰ বাবে দহ নম্বৰৰ পৰীক্ষা লোৱা হব বুলিও জানিব পৰা গৈছে।

১০. সৰস্বতী সন্মানেৰে সন্মানিত ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে একালত শৈশৱতে পঢ়া শিৱসাগৰ নগৰৰ ২নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ৰংপুৰ সাহিত্য সভাই প্ৰতিষ্ঠা কৰিছে সাহিত্যিক গৰাকীৰ এটি আবক্ষ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাৰে আন এগৰাকী প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে।

No comments:

Post a Comment