সুখ-দুখৰ বতৰাঃ ১৭ডিচেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৭ডিচেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৭ডিচেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. একচেঞ্জ ফৰ মেডিয়া গ্ৰুপে প্ৰদান কৰা ২০১৫বৰ্ষৰ দেশৰ প্ৰভাৱশালী ব্যক্তিৰ বঁটা লাভ কৰিছে অসম সন্তান তথা টাইমছ নাওৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে। কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিছিল।

২. অসম চৰকাৰে প্ৰৱৰ্তন কৰা আজানপীৰ বঁটা ২০১৪বৰ্ষৰ বাবে বিশিষ্ট নাট্যকাৰ, সাহিত্যিক অৰুণ শৰ্মাক প্ৰদান কৰিবলৈ ওলাইছে অসম চৰকাৰে। শিৱসাগৰ নাট্য মন্দিৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ১৮ডিচেম্বৰত এই বঁটা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে।

৩. সাতভনীৰ বৰেণ্য শিল্পী-সাহিত্যিক, গৱেষকক লৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত কালি তেজপুৰত উন্মোচন কৰা হয় ‘ভূপেন হাজৰিকা কলাভূমি’ৰ। উন্মোচক হিচাবে অংশগ্ৰহণ কৰে পদ্মশ্ৰীৰে সন্মানিত বিশিষ্ট নাট্যশিল্পী ৰতন থিয়ামে।

৪. পূৰ্বভাৰতী, নলবাৰীৰ উদ্যোগত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ বাকৰিত আজি উন্মোচিত হয় ডাঃ সমৰ তালুকদাৰৰ ‘বৈচন সুৰ পৰকাশ’ (প্ৰৱন্ধ সংকলন) আৰু ‘জয়াল নিশাৰ আৰ্তনাদ’ (গল্প সংকলন)। গ্ৰন্থ দুখন উন্মোচন কৰে সাহিত্যিক ৰমা বৰুৱা আৰু ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।

৫. জীৱনজোৰা সাধনাৰ বাবে ‘অসম জাতীয় বিদ্যালয়’ সন্মান প্ৰদান কৰা হয় নাট্য ব্যক্তিত্ব অচ্যুত লহকৰক। শাৰিৰীক অসুস্থতাৰ বাবে এই সন্মান পাঠশালাস্থিত বাসগৃহতে লহকৰদেৱক ১১ডিচেম্বৰৰ দিনা প্ৰদান কৰা হয়।

৬. ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ’ গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ-২০১৫ বঁটা আগবঢ়োৱা হৈছে ডঃ নবীন চন্দ্ৰ শৰ্মালৈ। দুই লাখ টকা সমৃদ্ধ এই বঁটা অহা ২৫ডিচেম্বৰত গুৱাহাটী গ্ৰন্থমেলা প্ৰাংগণত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব।

৭. অসমৰ প্ৰথিতযশা সাহিত্যিক-চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী অহা ১৮ডিচেম্বৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হব। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাৱৰ সহযোগত গুৱাহাটীতো এই দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কবিতা অনুষ্ঠানো আয়োজন কৰা বুলি জানিব পৰা গৈছে।

৮. নিজৰা কবি শৈলধৰ বৰুৱা বঁটা ২০১৫বৰ্ষৰ বাবে আজি প্ৰদান কৰা হৈছে কবি সনন্ত তাঁতিক। অসমৰ কাব্য ও নাট্য সাহিত্যলৈ যোগোৱা বৰঙণিৰ স্বীকৃতি দিবলৈ দুবছৰীয়াকৈ এই বঁটা প্ৰৱৰ্তন কৰিছে অসম সাহিত্য সভাই।

৯. ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে কালি সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ছটাকৈ ছিংগাপুৰৰ কৃত্ৰিম উপগ্ৰহৰ উতক্ষেপন সফলতাৰে সমাপন কৰাৰ সুখবৰ।

১০. সদৌ মঙলদৈ ঈদ সন্মিলনীয়ে কাইলৈ মঙলদৈত আয়োজন কৰিছে সদৌ অসম ভিত্তিত পুৰুষৰ মাৰাথন দৌৰ প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ হিচাবে ডাঃ ৰেৱতী মোহন বৰদলৈ সোঁৱৰণী ট্ৰফীসহ নগদ দহ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাবে খাতুমা বেগম সোঁৱৰণী  ট্ৰফীসহ নগদ পাঁচ হাজাৰ টকাও ঘোষণা কৰা হৈছে।

No comments:

Post a Comment