মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


আলুগুটি পৰিষদ, খ্ৰীষ্টমাছৰ শুভেচ্ছা 
আৰু বিহুৰ ইনষ্টলমেণ্ট
দেৱব্ৰত গগৈ
(১)
আলুগুটি সকলোতে খাপ খায়। খাহী মাংস আৰু কুকুৰা মাংসত দিলে ডাঙৰ আলুগুটিটো দুটুকুৰা কৰি দিলেই হয়, ভকুৱা মাছৰ টেঙা জোলকণত অলপ পাতল পাতল কৰি দীঘলীয়াকৈ কাটি দিব লাগে, লাই, লফা, পালেংত মিহি মিহিকৈ সৰু সৰু টুকুৰা কৰি দিলে সোৱাদ লগা হয়, ইফালে ঘৰত একো নাই, তেতিয়া হ'লে অকল আলুগুটিকেইটামানকে সিজাই বা পুৰি পিটিকা কৰি মিঠাতেল নিমখেৰে উদৰ পুৰাই তৃপ্তিৰে ভাত সাঁজ খাব পাৰি।

কেৰেলাৰ লগত আলুগুটি? খাই পোৱা নাই যদি খায় চাওক, কেৰেলাৰ তিতাখিনি আলুগুটিয়ে বহু পৰিমাণে নাইকীয়া কৰি দিয়ে।

মুঠতে আলুগুটি, সকলোতে সকলোৰে বাবে আদৰণীয়, য'তেই দিয়ে তাতেই খাপ খায়। সকলোৰে লগত যাব পাৰে, সকলোকে লগত নিব পাৰে। কোনেও আপত্তিও নকৰে, আলুগুটিয়েও আপত্তি নকৰে ।

কিছুমান ব্যক্তিও আলুগুটিৰ দৰেই, সকলোতে মিলিব পাৰে, সকলোৰে লগত মিলি যাব পাৰে, সকলোৱে মিলিবলৈ বিচাৰে, সকলোৱে লগত নিব বিচাৰে, সকলোৰে লগত যাব বিচাৰে ।

কেৱল ব্যক্তিয়েই নহয় , কিছুমান ৰাজনৈতিক দলো আলুগুটিৰ দৰেই , মিলিব পাৰে ,মিলাবও পাৰে আৰু তেনে এটা দলেই হৈছে, অসম গণ পৰিষদ । যেন অসমৰ ৰাজনৈতিক আখলঘৰখনৰ সকলোৰে গ্ৰহণযোগ্য আলুগুটিটো । 
১৯৮৫চনত বিকল্পহীন ৰাজনৈতিক আখলঘৰত অসমৰ ৰাইজে অগপক শুদা ভাত সাঁজৰ লগত তৃপ্তিৰে খাবলৈ বিচাৰিলে। পিছে দুটামান গেলা আলুগুটিয়ে অগপৰ বদনাম আনিলে। ১৯৯৬ চনত অগপ মিলি পৰিল সৰ্বহাৰা দলৰ পৰা আৰম্ভ কৰি জনজাতীয় দললৈকে। ২০০১ চনত অগপ মিহলি হ'ল, হিন্দু সাম্প্ৰদায়িকতাৰ পৃষ্ঠপোষকতা কৰা বিজেপিৰ লগত। ২০০৬ চনত পুনৰ মিলিল কমিউনিষ্টসকলৰ লগত। আঞ্জাখন ভাল হওঁক নহওঁক অগপ কিন্তু মিলি গৈছিল।

এতিয়া আকৌ শুনিবলৈ পাইছো , অগপ পুনৰ মিলিবলৈ ওলাইছে। কোনোবাই কেৰেলাৰ লগত আলুগুটিৰ কম্বিনেশ্ব্যনৰ ওপৰত সন্দেহ কৰাৰ দৰে , অগপৰ লগত কংগ্ৰেছৰ মিলনকলৈও সন্দেহ প্ৰকাশ কৰিছে। পিছে ৰান্ধি চোৱাত আপত্তি কিহৰ ? জানোচা আলুগুটিয়ে কেৰেলাৰ তিতাখিনি অলপ নোহোৱা কৰেই !

অসমৰ ৰাজনৈতিক আখলঘৰৰ আলুগুটি পৰিষদে সকলোৰে লগত মিলি এখন সোৱাদলগা আঞ্জা ৰান্ধক তাকেই কামনা কৰিলো।
(২)
অনুগ্ৰহ কৰি মোক বৰদিনৰ শুভেচ্ছা নজনাব।

ৰঙীন পোছাক, সুমধুৰ কেৰল , আটকধুনীয়াকৈ সজা তেওঁলোকৰ প্ৰাৰ্থনা গৃহ , ৰঙীন কাগজৰে সজা তৰাবোৰ, গভীৰ ৰাতিলৈকে চলা সুন্দৰ অনুষ্ঠানবোৰ - মুঠৰ ওপৰত সম্পূৰ্ণ আটকধুনীয়া এক ধৰ্মীয় উ
ৎসৱ হয় ২৫ ডিচেম্বৰৰ এই খ্ৰীষ্টমাছটো। শংকৰৰ জন্মোৎসৱৰ দিনটো মনত পেলাব নোৱাৰা আমাৰখিনিয়েও সেইবাবে হোৱা-নোহোৱাই নিজৰ ধৰ্মৰ লোককো মেৰী খ্ৰীষ্টমাছৰ শুভেচ্ছা দিবলৈ নাপাহৰে। পিছে সেই একেখিনিয়েই আকৌ ঈদৰ বেলিকা সেইকাম ফেৰা কৰিবলৈ কুণ্ঠাবোধ কৰে। আপোনাক বাৰু কোনোবা গগৈ, শৰ্মা, গোস্বামীয়ে আজিলৈকে “ঈদ মোবাৰক” বুলি কৈ পাইছেনে ? নিশ্চয় পোৱা নাই আৰু নোকোৱাৰ কাৰণটোও একেই, গ্লেমাৰহীন এক ধৰ্মীয় উৎসৱ ঈদ । মাহজোৰা ৰোজা ৰখা কামটোত কৰ পৰা আৰু গ্লেমাৰখিনি থাকিব! কিন্ত কোনোবা গোস্বামী উপাধিৰ ব্যক্তিয়ে আজিকালি কোনোবা শইকীয়াক “ মেৰী খ্ৰীষ্টমাছ” বুলি কবলৈ অকণো দেৰি নকৰে। ঈদৰ দিনা জিকিৰ এটা হলেও ভুলতেও ঘৰত নবজোৱা ৰাজখোৱাৰ ঘৰৰ বেলকনিত কিন্ত খ্ৰীষ্টমাছ ষ্টাৰ ভালকৈ জিলিকি থাকে। বিহুৰ বতৰত ধুতি মেখেলা চাদৰ পিন্ধিবলৈ পাহৰি যোৱা , শংকৰ জন্মোৎসৱ কেতিয়া আছিল গম নোপোৱা , আমিবোৰে এনেদৰে বিজতৰীয়া ধৰ্মীয়-সাংস্কৃতিক পৰিৱেশ এটাক আকোঁৱালি লৈছো।

পিছে আচৰিত ধৰণৰে আমি গগৈ, গোস্বামী , ৰাজখোৱাহঁতে বৰদিনৰ নামত নিশা টেটূলৈকে এগাল গিলি অহাৰ পাছত পুৱা মাজুলীত জনজাতীয় লোকক ধৰ্মান্তৰিত কৰা আৰু গীৰ্জা স্থাপন কৰাৰ খৱৰটো শুনিলেই কিন্ত জাঙুৰ খাই উঠে। কিমধিকমিতি !!!!!
(৩)
আমি ২০১৬ চনৰ বহাগ বিহুৰ মঞ্চত কি পিন্ধিম, কেনেকৈ নাচিম, কি খাম আদিবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁৱেই। ভাল কথা, মানুহ দূৰদৰ্শী হ'ব লাগে। পিছে , ৰাইজ , আমি যে ২০১৫চনত বহাগ বিহু পাতিবলৈ মাৰোৱাৰী আৰু আন অনা-অসমীয়াৰ ওচৰত যে ভিক্ষা কৰিছিলো , সেইবোৰৰ কিস্তি মাৰ যোৱাই নাই নহয়! সেইবোৰ তেওঁলোকে আমাৰ পৰা লৈয়ে আছে, এই ধৰক এককেজি চাউলত ২ টকা, দুই কেজি দাইলত ৫ টকা , গৰম চুৱেটাৰ এটাত ৩০ টকা, এনেকৈ এনেকৈ ......... আৰু আমি তেওঁলোকৰ পৰা ভিক্ষা কৰি তোলা টকাৰে ২০১৬ চনৰ বহাগ বিহুটো কেনেকৈ পাতিম তাৰ আলোচনাত ( অযথা বিৰ্তকত ) মগ্ন হলোৱেই । শ্ল-পইজন খাই খাই জাতি এটাই আত্মহত্যা কৰাৰ উত্তম উদাহৰণ চাগে আমি অসমীয়া জাতিটোৱেই।
(৪)
তিনিটাকৈ বিহু, তিনিদিনীয়াকৈ পতা দুৰ্গা পূজা, ৰাস, শংকৰদেৱৰ জন্মোৎসৱ , ঈদ, খ্ৰীষ্টমাছ, আলি আই লৃগাং, বাথৌ এইবোৰ থকাৰ পাছতো অসমত নতুনকৈ "মহোৎসৱ" পতাৰ কিবা যুক্তি আছেনে ? কোনোবাখন জিলাৰ, কোনোবাখন নদীৰ নাম এটা আগত লগাই চাৰিওফালে মাথো মহোৎসৱেই মহোৎসৱ। কোনো নতুনত্ব নথকা কেৱল বিহু নাচ, সত্ৰীয়া নৃত্য বা দুটামান জনজাতীয় নৃত্য লগত পোৰা গাহৰি আৰু ছাই মদৰ লানি নিছিগা ষ্টল। সেইয়াই মহোৎসৱ। নাজানো এইবোৰ মহোৎসৱৰ পৰা কাৰ কি লাভ হৈছে, হয়তো কেইজনমানৰ জেপলৈ কেইটামান টকা আহিছে, চৰকাৰী অনুদান আহিছে আৰু সাধাৰণ ৰাইজ আবতৰীয়া মহোৎসৱৰ নামত অযথা মতলীয়া হৈ আছে।
আচলতে এই বতৰটো কামৰ বতৰ, পৰীক্ষাৰ্থীয়ে আগন্তুক পৰীক্ষাৰ বাবে পঢ়াৰ বতৰ, পথাৰৰ পৰা ধান তুলি ৰবি শস্য কৰাৰ বতৰ , প্ৰকৃত ব্যৱসায়ী , ঠিকাদাৰে অহা তিনিমাহৰ পাছত শেষ হবলগীয়া বিত্তীয় বৰ্ষৰ বাবে সাজু হোৱাৰ বতৰ, খেলুৱৈসকলে শুকান বতৰত নিজৰ নিজৰ খেলৰ অনুশীলন কৰাৰ বতৰ। এই সময়ছোৱাত কিবা মহোৎসৱ পতাৰ অৱকাশেই নাথাকে। তথাপিও আমি মাথো মহোৎসৱ পাতি আছো, মতলীয়া হৈ আছো।
এই মহোৎসৱত মতলীয়া হৈ থকা অসমীয়াসকলক আহ্বান জনাওঁ, পাৰিলে এবাৰ অভিবাসী মুছলমান অধ্যুষিত অঞ্চলবোৰ ভ্ৰমণ কৰি আহকগৈ। দেখিব তেওঁলোক নিজৰ নিজৰ পথাৰবোৰ লৈ কেনেদৰে ব্যস্ত হৈ আছে। পথাৰবোৰ এদিনো খালী হৈ পৰি থাকিবলৈ দিয়া নাই। যদিহে যাব নোৱাৰে, তেনেহ'লে অসমৰ যিকোনো চহৰৰ মাৰোৱাৰীসকলৰ অঞ্চল এটা ভ্ৰমণ কৰি আহকগৈ , দেখিব তেওঁলোকৰ কোনো অপ্ৰয়োজনীয় মহোৎসৱ পাতিবলৈ সময় নাই। তেওঁলোক মাথো ব্যৱসায়ত মগ্ন।
ইয়াৰ পাছতো আমি কি যুক্তিত অভিবাসী মুছলমানসকলক বাংলাদেশীৰ লেবেল লগাই তেওঁলোকক খেদিবলৈ আন্দোলন কৰিব লাগে বা কি যুক্তিত মাৰোৱাৰী ব্যৱসায়ীৰ পৰা বিহু চান্দা তুলিবলৈ লাগে? এতিয়া যি দেখিছো আদা দেখি উঠিল গাৰ দৰে ভৰলুমুখ মহোৎসৱ, গণেশগুৰি মহোৎসৱ, চান্দমাৰী মহোৎসৱ, জু-ৰোড তিনিআলি মহোৎসৱ, গড়আলি মহোৎসৱ , আমিনগাঁও মহোৎসৱ , নগাওঁ বাইপাছ মহোৎসৱ , মিছন চাৰিআলি মহোৎসৱ, পাগলাস্তান মহোৎসৱ, গেলাবিল মহোৎসৱ এইবোৰো আমাৰ ৰাইজে পাতিবলৈ আৰম্ভ কৰিব।
অসমীয়া ৰাইজ আগতে উৎসৱপ্ৰিয় আছিল, সেইবাবেই হয়তো তিনিটাকৈ বিহু বছৰটোত পাতিছিল, এতিয়া সেই উৎসৱ-প্ৰীতি বলিয়ালিলৈ ৰূপান্তৰ হৈছে। সময়ত ইয়াক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই "মহোৎসৱ বলিয়ালিয়ে" জাতিটোৰ ধ্বংস অন্যতম কাৰণ হবগৈ, সেয়া কথা কিন্তু নিশ্চিত।

No comments:

Post a Comment