চিন্তনঃ সত্ৰৰ মাটিৰ বেদখলৰ প্ৰসংগঃ বাস্তৱ বনাম আৱেগিক ৰাজনীতি :: ডাঃ নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ সত্ৰৰ মাটিৰ বেদখলৰ প্ৰসংগঃ বাস্তৱ বনাম আৱেগিক ৰাজনীতি :: ডাঃ নভনীল বৰুৱা

চিন্তনঃ সত্ৰৰ মাটিৰ বেদখলৰ প্ৰসংগঃ বাস্তৱ বনাম আৱেগিক ৰাজনীতি :: ডাঃ নভনীল বৰুৱা

Share This
অসমত প্ৰায়েই উচ্চাৰিত কেইটামান শব্দ হ’ল— ‘সত্ৰৰ মাটি বেদখল। কোনােবাই আৱেগিকভাৱে লৈছে, বেছিভাগেই ৰাজনৈতিক হাঠিয়াৰ হিচাপে। সত্ৰৰ মাটি বেদখল বুলিলে অসমীয়া কিয় ইমান। আৱেগিক হয়, তাৰ বিষয়ে প্রথমে ক’ব খুজিছে। সত্ৰ শব্দটোৰ লগত শংকৰ-মাধৱ গুৰু দুজনা তথা তেখেতসকলে সৃষ্টি কৰা সত্ৰীয়া সমাজখনৰ কথা আমাৰ মনলৈ আহে। অসমীয়া মানুহ লাগে সত্ৰীয়া বা শংকৰী বা শাক্তই নহওক কিয়, গুৰুজনাৰ কথালৈ আহিলে স্বাভাৱিকতেই শ্রদ্ধা আৰু ভক্তিতশিৰ নত হয়। তেনেস্থলত সত্ৰ মাটি বেদখল বুলিলে খং উঠাটো নিতান্তই স্বাভাৱিক। কিন্তু বহুতেই হয়তাে নাজানে যে সকলাে সত্ৰ শংকৰ-মাধৱ বা তেওঁলােকৰ শিষ্যসকলে প্রতিষ্ঠা কৰা নহয়। এনে বহু সত্র আছে যত বিগ্রহ, পূজাপাতল ইত্যাদি সকলাে বামুণীয়া পদ্ধতি নিয়মীয়াকৈ চলে। গুৰুজনাই দিয়া একশৰণ নাম ধর্মতকৈ সনাতনী হিন্দু ধৰ্মৰ পদ্ধতি বেছিকৈ চলে। লগতে উচ্চ-নিচ, জাত-কুল, ধুতি-নীতি, ইত্যাদি গুৰুশিক্ষা পৰিপন্থী কার্যও চলে। আনকি সত্ৰ নগৰী বুলি খ্যাত মাজুলীতাে তেনে সত্র আছে। মই এই পদ্ধতি বেয়া বা হেয় জ্ঞান কৰিব খােজা নাই, বৰঞ্চ তাত চলাই ৰখা সত্ৰীয়া গীত-মাতৰ বাবে ধন্যবাদহে দিব খুজিছো। মাত্র এটা কথাই ক’ব খােজোঁ যে সত্ৰ মানেই শংকৰ-মাধৱ নহয়। 

দ্বিতীয় বিষয়টো হৈছে সত্ৰৰ বেদখল বুলিলেই আমাৰ মনত দাড়ি-টুপী আৰু লুঙি পৰিহিত বেদখলকাৰীৰ ছবি এখন আঁকি দিয়া হৈছে। কথাষাৰ কিমান সত্য? বিভিন্ন সময়ত বিভিন্ন আদালতত সত্ৰৰ মাটি বেদখল সম্পর্কে বহু আদেশ-নির্দেশ দিয়া হৈছে। হৰি-শংকৰ ব্ৰহ্ম সমিতিয়েও সত্ৰৰ বেদখল সম্পর্কে মতামত ব্যক্ত কৰিছে। কিন্তু কতাে কোনেও বেদখলকাৰীৰ ধর্মভিত্তিক প্রতিবেদন প্রস্তুত কৰা নাই। ব্ৰহ্ম সমিতিয়ে দখলকাৰী বাংলাদেশীমূলৰ বুলি উল্লেখ কৰিছে, কিন্তু কি ভিত্তিত নাগৰিকত্ব নির্ণয় কৰিছে, তাৰ বিৱৰণ দিয়া নাই। তেনে হ'লে সত্ৰৰ মাটি বেদখল বুলিলে কিয় এক বিশেষ ধৰ্মৰ, বিশেষ সম্প্রদায়ৰ লােকক টার্গেট কৰা যায় ? কাৰণ সেই ধাৰণা ইচ্ছাকৃতভাৱে সৃষ্টি কৰা হৈছে। তাৰ কাৰণ হৈছে অসমীয়াৰ সত্ৰৰ প্ৰতি থকা আদৰৰ আৰু মিঞাৰ প্ৰতি থকা অবিশ্বাসক মূলমন্ত্র কৰি তাৰ পৰা কেনেকৈ ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰি। এই কথা অনস্বীকার্য যে সত্ৰৰ মাটি বেদখলকাৰীৰ মাজত মিঞা মানুহ যথেষ্ট আছে। কিন্তু অকল মিঞাই যে বেদখলকাৰী নহয়, সেই কথাও সহজেই প্রমাণ কৰিব পাৰি।

উদাহৰণ স্বৰূপে আমি পুৰণা কোঁচ ৰাজ্যৰ অন্তর্গত সত্ৰসমূহলৈ চাব পাৰোঁ। ৫৫খন সত্র গুচি তাত মাত্র ৫খন সত্ৰ ৰৈছেগৈ। ছত্রশালৰ ১২৯ বিঘাৰ সলনি ১ বিঘা বাচিছেগৈ। এই সত্ৰসমূহৰ বেদখলকাৰী কিন্তু বেছিভাগেই হিন্দু ধৰ্মৰ। মধুপুৰ সত্ৰ বর্তমান কজা কৰিব খােজাসকলৰ হিন্দু। ব্রহ্ম সমিতিয়ে আনকি মাজুলীৰ সত্ৰৰ বেদখলৰ কথাও উনুকীয়াইছে।

আৰু মাজুলীত যে মিঞা নাই, সেইটো সর্বজনবিদিত। মই বেদখলকাৰীৰ ধর্ম বিভাজন কৰিব খােজা নাই, মাথোঁ যিটো ধর্ম বিভাজন ইতিমধ্যেই কৰা হৈছে, তাক শুধৰাবহেখুজিছে। | এইবাৰ আহোঁ এই সত্ৰৰ মাটি বেদখল কেনেকৈ হ’ল। সেই প্ৰসংগলৈ ঐতিহাসিকভাৱে সত্ৰৰহাতত ইমান মাটি থকাৰ কাৰণ আছিল যে এইমাটিৰ পৰা হােৱা উৎপাদন আৰু আয়ৰ দ্বাৰা সত্ৰসমূহ নিয়াৰিকৈ চলি থাকিব।'Assain state acquisition of land belonging to religious or charitable Institutions of public nature Act, 1959' অনুযায়ী ১৯৬৩ চনৰ পৰা সত্ৰৰ আৰু আন অনুষ্ঠানৰ মাটি চৰকাৰে অধিগ্রহণ কৰাত লাগিল। আইনমতে সেই মাটি কিহত ব্যৱহাৰ কৰিব পাৰি তাৰাে নির্দিষ্ট নির্দেশনা এই অধিনিয়মত আছিল যদিও তাৰ

যথেষ্ট খেলিমেলি পৰৱর্তী সময়ত হ’বলৈ ধৰিলে। মাটিসমূহ ৰাজনৈতিকভাৱে বা অন্যায়ভাৱে যেতিয়া ব্যৱহাৰ হ’ব ধৰিলে, তেতিয়া সেই অনুষ্ঠানসমূহে আপত্তি কৰাত লাগিল। তাৰ পৰা উদ্ধাৰ পাবলৈ তেতিয়াৰ চৰকাৰেনতুন উপায় উলিয়াই আইন সংশােধন কৰি সেই অনুষ্ঠানসমূহৰ পৰিচালনাতােচৰকাৰী হস্তক্ষেপ বৈধ কৰি ললে। বেঙেনাআটী সত্ৰাধিকাৰ, কামাখ্যা ৰ দেউৰী সমাজৰ দেৱােত্তৰ ব'ৰ্ড ইত্যাদিৰ পৰাও এইবােৰ কথালৈ মােকর্দমা কৰা হৈছিল। এই সত্ৰৰ অধিগৃহীত মাটিবােৰৰ আচল জৰীপ চলালে ওলাই পৰিব যেসত্ৰৰ মাটি বেদখল কেনেকৈ হ'ল আৰু ইয়াৰ বাবে কোন দায়ী। বহুক্ষেত্ৰত বর্তমান বা প্রাক্তন সত্ৰাধিকাৰসকলৰ ভূমিকাও সন্দেহৰ ঊর্ধ্বত নহয়। বহুতেই হয়তাে নাজানে যে কিছু সত্ৰাধিকাৰে আনকি চাহ কোম্পানীকো চাহ খেতি কৰিবলৈ সত্ৰৰ মাটি দিছে। অৱশ্যে এই কথা সত্য যে গুৰু ধৰ্মত কোনাে জেহাদী বা
ছেদাৰনাছিল বাবেসত্ৰৰ মাটি বেদখলকাৰীক উচ্ছেদ কৰিব পৰা সত্ৰৰ নিজৰ ব্যৱস্থা নাছিল।

অসমসত্ৰ মহাসভাৰ হিচাপমতে বেদখলত থকা সত্ৰৰ মুঠ মাটিৰ পৰিমাণ ৫,০০০ বিঘা। আগৰ চৰকাৰবােৰ যদি অকর্মণ্য বুলি ধৰি লওঁ, এই চৰকাৰে সত্ৰৰ মাটি বেদখলমুক্ত নকৰে কিয়? অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ নেতৃত্ব সংঘ পৰিয়ালৰ সদস্যৰ দৰেই প্রায় হৈ উঠিছে। (অৱশ্যে যুৱ শাখাসমন্বিত যুৱতীর্থ তেনে নহয়। বুলিয়েই মনে ধৰে)। জাতিদ্রোহী সংবিধান সংশােধনী বিধেয়কক সমর্থন দি চৰকাৰ, দলৰ প্রিয়। তাৰ পিছতাে কিয় সত্ৰৰ বেদখল গুচোৱা হােৱা নাই? আলিপুখুৰী পাতেকিবৰী থানৰ পৰিচালনা সমিতিৰ নিজা উদ্যোগত যিখিনি বেদখলমুক্ত কৰা হ'ল, তাৰ বাদে চৰকাৰে এই আঢ়ৈ বছৰত কিমান বিঘা সত্ৰৰ মাটি বেদখলমুক্ত কৰিলে?

সত্ৰৰ বেদখলৰ নিচিনাকৈ আৰু এক বৃহৎ বেদখল হৈছে অসমৰ মঠ-মন্দিৰৰ মাটি। আচৰিতভাৱে এই বিষয়ে কি ৰজা, কি প্রজা সকলাে নিমাত। অসমৰ যদি আটাইতকৈ বিখ্যাত ধর্মীয় স্থান কি বুলি সােধা যায়, উত্তৰ নিশ্চয় কামাখ্যা মন্দিৰ বুলিয়েই পােৱা যাব। ঐতিহাসিক এই মন্দিৰৰ প্রায় ৪৫,০০০ বিঘা মাটি আছিল। তাৰে ৩৫,০০০ বিঘা খেতি অথবা মীন পালন কৰা হৈছিল আৰু ১০,০০০ বিঘা পাহাৰীয়া মাটি, য’ত বিভিন্ন মন্দিৰবাতাৰ লগত সংলগ্ন গৃহ আছিল। 'Assam state Acquisition ofland belonging to Religious or Charitable Institutions of public nature'10 যি মাটি অধিগ্রহণ কৰা যায়, তাত কি কি কৰিব পাৰি, সেই মাটিকাক দিবপৰা যায় আদি নির্দিষ্ট কৰা আছে। কামাখ্যাৰ পৰা অধিগৃহীত মাটিত মছজিদ-গির্জাতাে বাদেই,আনকিনামঘৰ, জৈন মন্দিৰ আদিও নির্মাণ কৰিব নােৱাৰি।তাত মাত্র শাক্ত বিচাৰধাৰাৰ মঠ-মন্দিহে নির্মাণ হ’ব। পাৰে। আজিৰ তাৰিখত কত গল সেই ৪৫,০০০ বিঘা মাটি? আজি কামাখ্যাৰ নিজৰ বুলিবলৈ ১০০০ বিঘাও আছেনে? সমূহ সত্ৰৰ ৫০০০ বিঘাক লৈ ইমান চিন্তিত লােকসকলে অকল কামাখ্যাৰে ৪৫,০০০ বিঘা সম্পর্কে ইমান নির্লিপ্ত কিয়? আৰু অকল কামাখ্যা মন্দিৰৰ কথাই নহয়, অসমৰ আন মঠ-মন্দিৰৰ বেদখলতাে আছেই!
অসমৰ ঐতিহ্য কামাখ্যাৰ এনে দুর্দশাত কোনাে হিন্দু সংগঠন, কোনাে কামাখ্যাৰ ভক্ত, সকলাে ৰাজনৈতিক দলৰ নির্লিপ্ততাৰ আঁৰ কাহিনী ৰহস্যজনক। হয়তাে কামাখ্যাৰ মাটিৰ বেদখলৰ কথা ক'লে দল-সংগঠনৰ চান্দা, নির্বাচনী পুঁজি ইত্যাদিত ব্যাঘাত জন্মিব। তাতকৈ অকল সত্ৰৰ মাটি বেদখলৰ কথা কোৱাই শ্রেয়। সত্ৰৰ কথাক’বহে, বেদখলমুক্ত কিন্তুৰ দৰকাৰ নাই। সেয়া কৰিলে যে ৰাজনৈতিক-আৱেগিক ইছ এটানাইকিয়াহ’ব!

সত্ৰৰ মাটি বেদখলক লৈ ৰাজনীতি কৰি থকাসকললৈ আহ্বান— অলপ কামাখ্যা মন্দিৰ বেদখলৰ কথাও কওক। তাৰ বাবে পিছে সাহস আছেনে?
লেখক উত্তৰ-পূৱৰ প্ৰসিদ্ধ নিউৰচাৰ্জন আৰু ৰাজনৈতিক বিশ্লেষক। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

4 comments:

  1. Rightly explained.Thank you sir.

    ReplyDelete
  2. প্ৰাসংগিকতা আছে

    ReplyDelete
  3. এইবোৰত কালন্ত‌ই কিয় মাত নামাতে কাৰণ কামাখ্যা মন্দিৰক যিবোৰে লুতি-পুতি খাই আছে সেই সকলোবোৰ এক বিশেষ সম্প্ৰদায়ৰ যিটো কালন্তৰো সম্প্ৰদায়।

    ReplyDelete