বিশ্লেষণঃ বৰ্ষটোত বিশ্বায়িত অৰ্থনীতিৰ মৃত্যুঘণ্টাহে বাজিল :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ বৰ্ষটোত বিশ্বায়িত অৰ্থনীতিৰ মৃত্যুঘণ্টাহে বাজিল :: অনন্ত কলিতা

বিশ্লেষণঃ বৰ্ষটোত বিশ্বায়িত অৰ্থনীতিৰ মৃত্যুঘণ্টাহে বাজিল :: অনন্ত কলিতা

Share This
পুঁজিবাদৰ মুখ্য কেন্দ্ৰ আমেৰিকাকে ধৰি পুঁজিবাদী দেশবােৰৰ জনগণক দুখ-যন্ত্রণাৰ পৰা মুক্ত কৰিব পৰা নাছিল, বিশেষকৈ নিবনুৱা সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছিল। ইয়াৰ ফলত উন্নত দেশবােৰতেই বিশ্বায়িত অর্থনীতিৰ বিৰুদ্ধে জনসাধাৰণ বিক্ষুদ্ধ হৈপৰিছিল। এইপটভূমিতে বিশ্বায়িত অর্থনীতিৰ জন্মদাতা আমেৰিকাতে বিশ্বায়নৰ বিৰুদ্ধে শ্ল'গান দি ডনাল্ড ট্রাম্পে বিক্ষুব্ধ আমেৰিকান জনসাধাৰণৰ সমর্থন লৈ ৰাষ্ট্রপতি নির্বাচিত হৈছিল। এতিয়া ডনাল্ড ট্রাম্পে আমেৰিকায়ে সৃষ্টি কৰা মুক্ত বজাৰ অর্থনীতিৰ ওপৰত বিভিন্ন বাধা নিষেধ আৰােপ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰব্ৰজন কৰা শ্রমিক-কর্মচাৰী তথা আমদানিকৃত পণ্যৰ ওপৰত বিভিন্ন প্রতিবন্ধকতা আৰােপ কৰিছে। চীনৰ লগত বাণিজ্য যুদ্ধত অৱতীৰ্ণ হৈছে। ভাৰতকে ধৰ বিভিন্ন দেশৰ তীখা, এলুমিনিয়াম আৰু বিভিন্ন ৰূপানিকৃত পণ্যৰ ওপৰত উচ্চ হাৰৰ আমদানি শুল্ক আৰােপ কৰিছে। আমেৰিকাৰ সংৰক্ষণশীলতাৰ নীতি প্রতিশােধক হিচাপে আন ২০ খনমান দেশেও উচ্চহাৰৰ আমদানি শুল্ক আৰােপ কৰিছে।
এই বর্ষৰ অক্টোবৰ মাহত আন্তর্জাতিক মুদ্রা নিধিয়ে (আই এম এফ) ৱর্ল্ড ইকনমিক আউটলুক ৰিপ'ৰ্টত কৈছে— বিশ্বৰ ১৮০ খন দেশৰ অধিকাংশই উৎপাদনৰ ক্ষেত্ৰত প্রাক্‌-২০০৮ চনৰ মহাসংকটৰ পৰ্যায়লৈ আহিব পৰা নাই। বিশ্বৰ জনসাধাৰণৰ মাজত বৈষম্যৰ পর্যায় উদ্বেগজনকভাৱে বৃদ্ধি পােৱা বুলি প্রতিবেদনখনত কৈছে। প্রতিবেদনখনত আই এম এফে চীন দেশক প্রশংসা কৰি কৈছে যে চীন দেশে সামাজিক খণ্ড, সামাজিক আন্তঃগাঁথনি খণ্ড আৰু ৰাজহুৱা খণ্ডত প্ৰচুৰ পৰিমাণৰ পুঁজি বিনিয়ােগ কৰিছে, যিটোৱে বিৰাটসংখ্যক কর্মসংস্থান সৃষ্টি কৰিছে। ফলত জনসাধাৰণৰ ক্রয় ক্ষমতা বৃদ্ধি পাইছে আৰু চীন দেশত বজাৰ চাহিদা বৃদ্ধি হৈছে। আই এম এফ বিশ্বৰ জনগণৰ নব্য উদাৰবাদী অর্থনীতিৰ বিৰুদ্ধে গঢ়ি উঠা বিক্ষোভৰ প্রতি গুৰুত্ব আৰােপ কৰিছে আৰু আমেৰিকাৰ নেতৃত্বত বিশ্ব অর্থনীতিত জন্ম লােৱা সংৰক্ষণশীলতাই বিশ্ব অর্থনীতিলৈ বিপদ আনিব বুলি কৈ সাৱধানবাণী দিছে সংৰক্ষণশীলতাৰ বিৰুদ্ধে। 

আই এম এফে কৈছে- বিশ্ব পর্যায়ত মুঠ ঘৰুৱা উৎপাদন হ্রাস পাব আৰু সামগ্রিকভাৱে বিশ্ব অর্থনীতি সংকটতে নিমজ্জিত হৈ থাকিব তথা জনগণৰ দুখ-দুর্দশা বৃদ্ধি হ'ব। বিশ্ব অর্থনীতিৰ উক্ত পটভূমিত ভাৰতৰ অর্থনীতি বেছি বেছিকৈ বিশ্বৰ নব্য উদাৰ অৰ্থনীতিৰ প্ৰক্ৰিয়াত সংহত হৈ গৈছে আৰু কোনােধৰণৰ সুকীয়া কাৰ্যসূচী গ্রহণ কৰাৰ বিপৰীতে অর্থনীতি অধিকভাৱে সংস্কাৰ কৰিছে মােডী চৰকাৰে, ফলত ভাৰতৰ অর্থনীতিও সংকটত নিমজ্জিত হােৱাৰ পথত। তদুপৰি মােডী চৰকাৰৰ বিমুদ্ৰাকৰণৰ ভুল সিদ্ধান্তই দেশৰ অর্থনীতিক বিপর্যস্ত কৰিছে। মােডী চৰকাৰৰ প্রাক্তন মুখ্য অর্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্রমণিয়মে ক'বলৈ বাধ্য হৈছে যে বিমুদ্ৰাকৰণ অতি নিষ্ঠুৰ অর্থনৈতিক কার্যসূচী। বিমুদ্ৰাকৰণৰ ঘোষিত লক্ষ্যবােৰ ক'লা ধন উদ্ধাৰকে ধৰি সম্পূর্ণ ব্যর্থ হ’ল। বিপৰীতে দেশৰ বিশেষকৈ অসংগঠিত খণ্ড, নির্মাণ খণ্ড আদি বিপর্যয়ত নিমজ্জিত হ'ল। ফলস্বৰূপে ১৫ কোটিতকৈও অধিক শ্রমিক-কর্মচাৰী কর্মহীন হ’ল, বহু লাখ ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, ব্যৱসায়িক প্রতিষ্ঠান দেউলীয়া হ'ল। জি এছ টি কৰ ব্যৱস্থাই জ্বলা জুইত ঘিউ ঢালিছে।

যােৱা চাৰি বছৰত কৃষিখণ্ডৰ সংকট আগতকৈ ঘনীভূত হৈছে। কৃষি উৎপাদন আগৰ চাৰি বছৰত আছিল ৫.২ শতাংশ; কিন্তু ২০১৪-১৫ৰ পৰা ২০১৭-১৮ বিত্তীয় বছৰ চাৰিটাত উৎপাদন ২.৬ শতাংশলৈ হ্রাস হৈছে। উৎপাদনৰ খৰচৰ ৫০ শতাংশ লাভ দি কৃষিপণ্যৰ সহায়ক মূল্য ঠিক কৰা নাই। কৃষি উৎপাদন খৰচ যােৱা সময়ছােৱাত অত্যন্ত বৃদ্ধি হৈছে। কৃষকসকলে ঋণ ঘূৰাই দিব পৰা নাই ফচলৰ উপযুক্ত দাম পােৱা নাই কাৰণে। তদুপৰি চৰকাৰে সহায়ক মূল্য ঠিক কৰিলেও সেই দামতেও কৃষিপণ্যবােৰ কিনি লােৱা নাই। ফলত কৃষি ঋণ ঘূৰাই দিব নােৱাৰি অনেক কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে। মােডী চৰকাৰৰ সময়ছােৱাত ৪৪ শতাংশ কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে। কৃষি বিশেষজ্ঞ দেবৰ শৰ্মাৰ হিচাপ অনুযায়ী কৃষকসকলৰ বছৰেকীয়া গড় আয় ২০,০০০ টকা অর্থাৎ মাহেকীয়া আয় ১,৬৬৬ টকা। ৰকাৰে দেশৰ কৃষকসকলৰ ঋণ মাফৰ দাবী প্রত্যাখ্যান কৰে তথা মূলসুঁতিৰ অর্থনীতিবিদবােৰে ঋণ মকুৰ বিৰুদ্ধে হুলস্থূল কৰে আৰু অনেক নিবন্ধ লিখে বাতৰি কাকতত।


দেশৰ অৰ্থনীতিৰ এই পৰিস্থিতিত অসমৰ অৱস্থা আৰু অধিক বেয়া। ৰাজ্যখনৰ বিত্ত মন্ত্ৰীয়েই কৈছে যে কেন্দ্রই দিবলগা আবণ্টনৰ ধনবােৰ দিয়া নাই। জি এছ টি ব্যৱস্থাৰ বাবে অসম ক্ষতিগ্রস্ত হৈছে। অসমৰ ক্ষেত্ৰত পর্বতপ্রমাণ প্রতিশ্রুতি দিছিল। কিন্তু এটাও বাস্তৱায়িত কৰা নাই। ৰাজ্যখনৰ মুখ্য অর্থনীতি কৃষি আৰু কৃষিৰ মুখ্য অন্তৰায় বান, গৰাখহনীয়া; কিন্তু বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰখনে কোনাে আঁচনিয়েই গ্রহণ কৰা নাই। ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ মূল সমস্যা কর্মসংস্থানহীনতা। কর্মসংস্থান সৃষ্টিৰ বাবে কোনােধৰণৰ উদ্যোগ-প্রতিষ্ঠান সৃষ্টি কৰিব পৰা নাই চৰকাৰখনে। এডভান্টেজ আছামৰ নামত বহু শ কোটি টকা খৰচ কৰি বৈঠক অনুষ্ঠিত কৰিছিল, কিন্তু বিনিয়ােগ হৈ উদ্যোগ-প্রতিষ্ঠান সৃষ্টি হােৱাৰ কোনাে ৰেকৰ্ড নাই। চৰকাৰখনে পূজা-পার্বণত ব্যক্ত হৈ থকা দেখা যায়। নমামি ব্ৰহ্মপুত্ৰৰ পূজা কৰি ঘােষণা কৰিলে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে চাৰিলেনৰ ৰাষ্ট্ৰীয় পথ নির্মাণ তথা ব্রহ্মপুত্র। খনন কৰিব। এই সকলােবােৰ ঘােষণাতে থাকিল। ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নতাে কোনা পদক্ষেপ লােৱা নাই। সামগ্রিকভাৱে ৰাজ্যখনৰ অর্থনৈতিক পৰিস্থিতি যেনে আছিল তেনে আছে, সামান্যতমাে উন্নতি পৰিলক্ষিত হােৱা নাই বা জনসাধাৰণৰ জীৱন-জীৱিকাৰ পথ সৃষ্টিৰ ক্ষেত্ৰত কোন উন্নতি ঘটা নাই; বৰং নিবনুৱাৰ সংখ্যা বৃদ্ধিহে হৈছে। অনেক যুৱক-যুৱতী হতাশাগ্ৰস্ত হৈ সন্ত্রাসবাদৰ প্রতি আকর্ষিত হোৱাৰো বাতৰি প্ৰত্যক্ষ কৰা হৈছে। উল্লেখযােগ্য যে ২০১৮ বছৰটোত আমেৰিকাকে ধৰি বিভিন্ন উন্নত দেশে বিশ্বায়িত অর্থনৈতিক নীতিৰ পৰিপন্থী কার্যসূচীহে গ্ৰহণ কৰিছে।
লেখক ভাৰতীয় ষ্টেট বেংকৰ চেণ্টেল বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত অৰ্থনীতিবিদ। ফোনঃ ৯৪৩৫০৪১২০৬, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment