প্ৰৱন্ধঃ বগীবিল দলঙৰ নিৰ্মাণ প্ৰযুক্তি আৰু জানিবলগীয়া কথাবোৰ :: শৈলেন বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ বগীবিল দলঙৰ নিৰ্মাণ প্ৰযুক্তি আৰু জানিবলগীয়া কথাবোৰ :: শৈলেন বৰুৱা

প্ৰৱন্ধঃ বগীবিল দলঙৰ নিৰ্মাণ প্ৰযুক্তি আৰু জানিবলগীয়া কথাবোৰ :: শৈলেন বৰুৱা

Share This
উজনি অসমৰ উত্তৰ পাৰৰ ধেমাজি জিলাৰ কাৰেংঘাট আৰু দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ বগীবিলক সংযােগ কৰি নিৰ্মাণ কৰা বগীবিল দলঙৰ নির্মাণ সম্পূর্ণ হৈছে। ৰেল আৰু পথ ব্যৱস্থা একত্ৰভাৱে থকা দলঙৰ ভিতৰত বগীবিল দলং ভাৰতৰ দীর্ঘতম বুলি পৰিচয় লাভ কৰিছে। তদুপৰি দলং হিচাপে বগীবিল দেশৰ ভিতৰতে চতুর্থ বৃহৎ দলং। কেন্দ্রীয় চৰকাৰৰ অর্থনৈতিক পৰিক্রমা বিভাগৰ কেবিনেট কমিটীয়ে ১৯৯৭ চনৰ ছেপ্টেম্বৰত বগীবিল দলং নিৰ্মাণৰ বাবে অনুমােদন জনায় যদিও প্রায় ৫বছৰৰ পাছত ২০০২ চনৰ এপ্রিলৰ পৰাহে নির্মাণ আৰম্ভ হয়। ১৯৯৭ চনৰ ২২ জানুৱাৰীত তদানীন্তন প্রধান মন্ত্রী এইচ ডি দেৱেগৌড়াই ধেমাজি জিলাৰ কুলাজানত দলং নির্মাণৰ আধাৰশিলা স্থাপন কৰে। আনহাতে, ২০০২ চনৰ ২২ এপ্রিলত সেই সময়ৰ প্ৰধান মন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ডিব্ৰুগড়ৰ চৌকিডিঙিত নির্মাণকার্যৰ শুভাৰম্ভ ঘটায়। দেশৰ চাৰিজনকৈ প্রধান মন্ত্রী কার্যকালৰ সুদীর্ঘ ২১ বছৰত বগীবিল দলঙৰ নির্মাণ সম্পূর্ণ নােহােৱাৰ বিপৰীতে ২২ বছৰৰ মূৰত পঞ্চমজন প্রধান মন্ত্রী কার্যকালত ২০১৮ চনত দলংখনৰ নির্মাণ সম্পূর্ণ হৈ উঠিল। উৰ-পূৰ্বাঞ্চলৰ অন্যতম জীৱনৰেখা বুলি বিবেচিত বগীবিল দলং নিৰ্মাণৰ উদ্দেশ্য আছিল— চুবুৰীয়া দেশৰ পৰা আহিব পৰা ভাবুকিৰ বিপৰীতে দেশৰ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰা। তদুপৰি ভাৰতচীন সীমান্তলৈ যাতায়াত আৰু যােগাযােগ খৰতকীয়া কৰি তুলিবলৈ বগীবিল দলং নিৰ্মাণৰ সিদ্ধান্ত লােৱা হৈছিল। প্রাকৃতিক, অর্থনৈতিক আৰু ৰাজনৈতিক অনিশ্চয়তাৰ বাবে বগীবিল দলঙৰ নিৰ্মাণ লেহেমীয়া হৈছিল। তদুপৰি আছিল বিভিন্ন প্রত্যাহ্বান। ব্ৰহ্মপুত্ৰৰ আগতীয়া বা প্রলয়ংকৰী বানৰ বাবে মূলতঃ প্রথম অৱস্থাত প্রতিবছৰৰ নৱেম্বৰৰ পৰা মার্চলৈকেহে দলং নির্মাণ কৰিব পৰা হৈছিল। শ্রমিকে অবিৰতভাৱে কাম কৰিব পৰা নাছিল, কাৰণ বাৰিষা নদৰ জলপৃষ্ঠই ভয়ংকৰ ৰূপ লয়। সেয়ে ২০০২ চনৰ এপ্রিলত আনুষ্ঠানিকভাৱে নিৰ্মাণৰ শুভাৰম্ভ হ'লেও প্রকৃততে সেই বছৰৰ নৱেম্বৰৰ পৰাহে দলং নির্মাণ আৰম্ভ হয়। বগীবিল এলেকাত ব্ৰহ্মপুত্ৰৰ সঘনে সুতি সলনি হােৱাত নির্মাণ সামগ্রী সৰবৰাহ কৰাৰ ক্ষেত্ৰতাে জটিলতাৰ সৃষ্টি হৈছিল। ফলত ‘পাইপলাইন’ ব্যৱস্থাৰে সামগ্রী সৰবৰাহকৰিব লগা হৈছিল।


দীর্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত বগীবিল দলং ৰাষ্ট্ৰীয় প্রকল্প হিচাপে ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি উঠিছে। এফালে ৰাষ্ট্রৰ সম্পদ আৰু আনফালে ই অসমৰ যাতায়াত আৰু যােগাযােগৰ নৱতম। মাইলৰ খুঁটি হিচাপে বিবেচিত হব। ৪.৯৪ কিলােমিটাৰ দীঘল দলংখন নির্মাণ হ'বলৈ ২২ বছৰৰ প্রয়ােজন হােৱাত বিগত সময়ত দলং নিৰ্মাণৰ অগ্ৰগতিৰ ক্ষেত্ৰত ব্যাপক বিতর্কৰাে সূত্রপাত হয়। সেই বিতর্কৰ চৰ্বিত-চর্বণ নকৰি বগীবিল দলং কেনেকৈ নির্মাণ হ’ল বা সামগ্রিকভাৱে এই দলঙে অসমত কেনেদৰে প্ৰভাৱ পেলাব, সেয়াহে এই সময়ৰ আলােচ্য বিষয় বুলি বিবেচনা কৰা হৈছে।

চুবুৰীয়া ৰাষ্ট্র চীন আৰু ম্যানমাৰ সীমান্তৰে যােগাযােগ ক্ষিপ্ৰ কৰি তােলাৰ ক্ষেত্ৰত বগীবিল দলঙে প্রভূত অৰিহণা আগবঢ়াব। তদুপৰি এই দলঙে উজনি অসমৰ লগতে অৰুণাচল প্রদেশৰ পূব দিশৰ কেইবাখনাে জিলাৰ লগত পােনপটীয়া আৰু খৰতকীয়া যােগাযােগ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা ল'ব। তাতােকৈ অধিক উত্তৰ পাৰৰ লখিমপুৰ, ধেমাজি জিলাৰ লগত দক্ষিণ পাৰৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ আর্থসামাজিক দিশত বগীবিল দলং উন্নয়নৰ মধ্যমণি ৰূপে চিহ্নিত হ'ব। প্রাকৃতিক বানৰ বাদে উক্ত জিলাকেইখনৰ যাতায়াত, যােগাযােগ, চিকিৎসা, ব্যৱসায়, পর্যটন আদিৰ ক্ষেত্ৰত যিসমূহ বাধা আছিল, সেই বাধা বহুলাংশে দলংখনে হ্ৰাস কৰিব। আন্তঃদেশীয় যাতায়াতৰ ক্ষেত্ৰত অসম আৰু অৰুণাচলৰ মাজত সময় ৰাহি হ'ব। অৰুণাচলৰ পাচিঘাট বা ইটানগৰৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়া হৈ পুনৰ অৰুণাচলৰ তেজু বা চাংলাং জিলালৈ যাবলৈ অতি কম সময়ৰ প্রয়ােজন হ'ব। একেদৰে শিৱসাগৰ, ডিব্ৰুগড়ৰ দিশৰ পৰা বগীবিলৰ ওপৰেৰে কম সময়তে উত্তৰ পাৰৰ উজনি অসম বা অৰুণাচললৈ যাবলৈ সুবিধা হব।

দলংখনে উত্তৰ পাৰৰ চিলাপথাৰৰ সমীপৰ কুলাজানত ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ (নতুন নম্বৰ ১৫) আৰু দক্ষিণ পাৰত থকা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক সংযােগ কৰিছে। দুয়ােপাৰৰ এই দুয়ােটা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ব্রহ্মপুত্র সহিতে ব্যৱধান আছিল ২৯.৪৪৬ কিলােমিটাৰ। এই ব্যৱধানক এটা নতুন ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰি সংযােগ কৰা হৈছে। বগীবিল দলং যিহেতু ৰাষ্ট্ৰীয় প্রকল্প, সেয়ে দলঙৰ সমান্তৰালভাৱে আন কেইবাটাও উপ-প্রকল্প ৰাষ্ট্ৰীয় প্রকল্প অধীনস্থ আছিল। ইয়াৰে কেইবাটাও উপ-প্রকল্প সম্পূর্ণ হৈছে। ইয়াৰ ভিতৰত অন্যতম গুরুত্বপূর্ণ উপ-প্রকল্পটো হৈছেছটা নতুন ৰেল ষ্টেচন স্থাপন। দক্ষিণ পাৰৰ ডিব্ৰুগড়-লামডিং শাখাৰ ৰে'লপথছােৱাৰ চাউলখােৱা আৰু মৰাণ ষ্টেচনৰ পৰা উত্তৰ পাৰৰ ৰঙিয়ামুর্কংচেলেক ৰে'লপথ শাখাৰ চিচিবৰগাঁও আৰু শ্ৰীপানি ষ্টেচন সংযােগ কৰি নতুন ৰেলপথছােৱা নিৰ্মাণ কৰা হৈছে। দলংখনৰ পৰা উৰ পাৰৰ নিকটতম নতুন ষ্টেচনটো হৈছে ‘টঙানি’আৰু দক্ষিণ পাৰৰ নিকটতম ষ্টেচনটো হৈছে ‘ধামালগাঁও। মাজত দলংখনক লৈ এই দুয়ােটা ষ্টেচনৰ মাজৰ ব্যৱধান ১৬.৬৫ কিলােমিটাৰ আৰু পথছােৱাত দ্বিশাৰীৰ ব্রডগজ ৰে'লপথ নির্মাণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্রকল্প অধীনত বগীবিল দলঙক কেন্দ্ৰ কৰি উৰ আৰু দক্ষিণ পাৰৰ গাইড বান্ধ, মথাউৰি, প্রায় ৩০ কিলােমিটাৰ দৈর্ঘ্যৰ এটা নতুন পথ, ৭৪ কিলােমিটাৰ দৈৰ্ঘ্যৰ এটা নতুন ৰেলপথ আদিও উপ-প্রকল্পত অন্তর্ভুক্ত হৈ আছে। কেন্দ্রীয় চৰকাৰে বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নির্মাণৰ অনুমােদন জনােৱাৰ সময়তে ৰেল ইণ্ডিয়া টেনিকেল এণ্ড ইঞ্জিনিয়াৰিং ছার্ভিচেজ, চমুকৈ আৰ আই টি ইয়ে প্রানিৰ্মাণৰ অধ্যয়ন-অনুসন্ধান, ভূ-কাৰিকৰী অনুসন্ধানৰ লগতে সম্পূর্ণ নক্সা তৈয়াৰ কৰে। আৰ আই টি ইৰ অধীনত দেশৰ একাধিক জ্যেষ্ঠ অভিযন্তাই দলঙৰ সামগ্রিক নক্সা প্রস্তুত কৰে। প্রথম পর্যায়ত দলঙৰ বাবে ৩৬টা খুটাৰ নক্সা আছিল যদিও পৰৱৰ্তী সময়ত খুটাৰ সংখ্যা ৪২টালৈ বৃদ্ধি কৰা হয় আৰু সেইমর্মে প্রকল্প ব্যয়াে বৃদ্ধি কৰা হয়। বাকচ আকৃতিৰ দলংখনৰ নক্সাক Truss Bridge বােলা হয়।

দলং নির্মাণ স্থানত ব্ৰহ্মপুত্ৰৰ প্রস্থ প্রায় ১০.৩০ কিলােমিটাৰ যদিও ঋতুভেদে এইপৰিমাণ সামান্য বঢ়া-টুটা হয়। নদীখনৰ প্ৰস্থৰ বিপৰীতে দলংখনৰ দৈর্ঘ্য ৪.৯৪ কিলােমিটাৰ। প্রথম পর্যায়ত প্রকল্প ব্যয় ১,৭৬৭ কোটি টকা ধার্য কৰা হৈছিল যদিও নির্মাণ সমাপ্তিৰ সময়ত এই ব্যয় ৪,৯৯৬ কোটি টকালৈ বৃদ্ধি পায়। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ পৰা প্রায় ৩২ মিটাৰ উচ্চতাত নির্মাণ কৰা বগীবিল দলঙৰ মুঠ ব্যয়ৰ ৭৫ শতাংশ কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে আৰু ২৫ শতাংশ ৰেল মন্ত্রণালয়ে ব্যয় কৰে। বগীবিল দলং নিৰ্মাণত দেশীয় প্রযুক্তিৰ লগতে ছুইডেন আৰু ডেনমার্ক অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। সেইমর্মে ভাৰতীয় কোম্পানী হিন্দুস্তান কনষ্ট্রাকশন কোম্পানীয়ে ৫১ শতাংশ, জার্মান কোম্পানী DSB Brouckenbal-এ ২০ শতাংশ, VNR Infrastruction কোম্পানীয়ে ২৯ শতাংশ অংশীদাৰিত্বৰে দলং নির্মাণ সম্পূর্ণ কৰে। ভাৰতীয় কোম্পানী গেমন ইণ্ডিয়াই দলংখনৰ মূল আধাৰ ৪২টা খুঁটা নির্মাণ কৰে। কোম্পানীটোৱে ২০০২ চনত কৰা পৰিকল্পনা মতে দলংখন নির্মাণ ২০০৯ চনত সম্পূৰ্ণ হ'ব লাগিছিল যদিও সেয়া সম্ভৱ নহ'ল। ইয়াৰ পাছত ২০১৫ চনৰ নৱেম্বৰ, ২০১৬ চনৰ ডিচেম্বৰ, ২০১৭ চনৰ ডিচেম্বৰ আদি সময়ত দলং মুকলিৰ সম্ভাব্য সময় ধৰা হৈছিল যদিও বাস্তৱত সেয়া সম্ভৱ নহ'ল। ২০১৪ চনৰ ২৫ জুলাইত তদানীন্তন ৰে'ল ৰাজ্যমন্ত্রী মনােজ সিঙে ৰাজ্যসভাত এটা লিখিত প্রশ্নৰ উত্তৰত বগীবিল দলং ২০১৭ চনৰ মাৰ্চৰ। | ভিতৰত সম্পূর্ণ হ'ব বুলি ঘােষণা কৰিছিল যদিও সেয়াও বাস্তৱত পৰিণত নহ'ল। ২,০০০-২,৫০০ শ্রমিক-কর্মচাৰী নিয়ােজিত প্রকল্পটো যােৱা ছেপ্টেম্বৰত নির্মাণ সম্পূর্ণ হয় আৰু যাত্রীবাহী, মালবাহী ৰে'ল চলাচলৰ পৰীক্ষণ সম্পন্ন হােৱাত চলিত বছৰ ২৫ ডিচেম্বৰত আজি দলংখন প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। 

দলঙৰ মূল আধাৰ বগীবিল দলং নির্মাণ কেইবাটাও দিশত ব্যতিক্রম। দলঙৰ নক্সাক Truss Bridge বুলি কোৱা হৈছে। মুঠ ৪২টা ‘ডি’ আকৃতিৰ কুঁৱাসদৃশ মূল স্তম্ভৰ ওপৰত দলংখন থিয় হৈ আছে। ইয়াৰ বেধৰ পৰিমাণ ১৬.২ মিঃ x ১০.৫ - মিঃ। খুটাৰ গভীৰতা ৫৮.৬০ মিটাৰ যদিও পাৰৰ ফালে ক্রমে ৪২ মিটাৰ আৰু ৬৮.৭৫ মিটাৰ। একোটা মূল স্তম্ভৰ ওপৰত যুৰীয়া খুঁটা নির্মাণ কৰা হয়। যুৰীয়া খুটাৰ বাহিৰৰ বেধ ৫.৩০ মিটাৰ আৰু অন্তর্ভাগৰ বেধ ৩.৩০ মিটাৰ। খুঁটাৰ ওপৰৰ অংশ (কেপ) ১.২ মিটাৰ ডাঠ। ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিচহীয়া মাটি খান্দি নির্মাণ কৰা খুটাবােৰৰ ব্যৱধান ১২৫ মিটাৰ। সেই সূত্রে দুখলপীয়া দলংখনত ব্যৱহাৰ কৰা তীখাৰ সজাসমূহ ১২৫ মিটাৰ দীঘল। বগীবিল দলংখনৰ ওপৰৰ অংশটোক ‘ছুপাৰ স্ট্রাকচাৰ' বুলি কয়। এই ছুপাৰ স্ট্রাকচাৰ সম্পূৰ্ণৰূপে জ্বালাই কৰা (Fully Welded) বাবে যােৰা লগাবলৈ নট-বল্টৰ প্ৰয়ােজন নহ'ল। নট-বল্ট নথকাৰ বাবে ছুপাৰ স্ট্রাক্সাৰৰ ওজন বহুপৰিমাণে হ্রাস পালে। এই ‘ছুপাৰ স্ট্রাকচাৰ'টোক সম্পূর্ণভাৱে জনা যায় Composite Welded Double Warren Truss operate o ঘনত্বৰে জ্বালাই কৰা সজা বা ট্রাছ। ইয়াৰ জোখ ১x৩২.৭৫+৩৯x১২৫ মিটাৰ +১x৩২.৭৫ মিটাৰ।

দলংখন দুখলপীয়া। দেখাত ই বাকচ আকৃতিৰ। তলৰ খাপেৰে ৰেল চলিব আৰু ওপৰৰ খাপেৰে গাড়ীমটৰ চলাচল কৰিব। দলঙৰ তলৰ খাপত খুটাৰ ওপৰত তীখাৰ ধৰণী স্থাপন কৰি তীখাৰে মজিয়াখন নির্মাণ কৰা হৈছে যদিও এই মজিয়া সম্পূৰ্ণৰূপে আবৃত্ত নহয়, ধৰণীৰ লগত ‘পূৰণ চিন’ৰ দৰে তলৰ মজিয়াখন। তীখাৰে সংযােগ কৰি নিৰ্মাণ কৰা হৈছে বাবে মজিয়াখনত ত্রিভুজ আকৃতিৰ ফুটা আছে। ইয়াৰ বিপৰীতে ওপৰ খাপেৰে গাড়ী-মটৰ চলিব লগা পথৰ মূল মজিয়াখন পথালিকে থকা তীখাৰ ধৰণীৰ ওপৰত কংক্রিটেৰে নিৰ্মাণ কৰা হৈছে। এই পথ তিনিশৰীয়া (থ্রী লেন)। ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিশেষ প্রযুক্তিৰে এই পথৰ মজিয়া নির্মাণ কৰা হৈছে।

বগীবিল দল প্রধান কর্তৃপক্ষ ভাৰতীয় ৰে'লৱে। ভাৰতীয় ৰেলৱেৰ অন্যতম খণ্ড উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত দলংখন নির্মাণ হৈছে আৰু ইয়াৰ তত্ত্বাৱধানৰ দায়িত্ব উত্তৰ-পূৰসীমান্ত ৰেলৱেৰ থাকিব বাবে মূল কর্তৃত্বও উত্তৰ-পূর্ব সীমান্ত ৰে'লৱেৰ।

বগীবিল দলঙৰ ছুপাৰ স্ট্রাকচাৰ নিৰ্মাণত ৭০ হাজাৰ টন উচ্চমানৰ তীখা ব্যৱহাৰ কৰা হৈছে। ইয়াৰে ২০ হাজাৰ টন তীখা ইচ্ছাৰ (ESSAR) ষ্টীলে যােগান ধৰিছে। দলংখনৰ স্থায়িত্ব ১০০ বছৰ বুলি ধৰা হৈছে। নির্মাণৰ | প্ৰতিটো কামৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানক গুৰুত্ব দিয়া হৈছে। চুপাৰ ষ্টাকচাৰৰ তীখাৰ জ্বালাইৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন পদ্ধতি ইউৰাে মানত (Euro Standard) সম্পন্ন কৰা হৈছে। এই মান Segmental Quality Plan (SQP)ৰ অনুমােদিত মান। ছুপাৰ স্ট্রাকচাৰসমূহব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নিৰ্মাণ কৰি বিশেষ ট্রল পদ্ধতিৰে দলঙৰ খুটাৰ ওপৰলৈ চলাই আনি একাদিক্রমে স্থাপন কৰা হৈছে। এই স্থাপনৰ বেলিকা দুটা স্ট্রাকচাৰ মাজৰ ফাক জ্বালাইৰে সংযােগ কৰা হৈছে। সেয়ে দলংখনত নট-বল্টৰ ব্যৱহাৰ নাই। ১২৫ মিটাৰ দীঘল মুঠ ১০টা ছুপাৰ স্ট্রাকচাৰ দলঙৰ খুটাৰ ওপৰত স্থাপন কৰি দলংখন নির্মাণ কৰা হৈছে। ১,০০০ মেট্রিকটন ওজন বহন কৰিব পৰা বিশেষটুলীসদৃশ পদ্ধতিৰে ছুপাৰ স্ট্রাকচাৰসমূহ স্থাপন কৰা হৈছে।

নির্মাণ গােষ্ঠী হিন্দুস্তান কনষ্ট্রাকশ্বন কোম্পানীয়ে সদৰী কৰা মতে, ছুপাৰ স্ট্রাকচাৰত ব্যৱহাৰ মুঠ তীখাৰ পৰিমাণ ৭০ হাজাৰ মেট্রিকটন, যিখিনি তীখা ১০টা আইফেল টাৱাৰত ব্যৱহাৰ কৰা তীখাৰ সমান। আনহাতে, সম্পূর্ণ জ্বালাইৰে নিৰ্মাণ কৰা দলংখনত জ্বালাইৰ মুঠ দৈর্ঘ্য ১২,৮০০ কিলােমিটাৰ, এই দৈর্ঘ্য চন্দ্ৰৰ পৰিধিৰ ডেৰগুণতকৈ সামান্য কম। (চন্দ্ৰৰ পৰিধি ১০,৯১৬ কিলােমিটাৰ)।

বগীবিল প্রকল্পৰ বাবে মুঠ ৫০৫ হেক্টর ভূমিৰ প্রয়ােজন হয়। ক্ষতিপূৰণৰ বিনিময়ত এই ভূমি হস্তান্তৰ কৰে। আনহাতে, দলংখনৰ সুৰক্ষাৰ বাবে দুয়ােপাৰে শক্তিশালীমথাউৰিৰ দৰে ‘ডাইক’ নির্মাণ কৰা হৈছে আৰু এই কাম ২০১১ চনৰ জুনত শেষ হয়। উৰ পাৰৰ ‘এপ্রােছ’ মথাউৰিৰ দৈর্ঘ্য ৩.১২৫ কিলােমিটাৰ আৰু দক্ষিণ পাৰত ২.২৫ কিলােমিটাৰ। দুয়ােপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত ১৬.৭১ কিলােমিটাৰ মথাউৰি ৰাজ্যিক গড়কাপ্টানী বিভাগৰ (এন এইচ) তত্ত্বাৱধানত নির্মাণ কৰা হৈছে। দুয়ােপাৰৰ এপ্রােছগড়কাপ্টানী (এন এইচ) বিভাগে নির্মাণ কৰিছে। | ডিব্ৰুগড় নগৰৰ পৰা ১৭ কিলােমিটাৰ নামনিত বগীবিল দলং নিৰ্মাণ কৰা হৈছে। ধেমাজি সদৰৰ পৰা বগীবিল দলঙলৈ ৪২ কিলােমিটাৰ দূৰ। ধেমাজিৰ পৰা জোনাইলৈ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ২৮ কিলােমিটাৰ অগ্ৰসৰ হ'লে কুলাজান পােৱা যায়। এই কুলাজানৰ পৰা সৌদিশে নতুনকৈ নিৰ্মাণ কৰা পথটোৰে ১৪ কিলােমিটাৰ গলেই বগীবিল দলঙত উঠিব পাৰি। আনহাতে,বগীবিল দলঙৰ উত্তৰ মূৰৰ পৰা কুলাজান হৈ চিলাপথাৰলৈ দূৰত্ব ২১ কিলােমিটাৰ। চিলাপথাৰৰ পৰা অসম-অৰুণাচল সীমান্তৰ লিকাবালিলৈ ৬ কিলােমিটাৰ। সেয়ে বগীবিল দলঙৰ উত্তৰ মূৰৰ পৰা অৰুণাচল সীমান্তলৈ মাত্র ২০ কিলােমিটাৰ দূৰ। আনহাতে, বগীবিলৰ উত্তৰ মূৰৰ পৰ জোনাইলৈ ৭৯ কিলােমিটাৰ আৰু পাচিঘাটলৈ ১১৫ কিলােমিটাৰ। দক্ষিণ পাৰৰ ডিব্ৰুগড়ৰ পৰা উৰ দিশৰ অৰুণাচললৈ দলংখনে দূৰত্ব আৰু সময় হ্রাস কৰিলে।

অভিযান্ত্রিক বিদ্যাৰ শেহতীয়া প্রযুক্তিৰে নিৰ্মাণ কৰ বগীবিল দলং আন কেইবাটাও ক্ষেত্ৰত অতুলনীয় বুলি দাবী কৰে নিৰ্মাণ গােষ্ঠী হিন্দুস্তান কনষ্ট্রাকশন কোম্পানীয়ে। সেইমর্মে দলংখন ভূ-কম্পন সহিষ্ণু দীর্ঘম্যাদী হ’ব। আনহাতে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত দলংখনে ল’ব গুৰুত্বপূর্ণ ভূমিকা। ভাৰত-চীন সীমান্ত মুঠদৈর্ঘ্য ৩,৪৮৮ কিলােমিটাৰ। ইয়াৰে ৭৫ শতাংশ সীম অৰুণাচল প্রদেশৰ উত্তৰ অংশত আবৃত্ত। সীমান্ত সুৰক্ষাৰ বাবে সেনা সঞ্চালন, সামগ্রী বা ৰচদ-পাতি ডিব্ৰুগড়ৰ পৰা সৰবৰাহ কৰিবলৈ বগীবিল দলইে হ’ব চুটি পথ বিগত প্রায় দুটা দশকৰ পূর্বে ভাৰত-চীন সীমান্ত | সমীপৱৰ্তী উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে একাধিক কৌশলপূর্ণ তথা অভিলাষী আঁচনি হাতত লৈছিল। ইয়াৰ ভিতৰত বগীবিল দলং নির্মাণ, ট্রেন্স অৰুণাচল হাইৱে’ নির্মাণ দিবাং, লােহিত আদি নৈত দলং নির্মাণ, উৰ পাৰ মিটাৰগজ ৰেলপথক ব্রডগজলৈ ৰূপান্তৰ কৰা আদিয়েই আছিল প্রধান। সম্প্রতি ইয়াৰে কেইবাটাও আঁচনি সমাপ্তিৰ পথত।

পর্যটনৰ ক্ষেত্ৰতাে বগীবিল দলবে সম্ভাৱনীয়তাৰ দুৱাৰ খােলাত সহায়ক হ'ব উজনি অসমৰ উত্তৰ পাৰৰ প্ৰদূষণমুক্ত বায়ু নৈসর্গিক দৃশ্য, অৰুণাচলৰ পৰা নাচি-বাগি নামি অহা নৈ-জান-জুৰি, অৰুণাচলৰ অটব্য অৰণ্য, অসম-অৰুণাচল কেইবাখনাে ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্য সংৰক্ষিত বনাঞ্চল প্রত্যক্ষ কৰাৰ লগতে দক্ষিণ পাৰৰ ষ্টীলৱেল ৰােড, পাংচু পা আদিলৈ সুগম যাতায়াতৰ বাবে বগীবিত দলঙে গুৰুত্বপূর্ণ ভূমিকা ল’ব। বগীবিল দলঙৰ লগত ধেমাজি বানপানী আৰু ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ ভাবুকি সন্দৰ্ভত বিশদ অধ্যয়ন প্রয়ােজন আছে। শৰাইঘাট দলং নির্মাণ পাছত পলাশবাৰীৰ খহনীয়া কলীয়াভােমােৰা দলং নিৰ্মাণৰ পাছত ভূৰাগাঁও, লাহৰীঘাটৰ খহনীয়া আৰ নৰনাৰায়ণ সেতু নির্মাণৰ পাছত গৌৰীপুৰত সৃষ্টি হােৱা বানৰ দৰে বগীবিল দলঙৰ ফলতাে ধেমাজি ব মাজুলীত গৰাখহনীয়া বৃদ্ধি পাব পাৰে। এইবােৰ সমস্য সন্দৰ্ভতাে অধ্যয়নৰ প্রয়ােজন আছে। সামগ্রিকভাৱে বগীবিল দলং নির্মাণ সম্পূর্ণ হােৱাৰ খবৰে অসমবাসীক আনন্দিত কৰি তুলিছে। ভৱিষ্যত সময়ছােৱাত উজনি অসমকে ধৰি অৰুণাচল প্রদেশৰ ৫০ লাখ লােকআর্থ-সামাজিক দিশত বগীবিল দলঙে প্রত্যক্ষ বা পৰােক্ষভাৱে প্ৰভাৱ পেলােৱাটো নিশ্চিত।

পলকতে বগীবিল দলং (ভাৰতৰ দীর্ঘতম ৰে'ল আৰু পথ দলং) নামঃ বগীবিল দলং (স্থায়ী নামকৰণ হােৱা নাই) দৈর্ঘ্য ও ৪.৯৪ কিলােমিটাৰ। সংযােগঃ (ক) ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা
(খ) ৫২ নম্বৰ (নতুন নম্বৰ ১৫) ৰাষ্ট্ৰীয় ঘাইপথ আৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৰঙিয়া-মুর্কংচেলেক ৰে'লপথ আৰু লামডিং ডিব্ৰুগড় ৰেলপথ।
আকাৰঃ দুখলপীয়া নির্মাণ সামগ্রী ও তীখা আৰু কংক্রিট 1971: Truss Bridge ৰেলপথ ঃ তলৰ খাপত দুশাৰী ব্ৰডগজ ৰে'লপথ পথঃ ওপৰৰ খাপত তিনিশৰীয়া (থ্রী লেন) পথ
পথৰ দৈর্ঘ্য ও দলঙৰ ওপৰেৰে মুঠ ২৯.৪৭ কিলােমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ । প্রযুক্তি ব্যৱহাৰঃ ভাৰতীয়ৰ লগতে ছুইডেন আৰ ডেনমার্ক অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ।
প্রকল্প ব্যয়ঃ প্ৰাৰম্ভিক অৱস্থাত ১,৭৬৭ কোটি টকা অন্তিম পর্যায়ত ৪,৯৯৬ কোটি টকা। উচ্চতাঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ পৰা ৩২ মিটাৰ (প্রায়)
আধাৰশিলাঃ ১৯৯৭ চনৰ ২২ জানুৱাৰীত প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াৰ দ্বাৰা ধেমাজিৰ কুলাজানত। নিৰ্মাণৰ শুভাৰম্ভঃ ২০০২ চনৰ ২২ এপ্রিলত প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত।
দলং অনুমােদনঃ ১৯৯৭-৯৮ চন। দলং কর্তৃপক্ষঃ  ভাৰতীয় ৰে'লৱেৰ উত্তৰ-পূর্ব সীমান্ত ৰে'লৱে।
ৰাষ্ট্ৰীয় প্রকল্পৰূপে ঘােষণাঃ ২০০৭ চনত ইউ পি ও চৰকাৰৰ দিনত। নির্মাণ সমাপ্তঃ ডিচেম্বৰ ২০১৮ চন।
লেখক অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোন নং ৯৪৩৫০-৮৬৯৫১

No comments:

Post a Comment