স্বাস্থ্যঃ ফ্লৰাইডযুক্ত পানীৰ বৰবিহ আৰু ফ্লুৰ'চিচ ৰোগৰ ভয়াবহতা :: ডা০ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ ফ্লৰাইডযুক্ত পানীৰ বৰবিহ আৰু ফ্লুৰ'চিচ ৰোগৰ ভয়াবহতা :: ডা০ ভূপেন শইকীয়া

স্বাস্থ্যঃ ফ্লৰাইডযুক্ত পানীৰ বৰবিহ আৰু ফ্লুৰ'চিচ ৰোগৰ ভয়াবহতা :: ডা০ ভূপেন শইকীয়া

Share This
অসমৰ কিছুমান অঞ্চলৰ খোৱাপানীত ফ্লৰাইডৰ বৰবিহ থকা বুলি বাতৰি কাকতৰ শিৰোনাম দখল কৰা সতকাই দেখা পোৱা যায়। বহু লোকেই এই নিৰৱ আৰু শ্ল' পইজন সদৃশ মিনাৰেল সেৱন কৰি আছে আৰু ই দীৰ্ঘদিনত জনজীৱনৰ বাবে এক ভয়াবহ স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সেয়ে বিষয়টোত জন-সচেতনতাৰ বাবে আজিৰ এই লেখাটি প্ৰস্তুত কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  খোৱা পানীত প্ৰতিলিটাৰত ১মিলিগ্ৰামৰ কম ফ্লৰাইড থাকিব লাগে৷১.১ৰ পৰা ২ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'উচ্চ' বুলি গণ্য কৰা হয়৷ ২.১ ৰ পৰা ৫ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'অতি উচ্চ' বুলি গণ্য কৰা হয়৷ ৫ মিলিগ্ৰামৰ ওপৰত ফ্লৰাইড থাকিলে সেয়া 'অতি বিপদজনক ভাবে উচ্চ' বুলি গণ্য কৰা হয়৷আনহাতে কোনো কোনো ঠাইত প্ৰতিলিটাৰ পানীত ৪৮মিলিগ্ৰাম পৰ্যন্ত ফ্লৰাইড পোৱা গৈছে৷ভাৰতকে ধৰি বিশ্বৰ ২৩খন দেশত  ফ্লুৰ'চিচ ৰোগ দেখা যায়৷এক তথ্যমতে অসমক  ধৰি ভাৰতৰ ১৬খন প্ৰদেশত ৬২লাখ ভূক্তভোগীৰ ভিতৰত ৬লাখৰো অধিকজন হ'ল শিশু৷পৰিতাপৰ কথা আমাৰ দেশৰ ৫০শতাংশ ভূগৰ্ভস্থ জলত থকা ফ্লৰাইডৰ পৰিমাণ বিপদ সীমাৰ ওপৰত৷কিন্তু সেই অনুপাতে জন সচেতনতা বা চৰকাৰী আঁচনিৰ সৎপ্ৰয়োগ হোৱা পৰিলক্ষিত হোৱা নাই৷

ফ্লুৰ'চিচক উজু ভাষাত বুজাবলৈ হলে কব লাগিব যে উচ্চ পৰিমাণৰ ফ্লৰাইডযুক্ত খোৱা পানীৰ দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক অপকাৰসমূহৰ চিকিৎসকে দিয়া নাম হ'ল ফ্লুৰ'চিচ৷ৰোগৰ লক্ষণসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ (১) ডেন্টেল ফ্লুৰ'চিচ (২) স্কেলিটেল ফ্লুৰ'চিচ (৩) নন স্কেলিটেল ফ্লুৰ'চিচ৷

ৰোগৰ উৎপত্তিৰ কাৰণ হ'ল ফ্লৰাইড দাঁতত, হাঁডত, মাংসপেশিত আৰু নাড়ীৰ মিউক'চাত জমা হোৱাৰ ফলত হোৱা ক্ষতি৷জীৱনৰ প্ৰাৰম্ভিক দহটা বছৰত আৰু পুষ্টিহীনতাত ভোগা মাতৃৰ সন্তানে ফ্লুৰ'চিচ ৰোগত সহজে  আক্ৰান্ত  হয়৷ পোনতে দাঁতত হালধীয়া,মূগা বা ক'লা ৰঙ ধৰিব আৰম্ভ কৰে৷ দাঁতত গাঁত হবলৈ ধৰে আৰু দন্তক্ষয় হবলৈ ধৰে৷ ক্ৰমে হাঁডৰ বিষ,  গাঁঠিৰ বিষ, মাংসপেশিৰ বিষ আৰু হাঁডৰ গঠন বা আকৃতিৰ বিসংগতি হবলৈ ধৰে৷ আঁঠুৰ হাঁড়, ৰাজহাঁড়,কিলাকুটি বেকা হবলৈ ধৰে৷হাতৰ বা ভৰিৰ কোনো অংশৰ হাঁড় অস্বাভাবিকভাবে বাঢ়িবলৈও ধৰে৷ অকালবাৰ্দ্ধক্য হ'ল ফ্লুৰ'চিচৰ পৰিমাণ৷ কেটেৰেক্ট, দৃষ্টিশক্তি হ্ৰাস, গৰ্ভপাত, সন্তানহীনতা  আদিও  ফ্লুৰ'চিচৰ ফলত হোৱা দেখা যায়৷ ফ্লুৰচিচ আক্ৰান্ত (এণ্ডেমিক)  অঞ্চলত পেটৰ বিষ,বমি,আভোক, শৌচ এবাৰ কঁচা-এবাৰ পনীয়া হলে, পেটত বায়ু অধিক হলে জানিব লাগিব সেয়া ফ্লৰাইডে ৰোগীৰ পাক প্ৰণালীত কৰা অপকাৰৰ ফলত হৈছে৷ এইবিলাক নন স্কেলিটেল ফ্লুৰ'চিচৰ লক্ষণ৷

খোৱা পানীৰ ওপৰিও ঔদ্যোগিক প্ৰদূষণে নিৰ্গত কৰা পাৰিপাৰ্শ্বিকতাত উৎপন্ন হোৱা ফ্লৰাইডেও  ফ্লুৰ'চিচ  কৰিব পাৰে৷সীমিত পৰিমাণৰ টুথপেষ্টত থকা ফ্লৰাইডে দন্তক্ষয় ৰোধ কৰাৰ বিপৰীতে অধিক পৰিমাণৰ ফ্লৰাইডে দাঁতৰ অনিষ্ট কৰে৷কোনো শীতল পানীয় বা খাদ্য সামগ্ৰীত ফ্লৰাইড থাকিলে তাক ব্যৱহাৰ নকৰাই শ্ৰেয়৷

ফ্লুৰ'চিচৰ চিকিৎসাতকৈ ৰোগৰ প্ৰতি লবলগীয়া সতৰ্কতাৰ বেচি আৱশ্যক৷এবাৰ পংগুত্বক সাবতি লোৱা বা দাঁতসমূহ বিনষ্ট হোৱাৰ পিছত কোনো চিকিৎসাই আৰোগ্য প্ৰদান কৰিব নোৱাৰে৷অতি সাধাৰণভাৱে ৰোগত ভোগাসকলক কেলচিয়াম, ভিটামিন- চি, এন্টি অস্কিটেন্ট আৰু দাঁতৰ ৰঙক আবুৰ কৰা চিকিৎসা আদি প্ৰদান কৰা হয়৷

ৰোগ নোহোৱাকৈ থাকিবলৈ হলে 'ডিফ্লৰাইডেশ্বন'ৰ আৱশ্যক৷ ফ্লৰাইড নোহোৱা পানী খাবলৈ হলে ঘৰুৱাভাবে বা ৰাজহুৱাভাবে চৰকাৰে আক্ৰান্ত অঞ্চলসমূহত ফিল্টাৰৰ ব্যৱস্থা কৰিব লাগিব৷তেনে প্ৰদূষিত অঞ্চলৰ মাতৃসকলে শিশু সন্তানক পানীৰ সলনি মাতৃদুগ্ধ পান কৰাওক৷

দুই ধৰণৰ ফিল্টাৰ বৰ্তমান প্ৰচলিত - ( ১) ব'ন চাৰকোল (২) নালগোডা এক্টিভেটেড এলুমিনিয়াম চালফেট৷আকৌ যদি এণ্ডেমিক অঞ্চলত বেলেগ ঠাইৰ পৰা বিশুদ্ধ পানী আনি যোগান ধৰিলে বেচি খৰচ নহয় - তেনে ব্যৱস্থাও  জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰিব পাৰে৷

জানিবলৈ পোৱা মতে অসমৰ নগাওঁ আৰু কাৰ্বি আলং এই জিলা দুখনত অঞ্চলভেদে খোৱা পানীত থকা ফ্লৰাইডৰ পৰিমাণ হ'ল প্ৰতি লিটাৰত ২৫মিলিগ্ৰাম৷অনুমান কৰা মতে অসমত ফ্লুৰ'চিচৰ ভূক্তভোগীৰ সংখ্যা কমেও একলাখ হব আৰু তাৰে অৰ্ধেক হব মহিলা৷এই ফ্লুৰ'চিচৰ বিৰুদ্ধে যুঁজিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ,সমাজ কল্যাণ বিভাগৰ ওপৰিও চৰকাৰৰ সদিচ্ছাৰ একান্ত প্ৰয়োজন৷

No comments:

Post a Comment