শ্ৰদ্ধাঞ্জলিঃ অসম-প্ৰেমৰ নিদৰ্শন দেখুৱাই গ'ল ভাৰতৰত্ন বাজপেয়ী ডাঙৰীয়াই :: অভিনন্দন গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ অসম-প্ৰেমৰ নিদৰ্শন দেখুৱাই গ'ল ভাৰতৰত্ন বাজপেয়ী ডাঙৰীয়াই :: অভিনন্দন গোস্বামী

শ্ৰদ্ধাঞ্জলিঃ অসম-প্ৰেমৰ নিদৰ্শন দেখুৱাই গ'ল ভাৰতৰত্ন বাজপেয়ী ডাঙৰীয়াই :: অভিনন্দন গোস্বামী

Share This
ভাৰতবর্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত-ৰত্ন সন্মানেৰে বিভূষিত, ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ইহ সংসাৰ ত্যাগ কৰি চিৰনিদ্ৰাত বিলীন হোৱাৰ দিনটো আছিল দেশৰ সমাজ তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক দুখৰ দিন। বাজপেয়ী ডাঙৰীয়াই যে নিজস্ব দক্ষতা, সু-নেতৃত্ব আৰু বাগ্মিতাৰে নিজ দলৰ লগতে বিৰোধীৰো মন জয় কৰিবলৈ সক্ষম হৈছিল সেয়াই প্ৰতিপন্ন হৈছে যোৱা দিনকেইটাত কিদৰে দেশৰ সকলো স্তৰৰ আৰু ৰাজনৈতিক আদর্শৰ লোক তেখেতৰ মৃত্যুত শোকস্তব্ধ আৰু মর্মাহত হৈ পৰিছে৷ তেনে এজন মহান আৰু সুউচ্চ ব্যক্তিত্বৰ ৰাজনৈতিক নেতাৰ বিয়োগ নিশ্চয়কৈ সমগ্ৰ দেশৰ বাবেই এক অপূৰণীয় ক্ষতি৷ তাতোকৈও উল্লেখযোগ্য যে তেখেতৰ মৃত্যুত অসমে হেৰুৱালে প্ৰকৃতার্থত ৰাজ্যখনক ভাল পোৱা এজন জনদৰদী নেতাক৷ বাজপেয়ী ডাঙৰীয়াৰ অসমৰ লগত সর্ম্পক আৰু ৰাজ্যখনৰ প্ৰতি অৱদানক নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই৷ সেয়েহে তেখেতে দি যোৱা অৱদানক অসমবাসীয়ে আজি শ্ৰদ্ধাৰে সোৱঁৰিছে৷

১৯৮১ চন৷ অসমৰ আকাশে-বতাহে তেতিয়া অসম আন্দোলনৰ গুমগুমনি৷ বিদেশী বহিস্কাৰৰ দাবীৰে আৰু খিলন্জীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন তুলি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ অসমীয়া৷ তেনে এক গুৰুত্বপূর্ণ ক্ষণত ৰাজ্যবাসীৰ লগত নৈতিক আৰু সক্ৰিয় ভাবে থিয় দিছিল বাজপেয়ী ডাঙৰীয়া৷ বাংলাদেশীৰ আগ্ৰাসনৰ বিষয়টোৰ ভয়াৱহতা উপলব্ধি কৰি সংসদত প্ৰথম তেৱেঁই ভাষণ দিছিল৷ অর্থ্যাৎ অসম আন্দোলনক ৰাষ্ট্ৰীয় মান্যতা প্ৰদান কৰা সাংসদ গৰাকীয়ো তেৱেঁই৷ 

সেই সময়তে তেওঁ অসমৰ সমস্যাক মূল বিষয় হিচাপে লৈ ৰচনা কৰিছিল ‘আছাম প্ৰব্লেমঃ ৰিপ্ৰেশ্যন ন’ ছলিউশ্যন’ নামৰ গ্ৰন্হখনো৷ অসমৰ সমস্যাক তেওঁ কিমান গভীৰ তথা আত্মিকভাৱে উপলব্ধি কৰিছিল ইয়ে তাৰ প্ৰমান৷ অসম আন্দোলনক কেৱল নৈতিকভাবে সমর্থন কৰাতে ক্ষান্ত নাথাকি তেওঁ ইয়াত সক্ৰিয়ভাবে অংশগ্ৰহণো কৰিছিল আৰু ইয়াৰ বাৰে তেখেতে কাৰাবাস পর্যন্ত খাটিবলগীয়া হৈছিল৷ তেওঁৰ মূল্যবান দিহা-পৰামর্শই আন্দোলনকাৰী নেতা সকলৰ মনোশক্তি দুগুনে বৃদ্ধি কৰাৰ ওপৰিও আন্দোলনক প্ৰদান কৰিছিল এক নতুন দিশ আৰু মাত্ৰা৷ আনকি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো ইয়াক সম্পূর্ণ ৰূপত কার্যকৰী কৰি বিদেশী সমস্যা সমাধানৰ পোষকতা কৰিছিল৷ 

২০০১ চন৷ বর্তমানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সর্বানন্দ সোনোৱাল ডাঙৰীয়া তেতিয়া মৰাণ সমষ্টিৰ অগপ দলৰ বিধায়ক৷ ৰাজ্যখনৰ কিছু জলন্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ তেখেতে লগ ধৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক৷ সেই সাক্ষাততে বাজপেয়ী ডাঙৰীয়াই তেওঁক সুধিছিল “তোমাৰ সমষ্টিত কিবা ৰাষ্ট্ৰীয় প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে নেকি?”৷ তেতিয়াই তপৰাই তেখেতে উল্লেখ কৰিছিল বগীবিল প্ৰকল্পৰ কথা৷ ততাতৈয়াকে ইয়াৰ বাবে প্ৰয়োজনীয় পূঁজি মোকলাই দিবলৈ সেই সময়ৰ প্ৰধানমন্ত্ৰীৰ যুটীয়া সচিব (প্ৰশাসনিক) অশোক শইকীয়াক বাজপেয়ী ডাঙৰীয়াই নির্দেশ দিছিল। পূৰ্বৰ দেৱগৌড়া চৰকাৰৰ দিনত স্থাপন হোৱা অনুমোদন আৰু আধাৰশিলা স্থাপনৰ পাছত বাজপেয়ী ডাঙৰীয়াৰ এই উদ্যমে প্ৰকল্পটোলৈ গতি আনি দিয়ে। আৰু ইয়াৰ ঠিক পিছৰ বছৰতেই ২০০২ চনৰ এপ্ৰিল মাহত তেওঁ সোশঁৰীৰে ডিব্ৰুগড়লৈ আহি এই প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰি অসমৰ বাবে উন্নয়ন আৰু যাতায়াতৰ এক নতুন দিগন্তৰ বীজ ৰোপন কৰিছিল৷ অতি পৰিতাপৰ কথা যে পৰৱর্তী চৰকাৰৰ হেমাহিৰ বাবে বাজপেয়ী ডাঙৰীয়াৰ জীৱন কালত এই প্ৰকল্প সম্পূ্ৰ্ণ হৈ নুঠিল, ৰাইজৰ বাবে মুকলি নহ'ল৷ ইয়াৰ ওপৰিও তেখেতে ১৯৯৮ চনত নৰনাৰায়ণ সেতু আৰু ১৯৯৯ চনত অসম চুক্তিৰ ফলত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰ ৰাষ্ট্ৰৰ নামত উর্চগা কৰিছিল৷ তেখেতৰ সৃষ্টি ইষ্ট-ৱেষ্ট কৰিড’ৰৰ পৰাও অসম বহু পৰিমাণে উপকৃত হৈছে৷ 

স্বাধীনতাৰ পিছৰে পৰাই উত্তৰ-পূর্বাঞ্চল দিল্লীৰ শাসকগোষ্ঠীৰ পৰা অৱহেলিত বুলি গণ্য হৈ আহিছে৷ ইয়াৰ বিৰূপ প্ৰভাৱ অঞ্চলটোৰ উন্নয়নত বাৰুকৈয়ে পৰিছিল৷ সেই অৱস্হা উপলব্ধি কৰিব পাৰিয়েই বাজপেয়ী ডাঙৰীয়াই উত্তৰ-পূবৰ উন্নয়নৰ বাবে সুকীয়াকৈ গঠন কৰিছিল ড’নাৰ মন্ত্ৰালয়৷ অসম তথা উত্তৰ-পূবৰ প্ৰতি যে তেখেতৰ হ্ৰদয়ত এক গভীৰ অনুৰাগ আছিল ইয়াৰ দ্বাৰাই ই প্ৰতিপন্ন হয়৷ আজিলৈকে ড’নাৰ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ তত্বাৱধান আৰু পূঁজিৰ দ্বাৰা অঞ্চলটোৰ উন্নয়ন বহু পৰিমানে ত্বৰান্বিত হল আৰু ভৱিষ্যতলৈও এই মন্ত্ৰালয়ে উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত এক অন্যতম গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ এই অমূল্য অৱদানৰ বাবে বাজপেয়ী ডাঙৰীয়াক চিৰকাল প্ৰতিজন অসম আৰু উত্তৰ-পূববাসীয়ে শ্ৰদ্ধাৰে সোৱঁৰিব৷ 

২০০৫ চনত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ মূহুর্তলৈকে তেখেতে প্ৰায় ৫০ বছৰৰো অধিক কাল সংসদীয় ৰাজনীতিত অতিবাহিত কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ দৰে সর্বোচ্চ পদত অধিষ্ঠিত হৈ প্ৰজাতান্ত্ৰিক আৰু জনদৰদী দৃষ্টিভংগীৰে দেশবাসীৰ প্ৰতি যি অৱদান আগবঢ়াই গ’ল তাক সকলোৱে আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে৷ অসমৰ অস্হিৰ সময়তো অসমবাসীৰ ওচৰত থিয় দিয়া তথা ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ প্ৰতি তেওঁৰ যি সচেতনতা আৰু আগ্ৰহ আছিল তাৰ বাবেই এনে এজন যুগদ্ৰষ্টাৰ বিয়োগত অসমবাসীয়ে আজি ভাবিবলৈ বাধ্য হৈছে যে সচাঁকৈয়ে আমি এজন প্ৰকৃত অসমপ্ৰেমীক হেৰুৱালো৷ দেশৰ আন নেতা সকলে বাজপেয়ী ডাঙৰীয়াৰ পৰা অসমৰ বাবে বাস্তৱিক অৰিহণা যোগোৱাৰ শিক্ষা নিশ্চয়কৈ গ্ৰহণ কৰা উচিত।

লেখকৰ ঠিকনাঃ পুনে, মহাৰাষ্ট্ৰ, ফোন- ৮৪০২৮৫২৮০১

No comments:

Post a Comment