Tuesday, February 27, 2018

ৰূপালী পৰ্দা

এখন নাচাবলগীয়া চিনেমা – ‘পেডমেন’ 
আবিদ আজাদ

 “তুমি সেই দিনকেইটাত যি লেতেৰা কাপোৰ ব্যৱহাৰ কৰা, তেনে লেতেৰা কাপোৰ মই চাইকেল চাফা কৰিবলৈও ব্যৱহাৰ নকৰোঁ ৷”
 – পেডমেন

 হিন্দী চিনেমা ‘পেডমেন’ৰ মুক্তিৰ সময়চোৱাত দেশজুৰি মহিলাৰ ছেনিটেৰী পেড ব্যৱহাৰৰ প্ৰচাৰেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছিল। বহুজনে, বিশেষকৈ মহিল-যুৱতীসকলে ‘পেড’ৰ সৈতে নিজৰ ফটো তুলি ছেনিটেৰী পেডৰ দাম আৰু টেক্স কৰ্তনৰ দাবীত ‘ফেচবুক’ত প্ৰতিবাদ কৰিছিল । আনহাতে  বিভিন্নজনে তেনে প্ৰচাৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰি যুক্তি দিছিল - এইবোৰ আচলতে ‘চেনিটেৰী পেড’ৰকেম্পেইনৰ নামত ‘পেডমেন’ চিনেমাৰহে প্ৰচাৰ ! বিনামূলীয়া বিজ্ঞাপনৰ কৌশল ! ‘পেড’ ব্যৱহাৰ কৰিব নোৱাৰা বেছিভাগ গৰীব  মহিলাৰেই ছ’চিয়েল মিডিয়াৰ সৈতে কোনো সম্পৰ্কয়ে নাই ।  ইত্যাদি ...। প্ৰথম অৱস্থাত তেনে যুক্তিৰ আমিও আংশিক সমৰ্থন কৰিছিলোঁ । কিন্তু চিনেমাখন চাই ঊঠি আমাৰ সেই মত সলনি কৰিবলৈ বাধ্য হ’লোঁ । ফেচবুক বা অইন ছ’চিয়েল মিডিয়াৰ সৈতে সম্পৰ্ক নথকা দেশৰ বহুল সংখ্যক জনগণক এইবোৰ কথাই পোনপোটীয়াকৈ প্ৰভাৱ নকৰাটো সত্য; কিন্তু তেনে প্ৰচাৰে প্ৰতিষ্ঠিত অন্যান্য প্ৰচাৰ মাধ্যমক, বিশেষকৈ ইলেকট্ৰ’নিক মিডিয়াক যথেষ্ট প্ৰভান্বিত কৰাটোও সত্য । ছ’চিয়েল মিডিয়ত চৰ্চা লাভ কৰা একোটা গৰম-বিষয়ক ষ্টুডিও কেন্দ্ৰিক সংবাদ মাধ্যমবোৰে সন্ধিয়াৰ ‘প্ৰাইম টাইম’ত যথেষ্ট গুৰুত্ব দিয়া দেখা যায় । ‘ফেচবুক’ নথাকিলেও সন্ধিয়া ‘প্ৰাইম টাইম’ৰ চিঞৰ-বাখৰ চোৱা মানুহ ঘৰে ঘৰে । বিগত সপ্তাহত দেখা গ’ল যে ভাৰতীয় পৰিয়ালত কেতিয়াও মুকলিকৈ আলোচনা নকৰা মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় অতি জৰুৰী উক্ত বিষয়টো দেশব্যাপি নিউজ চেনেলবোৰত খোলাখুলিকৈ তথা অতি ধুম-ধামেৰে আলোচনা আগবঢ়োৱা হ’ল ।  বিষয়টোৰ ওপৰত মানুহে শুনিলে, কথা পতিলে আৰু মনতে প্ৰশ্ন কৰিলে ।  মানুহে চিনেমাখন চালেও । এয়া এক ধনাত্মক দিশ । তাতে, চিনেমা নিজেও এক অতিজনপ্ৰিয় তথা প্ৰভাৱশালী প্ৰচাৰ-মাধ্যম ৷


দুবছৰ পূৰ্বে মাছখোৱাৰ প্ৰাগজ্যোতি হলত মুম্বাইৰ অভিনেত্ৰী কাল্কি কোৱেচলিনৰ মহিলা বিষয়ক ‘দ ট্ৰুথ অৱ ৱোমেনহুদ’ (The Truth of Womanhood) নামৰ একক অভিনয়ৰ ড্ৰামাখন চোৱাৰ সুযোগ পাইছিলোঁ ৷ ড্ৰামাৰ অন্তত দৰ্শকৰ সৈতে হোৱা আলাপত তেওঁক প্ৰশ্ন এটা কৰিছিলোঁ‍ — “আজিকালি ‘ফেমিনিজম’ক বিষয়বস্তু হিচাপে লৈ বহুতে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে ৷ ‘ফেমিনিজিম’ক লৈ কোনোবাই চিনেমা বনাইছে, বিজ্ঞাপন বনাইছে, প্ৰসাধন সামগ্ৰী বেচিছে, প্ৰডাক্ট বেচিছে আৰু কোনোবাই ড্ৰামাও কৰিছে ...৷ আপোনাৰ এইক্ষেত্ৰত মন্তব্য কি?” উত্তৰত তেওঁ কি ক'ব পাৰে ধাৰণা এটা আছিল যদিও সেয়া তেওঁৰ মুখৰ পৰা শুনাৰ উদ্দশ্যেৰে প্ৰশ্নটো জানি-বুজিয়ে কৰিছিলোঁ । তেওঁৰ থুলমূল উত্তৰটো আছিল এনেধৰণৰ — “মহিলাকেন্দ্ৰিক বিষয়ক লৈ কোনোবাই যদি ব্যৱসায়ো কৰিছে আৰু তাৰ ফলত যদি মহিলাৰ সমস্যাৰ বিষয়ে জনসাধাৰণ অৱগত হৈছে, তাৰ চৰ্চা হৈছে, মানুহৰ মানসিকতাত প্ৰভাৱ পৰিছে সেয়া ভাল কথা ৷ তেনেকুৱা ব্যৱসায় হোৱাত আপত্তি কি ! তেনে ব্যৱসায় আৰু হ'ব লাগে। ” কাল্কিৰ সপ্ৰতীভ দৃঢ় উত্তৰ শুনি উপস্থিত দৰ্শকে হাত চাপৰি বজাইছিল ৷ ‘পেডমেন’ চিনেমাখনো তেনেকুৱা এক হাত চাপৰি বজাব পৰা ধৰণৰ সাৰ্থক চিনেমা ৷ 

‘মাহেকীয়া’ৰ দিনকেইটাত মহিলাৰ প্ৰতি আমাৰ ভাৰতীয় সমাজৰ যি এক প্ৰগাঢ় ঋণাত্মক ধাৰণা বিদ্যমান, তথা তাৰ ফলত সেই দিনকেটাত মহিলা গৰাকীৰ দৈনন্দিন কাৰ্যত যি সমস্যা দেখা দিয়েহি,চিনেমাখনত সেয়া বলিষ্ঠভাৱে আৰু ভাৰতীয় সৰ্বসাধাৰণ দৰ্শকক আগত ৰাখি আকৰ্ষণীকৈ তুলি ধৰা হৈছে ।  বৃহৎ সংখ্যক জনতাৰ ধৰ্মীয় আস্থা, পৰম্পৰা, বিশ্বাস আৰু অন্ধবিশ্বাস জড়িত বিষয় এটাৰ ওপৰত নিৰ্মান কৰা চিনেমাখনত ‘পেডমেন’ৰ চৰিত্ৰটো আমিৰ, চলমান, শ্বাহৰুখ বা ঋত্বিকৰ সলনি অক্ষয় কুমাৰে অভিনয় কৰাটোও এটা উল্লেখনীয় দিশ ! কিছুবছৰ পূৰ্বে বৃহৎ সংখ্যক সদস্যৰে পৰিপূৰ্ণ অসমীয়া ফেচবুক গোট এটাত মহিলাৰ মাহেকীয়া আৰু পুষ্পিতা বিষয়ক লৈ হোৱা যুক্তি-তৰ্কত কুসংস্কাৰ আৰু মান্ধাতাকলীয়া চিন্তাৰ সপক্ষত স্থিতি লোৱা কিছু আধুনিক লোকৰ পৰা পোৱা তিক্ত অভিজ্ঞতাৰ বাবে তেনেকৈ ভাবিব লগীয়া হ'ল ৷  সংস্কৃতি আৰু কু-সংস্কৃতিৰ পাৰ্থক্য চিনিব নোখোজা  পৰিবৰ্তনৰ স্বপ্নত বিভোৰ অ-বিজ্ঞানমনস্ক অপৰিৱৰ্তনশীল লোকেৰেই আমাৰ সমাজখন ভৰা ।  উপায় নাই ।

এটা কথা আমি প্ৰায়ে মন নকৰো যে মহিলাৰ ‘মাহেকীয়া’ হোৱাটো আচলতে নিজে কোনো সমস্যা নহয় ৷ এয়া মহিলাৰ দেহত হোৱা এক স্বাভাৱিক প্ৰাকৃতিক প্ৰক্ৰিয়া মাথোন ৷ এই প্ৰাকৃতিক প্ৰক্ৰিয়াবোৰ নহ'লে মানুহ জন্ম হোৱাৰ, বংশ ৰক্ষা কৰাৰ কোনো অজুহাতেই দেখোন নাথাকিল হেতেন ! অথচ এই প্ৰাকৃতিক প্ৰক্ৰিয়াকেই বিভিন্ন যুক্তিহীন অজুহাতেৰে আৰু প্ৰাচীণ কুসংস্কাৰেৰে আমাৰ সমাজত সমস্যা বা‘অসুবিধা’ হিচাপেই চাই অহা হৈছে ৷ অধিকাংশ মহিলায়ো সেয়া কপালৰ লিখন বা নিয়ম হিচাপে বিনা প্ৰশ্নই মানিও আহিছে । ফলস্বৰূপে সেইকেইটা দিন ঘৰচীয়া ইতৰ প্ৰাণীবোৰৰ দৰে মজিয়াৰ ওপৰতপৰিত্যক্তভাৱে পৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে ! কেতিয়াবা এনেই ভাবো, এই প্ৰাকৃতিক পৰিঘটনাটো যদি মহিলাৰ নহয় পুৰুষৰ ক্ষেত্ৰত হ'লহেতেন, তেতিয়াও হয়তো পত্নীয়েই মাটিত শুব লাগিলহেতেন ৷ কাৰণ, পালেঙত শুৱাৰ নীতি-নিয়ম যেনেকৈয়ে নহওক পুৰুষে বনাই ল’লেইহেতেন ! (এনেই ভবা কথাহে!) 

চিনেমাখনত ‘পেডমেন’ অক্ষয় কুমাৰে ‘মাহেকীয়া’ সম্বন্ধে সাংঘাতিক হিচাপ এটা দিয়ে ৷ আমাৰ দেশৰ (বেছিভাগ) মহিলাই হেনো বছৰত দুমাহ এনেয়ে কটায় ৷ কেনেকৈ ? মাহত পাঁচ দিনকৈ ১২ মাহত — পাঁচ বাৰং ৬০ দিন, অৰ্থাৎ দুমাহ ৷ সেই দুমাহ ঘৰত কৰ্মহীন হৈ যদি পৰি থাকিব লগীয়া নহয় আৰু ফটা-কানিৰ সলনি পেড ব্যৱহাৰ কৰি অইন দিনৰ দৰেই কৰ্ম কৰি থাকিব পৰা যায়; তেন্তে বছৰৰ সেই দুমাহ সময়ৰ অপচয় নহ'ব ! পুৰুষে যিদৰে ১২ মাহত ১২ মাহেই পূৰ্ণভাৱে জীৱন যাপন কৰে; মহিলাও কৰিব পাৰিব ৷ (ধোদ আৰু এলেহুৱা লোকৰ কথা বেলেগ৷) কিন্তু আমাৰ দেশৰ মহিলাই পুৰুষৰ ১২ মাহৰ বিপৰীতে ১০ মাহহে জীৱন যাপন কৰিব পাৰে ! বাকী দুমাহ মাহেকীয়াৰ নামত যায় ! ‘পেডমেন’ৰ মতে ক্ৰিকেটৰ পাঁচদিনিয়া টেষ্ট মেচত বেটমেনে যদি চিলাই বলৰ কোবৰ পৰা বাচিবলৈ দুভৰিত পেড লগাই খেলিব পাৰে; বীজাণুৰ সংক্ৰমণৰ পৰা বাচিবলৈ মহিলাই সেই পাঁচটা দিনত চেনিটেৰী পেড কিয় ব্যৱহাৰ কৰিব নোৱাৰে ! বলৰ কোবত আঠু ভাঙিলে মানুহ নমৰে, কিন্তু বীজানুযুক্ত লেতেৰা কপোৰৰ পৰা হোৱা সংক্ৰমণৰ ফলত হ'লে বহু মহিলা যন্ত্ৰণা-কাতৰ মৃত্যুৰ মুখত পৰে ৷ 

চিনেমাখনৰ আৰম্ভণি পৰ্যায়ত লক্ষ্মী ওৰফে পেডমেনৰ ‘মাহেকীয়া’ৰ ওপৰত দিয়া “নিষিদ্ধ” আৰু “অশ্লীল” কথাবোৰ শুনি গঞা ৰাইজে তেওঁক সহ্য কৰিব পৰা নাছিল ৷ তেওঁ পাগল হোৱা বুলিয়ে ধৰি লৈছিল । ঘৈনিয়ীক গায়ত্ৰীয়েও গিৰিয়েকৰ মুখত, মতা মানুহ হোৱা সত্বেও, মহিলাৰ দুভৰিৰ মাজৰ এইবোৰ কথাত গুৰুত্ব দিয়া বাবে লাজত মৰি যোৱাৰ আৱস্থা হৈছিল । পেডমেন কিন্তু সলনি নহয় । পেডমেনৰ কাৰ্য-কলাপত লাজত থাকিব নোৱাৰি গাঁৱৰ মানুহে তেওঁক গাঁও ত্যাগ কৰিবলৈ বাধ্য কৰায় । পত্নীয়েও লাজতকৈ বিচ্ছেদেই শ্ৰেয় বুলি এৰা দিয়ে । উপায়ন্তৰ হয় পেডমেনে গাঁও ত্যাগ কৰে । আগবাঢ়ে এক নতুন যাত্ৰাৰ সন্ধানত ৷ এনেকৈয়ে আৰম্ভ হয় — বহুজাতিক কোম্পানীৰ ৫৫ টকাৰ ছেনিটেৰী পেডৰ পেকেটৰ বিপৰীতে ঘৰুৱাভাৱে প্ৰতি পিচ পেড ২ টকাত বনোৱাৰ পেডমেনৰ অভিনৱ যাত্ৰা ৷ নানান ঘাট-প্ৰতিঘাটৰ অন্তত তেওঁ সেই যাত্ৰাত এদিন সফল হয় ৷ (চিনেমাখন সত্য ঘটনাৰ ওপৰত আধাৰিত যদিও এইখিনি সময়ত চিনেমাখনত কিছু নাটকীয়তা আহে ৷ যদিও সেয়া কাহিনীৰ তাগিদাতে আহে বুলি ধৰি ল'ব পাৰি ৷) গাঁৱৰ মহিলাসকলক পেডমেনে এই যাত্ৰাত চামিল কৰে ৷ আমাৰ অসমৰ উৰ্মিলা মহন্তৰো তেনে কেইটীমান দৃশ্যতে প্ৰবেশ ঘটে ৷ ঘৰে ঘৰে গৈ পেড বেছি মহিলাসকলে আত্মসন্মানেৰে দুপইচা অৰ্জন কৰে ৷ দু পইচাই হওক, নিজৰ উপাৰ্জন ৷ কিমান যে আনন্দ ! আৰ্থিক স্বাবলম্বনেই নাৰীৰ প্ৰকৃত সবলীকৰণ ৷ 

পেডমেনে ইচ্ছা কৰাহেতেন পেড বেছি নিজে কোটিপতি হ'ব পাৰিলেহেতেন ৷ কিন্তু তেওঁৰ মতে মাত্ৰ এজন মানুহ ধনী হ’লে দেশ আগ নাবাঢ়ে ৷ সকলোৰে উপাৰ্জন থাকিলেহে দেশ আগবাঢ়ে ৷ মাতৃ, পত্নী,ভগ্নী স্বাবলম্বী হ'লেহে দেশ স্বাবলম্বী হয়, দেশ শক্তিশালী হয় ৷ (এয়াই আছিল গান্ধীৰো স্বপ্ন !) চিনেমাখনৰ মনত পৰা এটা ডাইল’গেৰে লেখাটো শেষ কৰোঁ । চিনেমাৰ আন এটা চৰিত্ৰ, মাতৃহাৰা জীয়ৰী পৰিক (চোনম কাপুৰক) তাইৰ পিতৃয়ে আহাৰ ৰান্ধি-বাঢ়ি-খুৱাই দি উঠি কয় — সেই পিতৃয়েই কি, যি পিতৃৰ অন্তৰত মাতৃত্ব জাগি নুঠে; সেই পুৰুষেই কি, যি পুৰুষৰ হৃদয়ত নাৰীত্ব নাথাকে ৷ 

1 comment: