চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
ম’বাইল আসক্তিঃ এক ভয়াবহ মানসিক ব্যাধি
দীপাংকৰ মল্ল বৰুৱা
এজন ১৫ বছৰীয়া কিশোৰৰ পিতৃ হিচাপে মোৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিয়া এটা সমস্যা হ’ল আমাৰ ল’ৰাটোৰ ম’বাইল গেমৰ প্ৰতি থকা অত্যাধিক আসক্তি। সি তাৰ সকলো আজৰি সময় মোবাইল ফোনত থকা গেম খেলিয়েই পাৰ কৰিব খোজে। নিচাৰ দৰে হৈ পৰা ম’বাইল গেমৰ আসক্তিয়ে তাৰ বাহিৰা কিতাপ পঢ়া, গান শুনা, ছবি অঁকা, তবলা বজোৱা আদি আন আজৰি পৰৰ চখবোৰৰ কাৰণে সময় নাইকীয়া কৰিছে। গেম খেলাৰ কাৰণে নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিয়াৰ পাছতো সেই সীমা প্ৰায় প্ৰতিদিনেই অতিক্ৰম কৰে। দিনে নিশাই কেৱল খেলৰ কথাই চিন্তা কৰি থকা ল’ৰাটোৱে আন সকলো কামৰ প্ৰতি স্পৃহা হেৰুৱাইছে, পঢ়া শুনাত অন্যমনস্ক হৈ পৰিছে, নতুন কথা শিকাৰ ধাউতি নাইকীয়া হৈছে। সময়মতে গেম খেলিবলৈ নাপালে সি চটফটাই থাকে, খিংখিঙীয়া হৈ পৰে আৰু হতাশাত ভোগে।  


মোৰ বোধেৰে আজিৰ সময়ত কিশোৰ কিশোৰীৰ পিতৃ মাতৃ আৰু অভিভাৱকসকলৰ বহুতেই একে ধৰণৰ সমস্যাৰ সন্মুখীন হয়। কৈশোৰৰ সময়খিনি এনেয়ো অতি সংবেদনশীল সময়, যিসময়ত বয়:সন্ধিৰ বাবে দেহত হৰমোনৰ হীন দেঢ়ি হয়, ল’ৰা ছোৱালীহঁতে শৈশৱৰ পৰা যৌৱনলৈ গতি কৰে। এই সময়খিনিয়েই আকৌ প্ৰাণ প্ৰাচুৰ্যৰে ভৰা সময়, জীৱনটোৰ লগত পৰীক্ষা নিৰীক্ষা কৰাৰ সময় আৰু ভৱিষ্যতৰ বাবে সাজু হোৱাৰ সময়। সেয়েহে জীৱনৰ এই সোণালী সময়খিনি মোবাইল গেমৰ আসক্তিয়ে কাঢ়ি নিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। কিন্তু আজিৰ সময়ত ল’ৰা ছোৱালীক বিশ্বায়ন আৰু বিজ্ঞান প্ৰযুক্তিয়ে আনি দিয়া এই নতুন আসক্তিৰ পৰা সম্পূৰ্ণকৈ পৃথক কৰিও ৰাখিব নোৱাৰি। ইণ্টাৰনেট, প্ৰচাৰ মাধ্যম আৰু সমনীয়াসকলৰ পৰা সিহঁতে এই গেমবোৰৰ বিষয়ে সকলো কথাই জানি বুজি লয়, সেইবোৰ খেলাৰ নিজেই ব্যৱস্থা কৰি লয়। পিতৃ মাতৃৰ অজ্ঞাতসাৰেই ঘৰত থকা ম’বাইল ফোনটোৰ জৰিয়তেই তেওঁলোকে ডিজিটেল গেমৰ শিহঁৰণকাৰী আৰু ৰোমাঞ্চকৰ পৃথিৱীত প্ৰৱেশ কৰে।

ম’বাইল আৰু ভিডিঅ’ গেম এতিয়া বিশ্বত কেইবা লাখ কোটি টকীয়া ব্যৱসায় হৈ পৰিছে। মানুহক সাময়িক আনন্দ আৰু মনোৰঞ্জন দিবলৈ সৃষ্টি কৰা হৈছে নতুন নতুন গেমৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে ম’বাইল গেমতো নতুন নতুন কাৰিকৰী সংযোজন ঘটিছে। ইণ্টাৰনেটৰ যোগেদি খেলুৱৈ সকলক সংযোজিত কৰি প্ৰতিযোগিতামূলক আৰু মাদকতাভৰা খেল তৈয়াৰ কৰা হৈছে। খেলুৱৈৰ বয়স, অভিজ্ঞতা আৰু অৱস্থান অনুসৰি খেলৰ প্ৰকৃতিও সলনি কৰা হয়। এনে খেলবোৰে কেৱল কিশোৰ কিশোৰীকে আকৃষ্ট কৰা নাই, সকলো বয়সৰ মানুহৰে ম’বাইল গেম খেলাটো আজৰি পৰৰ চখ হৈ পৰিছে। এতিয়া বিয়াই সবাহে প্ৰায় মানুহে আনৰ লগত কথা বতৰা পতাৰ সলনি নিজৰ নিজৰ ম’বাইল ফোনত ব্যস্ত হৈ থকাহে দেখা যায়। আনকি বিধানসভাতো বিধায়কে ম’বাইলত গেম খেলি থকাটো ধৰা পৰিছিল।

মহাভাৰতত আছেযে, পাশাখেলৰ নিচাত পৰি যুধিস্থিৰে নিজৰ ৰাজ্য, সম্পত্তি, ভায়েক কেইজন আনকি পত্নী দ্ৰৌপদীকো হেৰুৱাবলগীয়া হৈছিল। সেইদৰেই আজিৰ সময়ত ম’বাইল আৰু ভিডিঅ’ গেমৰ কবলত পৰি নৱ প্ৰজন্মই হেৰুৱাইছে তেওঁলোকৰ প্ৰতিভা, জ্ঞানস্পৃহা আৰু পৰিশ্ৰম কৰাৰ মানসিকতা। ইণ্টাৰনেটে আনি দিয়া ফে’চবুক, হোৱাটচেপ আদি আন আন আসক্তিবোৰেও মানুহক নিমজ্জিত কৰিছে এখন ৰূপকল্পৰ জগতত, যিখন জগতত মনোৰঞ্জনৰ প্ৰতি থকা মানুহৰ স্বাভাৱিক আসক্তি আৰু মানুহৰ হাতত থকা আজৰি সময় ব্যৱহৃত হৈছে ব্যৱসায়িক কাৰণত। ম’বাইলৰ প্ৰতি বৰ্দ্ধিত আসক্তিয়ে এতিয়া এনে ৰূপ লৈছেযে ম’বাইলৰ কাৰণেই সংঘটিত হৈছে চুৰি, ডকাইতি আনকি হত্যাৰ দৰে জঘন্য অপৰাধ।

২০১৮ চনৰ নতুন বছৰত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ যিবোৰ মাৰাত্মক ব্যাধিৰ নামৰ তালিকা প্ৰকাশ কৰিছে, সেইবোৰৰ ভিতৰত মানসিক ব্যাধি হিচাপে কৰিছে ভিডিঅ’ গেমৰ নিচাই। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে যেতিয়া কোনো এজন ব্যক্তিৰ মন আৰু হৃদয় কেৱল গেমৰ নিচাই আৱৰি থাকে, বাৰে বাৰে গেম খেলিবলৈ মন আকৃষ্ট হয়, তেওঁ আন একো কথা চিন্তা কৰিব নোৱৰা হয়, তেওঁৰ আন কোনো কামতে মন নবহা হয় আৰু এনে অৱস্থা যদি এবছৰ বা ততোধিক সময় বাহাল থাকে, তেতিয়া এনে অৱস্থাক এক মানসিক ব্যাধি হিচাপে পৰিগণিত কৰিব পাৰি। ২০১৩ চনৰ পৰাই চিকিত্সা বিজ্ঞানীসকলৰ মাজত চৰ্চা লাভ কৰা এটা বিষয় আছিল, ভিডিঅ’ গেমৰ নিচাক মানসিক ব্যাধি বুলি পৰিগণিত কৰিব পৰা যায় নে নাই। যিহেতু ম’বাইল বা ভিডিঅ’ গেমৰ আসক্তিক পোনপেটীয়াকৈ এক ব্যাধি বা disorder বুলি ক’ব নোৱাৰি, সেয়েহে এই বিষয়ত যথেষ্ট গৱেষণা আৰু অধ্যয়ন কৰাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই অৱশেষত এই আসক্তিক এক মানসিক ৰোগ হিচাপে স্বীকৃতি দিবলৈ সিদ্ধান্ত কৰিছে।  

ASSOCHAM নামৰ সংস্থাটোৱে ২০১১ চনত দিল্লী, মুম্বাই, জয়পুৰ আৰু পাটনাত চলোৱা এটা সমীক্ষাৰ পৰা জানিব পৰাগৈছেযে এই চহৰকেইখনত বাস কৰা ৮২% স্কুলীয়া ল’ৰা ছোৱালীয়ে সপ্তাহত ১৬ ৰ পৰা ১৮ ঘণ্টা ভিডিঅ’ গেম খেলে। অৰ্থাৎ দৈনিক গড়ে দুঘণ্টাতকৈও অধিক সময় গেমৰ মাজেৰে অতিবাহিত কৰে।  এই সমীক্ষাটোতে প্ৰকাশ পাইছেযে ৭৬% ল’ৰা ছোৱালীয়ে Action Game বা দ্ৰুতগতিত চলা গেমবোৰ ভাল পায়। মনকৰিবলগীয়াযে এই Action game বোৰৰ সৰহভাগতে বন্দুকেৰে গুলী মাৰিবলৈ, হিংসাত্মক কাৰ্য কৰিবলৈ আনকি শত্ৰুপক্ষক নৃসংসভাৱে হত্যা কৰিবলৈ নিৰ্দেশ দিয়া হয়, যিবোৰে কোমল বয়সীয়া ল’ৰা ছোৱালীৰ মানসিকতাক প্ৰভাৱান্বিত কৰে। সেইকাৰনেই হয়তো স্কুলীয়া ল’ৰা ছোৱালীৰ মাজত অপৰাধপ্ৰৱণতা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। সৌ সিদিনা গুৰগাঁৱৰ ৰায়ান ইণ্টাৰনেশ্যনেল স্কুলত এজন সাত বছৰীয়া ছাত্ৰক তেওঁৰ জ্যেষ্ঠ সহপাঠীয়ে ডিঙি ৰেপি হত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মোৰ মনত আছে এবাৰ গাড়ীৰে গৈ থাকোঁতে চকুৰ আগতে হোৱা পথ দুৰ্ঘটনা এটাত মানুহ এজন মৰি যোৱা দেখি মোৰ ল’ৰাটোৱে কৈছিল,“এইটোনো কি এক্সিডেণ্ট, ভিডিঅ’ গেমত কিমান ডাঙৰ ডাঙৰ এক্সিডেণ্ট হয় আৰু কিমান মানুহ মৰে”। এই ভিডিঅ’ গেমবোৰে আমাৰ উঠি অহা ল’ৰা ছোৱালীবোৰৰ কেনে মানসিকতা সৃষ্টি কৰিছে সেই কথা ভাবি সেইদিনা শিয়ঁৰি উঠিছিলোঁ।
ভিডিঅ’ গেমৰ প্ৰভাৱৰ ওপৰত চলোৱা কেইবাটাও অধ্যয়নত ধৰা পৰিছেযে, অতিমাত্ৰা ভিডিঅ’ গেম খেলাৰ ফলত মানসিক হেঁচা আৰু হতাশগ্ৰস্থতাৰ দৰে সমস্যাৰ সৃষ্টি হয়। Attention deficit hyperactivity disorder (ADHD) আৰু Obsessive-compulsive disorderৰ দৰে মানসিক ৰোগৰ কাৰণো অত্যাধিক ভিডিঅ’ গেমৰ প্ৰতি আসক্তিও হ’ব পাৰে বুলি প্ৰতিপন্ন হৈছে। যিকোনো নিচাসক্ত মানুহৰ দৰে গেমত আসক্ত সকলৰ আন সকলো বিষয়তে মনোযোগিতাৰ অভাৱ হয়। তেওঁলোকে নতুন কাম নিশিকি একেবোৰ কাম কৰি ভাল পায়। ভিডিঅ’ গেমৰ কাল্পনিক জগতত প্ৰত্যাহ্বানবোৰ নেওচি লাভ কৰা বিজয়ী বা হিৰো হোৱাৰ মাদকতা বাস্তৱ জীৱনত বিচাৰি নোপোৱা বাবে ভিডিঅ’ গেম খেলা বহুতো ল’ৰা ছোৱালী মানসিকভাৱে অস্থিৰ হৈ পৰে। আজিৰ সময়ত ভিডিঅ’ গেমত প্ৰৱেশ ঘটিছে ছিগাৰেট সেৱন, সুৰাপান, যৌনাচাৰ আদিৰ দৰে প্ৰাপ্তবয়স্ক লোকৰ উপাদানসমূহৰ, যিবোৰে কোমল বয়সতে ল’ৰা ছোৱালীক নিজে গম নোপোৱাকৈয়ে প্ৰাপ্ত বয়স্কৰ জগতখনৰ লগত চিনাকী কৰি দিয়ে। মানসিকভাৱে দুৰ্বল হোৱাৰ বাবে এনে ল’ৰা ছোৱালীয়ে কোমল বয়সতে আন নিচাৰ প্ৰতিও আসক্ত হৈ পৰে।

সকলো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকে। ম’বাইল বা ভিডিঅ’ গেমৰো নিশ্চয় কিছুমান ইতিবাচক প্ৰভাৱ আছে। এই গেমসমূহে ল’ৰা ছোৱালীক প্ৰত্যাহ্বান গ্ৰহণ কৰি যুঁজাৰু মানসিকতাৰে বিজয়ী হোৱাৰ লক্ষৰে আগবাঢ়িবলৈ শিকনি দিয়ে। কিছুমান মনোবৈজ্ঞানিকে এইবুলিও মতপোষণ কৰেযে ভিডিঅ’ গেম খেলা ল’ৰা ছোৱালীৰ বাস্তৱ জীৱনত ক্ষিপ্ৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বিকশিত হয় আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া সমূহ খৰতকীয়া হয়। কিন্তু এই সুফলসমূহ লাভ কৰা তেতিয়াহে সম্ভৱ হয়, যেতিয়া ভিডিঅ’ গেম নিচালৈ পৰিৱৰ্তিত নহয় আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে ভিডিঅ’ গেম সীমিত ৰখা হয়। আনহাতে বিভিন্ন অধ্যয়নৰ যোগেদি জানিব পৰা গৈছেযে অধিক সময় ভিডিঅ’ গেম খেলা ল’ৰা ছোৱালীৰ টোপনি কম হয়, খোৱা-বোৱা কমি যায়, মানুহৰ লগত মিলা মিচা কৰিবলৈ মন নোযোৱা হয়। ভিডিঅ’ গেমৰ নিচাত বুৰ যোৱা ল’ৰা ছোৱালীয়ে ফুৰা চকাতো কোনো আনন্দ নাপায়। অৱসৰ বিনোদনৰ কাৰণে কোনো পৰ্যটন স্থানলৈ গ’লেও তাত তেওঁলোকে কোনো আগ্ৰহ নাপায়। ভিডিঅ’ গেমৰ নিচাত ডুব গৈ থকাটোৱেই তেওঁলোকৰ একমাত্ৰ আনন্দৰ কাৰণ হৈ পৰে। নিউ মেক্সিকো বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভিডিঅ’ গেম খেলা  ১৫% ৰ পৰা ২০% ল’ৰা – ছোৱালীয়ে এই নিচাৰ চিকাৰ হয়। এনে ল’ৰা ছোৱালীবোৰৰ কিছুমান শাৰীৰিক আৰু মানসিক লক্ষণে দেখা দিয়ে। তেওঁলোকে বাস্তৱ জীৱনৰ পৰা পলায়নবাদী হৈ পৰে। গেম খেলিবলৈ নাপালে চৰম অশান্তিত ভোগাৰ লগতে খং আৰু হতাশাত ভোগে। তেওঁলোকে মানুহৰ লগত মিলা মিচা নকৰে, দ্বায়িত্বশীল নহয়, স্কুলৰ ঘৰুৱা কামবোৰ ভালদৰে নকৰে, স্কুল ক্ষতি কৰিও গেম খেলিব খোজে।

আজিকালি সৰুৰে পৰা পিতৃ মাতৃয়ে সন্তানৰ হাতত তুলি দিয়ে ম’বাইল ফোন, টেবলেট আৰু কম্পিউটাৰ। একেবাৰে সৰু কেঁচুৱায়ো মোবাইল ফোনৰ পৰ্দাত ভাঁহি অহা ৰং বিৰঙৰ দৃশ্য দেখি কান্দিবলৈ পাহৰি যায়। সেয়েহে ম’বাইল ফোন এতিয়া কেঁচুৱা নিচুকোৱাৰ সাধন হৈ পৰিছে। সৰুৰে পৰা ম’বাইল ফোন হৈ পৰিছে জীৱন যাত্ৰাৰ অবিচ্ছেদ্য অংগ। ম’বাইলৰ গেমত ল’ৰা ছোৱালীক ব্যস্ত ৰাখি মাক দেউতাকে নিজৰ বাবে আজৰি সময় উলিয়াই লয়। গেমত ব্যস্ত হৈ থকা ল’ৰা ছোৱালীক খুৱাবলৈ সুবিধা হয়, কাৰণ তেওঁলোকে কি খাইছে, সোৱাদ কেনে পাইছে একো ধৰিব নোৱৰা হয়। গেম খেলিবলৈ লোৱাৰ আগতেই ল’ৰা ছোৱালীয়ে গান শুনি, ভিডিঅ’ চাই ম’বাইল ফোন বা কম্পিউটাৰৰ লগত অভ্যস্ত হৈ পৰে। কেৱল উঠি অহা ল’ৰা ছোৱালীয়েই নহয়, আমি পিতৃ-মাতৃ, অভিভাৱকসকলেও ম’বাইল ফোন নোহোৱাকৈ এক্ষন্তেকো থাকিব নোৱৰা হৈছোঁ। আজিকালি আমাৰ দৈনিক জীৱন যাত্ৰাৰ বহুতো কাম, অফিছৰ কাম-কাজ ম’বাইল ফোনটোৰ জৰিয়তেই হয়। আমিও আজৰি সময় কটাবলৈ কিতাপ এখনৰ সলনি ম’বাইল ফোনটোকে তুলি লওঁ। এনে পৰিস্থিতিত ম’বাইল গেম বা ভিডিঅ’ গেমৰ বৰ্দ্ধিত আসক্তিৰ কাৰণে কেৱল কিশোৰ কিশোৰীকে দোষাৰোপ কৰিলে নহ’ব। তেওঁলোকক এই বাট আমিয়েই কিছু পৰিমাণে দেখুৱাইছোঁ।

আজিৰ সময়ত কিশোৰ কিশোৰীৰ মাজত বাঢ়ি অহা ম’বাইল ফোনৰ আসক্তি নিয়ন্ত্ৰিত কৰাটো সহজ নহয়। বিশ্ব স্বাস্থ্য সংখ্যাই মানসিক ব্যাধি হিচাপে স্বীকৃতি দিলেও এই ব্যাধিৰ নিৰাময়ৰ বাবে চিকিত্সাতকৈও সু পৰামৰ্শৰ (Counselling) প্ৰয়োজনহে অধিক। বহুতো ল’ৰা ছোৱালীয়ে জীৱনত কোনো লক্ষ বান্ধি নোলোৱাকৈ গতানুগতিকভাৱে ছাত্ৰ জীৱন অতিবাহিত কৰে। পিতৃ মাতৃয়ে ল’ৰা ছোৱালীৰ লগত আলোচনা নকৰাকৈয়ে সিহঁতৰ ভৱিষ্যতৰ লক্ষ নিৰ্ধাৰণ কৰাৰো উদাহৰণ আছে। সেইকাৰণেই ল’ৰা ছোৱালীক ইঞ্জিনিয়াৰ বা ডাক্তৰ কৰাৰ সপোন দেখা পিতৃ মাতৃৰ সংখ্যাই অধিক। কিন্তু নিজেই লক্ষত উপনীত হোৱাৰ সপোন নেদেখা ল’ৰা ছোৱালীয়ে অতি সহজেই মনোৰঞ্জনকাৰী বিভিন্ন নিচাৰ প্ৰতি আকৰ্ষিত হয়। সেয়েহে সৰুৰে পৰা প্ৰতিটো ল’ৰা ছোৱালীৰ বাবে সিহঁতৰ ৰুচি আৰু আগ্ৰহ অনুসৰি জীৱনৰ এটা উদ্দেশ্য আৰু লক্ষ ঠিৰাং কৰিবলৈ পিতৃ মাতৃ আৰু অভিভাৱক যত্নপৰ হ’ব লাগে। এই ক্ষেত্ৰত অভিজ্ঞ আৰু প্ৰশিক্ষিত পৰামৰ্শদাতাৰ সহায়ো ল’ব পাৰি। তেনে লক্ষ স্থিৰ কৰি লোৱা ল’ৰা ছোৱালীয়ে ম’বাইল গেম মাজে সময়ে খেলিলেও আসক্ত হৈ নপৰে। কিন্তু সন্তানক ম’বাইল আসক্তিৰ পৰা ৰক্ষা কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল, আমি পিতৃ মাতৃ আৰু অভিভাৱকে নিজেই আগতে এই আসক্তিৰ পৰা মুক্ত হ’ব লাগিব। ল’ৰা ছোৱালীৰ লগত কটোৱা সময়খিনিত ম’বাইল ফোনৰ ব্যৱহাৰ যিমানদূৰ সম্ভৱ কম কৰিব লাগিব। আজৰি সময়ত টেলিভিছন চাই বা ম’বাইল খেল খেলি সময় পাৰ কৰাতকৈ ল’ৰা ছোৱালীক কোনো শাৰীৰিক পৰিশ্ৰমৰ খেল খেলিবলৈ বা নিজৰ হ’বি (Hobby) অনুসৰি বিভিন্ন সৃজনীমূলক কামত নিয়োজিত হ’বলৈ উত্সাহিত কৰিব লাগে। নেতিবাচক আসক্তিৰ পৰা ৰক্ষা পাবলৈ ইতিবাচক আসক্তিৰ আশ্ৰয় লোৱাৰ গত্যন্তৰ নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages