মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কাজিৰঙাত  উচ্ছেদ অভিযানঃ 
বুজিব লগা কিছু কথা
আশ্বিক জামান 

কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কালি প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক লৈ অসমৰ চ'চিয়েল মেডিয়াৰ পৰা গণ মাধ্যমলৈকে পৰিবেশ উত্তপ্ত হৈ আছে। এই ক্ষণত সুস্থিৰভাৱে কিছু কথা ৰাইজে অনুধাৱন কৰাটো উচিত বুলি বিবেচনা কৰিছো।

ক. মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈহে প্ৰশাসনে কাজিৰঙাৰ এই অঞ্চল কেইটিত উচ্ছেদ অভিযান চলাইছিল | সাংবিধানিক দৃষ্টিকোনৰ পৰা প্ৰশাসনৰ হাতত এই আদেশ কাৰ্যকৰী কৰাৰ বাহিৰে আন উপায় নাই। উচ্ছেদিত ব্যক্তি বা কোনো সংগঠনে নিসন্দেহে উচ্চ ন্য়ায়ালয়ৰ এই অদেশৰ বিৰুদ্ধে মাননীয় উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে |
 
খ. চৰ্চালৈ অহা বান্দৰডুবি গাওঁখন বহুতে ভবাৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল পৰিসীমাৰ ভিতৰত নহয়। উদ্যানৰ মাটি-কালিৰ সৈতে পিছলৈ বিভিন্ন সময়ত সংযোজিত ১ম, ২য়, ৩য়, ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ সংযোজনৰ মাটিখন্ডৰো অংশ নহয়। মাননীয় উচ্চ ন্যায়ালয়ত দাখিল কৰা শপত-নামাত চৰকাৰৰ এডভোকেট জেনেৰেল ডাঙৰীয়াই স্বীকাৰ কৰি লৈছে যে, বান্দৰডুবি গাওঁখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশ নহয়, কিন্তু ’সামাজিক বনৰ মাটি’ (part of social forest land) আৰু জন্তুৰ অহা-যোৱা কৰা পথ (animal corridor)। অসম চৰকাৰে উক্ত স্থানৰ মাটি খিনি বন বিভাগক সামাজিক বননীকৰণৰ কাৰণে দিছিল কিন্তু সামাজিক বননীকৰণৰ কোনো উন্নয়ন নহোৱাৰ ফলত বন বিভাগে মাটিখিনি চৰকাৰক ঘূৰাই দিয়ে আৰু চৰকাৰে তাত ৰাজহ গাঁও স্থাপন কৰে| কিন্তু মাননীয় উচ্চ ন্যায়ালয়ে উক্ত মাটিখিনি যিহেতু প্ৰকৃততে সামাজিক বন আৰু ’এনিমেল কৰিডৰ’ ৰ অংশ গতিকে শীঘ্ৰেই তাক খালি কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে |
 
গ. উক্ত গাওঁৰ সৈতে দেউৰচুঙ গাঁও, পালখোৱা গাঁও আৰু ২য়, ৩য়, ৫ম আৰু ৬ষ্ঠ সংযোজনৰ মাটিখন্ডৰ পৰাও বেদখল এমাহৰ ভিতৰত উচ্ছেদ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে |
 
ঘ. ৰাজহ গাঁও এখনত নিসন্দেহে ম্যাদি পাট্টা থকা মাটিৰ গৰাকী থাকে আৰু আছে। কিন্তু সমান্তৰাল ভাবে চৰকাৰী মাটি অবৈধ ভাবে দখল কৰি বসবাস কৰা মানুহো আছে | চৰকাৰী মাটি অবৈধ ভাবে দখল কৰি থকা মানুহৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হব, কিন্তু এটা কথা সঁচা যে ম্যাদি পাট্টা থকা মানুহক উপযুক্ত ক্ষতিপূৰণ দিয়াটো উচিত |
 
ঙ. মানৱিক দৃষ্টিকোণৰ পৰা সমগ্ৰ বিষয়টো চালি-জাৰি চোৱাৰ প্ৰয়োজন নিশ্চয় আছে, কিন্তু তাৰ সমান্তৰালভাৱে বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণো আমাৰ সকলোৰে সামাজিক দায়িত্ব | খবৰ পোৱা মতে, বান্দৰডুবি গাঁওৰ ৰাইজৰ লগত চৰকাৰৰ ক্ষতিপূৰণ সম্পৰ্কে এক আলোচনা/বুজাবুজি হৈছিল আৰু গাঁওৰ ৰাইজে নিজে ন্যায়ালয়ৰ আদেশক সন্মান জনাই মাটি খালি কৰি দিবলৈ ৰাজী হৈছিল | কিন্তু অভিযোগ মতে, একাংশ সংগঠনৰ উচটনিতহে গঞা ৰাইজে উচ্ছেদ কাৰ্যক বাধা প্ৰদান কৰে | এই অভিযোগ যদি সঁচা হয়, এই বিষয়ে বিস্তাৰিত তদন্ত হব লাগে আৰু তেনেকুৱা সংগঠন সমূহক চিহ্নিত কৰিব লাগে | জিলা প্ৰশাসনৰ ফালৰ পৰাও অধিক সতৰ্কতা যে অৱলম্বন কৰিব লাগিছিল, এই বিষয়ে কাৰো দ্বিমত নাই | প্ৰশাসনৰ ফালৰ পৰাও যদি কিবা গাফিলতি আছে, তাৰো তদন্ত হৱ লাগে |

চ.  বান্দৰডুবি গাঁওৰ এক বুজন সংখ্যাক পৰিয়াল এক বিশেষ জনগোষ্ঠিৰ হোৱা হেতুকে সামাজিক মাধ্যম তথা বৈদ্যুতিন মাধ্যমত উক্ত গঞা ৰাইজ ’বাংলাদেশী’ বুলি বহুতে সন্দেহ তথা অভিযোগ কৰা পৰিলক্ষিত হৈছে | মোকদ্দমাৰ প্ৰক্ৰিয়াটো চলি থাকোতেও বিভিন্ন সময়ত এই বিষয়টোলৈ মাননীয় উচ্চ ন্যায়ালয়ৰো দৃষ্টি আকৰ্ষণ কৰা হৈছিল , ফলত মাননীয় উচ্চ ন্যায়ালয়ে এখন ’উচ্চ ক্ষমতা সম্পন্ন কমিটি’ গঠন কৰি দিয়ে | অসমৰ গৃহ আয়ুক্ত, অসমৰ ৰাজহ সচিব, অসম পুলিচৰ সীমান্ত শাখাৰ আই.জি, কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক আৰু জাতীয় ব্যাঘ্ৰ প্ৰকল্পৰ আই.জি (বন) ৰ দ্বাৰা গঠিত উক্ত কমিটিয়ে দুয়ো পক্ষৰ উকিল, সাংবাদিক তথা আন সাধাৰণ মানুহক লগত লৈ উক্ত গাওঁ সমূহ ঘূৰি মেলি অন্যান্য ৰেকমেন্ডশ্বনৰ লগতে কাজিৰঙাৰ দাঁতি-কাষৰীয়া অঞ্চলত চৰকাৰী মাটি দখল কৰি থকা সকলো মানুহৰ এখন তালিকা অসম পুলিচৰ সীমান্ত শাখাৰ হাতত এমাহৰ ভিতৰত দিবলৈ জিলা প্ৰশাসনক আদেশ দিয়ে | লগতে, সীমান্ত শাখাৰ আৰক্ষী অধিক্ষকক উক্ত তালিকাত থকা ব্যক্তি সকলৰ বিষয়ে তদন্ত কৰি প্ৰয়োজন হলে তেঁওলোকৰ নাম ’ফৰেইনাৰ্চ ট্ৰিবুনেল’ লৈ পঠাবলৈ নিৰ্দেশ দিয়ে| ’হাই পাৱাৰড কমিটি’ ৰ উক্ত ৰেকমেন্ডশ্বন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ উচ্চ ন্যায়ালয়েও অসম পুলিচৰ সীমান্ত শাখাক আদেশ দিয়ে | বৰ্তমানৰ ৰায়তো এই কথা উল্লেখ আছে | কিন্তু কোনো ’বিদেশী’ বা ’বাংলাদেশী’ নাগৰিক উক্ত গাঁও সমূহত সীমান্ত শাখাৰ দ্বাৰা পৰৱৰ্তী সময়ত চিনাক্ত হোৱাৰ কোনো কথা উল্লেখ নাই | গতিকে, চৰকাৰী মাটি বেদখল কৰা সকলক বাদ দিয়ক, ম্যাদি-পাট্টা থাকিও আইন-আদালতৰ পাকত পৰি মাটি-ভেটি হেৰুওৱা ভাৰতীয় নাগৰিক এচামক স্বদেশতে ’অবৈধ বাংলাদেশী’ বুলি অপমান কৰাটো কিমানদূৰ সমীচিন?

ছ. এই ’বাংলাদেশী’ বিতৰ্কৰ আঁত ধৰি আদালতৰ এটি আদেশ বলবত কৰা কাৰ্য ক্ৰমাত সাম্প্ৰদায়িক মেৰুকৰণৰ কাৰক হিচাপে পৰিগণিত হৈ গৈ আছে | ’সংখ্যালঘু’ ৰ তথাকথিত ৰক্ষক সকলেও নিজৰ নিশেষ হোৱা ৰাজনৈতিক অৱস্থিতি পুণোৰুদ্ধাৰৰ যেন এক সুৱৰ্ণ সুযোগহে পাইছে। উচ্চ ন্যায়ালয়ৰ আদেশ এটাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সলনি ছাত্ৰ সংগঠন এটাই আকৌ ৰাস্তাত ওলাই অসম বন্ধৰ হে ঘোষণা কৰিলে - মোল্লাৰ দৌৰ মছজিদলৈকেহে।

ৰাজনৈতিক উচটনিত বন্ধৰ সমৰ্থকৰ দ্বাৰা এই পৰিবেশত যদি কোনোবা সংখ্যালঘু বা আন অঞ্চলত যদি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেন্তে তাৰ দায়িত্ব কোনে লব? সকলোকে অনুৰোধ, সামাজিক মাধ্যমত মন্তব্য দিওঁতে, কাৰো লগত আলোচনা -বিতৰ্ক কৰোতে অলপ সাৱধানতা, অলপ সংযম অৱলম্বন কৰক। উত্তেজনাই সমস্যাক দুগুণে বঢ়াবহে। ৰাজপথ বিবেচনাৰ শুদ্ধ স্থান নহয়, যুক্তিক যুক্তিৰে আৰু তথ্যক তথ্যৰে পৰাভূত কৰাৰ বাবে ভাৰতীয় ন্যায় ব্যৱস্থাই নিশ্চয়কৈ সুবিধা প্ৰদান কৰিছে।

6 comments:

  1. ভাল লাগিল ! ফেচবুকতো শ্বেয়াৰ কৰিবচোন ! মোৰ নামটো Mainul Hussain tag koribo.অসুবিধা হ'লে ময়ে কপি কৰি দিব পাৰিম !

    ReplyDelete
  2. ভাল লাগিল ! ফেচবুকতো শ্বেয়াৰ কৰিবচোন ! মোৰ নামটো Mainul Hussain tag koribo.অসুবিধা হ'লে ময়ে কপি কৰি দিব পাৰিম !

    ReplyDelete
  3. Ki prof ase je tahati kajirangat khima nhuwa koi ghr bandhi assam r buli koise. Aru minority bosabo goi amar asom khan bangladesh nobonabo.apunar jd mon dn khihotok apunar matit ghr bandhi rakhok.

    ReplyDelete
  4. Ki prof ase je tahati kajirangat khima nhuwa koi ghr bandhi assam r buli koise. Aru minority bosabo goi amar asom khan bangladesh nobonabo.apunar jd mon dn khihotok apunar matit ghr bandhi rakhok.

    ReplyDelete
  5. Ki prof ase je tahati kajirangat khima nhuwa koi ghr bandhi assam r buli koise. Aru minority bosabo goi amar asom khan bangladesh nobonabo.apunar jd mon dn khihotok apunar matit ghr bandhi rakhok.

    ReplyDelete