সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত ৰাষ্ট্ৰ সংঘৰ সংস্থা ইউনিচেফে কালি প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি প্ৰদান কৰে মেডিয়া ফেলশ্বিপ এৱাৰ্ডছ ২০১৬। শিশু আৰু কিশোৰ সম্পৰ্কীয় নৈতিকতা সাংবাদিকতাৰ শ্ৰেষ্ঠ সংবাদ গোষ্ঠীৰ বঁটা লাভ কৰে দৈনিক জনমভূমিয়ে। ছপা আৰু বৈদ্যুতিন মাধ্যমৰ মুঠ ১৫গৰাকী সাংবাদিকলৈ আগবঢ়োৱা হয় মিডিয়া ফেল’শ্বিপ বঁটা।

২. বিমুদ্ৰাৰকৰণৰ পাছত এতিয়া ক’লা ধন মজুতকাৰী সকলক নতুন নোট ব্যাপক ৰূপে যোগান ধৰা কাৰ্যবোৰো পোহৰলৈ আহিছে। দেশৰ বিভিন্ন ঠাইত জোৰদাৰ অপাৰেচনত কোটি কোটি টকা ধৰা পৰাৰ সুখবৰ। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত বিভিন্ন বেংকৰ ৫০০শাখাত ষ্টিং অপাৰেচন চলাৰো বাতৰি প্ৰকাশ পাইছে।

৩. অসম বিধান সভাৰ বাজেট অধিৱেশন অহা ৩০জানুৱাৰীৰ পৰা অনুষ্ঠিত হব। ডিচেম্বৰত অনুষ্ঠিত হব লগা চমু অধিবেশনৰ সলনি পোনে পোনে বাজেট অধিৱেশনৰে দিন-বাৰ ঘোষণা কৰিলে ৰাজ্যপালে।

৪. মাজুলীক উন্নত জিলা ৰূপে গঢ়ি তুলিবলৈ সময় নিৰ্ধাৰিত কৰ্মসূচী যুগুত কৰিবলৈ বিভাগ সমূহক নিৰ্দেশ দিছে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীয়ে। চাৰ্টিফিকেট অৱ একাউণ্টিং টেকনিচিয়ান (কেট)ৰ মডেল জিলা মাজুলীক কৰা হব বুলিও আইচিএআইৰ সমন্বয়ক শংকৰ মজুমদাৰে কানৈ কলেজত এক শৈক্ষিক পৰামৰ্শদান অনুষ্ঠানত ঘোষণা কৰে।

৫. আজি যোৰহাট গ্ৰন্থমেলাত ‘গ্ৰন্থ আৰু স্বাস্থ্য’ আলোচনা চক্ৰত অংশ লৈছে স্বাস্থ্য সঞ্চালক ডঃ পদ্মপাণিয়ে। আবৃত্তিৰ আবেলিত অংশ লব ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সন্ধিয়াকৈ মুহিবুদ্দিন আহমেদ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰা হৈছে।

৬. প্ৰৱাসী অসমীয়া ডাঃ কৰুণা সাগৰ দাস আৰু অৰুন্ধতী দাসৰ নেতত্বত মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰিলেহি ব্ৰিটিছ নাগৰিকৰ এটি দলে। দলটোত মাঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱা বিভাগৰ চিকিতসক ডঃ জেমছ টেইলৰ, বিশ্ববিদ্যালয়খনতে কৰ্মৰত এমিলি টেইলৰ আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱা বিভাগৰ চিকিতসক প্ৰণামী দাসো আছিল। তেওঁলোকে বিশ্ববিদ্যালয়খনৰ নৱ-নিৰ্মিত আন্তঃগাঁথনি আৰু অগ্ৰগতিলৈ চাই সন্তোষ প্ৰকাশ কৰে।

৭. বৰপেটাৰ অনন্তৰাম দাস সাহিত্ ন্যাসৰ উদ্যোগত সাংস্কৃতিক মহাসভাই অনন্তৰাম দাস আৰু লোকসংগীত শিৰোমণি গোকুল পাঠকৰ গীতৰ আধাৰত ১৫-১৭ ডিচেম্বৰত জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ত এখনি গীতৰ কৰ্মশালাৰ আয়োজন কৰিছে।

৮. হাজো সমষ্টিৰ পাঁচখন শংকৰদেৱ শিশু নিকেতনলৈ ৰাজ্য চৰকাৰে অনুদান আগহঢ়াইছে। মুঠ দহলাখ টকাৰ অনুদান বিতৰণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। দুলীয়াজানক জটিল ৰোগ বৃক্ক, কেঞ্চাৰ আদিত আক্ৰান্ত নাগৰিক সকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিশেষ সাহাৰ্য বিতৰণ কৰা হয়। এই চেক সমূহ বিতৰণ কৰে বিধায়ক তেৰছ গোৱালাই।

৯. সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসৰ সহযোগত নগাঁও চহৰৰ শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰীৰৰ প্ৰাংগণত ২০-২৪ডিচেম্বৰলৈ কলংপৰীয়া গ্ৰন্থমেলাৰ আয়োজন কৰিছে। লগতে অনুষ্ঠিত হব বিভিন্ন প্ৰতিযোগিতাও।

১০. ঢকুৱাখনা নগৰৰ মাজমজিয়াত দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ বাবে এটি অত্যাধুনিক প্ৰেক্ষাগৃহ স্থাপন কৰিবলৈ মন্ত্ৰী তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কালি আধাৰশিলা স্থাপন কৰে। ২.৭৫কোটি টকাৰে নিৰ্মাণ হব লগা প্ৰেক্ষাগৃহটোৰ নাম পাপৰি কবি গনেশ গগৈ প্ৰেক্ষাগৃহ ৰখা হব বুলিও জানিব পৰা গৈছে। ঢকুৱাখনা মহকুমা হাস্পতালখনকো ২০০ বিচাযুক্ত অসামৰিক চিকিতসালয়লৈ উন্নীকৰণৰ বাবে পদক্ষেপ লোৱাৰো সুখবৰ।

1 comment: