হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

ৰাষ্ট্ৰীয় গুজৱ.কম
১. দুৰ্নীতিয়ে দেশ এৰিব লাগিব বুলি ঘোষণা কৰা পদুম পাৰ্টিয়ে এই প্ৰকল্পৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাবে অৰুণ টেটলীক নিযুক্তি দিছে বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ তুলি মুখ চুৱা কৰাৰ অভিযোগত সুকৃৰ্তি আজাদাক দলৰ পৰা নিলম্বন কৰা হৈছে। দুৰ্নীতি শব্দটো মুখলৈ আনিলে দেশ এৰিবলৈ প্ৰথমে দল এৰাটো দৰকাৰী বুলিও টেটলী চাহাবে প্ৰকাশ কৰিছে!

২. নৱৰত্ন বিধায়ক সংঘই গেৰুৱা বসন পিন্ধি সন্যাসী সজাৰ বাবেই দিছপুৰৰ মায়ামোহৰ পৰা মুক্ত কৰি দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে। তেওঁলোকক চৰকাৰী আবাস, সা-সুবিধা ত্যাগ কৰি হিমালয়মুখী হোৱাৰ উপদেশো অধ্যক্ষ চাৰে দিয়া বুলিও জানিব পৰা গৈছে। পিছে হিমালয়ত ঠাণ্ডা হোৱা বাবে অহা নিৰ্বাচনত বিলাব লগা বিনামূলীয়া কম্বল সংগ্ৰহ নকৰাকৈ হিমালয় যাত্ৰা সম্ভৱ নহব বুলিও সংঘই স্পষ্ট কৰি দিয়া বুলিও জানিব পৰা গৈছে।

৩. মুকলি আকাশৰ তললৈ আজি ওলাই আহিব চেতিয়া চাহেব। এতিয়া তেখেতে বনবাসী বৰুৱাৰ সৈতে যোগদিবলৈ মূৰপোলোকা দিয়ে নে গৃহবাসী কোঁৱৰৰ সংগত সভাসদৰ সৈতে সাজপানী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হব। এই বিষয়ে কোনো ভৱিষ্যতবাণী কৰিবলৈকো জ্যোতিষী হিৰো ইয়ঙে অস্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

৪. চিবিআই ক্ৰিকেট ক্লাৱৰ দ্বাৰা কেজুভাইৰ উইকেট লবৰ বাবে টেটলী চাহাবে মন কৰিছিল যদিও কেজুভাইৰ চিক্সাৰে এতিয়া বল বাউণ্ডেৰীৰ বাহিৰ কৰি দিয়া বুলিও বতৰা পোৱা গৈছে। এতিয়া টেটলী চাহাবে ক্ৰিকেটতকৈ হকী খেলৰ বেপাৰতহে ধ্যান দিব বুলি ভাবি আগতীয়াকৈ জীয়েকক কোটি টকীয়া পৰামৰ্শমূলক চাকৰিত নিযুক্তি দি লোৱাৰ খবৰেও এতিয়া শিৰোনাম কঁপাইছে! দিল্লীত এনেয়ে শীতৰ হাড় কঁপোৱা প্ৰকোপ, তাতে এনেকুৱা নতুন কঁপনিৰ কোনো প্ৰয়োজন নাছিল বুলিও কমন জনতা সংঘই স্পষ্ট কৰি দিছে।

৫. নৱবৰ্ষ উপলক্ষে হিমু বনাম ৰকি মুখ চুপতি প্ৰতিযোগিতাৰ আয়োজন কৰিছে সদৌ অসম টি.আৰ.পি প্ৰয়াসী মহাসংঘই। এই দুজনাৰ এই প্ৰতিযোগিতাই ঠাণ্ডা বতৰতো অসমৰ পৰিবেশ গৰম কৰি ৰখাত অতি উপযোগী হব বুলিও সংঘই মত প্ৰকাশ কৰিছে। লাগিলে দুই এটা গৰম উক্তি জুবিন্দৰদাৰ পৰাও খুজি আনি মাহোল উমাল কৰি ৰাখিবই বুলিও সংঘই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

৬. অহা ২০১৯চনত বাংলাদেশৰ সীমান্তত কাইঁটীয়া তাঁৰৰ বেৰা সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় ঘৰবাৰী মন্ত্ৰীয়ে। তেওঁৰ মতে তেতিয়ালৈ অহা আগ্ৰহী নাগৰিক সকলকো সীমান্ততে কাঁটাতাঁৰৰ দাগ পিঠিৰ পৰা মচি ভাৰতীয়ত্বৰ মলম সানি দিয়াৰ সু-ব্যৱস্থা কৰা হব! এই ক্ষেত্ৰত অৱশ্যে ধৰ্মীয় খেলখনো আকৰ্ষণীয় কৰি তোলা হব বুলিও তেখেতে স্পষ্ট ভাৱে প্ৰকাশ কৰিছে।

৭. কেৱল ৫০লাখ টকাকৈ ৬০খনৰো অধিক চেক ঘৰতে পেলাই থৈ দি নতুন অভিলেখ গঢ়িছে খাটী অসমীয়া ক্ৰিকেট সন্থাৰ অবিকাশমান বৰুৱাই। তেখেতেক অসমৰ বি.পি.এল অৱ দ্যা ইয়েৰ সন্মান দিবলৈকো খাৰখোৱা খেলুৱৈ সন্থাই যো-জা কৰা বুলিও গুজৱ প্ৰকাশ পাইছে।

৮. অহা সপ্তাহটোত বৰ্ষান্তৰ ছুটী আৰু নৱবৰ্ষৰ আদৰণি উপলক্ষে সদৌ ভাৰত ভিত্তিত সুৰাপান প্ৰতিযোগিতাত অভিলেখ গঢ়ি প্ৰথম স্থান গঢ়িবলৈ সদৌ অসম মদাহী সন্থাই টঙালি বান্ধি লোৱাৰ খবৰো প্ৰকাশ পাইছে। আচলতে এই প্ৰতিযোগিতাৰ পৰিসংখ্যাৰ তথ্য ভোগালী বিহু পৰ্যন্ত বিবেচনা কৰিলে অসমক কোনো ৰাজ্যই প্ৰথম স্থান পোৱাৰ পৰা ৰাখিব নোৱাৰিব বুলিও সন্থাৰ সভাপতি নিচাৰঞ্জন বৰুৱাই প্ৰকাশ কৰিছে।

৯. জন্মভূমিত ৰাম মন্দিৰ বনাবলৈ ইটা-বালি পেলোৱাৰ সুখবৰো প্ৰকাশ পাইছে। একদম খাটি ঠাইত মন্দিৰ বনালে দেশৰ হিন্দু সকলৰ ভোক-পিয়াহ, অভাৱ-সমস্যা আদি তুৰন্তে নাইকীয়া হবই বুলিও সদৌ ভাৰত মন্দিৰ নিৰ্মাণ প্ৰচাৰ সমিতিৰ সভাপতি দীঘল ফোটলোৱাই দাবী কৰিছে। এই নিৰ্মাণ কাৰ্যৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ গোটেই ভাৰতৰ ভোকাতুৰ ভিক্ষাৰী, দৰিদ্ৰ হিন্দু সকলক #মন্দিৰ হেচটেগ ব্যৱহাৰ কৰি টুইট কৰিবলৈকো ফোটলোৱাই আহ্বান জনাইছে।

১০. গৰমৰ দিনৰ আগে আগে নিৰ্বাচন অনুষ্ঠিত কৰাটো অনুচিত বুলি নিৰ্বাচনী আয়োগক স্মাৰক পত্ৰৰে জনালে সদৌ অসম কম্বল বিচৰা নাগৰিক সংঘই। এতিয়া সংঘই সংবিধান সংশোধন কৰি গৰমকালিৰ উপযোগী গ্ৰহণযোগ্য বস্তুৰ তালিকা বনোৱাৰ কাম বাঢ়িল বুলিও আয়োগক অভিমান কৰাৰ গুজৱ খবৰ প্ৰকাশ পাইছে।

1 comment: