অসমীয়াৰ সুখ-দুখ
সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা
Assamese MID-DAY on Social Media
প্ৰথম বছৰ ১৮১তম সংখ্যাঃ ১ এপ্ৰিল ২০১৩
( ইউনিকোডত অসমীয়া বাতৰি)
আজিৰ গুৰুত্বপূৰ্ণ খবৰঃ
সুখৰ খবৰঃ
১. তিতাবৰত দেৱ কুমাৰ বৰাৰ আৱক্ষ মূৰ্তি স্থাপনঃ উন্মোচন কৰি দেৱকুমাৰ বৰা সোঁৱৰণি প্ৰেক্ষাগৃহত বৰাদেৱৰ প্ৰগতিশীল চিন্তা-চেতনাৰ প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
২. তিতাবৰত উদ্বোধন হ’ল মুহকুমা ন্যায়িক আদালত, উদ্বোধন কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে ৷ যোৰহাট ন্যায়পালিকাৰ ৱেব চাইট উদ্বোধন কৰিলে প্ৰাক্তন ন্যায়ধীশ এছ এন ফুকনে ৷
৩. বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক প্ৰিয়নাথ শৰ্মা সোঁৱৰণী বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠিত হয় নলবাৰীতঃ "মূল্যবোধৰ অৱক্ষয় আৰু শিক্ষা ব্যৱস্থাৰ ভূমিকা" বিষয়ক বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰৌচান আলীয়ে ৷
৪. নেডফি হাট, গুৱাহাটীত প্ৰাক্ ৰঙালী বস্ত্ৰ মেলা ৭ এপ্ৰিল পৰ্যন্তঃ উদ্বোধন কৰিলে সংগীত শিল্পী তৰালী শৰ্মাই ৷
৫. মৰাণহাট প্ৰেছ ক্লাৱে ৰামধেনু যুগৰ সাংবাদিক, সাহিত্যিক সমাজকৰ্মী দেৱী চুতীয়াৰ সোঁৱৰণত প্ৰবৰ্তন কৰা শ্ৰেষ্ঠ সাংবাদিকতা বঁটাৰ বাবে "আজিৰ দৈনিক বাতৰি'ৰ বাৰ্তা সম্পাদক মনজিৎ বৰালৈঃ প্ৰদান কৰিব ২ এপ্ৰিলত ৷
৬. যোগীঘোপা ৰেলৱে ষ্টেচনত হ’ল ক্ষোভৰ উদ্গীৰণঃ চন্দন চৰকাৰৰ ছিণ্ডিকেটৰ বিৰুদ্ধে শ শ শ্ৰমিকে প্ৰদৰ্শণ কৰিলে বিক্ষোভ ৷
দেশে-বিদেশে
চিন্তনীয় খবৰঃ
অমৃতসৰত আন্না হাজাৰে |
৭. আজি অমৃতসৰৰ পৰা "জনতন্ত্ৰ যাত্ৰা" কাৰ্যসূচী যাত্ৰা আৰম্ভ কৰে আন্না হাজাৰেইঃ জালিৱনাবাগত ৰাইজক ক’লে-"কেৱল জনসাধাৰণৰ আন্দোলনেহে দেশৰ পৰিবৰ্তন আনিব পাৰিব ৷
৮. দিল্লীত অৰবিন্দ কেজৰিৱালৰ অনশনে ভৰি দিলে নৱম দিনতঃ দিল্লীৰ ৬লাখ লোকে স্বাক্ষৰ কৰি দাবীৰ সমৰ্থন কৰি পত্ৰ পঠিয়ালে দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ৷
৯. আৰম্ভ হ’ল পথিক অনলাইন বৃত্তি পৰীক্ষাৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়াঃ www.pathikgroup.com ত ৷
১০. এইবাৰ স্বাৱলম্বীতাৰ পাঠ দিব গ্ৰামিীণ বিকাশ বেংকেঃ প্ৰথমে পাঁচখন জিলাত গ্ৰামীণ স্ব-নিয়োজনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ অনুমতি লাভ; গুৱাহাটীৰ ৰাজগড়ত মুকলি হ’ল প্ৰথমটো প্ৰতিষ্ঠান ৷
দেশে-বিদেশে
১. প্ৰথম বাৰৰ বাবে মহিলা ক্ৰীড়া ক্লাবক অনুজ্ঞা পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ছৌদি আৰৱেঃ নাম দিব মহিলাৰ স্বাস্থ্য কেন্দ্ৰ ৰূপে ৷ লণ্ডন অলিম্পিকত প্ৰথমবাৰৰ বাবে দেশখনৰ পৰা মহিলা এথলীটে ভাগ লোৱাৰ পাছত চৰকাৰে আৰম্ভ কৰিলে এনে প্ৰগতিশীল চিন্তা-চৰ্চা ৷
২. মহাত্মা গান্ধীৰ প্ৰাসংগিকতা ক্ৰমাৎ বৃদ্ধি পাইছে চীন দেশতঃ অনুদিত হৈছে মহাত্মাৰ আদৰ্শৰ গ্ৰন্থ চীনা ভাষালৈ ৷
চিন্তনীয় খবৰঃ
সংবাদ মেল কৰিলে ৩০ অক্টোবৰৰ ঘটনাৰ নিৰ্যাতিত পৰিয়াল মঞ্চইঃ ৰঞ্জন দৈমাৰীক জামিন নিদিবলৈ জনালে আহ্বান ৷
শুৱালকুছিৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ, প্ৰশসনৰ শীৰ্ষ বিষয়াই পাতিলে বাহৰঃ শুৱালকুছি বস্ত্ৰৰ বেনাৰত বেনাৰসী বস্ত্ৰৰ বিক্ৰীত আৰোপিত হ’ল নিষেধাজ্ঞা ৷
দিনৰ ভাগত সান্ধ্য আইন কিছু শিথিল, পাঁচজনক আটকঃ দুজন গুলীবিদ্ধক গুৱাহাটী মেডিকেলৰ আই চি ইউত কৰিলে ভৰ্তি ৷
খাদ্য সংকটত পৰিছে শুৱালকুছিৰ ৰাইজঃ বেনাৰসী পাট কাপোৰ মজুতকাৰীৰ বিৰুদ্ধে দোকানে দোকানে আৰক্ষীৰ চলিল তালাচী ৷
শুৱালকুছিৰ বস্ত্ৰৰ চানেকি চুৰি কৰি বেনাৰসী পাট কাপোৰত সুলভ কৰাৰ ফলতেই ভৌগোলিক মান্যতা হেৰুৱাৰ পথত আগবাঢ়িল শুৱালকুছিৰ পাট কাপোৰৰ ঘৰুৱা উদ্যোগ ৷
গোৱালপাৰাৰ প্ৰসাদ বিষক্ৰিয়াৰ ঘটনাঃ দেওবাৰে পুনৰ চিকিৎসাধীন হ’ল ৫৪জন ৷
ডিব্ৰুগড়ত বিধায়কৰ পুত্ৰৰ গাড়ীৰ খুন্দাত আহত ছাত্ৰঃ যোৰহাটত বাচে নিহত কৰিলে যুৱকক ৷
৩১মাৰ্চৰ লটাৰীঃ আৰ্থিক বৰ্ষৰ শেষৰ দিনা উৎকোচৰ ব্যাপক লেনদেন, কোটি কোটিৰ ভুৱা বিলেৰে লুণ্ঠন চলিল ৰাজহুৱা ধনৰ ৷
No comments:
Post a Comment