
অসমীয়া সুখ দুখৰ
------------------------------------------------------------
আজিৰ নতুন লেখাঃ
হাস্য ব্যংগ শিতানঃ মিচা ক’লে কি ডাল হব
#অজয় লাল দত্ত
#দিগন্ত বৰাৰ কলমত
-----------------------------------------------
-----------------------------------------------
নিৰ্বাচিত ব্লগ আলোচনাত এইবাৰ
“আমি অসমীয়া”-মোৰ অসম মোৰ স্বাভিমানঃ
--------------------------------------------------------
অসমীয়াৰ সুখ-দুখ
১. কুটীৰ শিল্পক আইনী সুৰক্ষা দিবলৈ আগবাঢ়ি আহিল উকীল সংস্থাঃ তেওঁলোকে ক’লে দুৰ্বল ৰেছম আইনত নাই বস্ত্ৰ-শিল্পৰ নিৰাপত্তাৰ ব্যৱস্থা ৷
২. ৰাজপথলৈ ওলাই আহিল বুদ্ধিজীৱ, জ্যেষ্ঠ নাগৰিকঃ মহানগৰী গুৱাহাটীত পানী যোগান ব্যৱস্থা ব্যক্তিগতকৰণৰ কৰিলে বিৰোধিতা ৷
৩. এক বহাগৰ পৰা স্বাস্থসেৱাত এক অতি প্ৰয়োজৱীয় অভিলাষী আঁচনিৰ হব প্ৰবৰ্তনঃ "স্নেহস্পৰ্শ" নামৰ এই আঁচনিৰ অধীনত বছৰি ২.৫লাখ টকাৰ নিম্ন আয়ৰ পৰিয়াৰ ১২বছৰৰ তলৰ শিশুৰ বাবে কেতবোৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰা সহায় লাভ কৰিব ৷
৪. নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শতাধিক শিপিনীয়ে অসমৰ শিপিনীৰ ভৱিষ্যত সুৰক্ষাৰ দাবীত মন্ত্ৰী প্ৰণতি ফুকনৰ ঘৰ কৰিলে ঘেৰাও ৷
৫. থলুৱা শিল্প ৰক্ষাৰ দাবীত ৰাজ্যৰ গাঁৱে নগৰে আছুৰ চাইকেল শোভাযাত্ৰাঃ গেচ ক্ৰেকাৰত ১০০% থুলৱাৰ নিযুক্তি কৰিলে দাবী ৷
৬. চেন্নাইৰ শ্ৰীৰাম মেম’ৰিয়েল বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ধেমাজিৰ গোগামুখৰ ৰিম্পী তিৱাৰীয়ে সাজি উলিয়ালে মহিলাক সুৰক্ষা দিব পৰা ব্যৱস্থাঃ জিপিএছ আৰু মবাইল জিএছএমৰ সহায়েৰে তৈয়াৰ কৰা শ্বক চাৰ্কিট পদ্ধতি সংযোজিত কৰি তৈয়াৰ কৰিলে মহিলাৰ বাবে বিশেষ অন্তৰ্বাস ৷ জোৰ-জুলুম কৰিলে বা বলপূৰ্বক হেঁচা প্ৰয়োগ কৰিলে এই যন্ত্ৰই নিৰ্যাতনকাৰীক দিব স্বূয়ংক্ৰিয় বৈদ্যুতিক শ্বক ৷
৭. ছিপাঝাৰ সাহিত্য সভাৰ মেধা ভিত্তিক বঁটা প্ৰদানঃ শ্ৰেষ্ঠ সাংবাদিক আমাৰ অসমৰ প্ৰতিবেদক লক্ষ্যধৰ শইকীয়া, অসম সংঘ আমেৰিকা বঁটা লাভ কৰিলে পৰাণজ্যোতি নেওগে ৷
৮. ন্যায়ালয়ৰ দৃষ্টিত সকলো সমানঃ ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব কৰ্ণাটকত; এইবাৰ এজন কংগ্ৰেছ কৰ্মীৰ আবেদনৰ ভিত্তিত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কৰ্ণাটক কংগ্ৰেছৰ অধ্যক্ষ জি পৰমেশ্বৰলৈ জৰুৰী চমন জাৰী কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৷
৯. অহা ২৫ এপ্ৰিলত প্ৰকাশ হব মাধ্যমিক টেটৰ ফলাফলঃ বিদ্যালয় ভিত্তিক নিযুক্তিৰ আবেদন সংগ্ৰহিত হব অহা মে মাহত ৷
১০. বঙাইগাঁৱৰ চিপনচিলাত স্থাপিত হ’ব মাৰ্কেট ছেডঃ চলি আছে আই টি আই স্থাপনৰ প্ৰস্তুতিও ৷
১১. সদৌ অসম কবি সন্মিলনৰ বিভিন্ন বঁটা ঘোষণাঃ পথাৰৰ কবি ৰাম গগৈৰ সোঁৱৰণী বঁটা ৰাজেশ কুমাৰ তাঁতীৰ কাব্যগ্ৰন্থ "মোৰ ৰাতিবোৰলৈ", সমোলাচনামূলক গ্ৰন্থৰ বাবে ডঃ আনন্দ বৰমুদৈলৈ বেণু চিৰিঙ সোৱৰণী বঁটা ৷
১২. কৃষকৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ প্ৰতিবাদঃ উপ-মুখ্যমন্ত্ৰী অজিত পাৱৰৰ নামত ৰাইজে মহাৰাষ্ট্ৰৰ জালনাত নামাকৰণ কৰিলে ৰাজহুৱা প্ৰসাৱগাৰ ৷
১৩. শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ড সন্দৰ্ভত বিধায়ক ৰাজু চাহুক সদৰ থানাত দুঘণ্টীয়া জেৰাঃ ধন দাবী কৰা সাংবাদিকৰ বিৰুদ্ধে চাহুৱে দিলে গোচৰ !
১৪. অসম বিজ্ঞান প্ৰযুক্তি পৰিবেশ পৰিষদে তৈয়াৰ কৰি উলিয়ালে ৫০০ বছৰৰ দিন বাৰ চাব পৰা কেলেণ্ডাৰ ৷
চিন্তাজনক খবৰঃ
১. বিষয় শিক্ষক নিযুক্তিত ব্যাপক অনিয়ম তথা খেলিমেলিঃ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত শিক্ষা মন্ত্ৰীক ঘেৰাও কৰিলে বঞ্চিত প্ৰাৰ্থীয়ে ৷
২. মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ ১৭ ৰাজ্যৰ তালিকাত নাম নাই অসমৰঃ শীৰ্ষ স্থান লাভ কৰিলে বিহাৰে, নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ বিকাশৰ ছবি অৱনমিত ৷
৩. এইবাৰ চীনত নিৰ্মিত গামখাৰুৱে দখল কৰিছে বজাৰঃ নাই কোনো চৰকাৰী নিয়ন্ত্ৰণ৷
৪. মুখ্যমন্ত্ৰীৰ ছিণ্ডিকেট বিৰোধী অভিযানক তীৰ্যক দৃষ্টিৰে মন্তব্য কৰিলে চেম্বাৰ অৱ কমাৰ্চেঃ বিসম্বাদৰ চাপতহে ছিণ্ডিকেটৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷
৫. গোসাঁইগাঁৱত মেৰী গ’ল্ড বিস্কুট খাই ১০ শিশুসহ অসুস্থ বাৰজন ৷
৬. বজাৰত নিৰ্ধাৰিত নহয় সামগ্ৰীৰ দামঃ হ’লেছলৰ পৰা খুছুৰা ব্যৱসায়লৈ সকলোতে পৰিছে ছিণ্ডিকেটৰ ক’লা ছায়া ৷
৭. এইবাৰ বাওঁপন্থী ছাত্ৰৰ ক্ষোভৰ সমুখত শাৰিৰীকভাৱে অপমানিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যৰ বিত্তমন্ত্ৰীঃ খঙতে বাতিল কৰিলে প্ৰধানমন্ত্ৰীৰ সতে পূৰ্ব নিৰ্ধাৰিত সাক্ষাৎ ৷
৮. অসমত সংঘটিত হ’ল ৫০০কোটিটকীয়া ভূমি কেলেংকাৰীঃ প্ৰতি বিঘাত ১৫হাজাৰকৈ কিনি ১.৭৫কোটিত বিক্ৰী কৰি অভিলেখ গঢ়িলে পৃথানী ভাতৃদ্বয়ে ৷
৯. ১৯৯৭চনৰ নিযুক্তিৰ গোচৰৰ ভিত্তিত এইবাৰ মৰিগাঁৱত নিয়মীয়া পদত শিক্ষকক নিযুক্তিত বাধা দিলে উচ্চ ন্যায়ালয়েঃ শংকাত ভূগিছে টেট উতীৰ্ণ প্ৰাৰ্থীয়ে ৷
১০. নলবাৰীৰ অপহৃত যুৱতী উদ্ধাৰ হ’ল গুৱাহাটীৰ ৰে’লৱে কলনীতঃ অভিযুক্তক জে’ললৈ প্ৰেৰণৰ খবৰ ৷
১১. বিলাসীপাৰাত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে সাংবাদিক বেল্লাল হুছেইনক, প্ৰাণে মৰাৰ ভাবুকি দি মূৰত আঘাট কৰি পেলাই থৈ গ’ল অচেতন অৱস্থাতঃ থানাত ৰুজু হ’ল গোচৰ ৷
১২ এইবাৰ ৰাহুল গান্ধীৰ আদৰ্শ লৈছে লালুৰ পুত্ৰইঃ গাঁৱে গাঁৱে ভ্ৰমিবলৈ ওলাইছে তেজস্বী যাদৱ!
১৩. ধোঁৱাচাঙতে আছে শিক্ষাৰ অধিকাৰ আইনঃ লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ত এবছৰতে বাঢ়িল দুগুণৰো অধিক মাচুল, অভিভাৱকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ৷
No comments:
Post a Comment