ASD 194: 30TH APRIL - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 194: 30TH APRIL

ASD 194: 30TH APRIL

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৪তম সংখ্যাঃ ৩০এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

সুখৰ খবৰঃ
১. অসম ৰাজ্যিক পথ প্ৰকল্পৰ শুভ উদ্বোধনঃ গ্ৰীণ ৰোড নিৰ্মাণেৰে গ্ৰাম্যাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ হব উন্নয়ন, পথ সুৰক্ষাত গুৰুত্ব দিলে মুখ্যমন্ত্ৰীয়ে ৷ পৰ্যায়ক্ৰমে পকী কৰা হ’ব সকলো কাঠৰ দলং ৷

২. তাই আহোম উন্নয়ন পৰিষদৰ শলাগনীয় উদ্যোগ, প্ৰবৰ্তন কৰিলে বিশেষ পাৰদৰ্শিতা বঁটাঃ প্ৰথম বছৰৰ এই বঁটা চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা, চলচিত্ৰ প্ৰযোজক পৰাণ বৰবৰুৱা, তাই সাংস্কৃতিক শিল্পী নবেন মোহন, চিত্ৰশিল্পী অনুজ দুৱৰা, শিল্পী জীনা ৰাজকুমাৰীক প্ৰদানৰ সুখবৰ ৷

৩. অসম বিদ্যুত নিয়ামক আয়োগৰ কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভঃ বিদ্যুত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাৰ বাবে তুলিলে দাবী ৷

৪. জেৰাৰ ভয়ত থৰহৰি কম্পমান হৈছে সাৰদা কোম্পানীৰ শুভাকাংখীৰঃ চিবিআইৰ সমানে সমানে চলিব এনফৰ্চমেণ্ট, আয়কৰৰ অভিযান ৷

৫. মিচিং পৰিষদত অনা-মিচিং গাঁওঃ মে’ত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ সিদ্ধান্ত ব্যক্ত কৰিলে চৰকাৰে ৷

৬. হাবিগাঁও গাঁওৰক্ষী বাহিনীৰ সোণালী জয়ন্তী সমাৰোহঃ মুখ্যমন্ত্ৰীলৈ "ৰাজনীতি শিৰোমণি" উপাধি৷

৭. তিতাবৰত বোমাতংকৰ শেষত ব্ৰীফকেচত ওলাল মাটি!

দুখৰ খবৰঃ
১. বিশিষ্ট ভাষাবিদ, "কামৰূপৰত্ন" ডঃ ভগৱান মৰলৰ দেহাৱসান ৷

২. এবছৰ এমাহ অবৈতনিক সেৱা আগবঢ়াই অৱশেষত অসম প্ৰকাশন পৰিষদৰ সচিব পদৰ পৰা পদত্যাগ কৰিলে সদানন্দ গগৈয়েঃ সাৰদা কাণ্ডৰে জড়িত থকাৰো উঠিছিল অভিযোগ ৷

৩. গুৱাহাটীৰ চান্দমাৰিত আবাসিক অঞ্চলত হাতেসজা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিতঃ গোৰেশ্বৰতো উদ্ধাৰ টাইম বোমা ৷

৪. চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অসম বন্ধত বিভিন্ন ঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ দুখজনক খবৰঃ কলিয়াবৰত প্ৰতিবাদীৰ হাতে হাতে দা-কুঠাৰ ৷

৫. জীৱনশিল্পী আদ্য শৰ্মা জিএমচিএইচত চিকিৎসাধীনঃ বিভিন্নজনে কৰিলে আশু আৰোগ্য কামনা ৷

চিন্তাজনক খবৰঃ

১. শ্বাহৰুখৰ সতে ফটোঃ জালিয়াতিৰ বাবে চাইবাৰ অপৰাধত অভিযুক্ত হ’ল অসম ক্ৰিকেট সন্থাৰ সম্পাদক বিকাশ বৰুৱা; সদৌ অসম মুক্ত সাংবাদিক সন্থাই তুলিলে অভিযোগ ৷

২. যোৱা ২৩বছৰত ১৪হাজাৰত নিৰীহ লোকক হত্যা কৰা হ’ল অসমতঃ জাতীয়তাবাদী যুৱ-ছাত্ৰই তুলি ধৰিলে তথ্য ৷

৩. মন্ত্ৰী হিমন্তৰ পদুলিত মোতায়ন আৰক্ষীঃ সাৰদাৰ গ্ৰাহক, এজেণ্টৰ বিক্ষোভৰ ভয়!

৪. ডাঃ ধনীৰাম বৰুৱাই তুলিলে গুৰুতৰ অভিযোগঃ মন্ত্ৰী অকন বৰাৰ পুত্ৰই হত্যা কৰাব খোজা বুলি দিলে অভিযোগ৷

৫. ব্যৱসায়িক সংগাত তথা সম্পত্তিৰ বাবেই শিৱসাগৰত এজনক গাড়ীৰে খুন্দিয়াই হত্যা ৷

৬. পুনৰ উতপ্ত গোৱালপাৰাঃ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তেজনা, আৰক্ষীৰ গুলীত নিহত দুই, জীৱন্তে জ্বলালে যুৱকক, অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি ৷

৭. নগাঁৱৰ কাকীত শিক্ষকে ছাত্ৰ-ছাত্ৰীক মদ আনিবলৈ দিয়াৰ অভিযোগত বিদ্যালয়ত উলমিল তলা ৷


বোল বচনঃ
১. চীট ফাণ্ডৰ লুণ্ঠন সন্দৰ্ভত মুখ্যমন্ত্ৰী-"এজনো অপৰাধীক ৰেহাই নিদিওঁ"!

২. AIMৰ সমাবৰ্তনত মেঘালয়ৰ ৰাজ্যপাল মুছাহাৰীয়ে ক’লে-"শিক্ষাইহে যুৱ-প্ৰজন্মক শুদ্ধ আৰু সত্যৰ সন্ধান দিব পাৰিব" ৷

ৰাজনীতিঃ
১. বিহাৰৰ পাছত এইবাৰ উৰিষ্যাঃ দাবী কৰিলে বিশেষ ৰাজ্যৰ মৰ্যদা ৷

ৰাষ্ট্ৰীয়ঃ
১. অন্ধ্ৰপ্ৰদেশৰ জগনমোহন ৰেড্ডীক কিয় দিয়া নাই জামিনঃ চিবিআই লৈ জাননী জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে ৷

২. বিহাৰৰ উচ্চ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব পথ সুৰক্ষাৰ বিষয় ৷

৩. কেৰেলাত ন বছৰীয়া শিশু পুত্ৰক ফেৰাৰী চলাবলৈ দি গ্ৰেপ্তাৰ বৰণ কৰিলে এজন পিতৃয়ে!

আন্তঃৰাষ্ট্ৰীয়ঃ
১. চিকিৎসাৰ বাবে ভাৰতলৈ পঠোৱা নহব সৰৱজিতকঃ আজমীৰ শ্বৰীফ দৰগাহৰ দেৱানে ক’লে- সৰৱজিতৰ ওপৰত চলা আক্ৰমণ ইছলামবিৰোধী ৷

২. লেৱাননলৈ পলায়ন কৰিলে চাৰিলাখ চিৰিয়াবাসীয়ে ৷

৩. পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত নিহত হ’ল আঠজন ৷


বিহুৰ বতৰাঃ

১. বৰপেটাত ৬,৭,৮ মেত ৩৭তম বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলন,        ক. বাজেট দহ লাখ টকা, সমিতি ১০১জনীয়া
           খ. ৬মে’ত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জনগোষ্ঠীয় কলা-সংস্কৃতিৰ প্ৰদৰ্শণ ৷
       গ. ৮মে’ত সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ- জুবিন আৰু জুৱলী ৷
২. বকলীয়া ঘাটত বসন্ত উৎসৱঃ আয়োজক সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সংন্থা
      ক. সদৌ অসম ভিত্তিক বিহুৱতী, বিহুপৰী আৰু মুকলি বিহু প্ৰতিযোগিতা ৷
      খ. তাৰিখ ৩০ এপ্ৰিল আৰু ১ মে’ ২০১৩ ৷


অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 

No comments:

Post a Comment