চিন্তনঃ বিতৰ্কত বগীবিলঃ আত্ম-পৰিচয় বনাম কৰ্মশীল জাতীয় চেতনা :: ড° বিজয় কৃষ্ণ চেতিয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বিতৰ্কত বগীবিলঃ  আত্ম-পৰিচয় বনাম কৰ্মশীল জাতীয় চেতনা :: ড° বিজয় কৃষ্ণ চেতিয়া

চিন্তনঃ বিতৰ্কত বগীবিলঃ আত্ম-পৰিচয় বনাম কৰ্মশীল জাতীয় চেতনা :: ড° বিজয় কৃষ্ণ চেতিয়া

Share This
অসমৰ ৰাইজৰ বহুদিনীয়া এটা সপোন অৱশেষত পূৰণ হ’ল। ১৯৯৭ চনতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াই আধাৰশিলা স্থাপন কৰা আৰু ২০০২ বৰ্ষত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী দেৱে দলংৰ নিৰ্মাণ-কাৰ্যৰ শুভাৰম্ভ কৰা বগীবিল দলঙে প্ৰায় ২১ টা বৰ্ষ অতিক্ৰম কৰি কালি অৰ্থাৎ ২৫ ডিচেম্বৰ,২০১৮ তাৰিখে দেশৰ জনগণৰ অৰ্থে শুভ- উদ্ধোধন কৰা হ’ল। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱে বগীবিল দলংক দেশৰ নামৰ উৎসৰ্গা কৰিলে। কিন্তু অতি পৰিতাপৰ কথা যে দলংখন মুকলি হোৱা প্ৰাক মূহূত্ত্বত অসমত দলংখনৰ নামাকৰণ লৈ এক অতি সংকীৰ্ণ চিন্তাৰে আত্ম-পৰিচয়কলৈ উত্তাৱল হোৱা এক হুলস্থূলীয়া পৰিৱেশৰ সূচনা হৈছে। আত্ম-পৰিচয়কলৈ পৰিস্থিতি ইমানেই উত্ৰাৱল হৈ পৰিল যে কিছুৱে আত্মজাহৰ তালিকাও প্ৰকাশ কৰিবৈও কুণ্ঠাবোধ নকৰিলে। 
চিন্তনীয় কথাটো হ'ল যোগাযোগ ব্যৱস্থাক সুচল সমাজ উত্তৰণৰ সমল সমূহ যেনে শিক্ষা ব্যৱস্থা, চিকিৎসা সেৱা আদিৰ উন্নয়ণৰ ধাৰা তৰাম্বিত কৰিবলৈ সজা এখন দলংৰ নামৰ বাবে আত্মজাহ ,ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ আদি কাৰ্যসূচীৰে আৱেগিক পৰিৱেশত জনগোষ্ঠীয় ৰাইজ ব্যস্ত থকাটো সাম্প্ৰতিক সময়ত অসমীয়া সমাজ উত্তৰণৰ বাবে অতিকৈ জৰুৰী “জনগোষ্ঠীয় ঐক্য চেতনা” দৃষ্টিৰে কিমান সমীচিন সেই বিষয়ে নিশ্চয়কৈ আলোচনা কৰা প্ৰয়োজন আছে। আৰু তেনে উদ্দেশ্যৰে আমি তলত এই বিষয়ে কিছু আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। 

ইতিমধ্যেই দেশৰ প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ পত্ৰতেই বগীবিল দলংৰ ইতিহাস, কাৰিকৰী তথা অভিযান্ত্ৰীক দিশসমূহ সামৰি খবৰ প্ৰকাশ কৰিছে। যোৱা ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় সংবাদ পত্ৰ “দ্যা হিন্দু”ত ৪.৯৪ কি.মি দৈৰ্ঘ্যৰ দেশৰ দীৰ্ঘতম ৰেল-পথ দলং বগীবিল দলংৰ বিষয়ে  এটা বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিত বগীবিল দলংৰ নিৰ্মাণৰ সময়ত সন্মুখীন হোৱা এটা মূল সমস্যা; দলংৰ নিৰ্মাণ কাৰ্যৰ বাবে প্ৰয়োজন হোৱা কাৰিকৰী বিশেষজ্ঞ তথা কাৰিকৰী বনুৱা অভাৱৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে। এইখিনিতে উল্লেখ কৰা ভাল হব যে বগীবিল দলং দেশৰ একমাত্ৰ সম্পূৰ্ণভাৱে ওৱেল্ডিং (welding) কৰা দলং আৰু ইয়াৰ বাবেই দলংৰ নিৰ্মাণৰ সময়ত বহু সংখ্যক ওৱেল্ডাৰৰ প্ৰয়োজন হৈছিল কিন্তু পৰিতাপৰ কথা এই সংখ্যা স্থানীয়ভাৱে উপলব্ধ নাছিল। 

আমাৰ দৃষ্টিত “দ্যা হিন্দু”ত প্ৰকাশিত এই বাতৰিটোত অন্তৰ্নিহিত হৈ থকা ভয়াৱহতা বগীবিল মুকলি হোৱা আৱেগিক পৰিৱেশত অসমৰ ৰাইজৰ জাতীয় চেতনাৰ ন-দুৱাৰ মুকলিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিন্তু সাম্প্ৰতিক সময়ৰ আৱেগিক পৰিৱেশত এই বাতৰিৰ গুৰুত্ব কিমানজনে উপলব্ধি কৰিব পাৰিব? আমাৰ বিশ্বাস সৰহসংখ্যকেই নোৱাৰে আৰু সেইবাবেই সাতামপুৰুষীয়া জনগোষ্টীয় ঐকতাক পাহৰি পেলাই বৰ্তমান সময়ত সংকীৰ্ণ সুবিধাবাদী পুঁজিসবস্ব ৰাজনৈতিক চিন্তাৰ আগত আমি হৈ পৰিছোঁ মাথো ভোট দিয়া একোটা পুতলা ।

এটা জাতিৰ আত্মপৰিচয় বিশ্বজনীন চিন্তাৰে সবল ও উজ্বল কেনেকৈ  হব পাৰে ? আমাৰ দৃষ্টিত এইয়াই সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সমাজবাদৰ ঐতিহাসিক বিশ্লেষণত কথা স্পষ্ট হৈছে যে কোনোৱে এটা জাতিয়ে বিশ্বজনীন চিন্তাৰে তেতিয়ালৈকে শক্তিশালী হব নোৱাৰে যেতিয়ালৈকে জাতিটো নিজস্ব মানৱ সম্পদত শক্তিশালী নহয়, অৰ্থাৎ মানৱ সম্পদত দুৰ্বল  জাতিৰ বিশ্বজনীন পৰিচয় অন্ধকাৰ। শিক্ষা, সাহিত্য, সংস্কৃতি, কাৰিকৰী চিন্তা, কৃষি ব্যৱস্থা আদি সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় দিশত সমূহত আমাৰ থাকিব লাগিব শক্তিশালী মানৱ সম্পদৰ সম্ভাৰ তেতিয়াহে জাতিএ সময় লগত ফেৰ মাৰি বিশ্বজনীন পৰিচয় দাঙি উন্নতি কৰিবলৈ সক্ষম হব, ন'হলে “জাতীয় চিন্তা” হব গাদী দখলকাৰী ৰাজনৈতিক চিন্তাৰ এক সমীকৰণ মাথো, যিটো সাম্প্ৰতিক কালত অতি স্বচ্ছ আৰু স্পষ্ট।

"দ্যা হিন্দু"ৰ বাতৰি আলমত কবলৈ গ'লে অসমত আজিও কাৰিকৰী ভাৱে কৌশলী মানৱ সম্পদৰ নিশ্চয়কৈ অভাৱ। কিন্তু প্ৰশ্ন হ'ল দেশ স্বাধীন হোৱা ৭০টা বছৰ আৰু অসম চুক্তিৰ ৩০টাতকৈ অধিক বছৰ অতিক্ৰম কৰা পিছটো এই অভাৱ কিয়? এই প্ৰশ্নৰ উত্তৰত তিনিটা কথা মনলৈ আহে
১। প্ৰয়োজন অনুসৰি উন্নত কাৰিকৰী প্ৰতিষ্ঠানৰ সংখ্যা তাকৰ নেকি?
২। কাৰিকৰী শিক্ষাৰে শিক্ষিত অসমীয়া সকলৰ অসমত কৰ্ম কৰা মানসিকতা বা জাতীয় চেতনা শূন্য নেকি?
৩। অসমত আন্দোলনমুখী পৰিৱেশত কাৰিকৰী শিক্ষাৰ উপযোগী গঠনাত্মক পৰিৱেশৰ অভাৱ নেকি?

আজিৰ তাৰিখত আমি অনুভৱ কৰোঁ যে কাৰিকৰী শিক্ষানুষ্ঠানৰ সংখ্যা অসমত প্ৰয়োজন অনুসৰি স্থাপিত নাই হোৱা বুলি একাষাৰে কব নোৱাৰি কিন্তু কি অৱস্থাত কেনেদৰে চলি আছে সেইয়া এক চিন্তাৰ বিষয়। ২০১৫ চনলৈকে আমি লিডুত থাকোতে লিডুত আন্ত:গাঁঠনি সম্পূৰ্ণ হোৱা কাৰিকৰী প্ৰতিষ্ঠানখন কিন্তু চালুকীয়া অৱস্থাত নেদেখিলো। কিয় নাই তাৰ উত্তৰ হয়তো দীঘলীয়া হব । বৰ্তমান সময়ত ই যদি চালুকীয়া হৈছে তেন্তে এইয়া নিশ্চয়কৈ আমাৰ বাবে ভাল খবৰ।

উপৰোক্ত উদাহৰণত আমি এটা বিষয় স্পষ্ট কৰা চেষ্টা কৰিছোঁ সেইটো হ'ল শিক্ষানুষ্ঠানৰ আন্ত:গাঁঠনি নিৰ্মাণৰ সমান্তৰালভাৱে মানৱ সম্পদ নিয়োগৰ ব্যৱস্থাও সংশ্লিষ্ট পক্ষই কৰিব লাগে, কেন্দ্ৰীয় পুঁজিৰে আন্ত: গাঁঠনি নিৰ্মাণেই এক ৰাজনৈতিক চিন্তাৰ শেষ কথা হব নোৱাৰে। সঠিক সময়ত শিক্ষানুষ্ঠান গতিশীল কৰিব পৰাটোও এক সবল ৰাজনৈতিক দক্ষতা।

এতিয়া আহোঁ, অসমৰ কাৰিকৰী প্ৰতিষ্ঠানত শিক্ষিত কাৰিকৰী বিশেষজ্ঞ সকল অসমত কৰ্ম কৰিবলৈ ইচ্ছুক নহয় নেকি? কথাটো ১০০%ই অসত্য নহয়। এইক্ষেত্ৰত ব্যক্তিৰ জাতীয় চেতনাৰ লগতে অসমত সময়োপযোগী উদ্যোগৰ স্থাপনৰ ৰাজনৈতিক চিন্তাৰ অভাৱৰ কথাটো চৰ্চালৈ আনিব পাৰি।

শিক্ষাক কেৱল অৰ্থ উপাৰ্জন আহিলা বুলি গ্ৰহণ কৰা সকলে জাতীয় চেতনা বুলিলে যে একো নুবুজে সেইটো একদম স্পষ্ট। কিন্তু যি সকলে অসমতে অসমৰ বাবে কিবা এটা কৰা চিন্তা আজিও কৰি আছে তেওঁলোকৰ বাবে এক সুন্দৰ সুস্থ কৰ্মমুখী পৰিৱেশ গঢ়ি দিয়াটো প্ৰতিটো জাতীয় সংগঠনৰ মৌলিক দায়িত্ব। কিন্তু ইয়াৰ বিপৰীতে যদি জাতীয় সংগঠনে অসমীয়া চাকৰিয়ালৰ পৰা ধনদাবী কৰা পৰিৱেশ অসমত সূচনা হয় তাতকৈ গৰিহণাযোগ্য আৰু দুৰ্ভাগ্যজনক পৰিৱেশ জাতিটোৰ বাবে হয়তো আন একো নাথাকিব।

শেহতীয়াকৈ অসমত বিভিন্ন বিষয়ত বিভিন্ন আন্দোলন হৈছে বা হৈ থাকিব। আমি যদি এক বিশ্লেষণধৰ্মী চিন্তাৰে এই আন্দোলনৰ সমূহৰ মূল চালিকাশক্তিটো বিচাৰিব যত্ন কৰোঁ তেন্তে দেখিম সেইয়া হ'ল "আমাৰ অৰ্থাৎ অসমীয়াৰ আৱেগ"। এক কথাত কবলৈ গ'লে সাম্প্ৰতিক জাতীয়তাবাদক আমি আবেগিক জাতীয়তাবাদ বুলি কব পাৰোঁ। আৰু আবেগৰ দ্বাৰা জাতীয়তাবাদ পৰিচালিত হোৱাৰ বাবেই বহু সময়ত ই হৈ পৰে "উগ্ৰ জাতীয়তাবাদ"। যাক অতি সহজেই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে। আৰু শেহতীয়াকৈ বগীবিল দলংৰ নামাকৰণলৈ সৃষ্টি হোৱা আৱেগিক পৰিৱেশত এই কথা স্পষ্ট হৈছে। জনগোষ্টীয় সমন্বয়ৰ অভাৱত জাতীয় চেতনাক সংকীৰ্ণ গোষ্ঠীগত চিন্তাৰে পৃথক কৰি ৰাজনৈতিক মুনাফা আদায়ৰ পৰিৱেশ অসমত সূচনা কৰিব বিচৰা হৈছে। এনে পৰিৱেশ অসমত নতুন নহয়, পূৰ্বেও স্বায়ত্ত-শাসনৰ নামত বহু বিভক্ত কৰা হৈছিল অসমৰ সন্মিলিত জনগোষ্ঠীয় চিন্তাক। ইয়াৰ উপৰিও সময়ে সময়ে জনজাতিকৰণ বিষয়তো বহু বিভক্ত কৰিব বিচৰা হৈছে অসমৰ জনগোষ্টীয় কৰ্মশীল ঐক্যতাক।কিন্তু পৰিতাপৰ বিষয় জনগোষ্ঠীয় নেতৃত্বই এই সংকীৰ্ণতা বিৰুদ্ধে উমৈহতীয়া ঐক্যতা প্ৰৰ্দশন কৰাত ব্যৰ্থ হৈছে। 

ঐতিহাসিক সামাজিক চিন্তা ৰে এটা কথা স্পষ্ট যে এটা জাতিয়ে আত্মচেতনাক সুৰক্ষিত কৰি, আত্মপৰিচয়ৰে জীয়াই থকাৰ লগতে আগুৱাই যাবলৈ  “জাতীয়তাবাদ” লাগিবই কিন্তু সেই জাতীয়তাবাদ হব লাগিব কৰ্মশীল জাতীয়তাবাদ, বৈজ্ঞানিক চিন্তাৰে সমৃদ্ধ জাতীয়তাবাদ যাৰ প্ৰত্যক্ষ অনুপ্ৰেৰণাত জাতিয়ে লাভ কৰিব বা গঠন কৰিব পাৰিব এক শক্তিশালী জাতীয় চেতনাৰে জাগ্ৰত মানৱ সম্পদৰ চহকী জাতীয় ভঁৰাল। গতিকে কেৱল আৱেগৰ বৰ্শৱতী নহৈ জাতীয় বিষয়বোৰ সামাজিক- বৈজ্ঞানিক দৃষ্টিকোণেৰে ফহলিয়াই চাই আমি আগবাঢ়িলেহে আমাৰ সকলোৰে মৰমৰ "বৃহত্তৰ অসমীয়া" জাতিটোৰ শ্ৰীউত্থান সম্ভৱ হব বুলি আশা কৰিব পাৰি। 

সদৌ শেষত ব্ৰক্ষ্মপুত্ৰ দুয়োপাৰৰ সাংস্কৃতিক মিলনৰ শুভ পৰিৱেশত আমি মনেপ্ৰানে কামনা কৰোঁ অসমৰ প্ৰতিটো জনগোষ্টীয় চেতনাই পৰস্পৰে পৰস্পৰক সন্মান কৰি সংকীৰ্ণ গোষ্টীগত চিন্তাক পৰিহাৰ কৰা লগতে ধৰ্মীয় মৌলবাদকো প্ৰতিহত কৰি এক  উৎপাদনমুখী জাতীয় চিন্তা গঢ়া সংকল্প সকলোৱে গ্ৰহণ কৰা উচিত।
লেখক এগৰাকী ভূতত্ত্ববিদ। শিৱসাগৰ,অসম। যোগাযোগৰ নম্বৰ ৭০০২৪১১৪৫২

No comments:

Post a Comment