গ্ৰন্থ আলোচনাঃ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত সনন্ত তাঁতীৰ কাব্যগ্ৰন্থ "কাইলৈৰ দিনতো আমাৰ হ'ব" :: প্ৰাণজ্যোতি নাথ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

গ্ৰন্থ আলোচনাঃ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত সনন্ত তাঁতীৰ কাব্যগ্ৰন্থ "কাইলৈৰ দিনতো আমাৰ হ'ব" :: প্ৰাণজ্যোতি নাথ

Share This
'নিগ্ৰো' ছপা আখৰৰ মুখ দেখা তেখেতৰ প্ৰথমটো কবিতা। তাৰ পাছত আৰু থমকি ৰ'ব লগা হোৱা নাই। ইখনৰ পাছত সিখনকৈ প্ৰকাশ হ'ল কবিতাৰ বাৰটি সংকলন। সৰল আৰু পোনপটীয়া ৰচনাৰে অসমৰ কাব্য জগতত প্ৰতিষ্ঠিত হোৱা এইজনাই হ'ল কবি সনন্ত তাঁতি, নামেই যাৰ পৰিচয়। কবি সনন্ত তাঁতিৰ কবিতাপুথি , ২০১৩ চনৰ ডিচেম্বৰ মাহত "আঁক-বাক " প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "কাইলৈৰ দিনতো আমাৰ হ'ব" নিৰলাত কবিৰ নিজৰ সতে আলাপ। নামটোৱেই যেন এক আশাৰ ৰেঙণি, এক প্ৰৱল আত্মবিশ্বাসৰ প্ৰতিফলন। কবি শয্যাশায়ী, দেহত দুৰাৰোগ্য অসুখৰ বীজাণু; তথাপি লেখি আছে কবিতা; কাৰণ কবিতা কবিৰ সুখ-অসুখ-সাহস আৰু আত্মবিশ্বাস। কোনো কোনো মুহূৰ্তত বিৰোধ দুঃস্বপ্নৰ প্ৰতি। 

"কাইলৈৰ দিনটো আমাৰ হ'ব" কবি সনন্ত তাঁতিৰ জীৱনবোধ। কিতাপখনৰ আৰম্ভণিত বিশিষ্ট সমালোচক ড° হীৰেন গোহাঁই চাৰে লেখিছে ; "সনন্তৰ কাব্যৰ অৱয়বত উপমাৰ চমক নোহোৱা নহয় , কিন্তু তেওঁৰ কবিতাৰ প্ৰাণ হ'ল মানুহে মানুহক দিয়া গভীৰ সহৃদয়তাপূৰ্ণ আহ্বান - ' a man speaking to men ' । 

তাঁতিৰ সৰহভাগ কবিতা গদ্যধৰ্মী ; ঠিক যেন আলাপ __ মানুহৰ মানুহৰ সতে , হৃদয়ৰ হৃদয়ৰ সতে। "কাইলৈৰ দিনটো আমাৰ হ'ব" পুথিখনৰ প্ৰথমটো কবিতা, একে নামেৰে পুথিখনৰো নাম দিয়া হৈছে। এই কবিতাটোত এক প্ৰবল বিশ্বাসবোধ আৰু আশাবাদ আছে। বজৰুৱা কৃষ্টি -সংস্কতিৰ এই ঘোৰ কলিকালত সুন্দৰৰ আৰাধক সকলে, শিল্পীমন-শিল্পীপ্ৰাণে যি অৰাজক অৱস্থাৰ সন্মুখীন হৈছে; সেই অৰাজকতাৰ তমসা ফালি আশাৰ দীপ্তি জ্বলাইছে কাইলৈ দিনটোৱে …
"কাইলৈৰ দিনটো কেৱল কাইলৈৰ দিনটোৰ বাবে
 আজি আমাৰ চৌদিশে জুই
কাইলৈৰ দিনটোৰ বাবে আমাৰ ভিতৰে ভিতৰে নিৰ্মাণ
কাইলৈৰ দিনটো কেৱল কাইলৈৰ দিনটোৰ বাবে
 আমাৰ ভিতৰে ভিতৰে প্ৰস্তুতি
....................................................
কাইলৈৰ দিনটো আমাৰ হ'ব
কাইলৈৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে
নাথাকিব আন কোনো কথা ।"

এই স্তৱক দুটাত 'কেৱল' আৰু 'পৰা' শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া । শব্দ দুটাত আশা, প্ৰত্যয় , আত্মবিশ্বাস সঞ্চিত হৈ আছে। 

"আমাৰ চোতালত কাইলৈ উৰিব জয়ৰ পতাকা বতাহত ভাঁহি আহিব কাইলৈ কোনো কোনো সুখৰ খবৰ
গোলাপ ৰজনীগন্ধা আৰু ক্ৰিছেণ্ট-ইমামৰ সুগন্ধিৰে
ভৰি পৰিব আমাৰ সময়"( কাইলৈৰ দিনটো আমাৰ হ'ব )……"

এই স্তৱকটোতো দেখা গৈছে কবিৰ প্ৰত্যাশা । জীৱন যুঁজৰ কবি অক্লান্ত ৰণুৱা । 'কাইলৈ'ক লৈ তেওঁ আশাবাদী । অথচ "ব্ৰেকিং নিউজ " কবিতাত এইজনা কবিৰ জীৱনৰ দুখৰ ফালটো জী উঠিছে । " দুখবোৰক লৈ জীয়াই আছোঁ এতিয়া । শুই উঠি আজিকালি ৰাতিপুৱা বেড টী হিচাপে পি খাওঁ পাতল এগিলাচ দুখ।.........দুখ খাই খাই দুখৰ অবেচিত এতিয়া ভুগিছোঁ মই । দুখৰ অবেচিৰ বাবে হেনো আজিকালি কোনো প্ৰতিকাৰ নাই ।" ( ব্ৰেকিং নিউজ )কবিয়ে শেষ হৈও নিঃশেষ নোহোৱা, ক্ৰমাৎ বাঢ়ি অহা অসুখৰ আভাসো দিছে 'ব্ৰেকিং নিউজ 'ত "দুখবোৰে আজিকালি মোক খাবলে' আহে তোমাৰ দৰে। তুমি যেনেকৈ মোৰ জীৱনৰ পৰা ভালপোৱাবোৰ চোবাই চোবাই খাই শকত হৈ গৈছা দিনক দিনে । "কবিতাটিৰ "ব্ৰেকিং নিউজ" শিৰোনামাটি শ্লেষপূৰ্ণ যদিও কবিৰ মনগহনত নিহিত দুখৰ যি বলিষ্ঠ প্ৰকাশ 'ব্ৰেকিং নিউজ'ত ঘটিছে সি সংবেদনশীল কবিতা-প্ৰেমীৰ অনুভৱত কম্পন তুলিব আৰু পাঠকৰ দুচকু আপোনা-আপুনি সেমেকি উঠিব। 

"টুকুৰ বিয়া" কবিতাটিত প্ৰকাশ হৈছে ছোৱালী জীৱনৰ মৰ্মবেদনা "আজি টুকুৰ বিয়া । ................টুকুৱে টুকুক বিচাৰিবলে' গুচি যাব আজি । " ……এইয়া ছোৱালী জীৱনৰ চিৰন্তন সত্য। 

"সুনয়নাৰ জন্মদিন" কবিতাটোও এইখন পুথিৰ অন্তৰ্গত এটি শ্ৰেষ্ঠ কবিতা । সুনয়নাৰ জন্মদিনক লৈ কবি আৰু কবি-পত্নীৰ উথপথপৰ মাজতে খবৰ আহিছে সুনয়নাৰ মৃত্যু ঘটিছে। কবি শোকত শোকাভিভূত হৈছে। যদিও জন্মদিনৰ বজাৰৰ দীঘলীয়া লিষ্ট কবিৰ হাতত আছিল; শেষত কবিয়ে একোকে নিকিনি হতাশ আৰু বিমৰ্ষ হৈ উভতিল বজাৰৰ পৰা…
"সুনয়না মোৰ জীয়ৰী আছিল
তাই কুকুৰ নাছিল কোনোকালে" 
কবিৰ সুনয়নাৰ প্ৰতি পিতৃসুলভ প্ৰেম , কবিতাটিৰ প্ৰথমছোৱাৰ উচ্ছাস আৰু শেহত শোকাবহ অনুভৱৰ সংক্ষিপ্ত প্ৰকাশে পাঠক আৰু কবিক কাষ চপাই আনিব । সুননয়া কুকুৰ আছিল বুলি পাঠক কেতিয়াও পতিয়ন নাযাব ; কবিয়ে কৈ দিয়াৰ পাছতো। 

'স্মৃতি' কবিতাটিও অন্য এটি মৰ্মস্পৰ্শী কবিতা । স্মৃতি , মাজে মাজে আমাৰ বাবে হৈ পৰে জীৱনদায়িনী প্ৰাণশক্তি । স্মৃতিয়ে কেতিয়াবা আমাক ভাগৰায়ো পেলায় । প্ৰখৰ স্মৃতিশক্তি থকাজনে বিদ্বান বুলি পৰিচিতি লাভ কৰে । কিন্তু স্মৃতি সুঁৱৰি আমি কেতিয়াবা ভয়ভীত হওঁ । 'স্মৃতি' কবিতাটি সূক্ষ্ম মানৱীয় অনুভূতিপূৰ্ণ সফল কবিতা _ শেষ বয়সত অতীতৰ সোঁৱৰণিয়ে জীপাল কৰে জীৱন ……"স্মৃতি নাথাকিলে হৃদয়ৰ কথা অবান্তৰ । স্মৃতি নাথাকিলে ভালপোৱাৰ কথা অৰ্থহীন । স্মৃতি নাথাকিলে সপোনৰ বাখ্যাও প্ৰয়োজনহীন। "( স্মৃতি )"কবি ভালে নাই" কবিতাত আছে কবিৰ অসুখৰ কথা । কবিৰ হৃদয়ৰ বৰ্ণনা…হৃদয়লৈ । কবিতাটো পঢ়ি মূক , শোকস্তব্ধ হৈ পৰিব পাঠক। "কবি ভালে নাই । সেয়ে কবিৰ ভৰি দুখনেও সহিব নোৱাৰে হৃদয়ৰ ভাৰ । কবিয়ে আজিকালি খোজকাঢ়িব নোৱাৰে আগৰ দৰে । পিছল বাটেৰে খোজ কাঢ়িবলৈ কবিৰ ভয় । আচলতে কবিৰ হাড়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এতিয়া যন্ত্ৰণা। কবিৰ মজ্জাৰ ভিতৰতে জুইৰ দৰে প্ৰদাহ। আগৰ দৰে কবিয়ে সঘনাই প্ৰজ্বলিত কৰিব নোৱাৰে জীৱন ।"( কবি ভালে নাই ) এনে জটিল পৰিস্থিতিতো কবিয়ে কৃতজ্ঞতা জনাবলৈ, শলাগিবলৈ পাহৰা নাই তেওঁৰ কাষত থিয় দিয়া সহৃদয় প্ৰতিজনক, তেওঁৰ প্ৰিয় পাঠক আৰু কবিসকলক। 

"যিসকলে মোক" আৰু "প্ৰিয় পাঠক আৰু মোৰ প্ৰিয় কবিবৃন্দ"; এই সংবেদনশীল কবিতা দুটি কবিৰ কৃতজ্ঞতাবোধৰ সাক্ষীস্বৰূপ।"প্ৰিয় পাঠকআৰু মোৰ প্ৰিয় সমসাময়িক কবিবৃন্দ/ মই ৰোগাক্ৰান্ত কবিৰ হৈ/ আপোনালোকৰ অকৃত্ৰিম ভালপোৱাৰ শলাগ লৈছোঁ ……........" ( প্ৰিয় পাঠক আৰু মোৰ প্ৰিয় কবিবৃন্দ )"কাইলৈৰ দিনটো আমাৰ হ'ব" পুথিখন যেন এপাহ নিয়ৰত তিতা শুভ্ৰ শেৱালি । নিয়ৰৰ কণ কণ টোপালবোৰে তুলি ধৰিছে যাৰ সৌন্দৰ্য । সিক্ততা অবিহনে অসম্পূৰ্ণ ; ৰুক্ষ , শুষ্ক , লেৰেলি যোৱা… । "কাইলৈৰ দিনটো আমাৰ হ'ব" কবিতাৰ সেইজাক কিনকিনীয়া বৰষুণ; ধূলি পৰি মলিন হোৱা সেউজীয়াৰ ধূলি সামৰিবৰ বাবে যিজাক বৰষুণৰ প্ৰয়োজন হয় মাজে-মাজে; যিজাক বৰষুণত সেমেকি উঠি পাঠক আকুল হ'ব আকৌ এবাৰ তিতি চাবলৈ । পাঠকৰ পদূলিত জ্বলিব দুখৰ চাকি ; কবিৰ মঙ্গল কামনাৰে । কবি নিজেও তিতিছে এই আবতৰীয়া বৰষুণজাকত ; তথাপি কবিৰ আহ্বান শুনা গৈছে এনেদৰে …"প্ৰিয় মহাশয় ভুল নুবুজিব এই বুলি যে/ আপোনাৰ সহায়ৰ বাবে মই এই শব্দবোৰ/ সজাই পৰাই লৈছোঁ আৰু মই/ আপোনাৰ আকৰ্ষণৰ বাবে/ অৰ্থহীন অভিপ্ৰায় গঢ়ি তুলিছোঁ …"( প্ৰিয় মহাশয় ) এনে সবল স্বীকাৰোক্তিয়ে নিশ্চিত কৰে কবি সৎ-সৰল আৰু সহজ । কোনো কৃটিম শুৱনি মুখা কবিয়ে ধাৰণ কৰা নাই । কবিৰ সুখ-দুখ , অনুভৱ-অনুভূতি , আশা-আকাংক্ষা , খং-ৰাগ , প্ৰেম-ভালপোৱা এই সকলোবোৰ পাঠকৰ উপভোগৰ বাবে কৰা কেৱল বাহ্যিক শব্দ-নিৰ্মাণ নহয় । প্ৰতিটো কবিতা কবি সনন্ত তাঁতিৰ হৃদয়ৰ আকূতি , অনুভৱেৰে জীপাল । প্ৰতিটো কবিতা একোটা চৰম সত্য । প্ৰতিটো কবিতা ৰাগিলগা ; আত্মপ্ৰত্যয়ৰে নিৰ্মিত , পাঠকৰ প্ৰতি সদ্ভাৱ । উল্লিখিত কবিতাকেইটিৰ উপৰিও আৰু কেইবাটাও শুৱলা , সুখপাঠ্য, সংবেদনশীল কবিতা "কাইলৈৰ দিনটো আমাৰ হ'ব" কাব্য সংকলনৰ অন্তৰ্গত । আমি সপ্তাহটোৰ ভাগৰ মাৰিম , ফূৰ্তি-আনন্দ কৰিম বুলি আদৰিবলৈ ৰৈ থকা বিশেষ দেওবাৰৰ দিনটো কবিয়ে কিয় বেয়া পায় , 'দেওবাৰ' কবিতাটি পঢ়িলে পাঠকে বুজি উঠিব । সংকলনটিৰ সেইটো এটা অনন্য , মৰ্মস্পৰ্শী কবিতা । এনেদৰে সংকলনটিৰ অন্য কেতবোৰ সুন্দৰ কবিতা পঢ়িও পাঠক আন্দোলিত হৈ পৰিব । "কাইলৈৰ দিনটো আমাৰ হ'ব" ; কবি সনন্ত তাঁতিৰ আপোনাৰ সংগ্ৰহত ৰাখিবলগীয়া এখন আপুৰুগীয়া কিতাপ । প্ৰিয় কবিৰ " ইচ্ছা" , কবিৰ "আশা"ৰ বিষয়ে জানিবলৈ ইচ্ছুক প্ৰিয় পাঠকসকলে কিতাপখন এবাৰ পঢ়ি চাব পাৰে । 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages