মনৰ কথাঃ পিকনিকপ্রেমী ৰাইজলৈ স্বচ্ছতাৰ অনুৰোধ:: লীলাকান্ত পায়েং - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ পিকনিকপ্রেমী ৰাইজলৈ স্বচ্ছতাৰ অনুৰোধ::  লীলাকান্ত পায়েং

মনৰ কথাঃ পিকনিকপ্রেমী ৰাইজলৈ স্বচ্ছতাৰ অনুৰোধ:: লীলাকান্ত পায়েং

Share This
এতিয়া শীতকালৰ সময়। মানেই পিকনিক খোৱাৰ সময়। বিশেষকৈ 
ডিচেম্বৰ আৰু জানুৱাৰী মাহটো পিকনিক খোৱাৰ সময়। আচলতে পিকনিকে আমাক মানসিক চাপ আৰু হেঁচা দূৰ কৰে। পিকনিক মানেই পৰিয়াল, বন্ধু-বান্ধৱ তথা সমন্ধয়ী আদি সকলোৱে মিলি একগোট হৈ প্রাকৃতিক পৰিৱেশত হাঁহি-ফুর্তিৰ মাজত বিলীন হৈ যোৱা। কিন্তু পিকনিকৰ নামত আমি যে প্রতি বছৰে পৰিৱেশক প্রদূষণ কৰি আহিছোঁ এই কথাত কিমান জন মানুহে সচেতনতা বজাই ৰাখি আহিছে। মুঠতে ক’বলৈ গ’লে আমি কেতিয়াও পৰিৱেশ সংৰক্ষণক লৈ কেতিয়াও সচেতন নহয়। আমি কেতিয়াও চিন্তা নকৰোঁ যে পিকনিকৰ নামত প্রতি বছৰে বর্ধিত হাৰত প্রদূষণৰ মাত্রা বাঢ়ি আহিছে। গতিকে মই আপুনি সকলোৱে মিলি যদি কিছুমান কাম কৰোঁ তেন্তে আমি পৰিৱেশ প্রদূষণ হোৱাৰ পৰা বচাই ৰাখিব পৰা যায়। তাৰ বাবে আপুনি পিকিনিক খোৱাৰ পাছত কিছুমান কাম কৰাটো অত্যন্ত প্রয়োজনীয় বুলি ভাবি কিছুমান দিশৰ কথা উল্লেখ কৰিলোঁ- 

১) পিকনিক খাবলৈ যাওতে প্রতি পিকনিক পার্টিয়ে ডাষ্টবিনৰ পাত্র এটি কঢ়িয়াই লৈ যাওক। এইটো আমাৰ প্রধান কাম। 
২) কিছুমান ঠাইৰ বনভোজ থলীত কিছুমান নীতি-নিয়ম বান্ধি দিয়ে। এনে ক্ষেত্রত আমাৰ প্রত্যকজনৰে কিছু কৰণীয় কাম আছে যিটো আমি কেতিয়াও পালন কৰি অহা নাই। গতিকে পৰিৱেশক বচাই ৰাখিবৰ বাবে আমি এনে নীতি-নিয়মবোৰ পালন কৰা উচিত। 
৩) আচলতে অৰণ্যৰ জীৱ-জন্তুৱে আমাৰ দৰে হুলস্থলীয় পৰিৱেশত থাকি ভাল নাপায়। গতিকে বনভোজৰ উচ্চ স্বৰৰ গান বাজনাই জীৱ-জন্তুৰ জীৱন-যাপন প্রণালীত বাধা-বিঘনি দিয়ে। এনে হোৱাৰ ফলত এইখন অসমতে বন্য প্রাণীয়ে মানুহক আক্রমণ কৰাৰ উদাহৰণ আছে। গতিকে পৰাপক্ষত আমি যিমান পাৰোঁ কম প্রাৱল্যত গান বজোৱা উচিত। 
৪) পানী, মদৰ বটল, প্লাষ্টিকজাতীয় তথা অন্য অলাগতিয়াল সামগ্রীবোৰ আমি যতে-ততে পেলাই পৰিৱেশ প্রদূষণ কৰোঁ। গতিকে যিমান পাৰোঁ আমি এনে অলাগতিয়াল বস্তুবোৰ ডাষ্টবিনৰ পাত্রত জমা কৰিব লাগে। 
৫) পিকনিকত নষ্ট হোৱা খাদ্য সামগ্রীও যতে-ততে পেলাই দিয়া অনুচিত। কিয়নো এনে পেলনীয়া খাদ্য সামগ্রীৰ পৰা মিথেন গেছৰ উৎপন্ন হয় আৰু মিথেন গেছে গোলকীয় উত্তাপ বৃদ্ধিত সহায় কৰে। কিন্তু বহুতৰ মনত এটা প্রশ্ন দোলা দিব চাগে এইটো হ’ল ইমান কম খাদ্য সামগ্রীয়ে ইমান প্রভাৱ পেলাব নে। কিন্তু এনেদৰে একে ঠাইত বিভিন্ন অঞ্চলৰপৰা অহা বনভোজ প্রার্থীৰ সমাগম হয় আৰু পেলনীয়া সামগ্রীবোৰ জমা হৈ গৈ থাকে। 
৬) আমি সদায় পিকনিক পাহাৰ-পর্বত, নৈ-জান-জুৰি আদিৰে ভৰপুৰ ঠাই পছন্দ কৰোঁ। গতিকে আমি ভাবো যে এদিনৰ বাবে আহিছো যেতিয়া সকলো কৰি যাও। কিন্তু এনেদৰে আমি জান-জুৰি, নৈ আদিত আৱর্জনাবোৰ পেলাই থৈ আহি জলৰ পৰিৱেশ তন্ত্র নষ্ট কৰি আহিছোঁ। আমাৰ এই কু-স্বভাৱে অকল পানীৰ পৰিৱেশকে প্রদূষণ নকৰে। ই স্থল ভাগৰ প্রাণী জগতৰো বিৰূপ প্রভাৱ পেলায়। গতিকে আমি এই কুঅভ্যাস পৰিত্যাগ কৰিব লাগিব। 
৭) পিকনিকলৈ যাওতে পৰাপক্ষত প্লাষ্টিক জাতীয় সামগ্রী কঢ়িয়াই নিয়াটো বন্ধ কৰিব লাগে। কিয়নো বছৰ বছৰ ধৰি থাকিলেও প্লাষ্টিক মাটিৰ লগত মিহলি যাব নোৱাৰে। 
৮) পিকনিকৰ ঠাই অনুয়ায়ী বিভিন্ন পেলনীয়া সামগ্রীবোৰ জ্বলাবলৈ সুবিধা হলে পৰাপক্ষত জ্বলাই দিয়াটো অতি উত্তম। কিন্তু এটা কথা সদায় মন কৰা উচিত যে যাতে পৰিৱেশত কোনো ধৰণৰ নেতিবাচক প্রভাৱ নেপেলায়। 
৯) ডাম্পিং গ্রাউণ্ডৰ ব্যৱস্থা থাকিলে আৱর্জনাবোৰ ডাম্পিং গ্রাউণ্ডত পেলাই থৈ আহিব লাগে। গতিকে এনে ব্যৱস্থা গ্রহণ কৰিলে পৰিৱেশ প্রদূষিত হোৱাৰপৰা সুৰক্ষা পোৱা যায়।
১০) আটাইতকৈ ডাঙৰ কথা হ’লে যে আমাৰ মাজত থকা নেতিবাচক মনোভাৱ। কিয়নো এনে ঠাইত বিভিন্ন পিকনিক দলৰ সমাগম হয়। কোনোবাই যদি ঠাইডোখৰ পৰিষ্কাৰ নকৰাকৈ গুচি গৈছে আমি তাকেহে অনুকৰণ কৰিবলৈ চাও। কিয়নো বেলগে এনেদৰে গুচি গৈছে গতিকে আমাৰ কিয়ৰ প্রয়োজন বুলি ভাবি আমিও এই পথকে বাচি লও। গতিকে এনে মানসিকতা আমি সঁচাই সলনি কৰাৰ প্রয়োজন। 

সকলোৱে বনভোজৰ আনন্দ লত্তক, ফুর্তি কৰক কিন্তু আমি সদায়েই আমি চাব লাগিব যে আমাৰ যোগেদি যাতে এনে সুন্দৰ পৰিৱেশ এটি ধ্বংস নহওক। কাৰণ এটি সুন্দৰ পৰৱেশ নাথাকিলে ভৱিষ্যতেই বনভোজ ক’ত খাব। কথাবোৰ সৰু যেন লাগিলেও পৰিৱেশৰ বাবে এক ডাঙৰ প্রত্যহবান। গতিকে এনে কিছুমান ব্যৱস্থা গ্রহণ কৰিলে পৰিৱেশ প্রদূষিত হোৱাৰপৰা সুৰক্ষা পোৱা যায়। কাৰণ বিপদ অহাৰ আগতে আমি যদি প্রকৃতিক সংৰক্ষণৰ প্রতি আমি অৱহেলা কৰোঁ তেন্তে পৃথিৱীৰ ধ্বংসৰ বাবে মই আৰু আপুনি জগৰীয়া হম।

1 comment: