চিন্তনঃ সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বানঃ ছপা বনাম ডিজিটেল মেডিয়া :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বানঃ ছপা বনাম ডিজিটেল মেডিয়া   :: অজয় লাল দত্ত

চিন্তনঃ সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বানঃ ছপা বনাম ডিজিটেল মেডিয়া :: অজয় লাল দত্ত

Share This
অসমৰ সংবাদ জগতত অৰুণোদয়ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰই সময়ে সময়ে ভুমুকি মাৰি আহিছে। কিছুমান ক্ষণস্থায়ী হৈছে, কিছুমানে কেইবছৰ মানৰ আয়ুসেৰে নিজৰ নাম ৰাখি গৈছে, আৰু কেইখনমানহে শতিকাজোৰাকৈ দীৰ্ঘজীৱি হৈছে। এই কেইটা বৰ্ষতে বিশ্বৰ প্ৰযুক্তিৰ সৈতে ফেৰ মেলাই অসমীয়া ভাষাতো ডিজিটেল মেডিয়াৰ প্ৰকল্পও গঢ় লৈ উঠিছে। ই-মেগাজিন, বেৱ-পৰ্টেল, নিউজ-পৰ্টেল, ব্লগ, মাল্টি-মেডিয়া (ভিডিঅ' আৰু লেখা) আদি বেলেগ বেলেগ ৰূপত ডিজিটেল মেডিয়াই গঢ় লৈছে। ইউনিকোড ফণ্ট চিষ্টেমৰ প্ৰসাৰতাৰ লগে লগেই ইণ্টাৰনেট মাধ্যমত আঞ্চলিক ভাষাৰ ব্লগ আৰু ডিজিটেল মেডিয়া সুচল হৈ পৰিছে। অসমীয়া ভাষাতো তেনে বহুকেইটি মেডিয়া গঢ় লৈ উঠিছে। প্ৰতিটো গণমাধ্যমকে সুধী সমাজে যাত্ৰাৰম্ভৰ সময়ৰ পৰাই পৰ্যবেক্ষণ কৰে  আৰু গণমাধ্যম একোটাক পাঠক-নাগৰিকেও মূল্যাংকন কৰিবলৈ ধৰে। 
ছপা মাধ্যম বনাম ডিজিটেলঃ
বিশেষকৈ বিশ্বৰ ছপা মাধ্যমক এতিয়া “দ্ৰুত বেগী খবৰে আৰু ইণ্টাৰনেট-টিভিৰ জৰিয়তে ঘৰে ঘৰে “সহজলভ্যতা”ই গভীৰ প্ৰত্যাহ্বান জনাইছে। মেডিয়া বেৰণ ৰূপাৰ্ট মাৰ্দোছে এযুগ আগতে তেওঁৰ প্ৰতিস্থিত কাকতৰ পৰা হোৱা লভ্যাংশক 'সোণৰ নদী' বুলি আখ্যা দিছিল, কিন্তু তেখেতেই সাম্প্ৰতিক সময়ত 'নদীও এদিন শুকায়' বুলি মত দিবলৈ বাধ্য হ'ল।  বাফেল্ল নিউজৰ স্বত্তাধিকাৰী ৱাৰেন বাফেটৰ মতেটো চেটেলাইট ব্ৰডকাষ্টিং আৰু ইণ্টাৰনেট আগতীয়াকৈ ওলোৱা হ'লে ছপা মাধ্যমৰ বাতৰি কাকতৰ সৃষ্টিয়েই নহ'লহেতেন! নতুন প্ৰজন্মৰ বাবে চ'চিয়েল মেডিয়া এতিয়া টিভিতকৈ বেছি উপভোগ্য তথ্য-উতস হৈ পৰিছে। “দ্য ইকনমিষ্ট”ৰ দৰে প্ৰকাশন সংস্থায়ো এতিয়া চ'চিয়েল মেডিয়া প্লেটফৰ্মৰ ব্যৱহাৰ কৰি পাঠক আকৰ্ষণ কৰিবলৈ বিশাল কৰ্মদল ৰাখিব লগা হৈছে। ফ্ৰান্সৰ ইতিহাসপ্ৰসিদ্ধ দৈনিক কাকত Le Monde য়ে নিজৰ সমলৰ প্ৰচাৰ আৰু পাঠক আকৰ্ষণৰ বাবে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰো সহায় লোৱাৰো খবৰো প্ৰকাশ পাইছে। উল্লেখযোগ্য যে, কাকতে সংবাদাতা নিৰ্ভৰ বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে গুগোল, য়াহু আদিয়ে নিজা সাংবাদিক অবিহনেও বিশ্বজোৰা জালপঞ্জীৰ পৰা কম্পিউটাৰ এলগৰিথমৰ সহায়ত অবিৰত বাতৰিৰ প্ৰৱাহ সৃষ্টি কৰি ৰাখিছে, গতিকে নিউজ-ভেল্যু অতি ক্ষণিকৰ হৈ উঠিছে। এয়া হৈছে খবৰ বাতৰিৰ কাৰিকৰী প্ৰত্যাহ্বান।

আমেৰিকান লেখক মাইকেল কনেলীয়ে কৈছে- 'এখন বাতৰিকাকত হৈছে  এটা জাতিৰ কেন্দ্ৰবিন্দু স্বৰূপ, ই হৈছে ধ্বজবহনকাৰী এটা স্তম্ভ; ইয়াক বেৱচাইট বা ব্লগে স্থানচ্যুত কৰিব নোৱাৰে।' চ'চিয়েল মেডিয়াত যদিও খবৰ-বাতৰি দ্ৰুত গতিত সঞ্চাৰিত হয়, তাত কোনো সম্পাদক নাথাকে! সেয়ে প্ৰকৃত সত্যক প্ৰত্যায়িত কৰাৰ বাবে নাথাকে উপায়। বহু কেইটা ৰাজনৈতিক দলে দেশে-বিদেশে সংগঠিত ৰূপত প্ৰফেশ্বনেল টীমৰ দ্বাৰা মানুহৰ মাজত বিৰোধী দলৰ বিষয়ে অৰুচিকৰ, মৰ্যদাহানিকৰ খবৰ, ফটোশ্বপ কৰা ভুৱা ফটো, এডিট কৰা ভিডিঅ' আদি প্ৰচাৰ কৰি ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ কথা এতিয়া সৰ্বজন-বিদিত। ফলত, এতিয়া, শেহতীয়াকৈ টুইটাৰ, ফেচবুক, হোৱাটচএপ আদি সংস্থাই 'ফেক-নিউজ'ৰ প্ৰৱাহক ৰোধৰ বাবে আন্তৰ্জাতিক স্তৰতো কাৰ্যকৰী পদক্ষেপ লবলৈ বাধ্য হৈছে। হোৱাটছ-আপে আনকি 'ফেক নিউজ' বিলাই নিদিবলৈ আৰু মানুহৰ মাজলৈ সচেতনতা আনিবলৈ অসমীয়া ভাষাকে ধৰি বিভিন্ন আঞ্চলিক ভাষাতো বিজ্ঞাপনমূলক প্ৰচাৰ অভিযান চলাইছে।

পেশাগত ভাৱে সংগঠিত-ব্যৱস্থাপিত চাইবাৰ কৰ্মদলঃ
চাইবাৰ কোষ, আই-টি  চেল আদি এতিয়া ভাৰতৰ ৰাজনীতিৰ চৰ্চিত বিষয়। প্ৰশান্ত কিশোৰ, ৰজত শেঠীৰ দৰে নিৰ্বাচনৰ প্ৰফেচনেল ষ্ট্ৰেটেজিক কনচাল্টটেণ্ট, এতিয়া ৰাজনীতিৰ জগতত বিখ্যাত নাম। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ২০১৪চনৰ নিৰ্বাচনোত্তৰ সময়ত নিজা নিজা চাইবাৰ দল নিযুক্তি দিছে, অনলাইন মত-যুদ্ধ চলাইছে। কিছুমানে হয়তো কেইবাতৰপীয়া ধৰণে, ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা, শাখা পৰ্যন্ত চাইবাৰ কৰ্মীৰ দল গঢ়িছে। একে বাতৰি ষ্ট্ৰেটেজিক কনচাল্টটেণ্টে অনুমোদন দিয়াৰ পাছতে চ'ছিয়েল মেডিয়াত ভাইৰেল হোৱাকৈ প্ৰচাৰ কৰাৰ বাবে এই প্ৰশিক্ষিত কৰ্মদলে মনোনিৱেশ কৰে। কোনো এটা বাতৰিক লৈ প্ৰপাগাণ্ডাৰ এটা ধাৰা সৃষ্টি কৰাটোৱেই দলবোৰৰ মূল কাম। একেটা কথাকে বাৰ বাৰ ভিন্ন মাধ্যমেৰে মানুহৰ মাজলৈ বিয়পাই দিলে, মিছাকে সঁচা পতিয়ন নিয়াব পাৰি। আৰু এয়াই হৈছে এনেবোৰ দলৰ মূলমন্ত্ৰ। আনকি নিজৰ নিজৰ দলৰ নেতাৰ চ'ছিয়েল মেডিয়া অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে নতুন নতুন ভুৱা একাউণ্ট সৃষ্টি কৰা। বিপক্ষৰ নেতাক চাইবাৰ আক্ৰমণ কৰা, যি কোনো দলৰ বিৰোধী স্থিতিৰ মতামত আহিলেই ট্ৰল কৰা আৰু কিবা গুৰুত্বপূৰ্ণ বিষয়ে সামাজিক যোগসূত্ৰৰ মাধ্যমত আলোচিত হ'লে, তাক তল পেলাবলৈ অনাহক কথাৰ অৱতাৰণা কৰা, তেনে অনৰ্থক কথালৈ মানুহৰ মন-মগজু ঢাল খুৱাই, আচল ইচ্যুবোৰ তল পেলোৱা, এইবোৰ হৈছে, এনে কৰ্মদলৰ দৈনন্দিন দায়িত্ব। তথ্য-প্ৰযুক্তি কৰ্মদলৰ গুৰুত্ব ইমানেই বৃদ্ধি পাইছে যে, পূৰ্বতে অভিজ্ঞতা থকা সকলক এতিয়া বিৰোধীয়ে ভাড়ালৈ লোৱাৰো ঘটনা ঘটিছে আৰু এওঁ এক পেশালৈ পৰিণত হৈছে। গতিকে, ভুৱা-উদ্দেশ্যপ্ৰণোদিত বাতৰিৰ 'প্ৰফেচনেল ফেক্টৰী' সংগঠিত ৰূপত আজি আমাৰ দেশত শাসক-বিৰোধী সকলো পক্ষৰে আছে। আৰু সেয়েই, প্ৰাক্-নিৰ্বাচনী বতৰত এতিয়া প্ৰতিটো খবৰো যে অতি স্পৰ্শকাতৰ হব, সেই কথাও আমি বুজি উঠিব লাগিব।

ভাৰতীয় সংবাদ মাধ্যমলৈ প্ৰত্যাহ্বানঃ
ভাৰতবৰ্ষত এতিয়া সংবাদ মাধ্যমে চৰকাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা নাই, বৰঞ্চ সংবাদ মাধ্যম কোনে কি ছপা কৰিছে, তাৰ ওপৰতহে চৰকাৰেহে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি উদ্বেগজনক কথা প্ৰকাশ পাইছে। ৰিপৰ্টাৰচ উইডাউট বৰ্ডাছ (Reporters without Borders) নামৰ আন্তৰ্জাতিক সংস্থাই প্ৰকাশ কৰা ২০১৮বৰ্ষৰ প্ৰেছ ফ্ৰীডম ইনডেক্সত  পূৰ্বতকৈ দুটা স্থান অৱনমিত হৈ ভাৰতবৰ্ষই ১৩৮তম স্থানত উপনীত হৈছেহি। বহুত্ববাদৰ স্তৰ, সংবাদ মাধ্যমৰ স্বাধীনতা, পৰিৱেশ আৰু চেল্ফ চেন্সৰশ্বিপ, স্বচ্ছতা, আইনী ৰূপৰেখা আৰু তথ্য-বাতৰিৰ উপলদ্ধতাৰ বাবে আন্তঃগাঁঠনিক মূল্যায়ন কৰি এই সূচকাংক নিৰ্ধাৰণ কৰা হৈছে। মূল্যায়িত হোৱা ১৮০খন দেশৰ ভিতৰত ভূটান ৯৪, নেপাল ১০৬, ম্যানমাৰ ১৩৭ স্থানত আৰু পাকিস্তান ১৩৯ স্থানত থকাৰ বিপৰীতে নৰ্থ-কোৰিয়া একেবাৰে নিম্নস্তৰত আছে। ভাৰতৰ এই স্থান অৱনমনৰ কাৰক হিচাবে বিদেশী সাংবাদিকক বহু পৰিস্থিতিত বাৰণ কৰা, পুলিচ অথবা দুৰ্বৃত্তৰ হাতত সাংবাদিক আক্ৰান্ত হোৱা, গৌৰী লংকেশ-বুখাৰীৰ দৰে সাংবাদিকৰ হত্যা, ট্ৰল আৰ্মীৰ দ্বাৰা সংগঠিত চাইবাৰ আক্ৰমণ আদিক চিনাক্ত কৰা হৈছে। 

চ'ছিয়েল মেডিয়া এই চাইবাৰ কোষৰ কৰ্মদলৰ ধাৰাবাহিক কৰ্মকাণ্ডৰ পৰা ভাৰাক্ৰান্ত হৈছেই। কিন্তু প্ৰতিষ্ঠিত সম্পাদক থকা সংবাদ সংস্থা সমূহো এতিয়া পৰিবৰ্তনৰ বতাহত আক্ৰান্ত হৈছে। আনকি টেলিভিচিনৰ পৰ্দাতে নিজৰ পক্ষপাতিত্ব সদম্ভে ঘোষণা কৰি, সেই পক্ষৰ হৈ প্ৰচাৰ-প্ৰপাগাণ্ডা কৰাত লাজ কি ধৰণৰ মুকলি প্ৰশ্ন কৰা চেনেল, মুখ্যসম্পাদক-এংকৰ আদিও ওলাইছে! নিৰপেক্ষ মেডিয়াৰ ধাৰণা সমূলি বাদ দিয়াই ভাল ধৰণৰ পৰিৱেশ গঢ়িছে। নিজে পক্ষপাতিত্ব কৰাৰ লগে লগেই আনবোৰ প্ৰতিষ্ঠানৰ কৰ্মীকো দলগত লেবেল লগোৱাৰ এক দৃষ্টিকটু প্ৰতিযোগিতা এতিয়া সৃষ্টি হৈছে।  প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ তদানীন্তন অধ্যক্ষ মাৰ্কেণ্ড কাটজুৰ মতে ভাৰতীয় মেডিয়া তিনিটা ডাঙৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। এক-প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ আলোচনাৰ সলনি, মানুহৰ মন-মগজু আন বিষয়লৈ ঢাল খুওৱা, দুই-সাম্প্ৰদায়িক ভাৱে দেশৰ জনতাক বিভক্ত কৰা আৰু তিনি-অন্ধবিশ্বাস আৰু ধৰ্মান্ধতাৰ প্ৰচাৰ। এই সময়ত ৰাজনৈতিক ভাৱে, দেশৰ সংবাদ সংস্থা সমূহক, আনকি সাংবাদিক সকলকো দৰবাৰী বনাম প্ৰতিষ্ঠান-বিৰোধী, দুটা স্পষ্ট ভাগ কৰি লেবেল লগোৱাৰ অপচেষ্টা দৃষ্টিকটু হৈ দেখা দিছে। অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰাও দেশত স্থবিৰ হৈ পৰিছে। কেলেংকাৰীৰ বাতৰি প্ৰকাশ কৰা সংবাদ মাধ্যমৰ ওপৰত শ-শ কোটি টকাৰ মানহানিৰ গোচৰ তৰি দিয়াৰ নতুন নতুন উদাহৰণ সৃষ্টি হৈছে। এই ডিচেম্বৰ মাহতে, মণিপুৰত এগৰাকী সাংবাদিকক ‘চ’চিয়েল মেডিয়া’ত কৰা মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি এবছৰৰ বাবে পোতাশাললৈ নিক্ষেপ কৰাও হৈছে। সিদিনা অসমতে সাংসদ এগৰাকীক সাংবাদিকে কেমেৰাৰ সমুখতে সোধা প্ৰশ্নৰ সময়ত মাইক কাঢ়ি আক্ৰমণ কৰিবলৈ উদ্যত হোৱা আৰু অসংসদীয় ভাষাৰে মৰ্যদাহানি কৰাৰ দৰে ঘটনা ঘটিছে। অন-কেমেৰাই এনে নিৰ্যাতনৰ সন্মুখীন হব লগা হোৱা ঘটনাই, কেমেৰাৰ আঁৰত সাংবাদিকে কিমান দাবী ভাবুকিৰ সন্মুখীন হব লগা হৈছে, তেনে পৰিস্থিতি সহজেই অনুনেয়। ডিজিটেল মেডিয়াৰ সাংবাদিক সকলেও এতিয়া নিজাকৈ সংগঠন খুলি নিজৰ সুৰক্ষাৰ বাবে দাবী কৰিব বা আইনৰ কাষ চাপিবলৈ বাধ্য হৈছে।

সংবাদসেৱীৰ আৰ্থিক অৱস্থাঃ
সাংবাদিক সকলক মজিথিয়া সমিতিৰ নিৰ্দেশনা মানি বেছি সংখ্যক সংবাদ সংস্থায়েই প্ৰাপ্য উন্নত মজুৰি তথা সা-সুবিধা প্ৰদান কৰা নাই। মুষ্টিমেয় কেইজনমান নামজ্বলাৰ ভাল পেকেজ পায়। গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰা নকৰাৰ শেষ সিদ্ধান্ত লোৱা বহুতেই আপোচ কৰাৰো সঘন অভিযোগ নথকা নহয়। তাৰ বিপৰীতে,  মফচলীয় বহুতো সাংবাদিকৰেই নিয়মীয়া আৰ্জন অতি দুখজনক। বহুত পেপাৰৰ মালিকে প্ৰেছ-কাৰ্ডখন দিছে যেতিয়া অনৈতিক উপায়েৰে স্থানীয় সাংবাদিকে ঠিকা-ঠুকলি-ব্লেকমেইলিং আদি কৰিয়ে পেট-প্ৰৱৰ্তাবই ধৰণৰ মানসিকতা পোষণ কৰে। সৰু-বৰ চহৰৰ সাংবাদিকে জীৱন-নিৰ্বাহৰ তাড়ণাত এনেবোৰ পন্থা অৱলম্বন কৰিবলৈ বাধ্য হয়। ফলত হালধীয়া সাংবাদিকতাৰ বাট খোল খায়। সাংবাদিককে চাৰ্কুলেচনৰ দায়িত্ব, বিজ্ঞাপন গোটোৱাৰ দায়িত্ব আদিও দিয়ে প্ৰকাশন প্ৰতিষ্ঠানে। কিন্তু সমাজ শুধৰোৱাৰ দায়িত্ব লোৱা সাংবাদিক সকলেই নিজৰ প্ৰাপ্য আদায় কৰিবলৈ অপাৰগ হৈ ৰৈছে। কোম্পানী খুলি পেপাৰ চলোৱা সকলেও এম্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চৰ যোগেদি স্বাস্থ্য সেৱা অন্তত নিশ্চিত কৰিব পাৰে বা লাগে যদিও, অসমত তেনে সুবিধা পোৱা সাংবাদিকৰ সংখ্যা অতি নগণ্য। ফলত কিবা অসুবিধা হলেই চৰকাৰী শাসনত থকা মানুহৰ পৰা অনুগ্ৰহ লব লগাত পৰে। এইবোৰ কথাই সাংবাদিকতাৰ মানকেই মাত্ৰ নিম্নগামী নকৰে, জনসাধাৰণৰ দৃষ্টিতো সংবাদ সেৱা ক্ষেত্ৰখনৰ স্থিতিক অৱনতি কৰায়। ছপা মাধ্যমে চৰকাৰী বিজ্ঞাপনো লাভ কৰে, আৰু চৰকাৰৰ সৈতে সংঘাত সেয়ে এৰাই চলিব লগা হয়। ডিজিটেল মেডিয়াই সেয়া লাভ নকৰে, আৰু সেয়ে চৰকাৰী অনুগ্ৰহৰ পৰা মুক্ত হব পাৰে। সেয়ে কোনো পৃষ্ঠপোষকৰ ধনৰ বিনিয়োগ বা গুণগ্ৰাহী পাঠকৰ অনলাইন দান এই দুটা মডেলৰ ভিত্তিতহে এতিয়া ভাৰতত অনলাইন বেৱ-মেডিয়া চলি থকা বুলিব পাৰি। কিছু ধন অনলাইন বিজ্ঞাপনৰ পৰাও আহৰণ কৰিব পাৰে।কিন্তু ৰাজহৰ ক্ষেত্ৰত কেৱল অনলাইন এডচেন্সৰ বিজ্ঞাপনৰ ওপৰতে আঞ্চলিক ভাষাৰ কোনো বেৱচাইট জীয়াই থকাটো সম্ভৱপৰ নহয়। সেয়ে ডিজিটেল মেডিয়া অসমত অসমীয়া ভাষাত অৰ্থনৈতিকভাৱে অন্ততঃ স্বতন্ত্ৰ আৰু স্বনিৰ্ভৰশীল হৈ গঢ়ি উঠিবলৈ সময় লাগিব।  

মানুহে টিভিৰ পৰ্দাত দেখিলে-শুনিলেও, কম্পিউটাৰ-মোবাইলৰ পৰ্দাত পঢ়িলেও কিন্তু কাকতখনত পুৱা বিশ্লেষণ সহ হাতত লৈ পঢ়িলেহে স্বাভাৱিক পাঠকৰ সুখানুভূতিটো লাভ কৰে। বিশেষকৈ বয়স্ক লোক সকলে। সেয়ে কব পাৰি যে, আজিৰ এই পটভূমিত ছপা আৰু ডিজিটেল দুয়োটা সংবাদ মাধ্যমেই নিজা নিজা প্ৰত্য়াহ্বান লৈ আগবাঢ়িছে। চতুৰ্থ স্তম্ভ ৰূপে ছপা মাধ্যমক আখ্যা দিয়াৰ দৰে এতিয়া ডিজিটেল মেডিয়াও ক্ৰমাত গণতন্ত্ৰৰ পঞ্চমটো স্তম্ভ স্বৰূপ হৈ পৰিছে। এই প্ৰাক-নিৰ্বাচনী ক্ষণত টিভিৰ বাহিৰেও এই দুয়োটা সংবাদ মাধ্যমেই যে ভাৰতীয় গণতন্ত্ৰৰ সাধাৰণ নিৰ্বাচনত জনমতক একগোট কৰাত যে প্ৰভূত ভূমিকা পালন কৰিব, আৰু কোনোটোৱেই কোনোগুণেই কম-গুৰুত্বৰ নহয়, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment