প্ৰৱন্ধঃ ভাৰতত মহিলা কৃষকৰ ইমান দুৰৱস্থা কিয়? :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ভাৰতত মহিলা কৃষকৰ ইমান দুৰৱস্থা কিয়? :: পাৰভিন চুলতানা

প্ৰৱন্ধঃ ভাৰতত মহিলা কৃষকৰ ইমান দুৰৱস্থা কিয়? :: পাৰভিন চুলতানা

Share This
যদি কোনোবাই প্রশ্ন কৰে যে মহিলাসকল কৃষি বা খেতি-বাতিৰ বিষয়েনো কিমানখিনি জানে বা বুজে – তেনেহলে উত্তৰ হব প্রায় সকলোখিনি। কৃষিক্ষেত্রত মহিলাৰ বৰঙণি প্রায় গোটেই পৃথিৱীতে মানি লৈছে। ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থানৰ মতে মহিলা কৃষকসকলে পুৰুষ কৃষকৰ সমান সুযোগ-সুবিধা আৰু উৎপাদনৰ সঁজুলি সহজে পালে তেওঁলোকৰ কৃষি উৎপাদন প্রায় ২০%ৰ পৰা ৩০%লৈ বৃদ্ধি পালেহেঁতেন। কিন্তু কৃষি সংকট বা কৃষকৰ আত্মহত্যাৰ কথা আলোচনাত মহিলা কৃষকসকলৰ সমস্যাৰ কথাই ঠাই পোৱা দেখা নাযায়। 
ভাৰতবর্ষত বিগত কেইমাহমানত ভালেকেইখন ঐতিহাসিক বৃহৎ কৃষক প্রতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে। কৃষকসকলে দীঘলীয়া পথ অতিক্রম কৰি আহি চৰকাৰৰ ওচৰত মূলত কৃষি ঋণ ৰেহাই আৰু নূন্যতম সমৰ্থন মূল্যৰ নিশ্চয়তাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। বামপন্থী কৃষক সংগঠনে নেতৃত্ব দিয়া এই সমদলৰ এক সুকীয়া বৈশিষ্ট আছিল এই সমদলবোৰত বৃহৎ সংখ্যক মহিলা কৃষকৰ অংশগ্রহণ। এই মহিলা কৃষকসকলৰ ৰক্তাক্ত ফঁটা ভৰিৰ ছবিবোৰ সামাজিক মাধ্যম আৰু বিকল্প সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত  সকলোকে জোঁকাৰি গৈছিল। সৰহ সংখ্যক মুলসূঁতিৰ সংবাদ মাধ্যমে এই সমদলবোৰক যথোযোগ্য গুৰুত্ব প্রদান নকৰিলেও  এন ডি টি ভিৰ দৰে একাংশ সংবাদ মাধ্যম আৰু বৈকল্পিক মাধ্যমে সমূহে এই সমদলবোৰ খুব ভালকৈ 'কাভাৰ' কৰিছিল আৰু সুকীয়া ভাৱে মহিলা কৃষকৰ দুৰৱস্থাৰ কাহিনী দাঙি ধৰাৰ চেষ্টা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মহিলাসকলে প্রায় একে ধৰণৰ বেদনাদায়ক কাহিনী শুনাইছিল। বেছিভাগ ক্ষেত্রত মূল সমস্যা আছিল মহিলাসকলক কৃষক বুলি মানি নোলোৱা। 

ভাৰতবর্ষত দিনক দিনে কৃষি সংকটে এক ভয়াবহ ৰূপ ধাৰণ কৰি আছে। যি সময়ত এফালে চৰকাৰী নীতিবোৰে মহিলা কৃষকসকলক সকাহ দিবলৈ সক্ষম হোৱা নাই, সেই একে সময়ত বিশিষ্ট সাংবাদিক পী সাইনাথে চৰকাৰে বিৰাট ঢাক-ঢোল বজাই আৰম্ভ কৰা বীমা ফচল যোজনাৰ নামত এক বৃহৎ কেলেঙ্কাৰী সংঘটিত হৈ আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বীমাৰ নামত কৃষক ৰাইজৰ কোনো সকাহ হোৱা নাই; কেৱল বীমা কোম্পানী আৰু বেঙ্কবোৰেহে লাভৱান হৈছে।

মহাৰাষ্ট্রৰ বিধর্ব এলেকাত এতিয়াও কৃষকৰ আত্মহত্যাৰ হাৰ বহুত বেছি। বিগত দুই দশকত এই এলেকাত প্রায় দুই লক্ষ কৃষকে আত্মহত্যা কৰিছে। ভূল বীমা নীতি আৰু দাবী নিষ্পত্তি কৰোতে হোৱা দেৰিৰ বাবে কৃষকৰ অৱস্থা আৰু ভয়ঙ্কৰ হৈ উঠিছে। কৃষকৰ আত্মহত্যাৰ সংখ্যা বঢ়াৰ লগে লগে মহিলাৰ নেতৃত্বত চলা ঘৰ-সংসাৰৰ সংখ্যাও বাঢ়িছে। কৃষিক্ষেত্রৰ এক নাৰীকৰণ হৈ আছে । যোৱা ১৯৬১ চনৰ পিছৰে পৰা মহাৰাষ্ট্র, ত্রিপুৰা আৰু কেৰালাত মহিলা কৃষি মজদুৰৰ সংখ্যা বাঢ়িছে। এই সম্পৰ্কে দ্য ৱায়াৰে এখন প্রতিবেদন প্ৰস্তুত কৰি ওলাইছে। Surviving Stigma: Housing and Land Rights of Farm Widows of Vidarbha, Maharashtra শীর্ষক এই প্রতিবেদনে আত্মহত্যা কৰা কৃষকৰ বিধৱাসকলৰ দুৰৱস্থা দাঙি ধৰাৰ চেষ্টা কৰিছে। বহু সময়ত কেৱল সামাজিকভাৱে  নহয়, এই মহিলাসকল অর্থনৈতিক বহিষ্কৰণৰো সন্মুখীন হবলগীয়া হয়। উল্লেখিত প্ৰতিবেদনমতে প্রায় ৯০% মহিলা যৌথ পৰিয়ালত থাকে অর্থাৎ অর্থনৈতিকভাৱে এওঁলোক নিজৰ পতিৰ পৰিয়ালৰ ওপৰত নির্ভৰশীল। সম্পত্তিত নিজৰ ভাগ দাবী কৰাৰ লগে লগে তেওঁলোকক শাৰীৰীক আৰু  মানসিক ভাৱে অত্যাচাৰ কৰা হয়। বহু মহিলা তেওঁলোকৰ বাবে থকা নীতিৰ বিষয়ে অৱগত নহয় আৰু সেই বাবেও তেওঁলোকে বহু সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। 

কোটা নীলিমাৰ শেহতীয়া কিতাপ Widows of Vidarbha এনে মহিলাৰ কিছু কাহিনী পোহৰলৈ আনিছে । স্বামীৰ মৃত্যুৰ পিছত সতি-সন্ততিক লালন পালন কৰাৰ দায়িত্ব আহি পৰে এই সকল মহিলাৰ ওপৰত যিসকলৰ জীৱিকা উপার্জনৰ বিকল্প বহু সীমিত। মৃত্যু তেওঁলোকৰ বাবে হৈ পৰে এটা বিলাসিতা। লগতে মুৰত আহি পৰে মৃত স্বামীৰ ঋণৰ বোজা। অসহায় এই মহিলাসকলৰ সমস্যাৰ কথাই কেতিয়াও চৰকাৰী নীতিত গুৰুত্ব নাপায়। কৃষকৰ আত্মহত্যা হৈ পৰে কেৱল এটা সংখ্যা। কেতিয়াবা 'প্রপাগাণ্ডা' কেতিয়াবা বিৰোধীৰ ৰাজনৈতিক অভিসন্ধি বুলি কৃষকৰ আত্মহত্যাৰ দৰে জ্বলন্ত সমস্যাক আওকান কৰা দেখা যায়। 

পিছে মহিলা কৃষকৰ এনে দুৰৱস্থা কেৱল সুদূৰ ৰাজ্যবোৰ যেনে ৰাজস্থান, মহাৰাষ্ট্র আদিতেই  সীমিত নে? আমি সৰুৰে পৰা আমাৰ গাওঁত চাই আহিছো  মহিলাসকলে পুৰুষৰ সমানে সমানে কৃষি কার্যত অংশগ্রহণ কৰে। এতিয়াও মনত আছে যেতিয়া আমাৰ আইতাৰ ঘৰৰ সন্মুখৰ এশৰা আইতাৰ বেমাৰী স্বামীজনৰ মৃত্যু হল আৰু তেওঁৰ তিনিওজন ল’ৰা খুব বেছি ডাঙৰ হোৱা নাছিল, তেওঁ উপায়বিহীন হৈ আনৰ খেতিত বনুৱা হিচাপে কাম কৰিব লগা হল। লৰাবোৰৰ শিক্ষাৰ তাতেই অন্ত পৰিল আৰু আৰম্ভ হল এক কঠিন জীৱন সংগ্ৰাম। এয়া দুই দশক আগৰ কথা। যোৱা বছৰ বৰপেটাৰ মন্দিয়াৰ এক ভিতৰুৱা অঞ্চললৈ যোৱাৰ সুযোগ পাইছিলো। তাতে এজনী মহিলাক লগ পালোঁ যাৰ স্বামী কাম কৰিবলৈ সুদূৰ লক্ষ্ণৌ চহৰলৈ গৈছে। লৰা ছোৱালী, বুঢ়া মাক-বাপেকক চোৱাৰ দায়িত্ব আহি পৰিল এই অশিক্ষিত মহিলাজনীৰ ওপৰত। আমি লগ পোৱাৰ সময়ত তাই ধানৰ মৰণা মাৰি আছিল; পিছে কোনো মেচিনৰ সহায়ত নহয়। এনে দিনজোৰা কঠিন কামৰ বাবে তাই পোৱা পাৰিশ্রমিকো বহু কম। 

২০১৫ৰ তথ্য মতে প্রায় ৯৮ নিযুত ভাৰতীয় মহিলা কৃষি ক্ষেত্রৰ লগত জড়িত কিন্তু কৃষকৰ আত্মহত্যা আৰু কৃষি সংকটৰ আলোচনা প্রায় পুৰুষসকলকলৈ কেন্দ্ৰীভূত থাকে কাৰণ বেছি ভাগ ক্ষেত্রত মহিলাসকলৰ কৃষি মাটিৰ কোনো মালিকানা নাথাকে আৰু কৃষক হিচাপে তেওঁলোকে নিজৰ পৰিচয় দিব নোৱাৰে। এক সমীক্ষা মতে  মাত্র ১৩% মহিলাৰ নিজৰ কৃষি মাটিৰ মালিকানা আছে। আন সকলোকে কেৱল কৃষি মজদুৰ হিচাপে স্বীকৃতি দিয়া হয়। কৃষিখণ্ডৰ প্রায় ৬০ ৰ পৰা ৮০ শতাংশ কাম মহিলাসকলে কৰাৰ পিছতো তেওঁলোকক কৃষকৰ মৰ্যাদাৰ পৰিৱৰ্তে কেৱল বনুৱালৈ সীমিত থাকে।

খেতি-বাতিত কৰা কাম-কাজৰ লগতে মহিলাসকলে ঘৰুৱা কামৰ দায়িত্বও মুৰ পাতি লব লগা হয়। ঘৰুৱা দায়িত্ব সাৰি খেতৰ কামত তেওঁলোকে লাগি যায়। আনকি স্থানীয় মণ্ডীবোৰতো তেওঁলোকক উচিত মূল্য দিয়া নহয় আৰু বহু ক্ষেত্রত তেওঁলোক যৌন উৎপীড়নৰ সন্মুখীন হব লগা হয়। 

কৃষকৰ আত্মহত্যাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। ২০১৪ আৰু ২০১৫ৰ মাজত এই বর্ধনৰ হাৰ আছিল ৪২%। ২০১৪ চনত আত্মহত্যা কৰা ৮০০৭ জন কৃষকৰ ভিতৰত ৪৪১ জন মহিলা আছিল। কিন্তু তাৰ পিছতো কৃষি সংকটটো বহু ক্ষেত্রত কেৱল পুৰুষৰ সমস্যা বুলি ধৰি লোৱা হয়। কৃষকৰ আত্মহত্যাৰ পিছত তেওঁৰ পত্নীক কৃষকৰ মর্য্যাদা দিয়া নহয়। 

ভাৰতীয় নাৰীৰ সৱলীকৰণৰ আন্দোলনে এইসকল প্রান্তীয় মহিলাক সামৰি লব নোৱাৰিলে কেতিয়াও সফল নহব। এইসকল মহিলাৰ কণ্ঠ চৰকাৰী নীতি নিৰ্ধাৰণৰ সময়ত গুৰুত্ব প্ৰদান কৰা উচিত আৰু কার্যকৰী কৰাৰ সময়তো নিজৰ দিয়া উচিত। গাওঁৰ পৰা চহৰলৈ বর্ধিত প্রব্রজনে গাওঁত মহিলাসকলৰ ভূমিকাত আমূল পৰিবর্ত্তন আনিছে। প্রব্রজনে কৃষিক্ষেত্রত তেওঁলোকৰ ভূমিকাক এক নতুন ৰূপ প্রদান কৰিছে। 

উন্নত কৃষি প্রণালী, উচ্চমানৰ বীজ, সাৰ ইত্যাদিৰ বিষয়ে লাগতীয়াল জ্ঞান মহিলা কৃষকসকলৰ বাবে সহজলভ্য হোৱা প্ৰয়োজন। মহিলা কৃষকৰ ভূমিকাক চিনাক্ত কৰাৰ পিনে এক ইতিবাচক পদক্ষেপ হল ১৫ অক্টোবৰৰ দিনাখন মহিলা কৃষক দিৱস বুলি ঘোষণা কৰা। কিন্তু মহিলা কৃষকক সঁচা অর্থত সকাহ দিবলৈ হলে বছৰৰ কেৱল এটা দিন তেওঁলোকৰ নামত উৎসর্গা কৰা যথেষ্ট নহয়। উচিত নীতিৰ জৰিয়তে এওঁলোকক সহায় আগবঢ়াব লাগিব। মাটিৰ অধিকাৰৰ অভাৱ এক গুৰুত্বপূর্ণ সমস্যা। নিজৰ নামত মাটি নথকাৰ বাবে কৃষকক দিয়া বহু চৰকাৰী সুবিধাৰ পৰা এইসকল মহিলা বঞ্চিত হয়। অতি শীঘ্রে আমি সম্পত্তিৰ অধিকাৰ কার্যকৰী কৰাৰ ক্ষেত্রত পুত্র সন্তানৰ লগতে কণ্যা সন্তানকো পৈত্ৰিক সম্পত্তিৰ ভাগ দিয়া আৰম্ভ কৰা উচিত। এটা কথা মনত ৰখা উচিত যে চৰকাৰে আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ দিলেও বহু পৰিয়ালে নিজৰ ছোৱালীক বিয়া দিয়ে দায় সাৰে। গতিকে আইনৰ লগতে মানসিকতাৰ পৰিবর্ত্তনোৰো দৰকাৰ।

পুৰুষতান্ত্রিক সমাজ এখনে যত এফালে নাৰীৰ শ্রম আত্মসাৎ কৰিব ঠিক একে সময়ত নাৰীক যথোচিত মর্য্যাদা দিয়াৰ পৰা বিৰত থাকিব। মহিলা কৃষকৰ অধিকাৰক মানিব লাগিব কাৰণ কৃষিকাম কেৱল পুৰুষৰ নহয়। চৰকাৰী নীতিৰ লাভবোৰ কৃষকৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে পোৱা উচিত। কৃষি খণ্ডৰ সমস্যাবোৰ সামগ্রিক ভাৱে অতি শীঘ্রে চৰকাৰে সমাধান কৰাৰ চেষ্টা কৰা উচিত আৰু লগতে মহিলা কৃষকৰ সমস্যাবোৰ অলপ সুকীয়া ভাৱে চোৱা উচিত। এনে নকৰিলে মহিলা কৃষকসকল ভাৰতবর্ষৰ একেবাৰে প্রান্তীয় গোটলৈ ৰূপান্তৰিত হব।

No comments:

Post a Comment