মনৰ কথাঃ পৰিৱর্তনৰ নামত প্ৰকৃততে কি পালে অসমে? :: লীলাকান্ত পায়েং - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ পৰিৱর্তনৰ নামত  প্ৰকৃততে কি পালে অসমে?  :: লীলাকান্ত পায়েং

মনৰ কথাঃ পৰিৱর্তনৰ নামত প্ৰকৃততে কি পালে অসমে? :: লীলাকান্ত পায়েং

Share This
‘পৰিৱর্তন’-অসমৰ এটা সময় আছিল যেতিয়া এই শব্দটোৱে উজনিৰ পৰা মধ্য অসম তথা নামনি অসমলৈকে সকলো মানুহৰ অন্তৰত তোলপাৰ লগাইছিল। কংগ্রেছৰ পোন্ধৰ বছৰীয়া কুশাসনত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছিল। এইয়ে সাধাৰণ জনতাই পৰিৱর্তন বিচাৰিছিল। পৰিৱর্তনৰ নামত আমাৰ অসমীয়া ইমানেই আৱেগ হৈ পৰিছিল যিকোনো প্রকাৰে কংগ্রেছৰ শাসনৰ পৰা মুক্ত হ’ব বিচাৰিছিল। আমি পৰিৱর্তন বিচাৰিছিলোঁ কিন্তু পৰিৱর্তন নিজৰ বাবে বিচৰা নাছিলোঁ, এই পৰিৱর্তন সমাজৰ সামগ্রিক উন্নয়নৰ বাবে বিচাৰিছিলোঁ।  

কংগ্রেছ চৰকাৰৰ পতন হোৱাৰ মূল কাৰণ দুটি হৈছে বাংলাদেশী সমস্যা আৰু দুর্নীতি। কংগ্রেছ চৰকাৰৰ পূর্বে আমাৰ ৰাজ্যত অসম গণ পৰিষদ দলৰ শাসন চলিছিল। কিন্তু দুয়োটা দলে সাধাৰণ জনতাক ৰাম ঠগন দিলে। সাধাৰণ জনতাৰ সা-সুবিধা, ধন-সম্পত্তি লুটি-পুতি খালে। গতিকে বিজেপি দলক ভোট নিদি সাধাৰণ জনতাৰ আন কোনো বিকপ্ল নাছিল। বর্তমান অসমত সাধাৰণ জনতাৰ হ’কে কাম কৰা ৰাজনৈতিক দলৰ অতিকৈ প্রয়োজন হৈ আছে। বিজেপি দলে যেতিয়া পৰিৱর্তনৰ শ্ল’গান গাইছিল তেতিয়া আমাৰ বহু কেইজন সাহিত্যিক-বুদ্ধিজীৱি বিৰোধিতা কৰিছিল। পিছে এই নিকিন লেখকে বহু আগশাৰীৰ কেইবা খনো বাতৰি কাকতত পৰিৱর্তনৰ সপেক্ষে লিখিছিলোঁ। আনকি নির্বাচনত জয়ী হোৱাৰ পাছতো ‘দৈনিক গণ অধিকাৰ’ কাকততো বিজেপি চৰকাৰে আগন্তক দিনবোৰত কৰিব লগীয়া কাম সম্পর্কেও এক চমু খাতিয়ান দাঙি ধৰিছিলোঁ। আচলতে পৰিৱর্তনৰ নামত কেন্দ্র আৰু ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। নির্বাচনৰ সময়ত বিজেপিৰ নেতা-পলিনেতাই আমাৰ সাধাৰণ ৰাইজক কম প্রতিশ্রুতি দিছিল নে। আমাৰ জাতিটো আৱেগ জর্জৰিত বুলি জানি বিজেপি দলে কম ইমান কৌশল ৰচিলে যে এক নতুন আশাত আৰু অসমত সাধাৰণ জনতাৰ ভাল দিন আহিব বুলি পৰিৱর্তনৰ সূত্র প্রয়োগ কৰিলে। কিন্তু নির্বাচনত জয়ী সাব্যস্ত হোৱাৰ পাছত বিজেপি দল সম্পূর্ণ ওলোটা খৰ মাৰিলে। 

আমি ভাবিছিলোঁ যে অসমত বসবাস কৰা কোটি জনতাৰ আশা-সপোন বোৰ বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। কিন্তু দেখা গ’ল যে বিজেপি দলে পৰিৱর্তনৰ নামত সাধাৰণ ৰাইজক ভেল্কিবাজী মাৰিলে। নির্বাচনত বিজেপি চৰকাৰ বিজয়ী সাৱ্যস্ত হোৱাত নৱপ্রজন্মই এক গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিছিল। আচলতে নৱপ্রজন্মই দিয়া ভোটৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বুলি ক’ব পাৰি। বিজেপি দলে নৱপ্রজন্মক আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ মূল কাৰণ আছিল দুর্নীতি মুক্ত অসম আৰু নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা। কিন্তু আজিলৈকে বিজেপি চৰকাৰে নিৱনুৱা যুৱক-যুৱতীৰ বাবে তেনে বিশেষ ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নগ’ল। বিজেপি চৰকাৰে নতুনকৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত নতুন পদৰ সৃষ্টি কৰা হোৱা নাই। ৰাজ্যত নাৰী সৱলীকৰণ আঁচনি প্রস্তত হ’ল কিন্তু ৰাজ্যত এই দুই বছৰত নাৰী ধর্ষণ, নাৰী অত্যাচাৰ আদি বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে। ‘কৃষকৰ বিকাশ মানেই ৰাজ্যৰ বিকাশ’ বুলি শ্ল’গান গোৱা বিজেপি দলে এই দুই বছৰত কৃষকৰ বাবে তেনে বিশেষ গুৰুত্ব পূর্ণ কাম কৰিছে বুলিব নোৱাৰি। 

পূর্বৰ তুলনাত দেশ তথা ৰাজ্যত কৃষকে নিজৰ প্রাপ্য অধিকাৰ বিচাৰি প্রতিবাদ তথা আন্দোলন বেছিকৈহে চলাব লগীয়া হৈছে। পূর্বৰ তুলনাত কৃষকৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। দুর্নীতি মুক্ত দেশ গঢ়াৰ পৰিকল্পনা কৰা বিজেপি চৰকাৰে বিমুদ্রাকৰণ কৰি  বিদেশৰ ছুইছ বেঙ্কত জমা হৈ থকা ক’লা টকা ঘুৰাই আনিম বুলি কোৱা বিজেপি চৰকাৰে সঁচাই ক’লা টকাবোৰ দেশলৈ ঘুৰাই আনিলেনে। অকল অসম লোকসেৱা আয়োগৰ দুর্নীতিৰ অন্ত পৰিলেই অসম দুর্নীতি মুক্ত বুলিব নোৱাৰি। ‘ষ্টার্ট আপ’ আৰু ‘ডিজিটেল ইণ্ডিয়াৰ’ যোগেদি স্মার্ট ভিলেজৰ সপোন দেখা চৰকাৰৰ দিনত অন্ধবিশ্বাস আৰু কু-সংঙ্কাৰৰ ফলত নিতৌ মানুহ মৃত্য বৰণ কৰিয়েই আছে। 

এই চৰকাৰৰ দিনত অভাৱনীয় হাৰত ডাইনী হত্যা, অন্ধবিশ্বাস-কুসংঙ্কাৰৰ দৰে ঘটনা বোৰ বৃদ্ধি পাইছে। অনিয়মীয়া দৰমহা আৰু নিযুক্তিৰ অভাৱত শিক্ষক সকল আত্মহত্যাৰ দৰে জঘন্য কাণ্ড সাবটিব লগীয়া হৈছে। এইয়া আমাৰ দেশ তথা ৰাজ্যৰ পৰিৱর্তন। কেন্দ্র তথা ৰাজ্যত বিজেপি চৰকাৰ গঠন হ’লে বানপানী আৰু গৰাহ খহনীয়া নিচিনা সমস্যাক অধিক গুৰুত্ব দিয়া হ’ব বুলি কোৱা হৈছিল যদিও আজিও এইবোৰ নগণ্য বিষয়। ৰাজ্যত বিজেপি চৰকাৰ বিজয়ী সাৱ্যস্ত হোৱাৰ মূল কাৰণ আছিল বিজেপি দলৰ কেইবাটাও নির্বাচনী ইচ্চু যেনে-বাংলাদেশীক টানি আজৰি অসমৰ পৰা উলিয়াই দিয়া হ’ব, ডাঙৰ নদী বান্ধ বন্ধ হ’ব, অসমৰ মাটি বাংলাদেশক এক ইঞ্চিও প্রদান কৰা নহ’ব ইত্যাদি ইত্যাদি। কিন্তু বর্তমান প্রতিজন জনতাই জানে যে ৰাজ্যত বিজেপি চৰকাৰে কেনে ধৰণৰ ভূমিকা পালন কৰি আছে। ‘জাতি-মাটি-ভেটি’ৰ শ্ল’গানৰ নামত কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰি দেশ তথা ৰাজ্যক বিক্রী কৰিবলৈ নামি পৰিছে। ‘আচ্চে দিনৰ’ প্রতিশ্রতি দিয়া বিজেপি চৰকাৰ আৰু ‘সর্বাৰ চৰকাৰ সকলোৰ বিকাশ’ বুলি কোৱা চৰকাৰে আমাৰ সাধাৰণ ৰাইজক ৰাম ঠগন দিলে। এইয়ে আজি ৰাজ্যৰ সাধাৰণ নাগৰিক হিচাপে মই প্রশ্ন কৰিবলৈ বাধ্য-‘জনতাই বিচৰা পৰিৱর্তন এইয়া নেকি আৰু সঁচাই পৰিৱর্তনৰ নামত মই, আপুনি কি পালোঁ? পঞ্চায়ত নিৰ্বাচনত ৰাইজে আকৌ যে শাসকৰ পৰিবৰ্তন নিবিচাৰিব, সেই কথাও কিন্তু এই প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে।       

                                            

No comments:

Post a Comment