চিন্তনঃ চাইক্লোন গাজা, ঋতুমতী মহিলা, চৌপদী প্ৰথা আৰু আধুনিক সমাজ:: ৰেহনা চুলতানা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তনঃ চাইক্লোন গাজা, ঋতুমতী মহিলা, চৌপদী প্ৰথা আৰু আধুনিক সমাজ:: ৰেহনা চুলতানা

Share This
তামিলনাডুত বিগত সপ্তাহত হোৱা প্ৰৱল ঘূৰ্ণী বতাহ 'গাজা'ৰ সময়ত হোৱা এটা ঘটনাই সমগ্ৰ বিশ্বৰে চকু কপালত তুলিছে। এগৰাকী এচ. বিজয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ প্ৰথমবাৰৰ বাবে তিনিদিন আগতে ঋতুমতী হয় আৰু ঋতুস্ৰাৱৰ সময় বাবেই স্থানীয় পৰম্পৰা অনুসৰি চাইক্লোনৰ আগজাননী পায়ো ঘৰৰ ভিতৰত শুবলৈ নিদিলে পৰিয়ালৰ মানুহে। ফলত বাহিৰত অকলে নিশা কটাবলৈ বাধ্য হোৱা নিৰীহ ছাত্ৰী গৰাকীয়ে এজোপা নাৰিকল গছ ধুমুহাত বাগৰি পৰাত পৃষ্ঠ হৈ মৃত্যুক সাৱটি লব লগাত পৰে। এয়া আধুনিক যুগৰ এক লজ্জাজনক ঘটনাই নহয়নে? ভাৰতৰ এই ঘটনা,  আনফালে কিন্তু নেপালত এনে প্ৰথাৰ বিৰুদ্ধে শাস্তিমূলক আইনৰ ব্যৱস্থা হৈছে। যাৰ প্ৰেক্ষাপটতে এই লেখাৰ অৱতাৰণা কৰা হৈছে।  
ঋতুশ্ৰাৱ মহিলাৰ মাহেকীয়া এক প্ৰাকৃতিক তথা স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। ই কোনো অশুদ্ধি অশুচি নহয়। মানুহৰ নিত্য নৈমিত্তিক অন্যান্য জৈৱিক কাৰ্যৰ দৰে ঋতুশ্ৰাৱো মহিলাৰ মাহেকীয়া জৈৱিক কাৰ্য; ই মাহেকীয়া কোনো বেমাৰ নহয়। অথচ মহিলাৰ এই ঋতুশ্ৰাৱ লৈ আমাৰ সমাজত কিমান যে অন্ধবিশ্বাস- কুসংস্কাৰ প্ৰচলিত তাৰ লেখ জোখ নাই। মাহেকীয়াৰ সময়ছোৱাত বিভিন্ন ঠাইত মহিলাৰ প্ৰৱেশ নিষিদ্ধৰ কথাটোৱেই আজিৰ যুগতো এনে অন্ধবিশ্বাসৰ প্ৰমাণ দিয়ে। ঋতুশ্ৰাৱৰ সময়ছোৱাত মহিলা এগৰাকীয়ে ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰা, পাকঘৰত সোমাব নোৱাৰে, বাহনত উঠিব নোৱাৰা, বেলেগ বিচনাৰ ব্যৱস্থা, আনক চুব নোৱাৰা আদিকে ধৰি আজিৰ দিনতো আমাৰ সমাজত কিমান যে কুসংস্কাৰ আছে প্ৰচলিত ভাবিলে হতাশ হওঁ।

আগৰ দিনত মানুহৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত বহুতো বেমাৰ আজাৰ ইজনৰ পৰা সিজনৰ গালৈ বিয়পিছিল । সেইবাবে মাহেকীয়াৰ সময়ত তিৰোতা মানুহক জিৰণি দিবলৈ কাম কাজ কৰিবলৈ দিয়া হোৱা নাছিল। ঋতুশ্ৰাৱৰ সময়ছোৱাত ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকী দুৰ্বল হৈ পৰে বাবেই কাম-কাজৰ পৰা জিৰণি দিয়া হৈছিল। কিন্তু নিষ্ঠুৰ সময়ৰ মেৰপাকত অন্ধবিশ্বাসী লোকৰ কবলত পৰি মাহেকীয়া কুসংস্কাৰত পৰিণত হ’ল।

মাহেকীয়াৰ সময়ছোৱাৰ দিনকেইটা এগৰাকী নাৰীৰ বাবে চৰম শাস্তিৰ দিন। নাৰীৰ কষ্টকৰ দিনকেইটাৰ যি সময়ত শাৰীৰিক তথা মানসিক যন্ত্ৰণাৰ কাৰণে পৰিয়াল তথা আন সকলোৰে সহানুভূতি- সহযোগিতাৰ প্ৰয়োজন সেই সময়ত মানসিক সহানুভূতি নেদেখুৱাই সামাজিক ব্যৱস্থাৰ নামত, ধৰ্মৰ নামত, প্ৰচলিত প্ৰথাৰ নামত মহিলা অথবা যুৱতী এগৰাকীক আছুতীয়াকৈ ৰাখি, নানা নিষিদ্ধ ঢালি বিভিন্ন ধৰণে মানসিক অত্যাচাৰ কৰাৰ প্ৰথা প্ৰায়বোৰ সমাজতে দেখা যায়।

প্ৰায়বোৰ ধৰ্ম আৰু জাতিগোষ্ঠীৰ মাজতেই ঋতুমতী মহিলাক অশুচি বুলি গণ্য কৰা হয়। হিন্দু সমাজত ঋতুমতী এগৰাকী মহিলাৰ বাবে পাকঘৰত, পূজাৰ ঘৰত তথা মন্দিৰত প্ৰৱেশ নিষেধ। অন্য কোনো ব্যক্তিকো স্পৰ্শ কৰা নিষেধ। অৰ্থাৎ এগৰাকী ঋতুমতী নাৰীক হিন্দু সমাজত নিষিদ্ধ বুলি গণ্য কৰা হয়। মুছলমান সমাজত এই প্ৰথা কিছু শিথিল যদিও ইছলাম ধৰ্ম মতে ঋতুমতী নাৰীক এই সময়ত কোনো ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় কাম-কাজৰ পৰা আঁতৰত ৰখা হয়। ঋতুশ্ৰাৱৰ সময়ছোৱাত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক ইছলামত কঠোৰভাৱে নিষিদ্ধ। আনহাতে ধৰ্মীয় উৎসৱৰ সময়ত উপস্থিত থকাৰ ক্ষেত্ৰত বাধা নাথাকিলেও ইছলাম ধৰ্মাৱালম্বীসকলৰ পৱিত্ৰ ধৰ্মীয় গ্ৰন্থ কোৰাণ স্পৰ্শ আৰু নামাজ পঢ়া নিষিদ্ধ। ইহুদি ধৰ্মমতেও ঋতুমতী নাৰীক স্পৰ্শ কৰাজনক অশুচি বুলি গণ্য কৰা হয়। ইহুদি ধৰ্মমতে এই সময়ত শাৰীৰিক সম্পৰ্ক কঠোৰভাৱে নিষিদ্ধ। আনহাতে, এইক্ষেত্ৰত শিখ ধৰ্ম কিছু ব্যতিক্ৰম। শিখসকলৰ মতে এগৰাকী ঋতুমতী নাৰী এজন পুৰুষৰ দৰেই শুদ্ধ। শিখ ধৰ্মত ঋতুমতী নাৰী এগৰাকীক এই সময়ছোৱাত অপৱিত্ৰ হিচাপেতো গণ্য কৰা নহয়য়েই বৰঞ্চ এই সময়ত পুৰুষৰ লগত একেলগে একেশাৰীত প্ৰাৰ্থনা কৰাৰ অনুমতিও দিয়ে।

যিয়েই নহওক, ধৰ্মৰ দোহাই দি ভাৰত, নেপাল আদি উন্নয়নশীল দেশত নাৰীৰ ৰজ:স্বলাক কলংক অথবা অপৱিত্ৰ বুলি গণ্য কৰি এই সময়ছোৱাত নাৰীক এক অমানৱীয়ভাৱে মানসিক অত্যাচাৰ কৰাৰ প্ৰথা প্ৰায় প্ৰতিটো সমাজতে প্ৰচলিত। আজি আমি এই নিৱন্ধত নেপালৰ কোনো কোনো হিন্দু সম্প্ৰদায়ৰ মাজত প্ৰচলিত ‘চৌপদী’ প্ৰথাৰ কথা আলোচনা কৰিম যি প্ৰথা নাৰী অৱদমনৰ এক অমানৱিক প্ৰথাৰ নাম।

নেপালৰ প্ৰাচীন, সনাতনী আৰু অমানৱিক এক প্ৰথাৰ নাম চৌপদী। নেপালৰ মানুহে ঋতুশ্ৰাৱৰ সময়ত নাৰীক অপৱিত্ৰ আৰু অশুচিত বুলি গণ্য কৰে। এই সময়ত নাৰীসকলে কোনো পুৰুষৰ সংস্পৰ্শলৈ অহা, ধৰ্মীয় উপকৰণ, পোহনীয় জন্তু স্পৰ্শ কৰা আদিক পাপ বুলি গণ্য কৰা হয়। সেয়ে ঋতুমতী নাৰীক এই সময়ত অপৱিত্ৰ আখ্যা দি পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি ঘৰৰ বাহিৰত উলিয়াই দিয়া হয় আৰু মূল ঘৰৰ বাহিৰত সৰু এটা অব্যৱহৃত ঘৰ অথবা গোহালিঘৰত ঋতুমতী নাৰীক আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। মাহেকীয়া আৰম্ভ হোৱা দিনৰ পৰা ৪-৬ দিনলৈকে ঋতুমতী নাৰীসকলক এনেদৰে ঘৰৰ বাহিৰত ৰখা এই প্ৰথাৰ নাম চৌপদী। এই সময়ছোৱাত ঋতুমতী মহিলাই সূৰ্যৰ পোহৰ চাব নোৱাৰে, ঋতুমতী মহিলাগৰাকীক কোনেও স্পৰ্শ কৰিব নোৱাৰে। পোহনীয়া জীৱ-জন্তুক স্পৰ্শ কৰা, ধৰ্মীয় কাম-কাজ, অনুষ্ঠান আদিত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা কৰা হয়। অকল এয়াই নহয়, ঋতুমতী মহিলাক চৌপদীত থকা সময়ছোৱাত অন্যান্য স্বাভাৱিক আৰু পুষ্টিকৰ খাদ্যগ্ৰহণ কৰিবলৈও দিয়া নহয়।

এনেদৰে ধৰ্মৰ নামত, সামাজিক ব্যৱস্থা তথা প্ৰথাৰ নামত নেপালত নাৰীৰ ওপৰত যুগ যুগ ধৰি চলি আহিছে এইধৰণৰ এক নাৰকীয় নিৰ্যাতন। এই প্ৰথাৰ তথা এই নিপীড়নৰ বলি হৈ অনেক ঋতুমতী যুৱতী-মহিলা কৰুণ মৃত্যুৰ মুখত পৰাৰ ঘটনা হৈছে। নেপালৰ সৰ্বোচ্চ আদালতে নেপালত প্ৰচলিত নাৰীৰ প্ৰতি থকা এই অমানৱীয় প্ৰথা ২০০৫ চনতেই নিষিদ্ধ ঘোষণা কৰিছিল যদিও চৌপদীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা নাছিল। সেয়ে এই প্ৰথা বন্ধ কৰিব পৰা হোৱা নাছিল আৰু বহু ঠাইত এই প্ৰথা এতিয়াও চলি আছিল। শেষত ২১ নৱেম্বৰ তাৰিখ বুধবাৰে নেপালৰ সংসদত এক নতুন আইন গৃহীত হৈছে। নতুন এই আইন মতে চৌপদী প্ৰথা দণ্ডনীয় অপৰাধ। ঋতুশ্ৰাৱ হোৱাৰ অপৰাধত কোনো ঋতুমতী মহিলাক এতিয়া চৌপদীত ৰাখিব নোৱাৰিব বা থাকিবলৈ বাধ্য কৰিব নোৱাৰিব অথবা ঋতুশ্ৰাৱৰ নামত কোনো মহিলাৰ লগত কোনেও অমানৱিক বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব। অন্যথা এই আইন অমান্য কৰিলে তিনিমাহৰ জেল আৰু লগত তিনিহাজাৰ টকাৰ জৰিমনা বিহা হ’ব।

পোহৰৰ বাট কেনিঃ আধুনিকতাই আনিবনে পোহৰ?
উল্লেখযোগ্য যে, সমাজত প্ৰচলিত অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে, আনকথাত নাৰীৰ স্বাভিমান আৰু মৰ্যাদাৰ পক্ষে এই আইন বিজ্ঞানসন্মত। কাৰণ নাৰীৰ মাহেকীয়াক অশুচি অথবা অস্পৃশ্যতাৰ লগত যুক্ত কৰাৰ আঁৰত কোনো ধৰণৰ যৌক্তিকতা নাই। মাহেকীয়াৰ সময়ত মহিলাসকলৰ বিভিন্ন ধৰ্মীয় স্থানত প্ৰৱেশ কৰাৰ যি নিষেধাজ্ঞা সেয়া অযৌক্তিক। ধৰ্ম তথা সামাজিক প্ৰথাৰ নামত যে একধৰণৰ ভণ্ডামি আৰু ই যে নাৰীৰ মৰ্যাদা তথা অধিকাৰৰ হেঙাৰৰ বাট সেয়া আজি আৰু দোহৰাৰ প্ৰয়োজন নাই। কাৰণ মাহেকীয়া মহিলাৰ স্বাভাৱিক জৈৱ প্ৰক্ৰিয়া, ই কোনো ৰোগ নহয়, অশুচি নহয়। গতিকে পুৰণি সেই প্ৰথাবোৰ আজিৰ এই আধুনিক আৰু বিজ্ঞানৰ যুগতো মানুহে ইয়াক টেবু বা নিষিদ্ধ কৰি ৰখাটো সভ্যতাৰ ক্ষেত্ৰত অতিকৈ লজ্জাজনক। কেৱল বিজ্ঞানৰ আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিলেই বা আধুনিক সাজ-পোছাক পৰিধান কৰিলেই আধুনিক বুলিব নোৱাৰি। আধুনিক ভাৱধাৰাৰে চিন্তা-শক্তি, মন-মানসিকতাক কৰ্ষন কৰিব পাৰিলেহে নিজকে আধুনিক বুলি চিনাকি দিব পাৰি। আশা কৰিছোঁ নেপালৰ এই নতুন আইনে আমাৰ ভাৰতীয় সমাজৰ লোকৰো চিন্তাৰ দোৱাৰ মুকলি কৰি দিব। ভাৰত চৰকাৰেও এই বিষয়ত গুৰুত্ব দি শাস্তিমূলক পদক্ষেপ কিবা গ্ৰহণ কৰিব। অসমীয়া সমাজেও নেপালৰ এই নতুন আইনৰ পৰা শিকিবলগীয়া বহুত আছে। অসমীয়া সমাজতো ঋতুমতী মহিলাক অশুচি বুলি গণ্য কৰি, বিভিন্ন বাধা-নিষেধ আৰোপ কৰি এই সময়ছোৱাত ঋতুমতী মহিলাগৰাকীক যি মানসিক অত্যাচাৰ কৰা হয় শীঘ্ৰেই তাৰ উপশম ঘটিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages