ক্ৰীড়াংগনঃ ফুটবল চাৰ্কিটত নৰ্থ ইষ্ট ইউনাইটেড আৰু উত্তৰ-পূৱৰ খেলুৱৈ :: পৰাশৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ৰীড়াংগনঃ ফুটবল চাৰ্কিটত নৰ্থ ইষ্ট ইউনাইটেড আৰু উত্তৰ-পূৱৰ খেলুৱৈ :: পৰাশৰ কলিতা

ক্ৰীড়াংগনঃ ফুটবল চাৰ্কিটত নৰ্থ ইষ্ট ইউনাইটেড আৰু উত্তৰ-পূৱৰ খেলুৱৈ :: পৰাশৰ কলিতা

Share This

বৰ্তমান ভাৰতবৰ্ষত দুখনকৈ ফুটবল লীগ চলি আছে এখন হৈছে "আই লীগ" আনখন "আই এছ এল" অৰ্থাৎ "ইণ্ডিয়ান চুপাৰ লীগ" ইতিমধ্যে "আই এছ এল" ২৯ ছেপ্টেম্বৰ ২০১৮ তাৰিখৰ পৰা আৰু "আই লীগ" ২৬ অক্টোবৰ ২০১৮ তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ আৰু ফুটবল ক্লাব সমূহে ভাৰতৰ ফুটবলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল আৰু আছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ক্লাব সমূহত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ২০১৭ চনত ভাৰতবৰ্ষত অনুষ্ঠিত ১৭ বছৰ অনুৰ্দ্ধৰ ফিফা ফুটবল বিশ্বকাপত উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ জন আৰু চিকিমৰ এজন মুঠ ১০জন খেলুৱৈ ভাৰতীয় দলত আছিল এই দলটিৰ অধিনায়কৰ দায়িত্বত আছিল মণিপুৰৰ "ধীৰাজ সিং" "আই লীগ" মুঠ ১০ দলৰ ভিতৰত ৩টা দলেই ' উত্তৰ পূৰ্বাঞ্চলৰ দল কেইটা ' ক্ৰমে মণিপুৰৰ "নেৰোকা এফ চি" , মিজোৰামৰ "আইজল এফ চি" আৰু  মেঘালয়ৰ "শ্বিলং লাজং এফ চি" ২০১৬-১৭ বৰ্ষত মিজোৰামৰ "আইজল এফ চি'য়ে "আই লীগ" খিতাপ দখল কৰিছিল
২০১৭-১৮ বৰ্ষৰ "আই লীগ" মণিপুৰৰ "নেৰোকা এফ চি"য়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ২০১৮ চনৰ মাৰ্চ মাহত অনুষ্ঠিত "ইণ্ডিয়ান চুপাৰ কাপ"তো এই তিনিটা দলে উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াইছিল "ইণ্ডিয়ান চুপাৰ কাপ" "ৰাউণ্ড অফ ১৬" "আইজল এফ চি"য়ে পৰাস্ত কৰিছিল ২০১৭-১৮ বৰ্ষত "আই এছ এল" খিতাপ বিজয়ী দল "চেন্নাইন এফ চি" "শ্বিলং লাজং এফ চি"য়ে "আই এছ এল ২০১৭-১৮" চেমিফাইনেল খেলা দল "এফ চি পুনে চিটি" পৰাস্ত কৰিছিল লগতে "নেৰোকা এফ চি"য়ে  পৰাস্ত কৰিছিল "আই এছ এল" দুবাৰকৈ ৰানাৰ্ছ আপ "কেৰেলা ব্লাষ্টাৰ্ছ" দুৰ্ভাগ্যবশত তিনিওটা দল কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় যদিও নিজৰ প্ৰদৰ্শনৰে সকলোৰে প্ৰসংশা বুটলিবলৈ সক্ষম হয়   তাৰ বিপৰীতে "ইণ্ডিয়ান চুপাৰ কাপ" "আই এছ এল" একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দল "নৰ্থ ইষ্ট ইউনাইটেডে" যোগ্যতা অর্জনকাৰী প্ৰথম খন খেলতেই "গকুলাম কেৰেলা" বিৰুদ্ধে - গলত পৰাজিত হয় " ইণ্ডিয়ান চুপাৰ কাপ" পৰা বাহিৰ হয়

এতিয়া আহোঁ "নৰ্থ ইষ্ট ইউনাইটেড" "আই এছ এল" প্ৰদৰ্শনলৈ "আই এছ এল" উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ দল "নৰ্থ ইষ্ট ইউনাইটেডে" "আই এছ এল" হৈ যোৱা মুঠ ৪টা সংস্কৰণত এবাৰো চেমি ফাইনেলত উপনীত হব নোৱৰা একমাত্ৰ দল "জমছেদপূৰ এফ চি" এই তালিকাত আছে যদিও দলটিয়ে ইয়াৰ আগতে মাত্ৰ এটা সংস্কৰণ ২০১৭-১৮হে খেলিছে ২০১৪ বৰ্ষত আৰম্ভ হোৱা "আই এছ এল" দ্বিতীয়খন খেলত গুৱাহাটীৰ "ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম" স্পেনিছ খেলুৱৈ "'কে" গলেৰে "শচীন টেণ্ডুলকাৰ" মালিকাধীন "কেৰেলা ব্লাষ্টাৰ্ছ" - গলৰ ব্যৱধানত পৰাস্ত কৰি "আই এছ এল" নিজৰ অভিযান পোন প্ৰথম বাৰৰ বাবে আৰম্ভ কৰাৰ লগতে নিজৰ শক্তিৰ পৰিচয় দিছিল ২০১৪ চনত "নৰ্থ ইষ্ট ইউনাইটেড" প্ৰশিক্ষক আছিল নিউজিলেণ্ডৰ হৈ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা "ৰিকী হাবাৰ্ট" আৰম্ভণি ভাল হলেও "নৰ্থ ইষ্ট ইউনাইটেড" নিজৰ এই প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ ব্যৰ্থ হয় যাৰ ফলাফলত ১৪ খন খেলৰ মাত্ৰ খন খেলত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছিল খন খেলত অমীমাংসিত হৈ ৰৈছিল খনকৈ খেল "আই এছ এল" প্ৰথমটো সংস্কৰণত "নৰ্থ ইষ্ট ইউনাইটেড" দুৰ্বলতা আছিল গল কৰা এইটো সংস্কৰণত "নৰ্থ ইষ্ট ইউনাইটেডে" কৰিছিল মাত্ৰ ১১টা গল যাৰ বাবে মুঠ ১৫ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ অন্তিম স্থানত থাকিব লগা হৈছিল "নৰ্থ ইষ্ট ইউনাইটেড"

"আই এছ এল" দ্বিতীয় সংস্কৰণত "নৰ্থ ইষ্ট ইউনাইটেড" আৰম্ভণি ভাল নাছিল প্ৰথম তিনিখন খেলত ক্ৰমে "কেৰেলা ব্লাষ্টাৰ্ছ" ," পুনে চিটি এফ চি" আৰু "এফ চি গোৱা" বিৰুদ্ধে পৰাজিত হৈছিল "নৰ্থ ইষ্ট ইউনাইটেডে" নিজৰ চতুৰ্থ খেলত "চেন্নাই এফ চি" বিৰুদ্ধে - গলত বিজয়ী হবলৈ সক্ষম হৈছিল তাৰ পিছৰে পৰা পৰিস্থিতি ভাল হৈছিল যদিও প্ৰথম তিনিখন খেলত আৰু সংস্কৰণৰ মাজৰ গুৰুত্বপূৰ্ণ খেলত পৰাজিত আৰু ফলাফল অমীমাংসিত হৈ ৰোৱা বাবে মুঠ ১৪ খন খেলৰ খন খেল জয় আৰু ৬খন খেল পৰাজিত হৈ, দুখন খেল অমীমাংসিত ভাবে সমাপ্ত কৰি ২০ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল চতুৰ্থ স্থানত থকা "দিল্লী ডায়নামোছ" পইণ্ট আছিল ২২ দ্বিতীয় সংস্কৰণত আৰ্জেন্টিনাৰ খেলুৱৈ "নিকো ভেলেজে" দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল

২০১৬ চনৰ "আই এছ এল" তৃতীয়টো সংস্কৰণত "নিকো ভেলেজ" আৰু "উৰুগুৱে" খেলুৱৈ "আলফাৰো" নেতৃত্বত প্ৰভাৱশালী আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল যদিও পুনৰ এবাৰ এই ধাৰা অব্যাহত ৰাখিব নোৱাৰাৰ বাবে ১৪ খন খেলৰ খনত বিজয়ী হয় ৬খনত পৰাজিত হয় তিনিখন খেলৰ ফলাফল অমীমাংসিত হৈ ৰোৱাত মুঠ ১৮ পইণ্টৰে পুনৰ এবাৰ পঞ্চম স্থান দখল কৰি "আই এছ এল" চেমি ফাইনেললৈ উত্তীৰ্ণ হোৱাত ব্যৰ্থ হয়   উল্লেখযোগ্য যে লীগৰ অন্তিম খেললৈ "নৰ্থ ইষ্ট ইউনাইটেড" চেমি ফাইনেললৈ উত্তীৰ্ণ হোৱাৰ সুযোগ আছিল যদিও শেষৰ খেলত "কেৰেলা ব্লাষ্টাৰ্ছ" হাতত পৰাস্ত হৈ পঞ্চম স্থান দখল সন্তুষ্ট থাকিব লগা হয়

"আই এছ এল" চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কাৰী মুঠ দলৰ সংখ্যা ৮টাৰ পৰা ১০টালৈ বৃদ্ধি হয় "আই এছ এল" এইটো সংস্কৰণ "নৰ্থ ইষ্ট ইউনাইটেড" বাবে আটাইতকৈ লজ্জাজনক হিচাপে পৰিগণিত হয় মুঠ ১৮ খন খেলৰ ১৩ খন খেলতেই পৰাজিত হয় মাত্ৰ ৩খন খেলত বিজয়ৰ সোৱাদ লাভ কৰে ২খন খেলৰ ফলাফল  অমীমাংসিত হৈ ৰয় মাত্ৰ ১১ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দশম অৰ্থাৎ অন্তিম স্থানহে লাভ কৰিবলৈ সক্ষম হয় মন কৰিব লগা কথাটো হল নৱম স্থানত থকা "এটলেটিকো ডি কলকাতা" লাভ কৰিছিল ১৬ পইণ্ট সংস্কৰণৰ মাজতেই প্ৰশিক্ষক সলনি কৰি অভিজ্ঞ প্ৰশিক্ষক "আব্ৰাহাম গ্ৰাণ্ট" দলৰ প্ৰশিক্ষকৰ দায়িত্ব দিয়া হয় যদিও তেওঁ দলটিক ৰক্ষা কৰিব নোৱাৰিলে আক্ৰমণ বিভাগৰ পৰা ৰক্ষন বিভাগলৈ সকলো ক্ষেত্ৰত দলটি ব্যৰ্থ হয় ১৮ খন খেলত দলটিয়ে  মাত্ৰ ১২ টা গলৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ২৭ টা গল বিৰোধী দলে"নৰ্থ ইষ্ট ইউনাইটেড" বিৰুদ্ধে কৰিবলৈ সক্ষম হয় যাৰ ফলত গৃহ খেলপথাৰত দৰ্শকৰ উপস্থিতি কম হৈ পৰে  
২৭ ছেপ্টেম্বৰ ২০১৮ৰ পৰা  আৰম্ভ হৈছে "আই এছ এল" পঞ্চমটি সংস্কৰণ অংশ লৈছে মুঠ ১০টা দলে "নৰ্থ ইষ্ট ইউনাইটেড" প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে যোৱাবাৰৰ "নৰ্থ ইষ্ট ইউনাইটেড" সহকাৰী প্ৰশিক্ষকৰ দায়িত্বত থকা "এলকো স্কেট্টৰি" (Eelco Schattorie" য়ে দায়িত্ব লাভৰ পিছত তেওঁৰ মন্তব্য আছিল "এদিনত তাজমহল বনোৱা হোৱা নাছিল তাজমহল বনাওঁতে বহুত সময় লৈছিল যদি আপোনালোকে কিবা বনাব খোজে তেন্তে নিশ্চিত ভাবে সময় লাগিবই  ইতিমধ্যে "নৰ্থ ইষ্ট ইউনাইটেডে" আই এছ এলত আৰম্ভ কৰিছে নিজৰ অভিযান এই লেখনি লেখাৰ সময়লৈ "নৰ্থ ইষ্ট ইউনাইটেডে"এতিয়ালৈ খন খেল খেলিছে  প্ৰথম  খেলত "এফ চি গোৱা" বিৰুদ্ধে নিজৰ গৃহ খেলপথাৰ গুৱাহাটীত - দ্ৰ খেলে দ্বিতীয় খন খেলত "এটলেটিকো দি কলকাতা" তেওঁলোকৰ গৃহ খেলপথাৰতে - গলত পৰাস্ত কৰে লগতে ২০১৭-১৮ বৰ্ষৰ বিজয়ী দল "চেন্নাইন এফ চি" তেওঁলোকৰ গৃহভূমিত - গলত পৰাস্ত কৰে জমছেদপুৰ এফ চিৰ লগত নিজ গৃহ খেলপথাৰত - দ্ৰ খেলাৰ লগতে ৩০অক্টোবৰত দিল্লীত দিল্লী ডাইনামোজৰ বিৰুদ্ধে - গলত বিজয়ী হৈ ভাল আৰম্ভণি কৰিছে  বৰ্তমান ৫খন খেলত ১০টা গল কৰি নৰ্থ ইষ্ট ইউনাইটেদে পূৰ্বৰ চাৰিটা সংস্কৰণত গল কৰিব নোৱাৰা পুৰণি সমস্যা সমাধান কৰিছে বুলিও ধৰিব পাৰি কিন্তু এয়া লীগৰ প্ৰথম পৰ্যায়হে বৰ্তমান "জন আব্ৰাহাম" মালিকাধীন দল "নৰ্থ ইষ্ট ইউনাইটেড"  প্ৰধান লক্ষ্য উন্নত প্ৰদৰ্শন কৰি সমৰ্থক সকলৰ যি আস্থা আছিল সেয়া ঘূৰাই অনা  

"আই এছ এল" চতুৰ্থ সংস্কৰণত অসমৰ ৪জন খেলুৱৈয়ে বিভিন্ন টীমৰ হৈ খেলি আছে হলিচৰণ নাৰ্জাৰীয়ে কেৰেলা ব্লাষ্টাৰ্ছৰ হৈ , এলেন দেউৰী আৰু প্ৰাঞ্জল ভূমিজ খেলিছে মুম্বাই এফ চিৰ হৈ লগতে বিনীত ৰায়ে খেলিছে "দিল্লী ডাইনামোছ" হলিচৰণ নাৰ্জাৰী আৰু প্ৰাঞ্জল ভূমিজ "আই এছ এল" দৰ্শনীয়া গল কৰিছে কিন্তু তাৰ বিপৰীতে "নৰ্থ ইষ্ট ইউনাইটেড" দলত "আই এছ এল" এইটো সংস্কৰণত অসমৰ খেলুৱৈ এজনো নাই   "নৰ্থ ইষ্ট ইউনাইটেড" অসমত জনপ্ৰিয় কৰাত দুৰ্গা বড়ো , এলেন দেউৰী, হলিচৰণ নাৰ্জাৰীৰ বিশেষ ভূমিকা আছে শেষত আশাকৰোঁ এই দলটোৰ ভাল দিন "আই এছ এল" এইটো সংস্কৰণত অৰ্থাৎ পঞ্চম সংস্কৰণত পৰাই আৰম্ভ হওঁক

লেখকৰ ঠিকনাঃ গুৱাহাটী বিশ্ববিদ্যালয়, ফোন নং-৮৭৫৩০৮৫০০৪

No comments:

Post a Comment