মনৰ কথাঃ ক্ৰমাত অচিনাকি হবলৈ ধৰিছে কিয় 'লাচিত'? :: দেৱব্ৰত গগৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মনৰ কথাঃ ক্ৰমাত অচিনাকি হবলৈ ধৰিছে কিয় 'লাচিত'? :: দেৱব্ৰত গগৈ

Share This
আজি লাচিত দিৱস। প্ৰথমেই দেশৰ বাবে মোমাই কাটিবলৈ কুণ্ঠাবোধ নকৰা অসমীয়া বীৰ গৰাকীলৈ যাচিলো আন্তৰিক শ্ৰদ্ধাঞ্জলি। অসমৰ ৰাজনীতিৰ ভিন্ন উত্থান পতনৰ সময়ত মানুহৰ মনোজগতত বাৰে বাৰে এই লাচিত চৰিত্ৰই ভুমুকি মাৰে। অসমীয়া নেতাৰ হঠাত বিক্ৰী হোৱাৰ এই শতিকাৰ লাজ লগা ইতিহাসে, বাৰে বাবে এই ঐতিহাসিক চৰিত্ৰৰ মুখলৈ চাবলৈ বাধ্য কৰে সাধাৰণ অসমীয়া ৰাইজক। কোন এই লাচিত, এই লাচিতৰ বুৰঞ্জীতো কালৰ আঁচোৰ পৰিছে নেকি, নে ৰাজনীতিয়ে সলাবলৈ ধৰিছে লাচিতৰ ইতিহাস! এখন ভিন্ন ৰঙ সানি লৈ চলিছে এক গভীৰ ষড়যন্ত্ৰমূলক প্ৰপাগাণ্ডা? এই প্ৰেক্ষাপটতে এই লেখাৰ অৱতাৰণা কৰা হৈছে। 

লোক-কথা মতে ৰামচন্দ্ৰৰ পুতেক কুশৰ পৰৰ্ৱতী বংশটো আছিল “কচ্ছোৱা” নামৰ এটা ৰাজপুত ফৈদ। কচ্ছোৱা ফৈদৰ এজন ব্যক্তি ধোলাৰায়ে ধুন্ধৰ ৰাজ্য প্ৰতিষ্ঠা কৰে যাৰ পৰৰ্ৱতী নাম আছিল অম্বেৰ আৰু আজিকালি জয়পুৰ বুলি কয়। সেই কচ্ছোৱা বংশৰে ৰজা বহৰমলে সকলো ৰাজপুতৰ ভিতৰত পোন-প্ৰথমে মোগল সম্ৰাট বাবৰৰ বশ্যতা স্বীকাৰ কৰে। বহৰমলৰ পুতেক ৰজা ভগৱানদাসৰ ভায়েক জগতসিংহৰ নাতিয়েক জয়সিংহ অম্বেৰৰ পৰৰ্ৱতী ৰজা হয় আৰু মোগল সম্ৰাট ছাজজাহানৰ তলতীয়া হৈ ৰাজ্য শাসন কৰিছিল আৰু সেই জয়সিংহৰে ডাঙৰ পুতেক ৰামসিংহই মোগল সম্ৰাট ঔৰংজেৱৰ দিনত অসম আক্ৰমণ কৰিছিল। প্ৰকৃততেই ৰামসিংহ এজন ডাঙৰ বীৰ আছিল। অসম আক্ৰমণ কৰাৰ আগত তেওঁৱেই শিৱাজীৰ দৰে বীৰক যুদ্ধত হৰুৱাই মোগলৰ ওচৰত আত্মসৰ্মপণ কৰিবলৈ বাধ্য কৰিছিল আৰু আগ্ৰাত নজৰ বন্দী কৰি ৰাখিছিল। অৱশ্যে পৰৰ্ৱতী সময়ত শিৱাজীয়ে মোগলৰ চকুত ধুলি দি পলাই যায় যাৰ বাবে ৰামসিংহই সম্ৰাট ঔৰংজেৱৰ শাস্তিৰ সন্মুখীন হয়। পাছত সেই শাস্তি লাঘব কৰি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰে।

ৰামসিংহই এক বিশাল ফৌজ লৈ অসমৰ ফালে গতি কৰে আৰু 1669 চনৰ ফেব্ৰুৱাৰী মাহত আহোম প্ৰশাসন আৰু মোগল প্ৰশাসনৰ সীমান্ত ৰঙামাটিত উপস্থিত হয়। ৰঙামাটি পোৱালৈকে ৰামসিংহৰ ফৌজটো আৰু বিশাল হয়। তাৰ আগলৈকে ৰামসিংহৰ অধীনত 21জন ৰাজপুত চৰ্দাৰৰ উপৰিও ৰজা ইন্দ্ৰমনী , পৃথুৰজা , মাণিক ৰজা , কিৰাত সিংহ ভাৰ্তিয়া, মিৰাথৰ ৰঘুনাথসিংহৰ ওপৰিও আন কিছুমান মোগল চৰ্দাৰ যেনে চান্দমন্দ খাঁ , আলম-খাঁ , বক্ৰম খাঁ ইত্যাদি আছিল। ৰামসিংহ কোচবিহাৰ পোৱাত কোচবিহাৰৰ ৰজা জয়নাৰায়ণ , কবিশেখৰ বৰুৱা , সৰ্বেশ্বৰ বৰুৱা , মনমথ বৰুৱা , ঘনশ্যাম বকছী আদিয়ে তেওঁৰ লগত যোগ দি মোগল প্ৰশাসনৰ সৈন্যদলটোক আৰু বিশাল কৰি তোলে। ৰামসিংহৰ লগত মদনাৱতী নামৰ এগৰাকী মহিলা যোদ্ধাও আহিছিল , তেওঁ আলাবৈ ৰণত আহোম সেনাৰ লগত যুদ্ধ কৰি মৰে।

উত্তৰ ভাৰতৰ ভিন্ন প্ৰান্তৰ ৰজাই ৰামসিংহৰ নেতৃত্বৰ মোগল প্ৰশাসনৰ সৈন্য বাহিনীটোৰ লগত অসম অভিযানত যোগ দিছিল ঠিক তেনেকৈ লাচিতৰ নেতৃত্বত মোগল সৈন্যক ভেটিবলৈ যোৱা আহোম প্ৰশাসনৰ সৈন্যদলটোত সেইসময়ৰ অসমৰ ভিন্নজন ৰজাই যোগ দিছিল ,যেনে গোভা ৰজা ,জয়ন্তীয়া ৰজা , ৰাণী অঞ্চলৰ ৰজা।

শৰাইঘাটৰ ৰণ কোনো জাতি , ধৰ্ম বা সম্প্ৰদায়ৰ মাজত হোৱা নাছিল। সেই বিখ্যাত ৰণখন হৈছিল দুটা প্ৰশাসনৰ মাজত। মোগল আৰু আহোম প্ৰশাসনৰ মাজত। মোগল প্ৰশাসনৰ সৈন্য দলটোত যেনেকৈ কেৱল ইছলাম ধৰ্মৰ সেনাপতি বা সৈন্য নাছিল , ঠিক তেনেকৈ আহোম প্ৰশাসনৰ সৈন্য দলটো কেৱল আহোম সম্প্ৰদায়ৰ সেনাপতি বা সৈন্য নাছিল। আহোম সৈন্য দলটোত আনকি বাহ্মণ সম্প্ৰ্দায়ৰ দৈৱজ্ঞই যুদ্ধৰ নাৱত উঠি লাচিতক যুদ্ধৰ মাজে মাজে আক্ৰমণৰ ক্ষণ গণনা কৰি দিছিল। ৰামসিংহই যেনেকৈ মোগল প্ৰশাসনটোৰ সীমাৰেখাডালক বিস্তাৰ কৰিবলৈ অসম আক্ৰমণ কৰিছিল , ঠিক তেনেকৈ লাচিত বৰফুকনে আহোম প্ৰশাসনৰ সীমাৰেখাডালক বিচ্যুতি হোৱাত বাধা দিবলৈ মোগল প্ৰশাসনৰ সৈন্য বাহিনীটোৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেইবাবে আমি আজিৰ তাৰিখত লাচিতৰ দেশপ্ৰেম , জাতি প্ৰেমক লৈ যিমান হৈ চৈ কৰো , লাচিতে তেনে জাতিপ্ৰেমত মতলীয়া হৈ মোগলক পৰাস্ত কৰা নাছিল কাৰণ ৰাজনীতিৰ খেলখন তেতিয়াও আজিৰ দৰেই চলিছিল , সেয়ে মিৰজুমলাই অসম আক্ৰমণ কৰোতে একাংশ আহোম প্ৰশাসনৰ বিষয়াই মিৰজুমলাক অসমৰ ৰজা হবলৈ কৈছিল , ৰজা জয়ধ্বজসিংহৰ জীয়েক ৰমণীক ঔৰংজেৱৰ পুতেকলৈ বিয়া দিছিল , যাৰ মোমায়েক আছিল লাচিত নিজেই। ৰাজনীতিৰ খেলখনৰ বাবেই শৰাইঘাটৰ যুদ্ধৰ কেইদিনমানৰ আগতে লাচিত বৰফুকন আৰু আন কেইজন বিষয়াই গুৱাহাটীখন মোগলক এৰি দিবলৈ বিচাৰিছিল , আৰু তেতিয়াৰ বিচক্ষণ মন্ত্ৰী আতন গোঁহাইয়ে সকলোকে সাহস আৰু অভয় দান কৰিহে তেওঁলোকৰ মনবোৰ পুনৰ দৃঢ় কৰিছিল।

অসমৰ ভৌগলিক স্থিতি , আহোম প্ৰশাসনৰ সৈন্য বাহিনীৰ বীৰত্ব আৰু মোগল প্ৰশাসনৰ ভিতৰত চলি থকা আভ্যন্তৰণী ৰাজনীতিৰ বাবে ৰামসিংহই গুৱাহাটী জয় কৰিব নোৱাৰিলে। ৰামসিংহ আৰু তেওঁৰ আন আন সেনাপতিসকলে যিমান কৌশল আৰু বীৰত্বৰে যুদ্ধখন কৰিছিল তাৰ তুলনাত আহোমৰ দুই মুখ্য সেনাপতি লাচিত বৰফুকন আৰু আতন বুঢ়াগোঁহাইয়ে বেছি বীৰত্ব আৰু কৌশলেৰে যুঁজ কৰি মোগলক পৰাস্ত কৰিলে। নৰীয়া গাৰে যুঁজ কৰা বাবে আৰু উত্তৰ গুৱাহাটীতকৈ দক্ষিণ গুৱাহাটীত যুদ্ধৰ গুৰুত্ব বেছি আছিল বাবে লাচিতে পৰৰ্ৱতী সময়ত শৰাইঘাটৰ যুদ্ধৰ মহানায়কৰ আখ্যা পালে। কিন্ত একেই বিচক্ষণতা আৰু বীৰত্বৰে যুঁজ দিয়া , ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যুদ্ধখনৰ নেতৃত্ব দিয়া আতন বুঢ়াগোঁইক আধুনিক বুৰঞ্জীবিদসকলে গুৰুত্বহীন কৰি থলে।

তথাপিও লাচিত আমাৰ বাবে জাতীয় বীৰ । বিদেশী শক্তিৰ পৰা দেশখনক ৰক্ষা কৰা লাচিত বৰফুকনে কোনো বিশেষ জাতি , সম্প্ৰদায় বা ধৰ্মৰ হকে বা বিৰুদ্ধে যুঁজ কৰা নাছিল। কিন্ত আজিৰ দিনৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিয়ে লাচিতক হিন্দু বীৰৰ ৰূপ দিবলৈ অপচেষ্টা কৰি আছে আৰু আমি অসমীয়াই নীৰৱে সেই অপচেষ্টাবোৰক প্ৰত্যক্ষ কৰি আছো । সেয়ে শৰাইঘাটৰ সেই জাতীয় বীৰজন যেন লাহে লাহে অসমীয়া জাতিৰ বাবে অচিনাকি হৈ পৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages