বিশ্লেষণঃ আছিয়া বিবি: ধৰ্মান্ধই 'আস্থা'ৰ নামত যেতিয়া দেশৰ আইনক নেওচে :: ৰূপশ্ৰী বৰা বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আছিয়া বিবি: ধৰ্মান্ধই 'আস্থা'ৰ নামত যেতিয়া দেশৰ আইনক নেওচে :: ৰূপশ্ৰী বৰা বৰদলৈ

বিশ্লেষণঃ আছিয়া বিবি: ধৰ্মান্ধই 'আস্থা'ৰ নামত যেতিয়া দেশৰ আইনক নেওচে :: ৰূপশ্ৰী বৰা বৰদলৈ

Share This
এগৰাকী পাকিস্তানী নাৰী, নাম – আছিয়া বিবি৷ বয়স ৪৭ বছৰ৷ বিগত প্ৰায় ৯ বছৰ ধৰি কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত মৃত্যুদণ্ডৰ প্ৰতীক্ষাত কাল কটাইছিল ৫টা সন্তানৰ মাতৃ আছিয়াই ৷ 

আছিয়াৰ অপৰাধ- ধৰ্ম নিন্দা ৷
এই অপৰাধৰ বাবে ২০১০ চনত পাকিস্তানৰ আদালতে আছিয়াৰ বিৰুদ্ধে মৃত্যদণ্ডৰ ৰায় দিছিল৷
কিন্তু যোৱা অক্টোবৰ মাহত পাকিস্তান উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানেৰে আছিয়াক দোষমুক্ত ঘোষণা কৰে৷ মুখ্য ন্যায়াধীশ ছাকিব নিছাৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ৩১ অক্টোবৰৰ পুৱা আছিয়াক কাৰামুক্ত কৰাৰ নিৰ্দেশ দিয়ে৷ সৰ্বোচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে দুপৰীয়ালৈ জ্বলি উঠে পাকিস্তান৷ন্যায়পালিকাৰ ৰায়ৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত অচল হৈ পৰে ইছলামাবাদ,লাহোৰ, আৰু কৰাচী৷তিনি দিন ধৰি অৰাজকতা চলে দেশখনত ৷

এতিয়া আহিছো আছিয়া বিবিৰ কাহিনীলৈ৷ ৫ টা সন্তানৰ মাতৃ আছিয়া বিবিয়ে এখন ফাৰ্মত কাম কৰিছিল ৷ এদিন একেলগে কাম কৰা এগৰাকী মহিলা শ্ৰমিকৰ গিলাচৰ পৰা পানী খাইছিল আছিয়াই৷ ইয়াতেই হৈছিল অপৰাধ৷ কিয়নো আছিয়া আছিল খ্ৰীষ্টীয়ান মহিলা৷ বিধৰ্মী মহিলাই ইছলাম ধৰ্মী মহিলাৰ পাত্ৰত পানী খাব এয়াতো হ’ব নোৱাৰে৷ দাবী উঠিল আছিয়াই ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগে৷ কিন্তু এই দাবী মানিবলৈ অস্বীকাৰ কৰে আছিয়া বিবিয়ে ৷

এই ঘটনা ঘটে ২০০৯ চনৰ জুন মাহত৷ অভিযোগ উঠিল আছিয়াই ইছলাম ধৰ্ম আৰু হজৰত মহম্মদ সম্পৰ্কে নিন্দাসূচক মন্তব্য কৰিছে৷ গাঁৱত পাঁচ দিন ধৰি বিচাৰ চলিল৷ এই বিচাৰত দোষী সাব্যস্ত হ’ল আছিয়া৷ গোচৰ গৈ এদিন আদালত পালে৷ আদালতে ২০১০ চনত আছিয়াক ধৰ্ম নিন্দা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷ সেই তেতিয়াৰ পৰা স্বামী,সন্তানৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুদণ্ডৰ প্ৰতীক্ষাত তিলতিলকৈ মৰি আহিছে বন্দী আছিয়া বিবি৷ আছিয়াৰ মুক্তিৰ বাবে পোপ ষোড়শ বেনেডিক্টৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশ আৰু কমেও এক নিযুত লোকে আবেদন জনাই আহিছিল পাকিস্তান চৰকাৰৰ ওচৰত৷ 

ইটালী,ফ্ৰান্স, স্পেইনৰ দৰে দেশে আছিয়াক আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু এয়া পাকিস্তানৰ আভ্যন্তৰিণ বিষয় আৰু ইয়াত আন দেশৰ মাত মতাৰ অধিকাৰ নাই বুলি চৰকাৰে নস্যাৎ কৰি আহিছিল সকলো আবেদন৷ যোৱা আগষ্ট মাহত দেশখন নতুন চৰকাৰে শাসনৰ বাঘজৰি লয়৷ প্ৰধাধানমন্ত্ৰী হিচাবে শপত লৈয়েই ইমৰাণ খানে আন বহু প্ৰতিশ্ৰুতিৰ লগতে দেশত মানৱ অধিকাৰ ৰক্ষা, ন্যায় প্ৰতিষ্ঠা কৰা হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰিছিল৷ নতুন শাসন প্ৰতিষ্ঠা হোৱাৰ ২ মাহ পিছতে পাকিস্তানৰ সৰ্বোচ্চ ন্যায়ালয়ে উপযুক্ত সাক্ষ্য প্ৰমাণৰ অভাৱত আছিয়া বিবিক নিৰ্দোষী ঘোষণা কৰি মুক্তিৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে জ্বলি উঠে পাকিস্তান৷ কঠোৰপন্থী ধৰ্মীয় ৰাজনৈতিক দল- সংগঠনসমূহে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে৷হিংসাত্মক প্ৰতিবাদ,লুটপাত, ধ্বংসাত্মক কাৰ্যকলাপত চৰকাৰ, প্ৰশাসন সম্পূৰ্ণৰূপে অচল হৈ পৰে৷ 

গোড়াপন্থী ইছলামিক ৰাজনৈতিক দল টেহৰীক ই লাব্বাইক পাকিস্তান(TLP)এ ঘোষণা কৰে- এয়া আস্থাৰ ওপৰত আক্ৰমণ৷ গতিকে তিনি ন্যায়াধীশ মৃত্যুদণ্ড পোৱাৰ যোগ্য৷ ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে মুকলিকৈ যুদ্ধ ঘোষণা কৰি এদিনতে সমগ্ৰ দেশ অচল কৰি দিয়ে TLP এ৷যি তিনিজন ন্যায়াধীশে আছিয়া বিবিক নিৰ্দোষ ঘোষণা কৰিছিল সেই কেইজনক হত্যা কৰিবলৈ তেঁওলোকৰ সুৰক্ষাত নিয়োজিত লোক, ৰান্ধনী আৰু গাড়ীচালকক উচতনি দিয়ে TLP ৰ মুৰব্বীয়ে৷ 

 ন্যায়ালৰ বিৰুদ্ধে ধৰ্মান্ধৰ প্ৰতিবাদ
ইয়াৰ পিছতে দেশ এৰি নেদাৰলেণ্ডলৈ প্ৰাণ লৈ পলাবলৈ বাধ্য হ’য় আছিয়া বিবিৰ অধিবক্তা ছৈফুল মুলুক৷ TLP এ আনকি প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু সেনাপ্ৰধান কামাৰ জাভেদ বাজৱাক প্ৰকৃত মুছলমান নহ’য় বুলি অভিহিত কৰে৷ মাত্ৰ দুমাহৰ ভিতৰতে একপ্ৰকাৰ ধৰ্মীয় কঠোৰপন্থীৰ ভাবুকিত অচল হৈ পৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ইমৰাণ খানৰ চৰকাৰ৷ এই ৰঙা চকুত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সিংহনাদ ধোৰাসাপৰ ফোঁচফোঁচনিলৈ পৰ্যবসিত হ’বলৈ সৰহপৰ নালাগিল৷ 

অৱধাৰিত ভাৱেই কঠোৰপন্থী ধৰ্মীয় শক্তিৰ সকিয়নীত কাবু হৈ আছিয়া বিবিৰ গোচৰটো পুনৰ বিবেচনা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা নহয় বুলি ঘোষণা কৰিবলৈ বাধ্য হয় চৰকাৰ ৷ আছিয়া বিবিয়ে যাতে পাকিস্তান এৰি যাব নোৱাৰে তাৰো ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে৷ কেৱল সিমানেই নহয় ধৰ্মৰ নামত গাড়ী - মটৰ জ্বলোৱা,দোকান- পোহাৰ ভঙি লুটপাত কৰা,ৰাজহুৱা সম্পত্তি ধ্বংস কৰা সকলো হুলিগানক মুকলি কৰি দিবলৈ বাধ্য হয় চৰকাৰ৷ 

আইনৰ শাসন প্ৰৱৰ্তন কৰি সৰ্বসাধাৰণক নিৰাপত্তা আৰু ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা ইমৰাণ খান চৰকাৰে দুমাহ নৌহওতেই কঠোৰপন্থী ৰক্ষণশীল শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল৷ অন্ধ ধৰ্মীয় উন্মাদনাৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল পাকিস্তান চৰকাৰ৷বাৰম্বাৰ এইদৰেই দেশখনত গণতন্ত্ৰৰ মৃত্যু ঘটি আহিছে৷ উগ্ৰ, অন্ধ ধৰ্মীয় আবেগৰ হাতত বাৰে বাৰে পদদলিত হৈছে আইনৰ শাসন, ন্যায় ব্যৱস্থা৷ নীৰৱ দৰ্শক হ'বলৈ বাধ্য হৈছে সাধাৰণ জনতা৷

আছিয়া বিবি এতিয়া ক’ত কোনেও নাজানে৷ পাকিস্তানৰ একাংশ সংবাদ মাধ্যমৰ মতে মুক্তিৰ পিছতে আছিয়া বিবিয়ে পাকিস্তান এৰি নেদাৰলেণ্ডলৈ গুচি গৈছে ৷ কিন্তু চৰকাৰী সূত্ৰয়েই এই কথা নুই কৰিছে৷ এই মহিলাগৰাকীয়ে যে কাহানিবা ন্যায় পাব সেই আশা নাই বুলিয়েই ক’ব পাৰি ৷ যিখন দেশত ন্যায়াধীশকে হত্যা কৰিবলৈ মুকলিকৈ আদেশ দিয়া হ’য় ,আদালতৰ ৰায়ৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা হ’য়, সেইখন দেশত মানৱ অধিকাৰ, গণতন্ত্ৰ অৰ্থহীন শব্দ মাত্ৰ৷ দেশ খনৰ আজিৰ প্ৰজন্মই আশা কৰিছিল অন্ততঃ নতুন চৰকাৰে আইনৰ শাসন প্ৰৱৰ্তন কৰিব পাৰিব৷কিন্তু আৰম্ভণিতেই অশুভ শক্তিৰ ওচৰত নতি স্বীকাৰ কৰিলে চৰকাৰে৷ হিংসাত্মক ঘটনাৰাজিৰ পিছত প্ৰধানমন্ত্ৰী খানে বাৰম্বাৰ এই কথাহে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে যে তেঁওৰ চৰকাৰে ইছলামিক “ উছুল” মতে শাসন কৰিছে ৷ ইছলাম ধৰ্মৰ বিৰুদ্ধে যোৱাসকলৰ ক্ষেত্ৰত চৰকাৰে কি কি ব্যৱস্থা লৈছে বাৰে বাৰে তাৰো খতিয়ান দিলে৷ ধৰ্মৰ নামত গণতন্ত্ৰ আৰু আইন ব্যৱস্থাক ভৰিৰে মোহাৰি পেলোৱা শক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে নিজকে প্ৰকৃত মুছলমান বুলি প্ৰমাণ কৰি তেনে শক্তিক আশ্বস্ত কৰিবলৈহে চেষ্টা কৰিলে প্ৰধামন্ত্ৰী ইমৰাণ খানে৷ 

ধৰ্ম ৰাজনৈতিক ইছ্যু হৈ পৰৰিলে সৰ্বনাশী হৈ উঠে ৷ ধৰ্মীয় বিশ্বাস তেতিয়া অন্ধ হৈ পৰে৷ আস্থাই তেতিয়া উন্মাদনাৰ ৰূপ লয় ৷ এনে উন্মাদনাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰে সৰ্বসাধাৰণ লোকক৷তেনে অশুভ শক্তি আৰু প্ৰৱণতাৰ পৰা মুক্ত হৈ থাকক গণতান্ত্ৰিক ভাৰত৷ কাহানীও কোনো আছিয়া বিবি ন্যায় আৰু মানৱ অধিকাৰৰ পৰা বঞ্চিত নহওক৷

সম্পাদকৰ সংযোজনঃ
শেহতীয়াকৈ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে সৱৰীমালা মন্দিৰ প্ৰাংগনত নাৰীৰ প্ৰৱেশৰ প্ৰসংগক লৈ যি ৰায় দান কৰিছিল, তাতো কিন্তু দেশৰ শাসকীয় দলৰ সভাপতিয়ে এয়া 'আস্থা'ৰ বিষয় আৰু পালন হব নোৱাৰা নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিবই নালাগে বুলি মন্তব্য কৰে। ধৰ্মীয় সাম্প্ৰদায়িকতাবাদক ঢাল হিচাবে লৈ ৰাজনীতি কৰা সকলে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা নি হিন্দু ৰাষ্ট্ৰ বনোৱাৰ বাবে যে পৰিকল্পনা কৰি কাম কৰি আছে সেয়া এতিয়া জলজল পটপটকৈ ওলাই পৰিছে। বহুতেই সংবিধানৰ এই 'ধৰ্ম নিৰপেক্ষতা'ৰ বিপৰীতে এই প্ৰকল্পবোৰক সংবিধান বিৰোধী আখ্যা দিছে আৰু ধৰ্মীয় গোড়ামিৰে অন্ধ হৈ যাতে দেশক এখন 'হিন্দু পাকিস্তান' বনোৱাৰ পৰিকল্পনা কৰা সকলক যাতে প্ৰতিহত কৰিব পৰা যায়, সেই বিষয়ে সজাগ হোৱাৰ সময় ভাৰতৰ ৰাইজৰ আহি পৰিছে। কথাবোৰ সকলোৱে বিচাৰ কৰি চোৱা ভাল যে, দেশক কালে কোন দিশে নি আছে।

No comments:

Post a Comment