প্ৰৱন্ধঃ অশান্ত ইলেক্ট্ৰনৰ পৰা প্ৰশান্ত মহাসাগৰলৈঃ অসমীয়াত্বৰ সন্ধানত এখোজ:: ময়ূৰ বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধঃ অশান্ত ইলেক্ট্ৰনৰ পৰা প্ৰশান্ত মহাসাগৰলৈঃ অসমীয়াত্বৰ সন্ধানত এখোজ:: ময়ূৰ বৰা

Share This
দুমাহমানৰ পৰাই এই লেখাটোৰ আঁৰৰ কথাবােৰে আমনি দি আছিল। লিখিবলৈ লৈও একাধিকবাৰ থমকি ৰৈছিলোঁ। মূল কাৰণটো হ'ল মােৰ মনৰ ভিতৰৰ দ্বিধাগ্রস্ততা। এসময়ত সেই দ্বিধাগ্রস্ততা অতিক্ৰম কৰিলোঁ যদিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ পােৱাৰ পাছত দেশৰ আৰু বিদেশৰ অধিকাংশ চিন্তাবিদ আৰু সাংবাদিকে তেওঁলােকৰ একপক্ষীয় আৰু পক্ষপাতদুষ্ট-সুলভ লেখাৰ জৰিয়তে প্রমাণ কৰি দিলে যে খিলঞ্জীয়া অসমীয়া মানুহৰ সংগ্রাম হ'ল অকলশৰীয়া সংগ্রাম। অসমীয়াক বৰ্বৰ আৰু নৃশংস বুলি কোৱা ‘বিখ্যাত মানুহ আজি বহু আছে, কিন্তু অস্তিত্ব বিপদাপন্ন হৈ নিজৰ গৃহভূমিতে সংখ্যালঘু হােৱাৰ বেদনাক সহমর্মিতাৰে অনুভৱ কৰা মূলসুঁতিৰ ভাৰতীয় মানুহৰ সংখ্যা এপাচি শাকৰ মাজৰ জালুককেইটাৰ দৰেই এজন আছিল। নামটো কুলদীপ নায়াৰ, তেৱোঁ গ'লগৈ।
কিছুদিন আগতে এটা টেলিভিছনৰ আলােচনা অনুষ্ঠানত ভাগ লওঁতে জীৱনত প্ৰথমবাৰৰ বাবে এটা কথা শুনিলো। শুনি স্তম্ভিত হ'লোঁ। বেছি স্তম্ভিত হলো, কিয়নাে কথাষাৰ এজন সম্মানীয় সত্ৰাধিকাৰে সুধিছিল। অৱশ্যে মােক প্রত্যক্ষভাৱে সােধা নাছিল। সত্ৰাধিকাৰজনে তেওঁৰ সত্ৰৰ পৰাই আলােচনাটোত অংশগ্ৰহণ কৰিছিল। স্থানীয় সাংবাদিকে তেওঁক কেমেৰা আদি অন্যান্য আৱশ্যকীয় সমলেৰে সুবিধা কৰি দিছিল। মােৰ লগতে আন আলােচকসকল গুৱাহাটীৰ ষ্টুডিঅ'ত উপস্থিত আছিল। ‘সন্মানীয়’সত্ৰাধিকাৰজনে জনানাছিল যে অনুষ্ঠানটোৰ মাজৰ বাণিজ্যিক বিৰতিৰ সময়ত তেওঁ কোৱা কথাবােৰ ষ্টুডিঅ'ত বহি থকা আন লােকে শুনি থাকে বুলি। শংকৰদেৱ আৰু সত্ৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে মই কোৱা কথাকেইষাৰ হয়তো তেওঁৰ পছন্দ হােৱা নাছিল। তেওঁ মােৰ কথাৰ বিৰুদ্ধে কিছু প্রতিবাদ কৰিছিল যদিও অসমৰ মধ্যযুগৰ ইতিহাসৰ পৰা বিভিন্ন পণ্ডিতে লিখি যােৱা একাধিক তথ্য মই উত্থাপন কৰাত তেওঁৰ কথা বেছি দেৰি নৰজিল। সত্ৰাধিকাৰজনৰ নিশ্চয়কৈ বৰ খং উঠিছিল।

অলপ পাছতে বাণিজ্যিক বিৰতি হ'ল। সেইগৰাকীব্যক্তিয়ে বিৰতি দিয়াৰ কথা গম পাই তেওঁৰ সন্মুখত বহি থকা সাংবাদিক, কেমেৰামেন আৰু কেইজনমান মানুহৰ আগত মােক অস্বস্তিত পেলােৱা প্ৰশ্নটো সুধিলে। তাৰ আগতে মােৰ বিৰুদ্ধে কেই-আষাৰমান কৈ ল’লে। তেনেবােৰ গালি-ককৰ্থনা শুনি শুনি অভ্যস্ত হৈ গৈছে যেতিয়া সেইবােৰ কথাই মােক স্পর্শ কৰিব নােৱৰা হ'ল। তাৰ পাছৰ প্ৰশ্নটোৱে মােক স্পর্শ কৰিলে। সত্ৰাধিকাৰজনে সুধিছে এই ময়ূৰ বৰা বােলা মানুহটো কোন জাতৰ? আমাক প্ৰায়ে কথা শুনাই থাকে।

সন্মুখত বহি থকা ডেকা সাংবাদিকজনে হয়তাে অস্বস্তি পাই বিষয়টো সলনি কৰিলে। কাৰণ তেওঁ বুজিছিল তেওঁলােকে বিৰতিত কোৱা সকলাে কথাই ষ্টুডিঅ'ত থকা সূত্ৰধাৰ আৰু আন আলােচকে শুনি থাকিব। মােৰ জাত কি- মােৰ বাবে এটা অপ্রত্যাশিত প্রশ্ন। জন্মৰে পৰা কাৰাে মুখতে এইটো প্রশ্ন শুনা নাছিলোঁ। ভাবিছিলোঁ আধুনিক সময়ত মানুহৰ জাতি, উপজাতিৰ কথাবােৰ অন্ততঃ শিক্ষা-দীক্ষাৰে আলােকিত মানুহৰ মাজত গুৰুত্বহীন হৈ পৰিছে। কিন্তু ধর্মগুৰুৰ আসনত বহি থকা মানুহজনৰ অশালীন আচৰণে। প্রমাণকৰিলে আমাৰ সমাজ হয়তাে সিমান প্রগতিশীল হ'ব পৰানাই। জাত পাত সম্বন্ধে থকা মােৰ ধাৰণাটোৰ বিষয়ে বাৰু বেকত নকৰাকৈ নাথাকে। কিন্তু প্রথমতে তেওঁৰ মুখৰ পৰা নিগৰিত ‘আমাক আক্রমণ কৰাৰ বিষয়ে কিছু কথা কৈ লােৱাটো ভাল হ'ব।

‘আমাক’ মানে সমূহ সত্ৰাধিকাৰকো বুজাব পাৰে; নহ'লে বুজাব পাৰে ব্রাহ্মণবা কায়স্থ (মহন্ত) কুলত জন্ম অসমীয়া মানুহৰ কথা। তিনিওটা কথাই ভিত্তিহীন। শংকৰদেৱ-মাধৱদেৱৰ দৰে অসমীয়া জাতীয় জীৱনৰ জনকৰ প্রতি যিসকল সত্ৰৰ সঁচা শ্রদ্ধা আৰু ভক্তিৰ ভাব নাই, তেওঁলােকৰ মাটিভেটি বহু থাকিলেও মই সন্মান কৰিবলৈ অপাৰ। অসমৰ চুকে-কোণে থকা বহু সৰু আৰু দুখীয়া সত্ৰই বহু প্রত্যাহ্বানৰ পাছতাে গুৰু দুজনাৰ বাণী প্রচাৰ কৰাত একনিষ্ঠভাৱে লাগি আছে। তেওঁলােকৰ প্ৰতি থকা মােৰ সন্মানৰ ভাব যথেষ্ট গভীৰ। বহুকেইখন বৃহৎ সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰসকলে পূর্ব বর্ণাভিমান এৰি শংকৰদেৱ-মাধৱদেৱৰ আদৰ্শক তুলি ধৰিবলৈ কৰা প্রয়াসকো মই আদৰণি জনাওঁ। 

তেওঁলােকৰ সত্ৰৰ আগৰ অধিকাৰসকলে গুৰু দুজনা ব্রাহ্মণ কুলত নজন্মা বাবে প্রাপ্য সম্মান দিয়াৰ ক্ষেত্ৰত যি কৃপণালি কৰিছিল, সেই কথাও মই ধৰি থাকিব নিবিচাৰোঁ। কিন্তু যিসকল বর্ণাভিমানী সত্ৰাধিকাৰে বিভিন্ন কূট-কৌশলেৰে এতিয়াও গুৰু দুজনাক অৱজ্ঞা কৰি আহিছে, তেওঁলােকৰ প্রতি মােৰ ধনিষ্ঠামানাে সন্মান নাই। এইখিনি কথা খুব মুকলিকৈ কোৱাৰ প্ৰয়ােজন আছে। বুলি মই অনুভৱ কৰোঁ। বাকী আন কোনাে জাতিৰ মানুহৰ প্রতি মােৰ কোনাে বিৰােধিতাও নাই। একে সময়তে আন কোনাে বিশেষ জাতিৰ প্রতি মােৰ অহেতুক আকর্ষণাে নাই। মােৰ আকৰ্ষণৰ কেন্দ্রবিন্দু এটাই সুস্থ চিন্তা-চেতনা আৰু উদাৰ ভাবাদর্শৰে তিৰবিৰাই থকা অসমীয়াত্বৰ ধাৰণাটোৰ প্রতি মই সকলাে সময়তে আকর্ষিত। 

অসমৰ প্ৰতিটো জাতি জনগােষ্ঠীৰে স্বকীয় বৈশিষ্ট্য বিনষ্ট নকৰাকৈ সকলােকে সামৰি যিটো ধাৰণাই গঢ় লৈ উঠে, সেইটোৱেই মােৰ বাবে অসমীয়াত্ব। এইটো ধাৰণাৰ ক্ষেত্ৰত মই স্বার্থপৰ আৰু কিছু আঁকোৰগোঁজো। স্বার্থপৰ আৰু আঁকোৰগোজ বাবেই মই ইয়াক কোনেও বিভাজিত কৰাটো নিবিচাৰোঁ। তেওঁ লাগে বিয়াগােম সত্ৰাধিকাৰেই হওক বা ডাঙৰ পণ্ডিতেই নহওক কিয়? মােৰ মনটো উৰা মাৰিছিল মােৰ ককাদেউতা সনতৰাম বৰাৰ ওচৰলৈ। ১৯৩৩ চনৰ এপ্রিলত নগাঁও জিলাৰ পলাশনী গাৱত অনুষ্ঠিত মােৰ আইতাৰ আদ্যশ্রাদ্ধৰ দিনা এটা বিশেষ পৰিস্থিতিত ককাদেউতাই শ্রাদ্ধ কর্ম কৰিবলৈ অহাব্রাহ্মণ পুৰােহিতক বিদায় দি নাম-কীৰ্তনৰ দ্বাৰাই শ্রাদ্ধৰ কাম সমাপন কৰিছিল। আমাৰ ঘৰৰ চোতালত হােৱা সেইটো ঘটনাই ১৯৩০ চনত স্থাপিত শ্রীমন্ত শংকৰদেৱ সংঘৰ কাম-কাজলৈ নতুন গতি অনাৰ কথাটো এতিয়া সকলাে সচেতন লােকৰে জ্ঞাত। কিন্তু ব্রাহ্মণক বিদায় দি শংকৰদেৱ প্ৰচাৰিত ধর্ম প্রণালীৰে আদ্যশ্রাদ্ধ সমাপন কৰা ঘটনাটোৰ পাছত সনতৰাম বৰাক চূড়ান্ত মহাপাপী বুলি প্রায় দুই দশকাল নাৱৰ বৃহৎ এটা এলেকাৰ মানুহে পেংলাই-বিদ্ৰূপ কৰিছিল। সময় আগবঢ়াৰ লগে লগে অৱশ্যে ককাদেউতাই সন্মুখীন হােৱা সমালােচনাৰ চোক কমি আহিছিল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জনপ্রিয়তা আৰু গ্রহণযােগ্যতা বৃদ্ধি পাইছিল। 

কিন্তু নিজে জন্ম কুলটোৰ বাবে ককাদেউতাই কিবা অসুবিধাৰ সন্মুখীন হৈছিল বুলি শুনা নাছিলোঁ। মােৰ দেউতা প্রয়াত ভাৰত চন্দ্ৰ বৰাৰ জীৱনতাে বহু প্রত্যাহ্বান আহিছিল। প্রত্যাহ্বানত সাময়িকভাৱে ভাগি পৰা মােৰ মনত আছে। বিশেষকৈ ঐতিহাসিক অসম আন্দোলনৰ সময়ত চৰকাৰী চাকৰি কৰি থকাৰ পাছতাে আন্দোলনত জান-প্রাণ দি নামি পৰাৰ বাবে চাকৰিৰ টনাটনি হৈছিলগৈ। বহু নিশা পুলিচ-মিলিটেৰীৰ ভয়ত আন মানুহৰ ঘৰত আশ্রয় ল'বলগীয়া হৈছিল। কিন্তু কাহানিও দেউতাৰ মুখত নুশুনিলোঁ আমাৰ জাত-পাতৰ কথাবােৰ। ভাল অসমীয়া হােৱাত গুৰুত্ব দিছিল দেউতাই। আৰু এটা কথাত গুৰুত্ব দিছিল দেউতাই। মােক অসমীয়া স্কুলত নাম লগাই দিয়াৰ পাছত ইংৰাজী ভালদৰে লিখিবলৈ বা ক’বলৈ সদায় উৎসাহিত কৰিছিল। টেলিভিছনৰ ইংৰাজী টক্ শ্বত অংশগ্রহণ কৰোঁতে বা কোনাে শিক্ষানুষ্ঠানত ইংৰাজী ভাষাত বক্তৃতা দিয়াৰ পাছত কোনােবাই ভাল হােৱা বুলি ক'লে মােৰ সদায় দেউতালৈ মনত পৰে। 

বহুতে ভাবিব অসমীয়াত্বৰ কথাৰ লগত নিজৰ ব্যক্তিগত কথাৰ সম্পর্ক কি? মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ, ইয়াৰ মাজত এক গভীৰ সম্পর্ক আছে। শৈশৱতে শিকিছিলো কোনাে বস্তুৰ আটাইতকৈ ক্ষুদ্র কণাটোৰ নামেই হ'ল পৰমাণু। ইংৰাজীত এট। মােৰ বাবেই সমগ্র মানৱ জাতিৰ ভিতৰত পৰমাণু হ'ল অসমীয়া। অণু হ'ল ভাৰতীয়। পাছত কটন কলেজত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰোঁতে গম পালোঁ পৰমাণুৰ ভিতৰতাে প্রটন, ইলেকট্রন আৰু নিউট্রন থাকে। বিজ্ঞানৰ তেনেবােৰ কথা বুজা নুবুজাৰ মাজতে থাকি গ'ল। বিজ্ঞানৰ বিষয়বােৰে বেছিকৈ আকৃষ্ট নকৰিলে বাবেই দিল্লীত ইতিহাস আৰু দর্শন শাস্ত্র পঢ়িলোগে। 

পৰমাণুক বিভাজিত কৰিব নিবিচৰা মানসিকতাৰ প্ৰভাৱ মােৰ অসমীয়াত্বৰ ধাৰণাৰ ওপৰতাে পৰিল। মই বিশ্বাস কৰো অসমীয়াত্বৰ পৰমাণুটোক ভাঙি আন জাতি-জনগােষ্ঠীৰ বিষয়ে বেছিউদ্বিগ্ন হৈ পৰিলে আমি কেতবােৰ অশান্ত ইলেক্ট্রন’ৰহে সন্মুখীন হ'ম। বিভিন্ন বাহ্যিক সংকটে অসমীয়াত্বৰ ধাৰণাটোক আক্রমণ কৰাৰ সময়ত আমাৰ মাজৰ জাতি-উপজাতিৰ কথাবােৰে জাতিটোক ভিতৰি ভিতৰি কোঙা কৰি পেলাব। জাতিটোৰ সবল ভৱিষ্যতৰ স্বাৰ্থতে তেনে ‘অশান্ত ইলেক্ট্রন’বােৰৰ পৰা আঁতৰি থকা ভাল। ইয়াৰ বিপৰীতে আমাৰ সন্মুখত আছে প্রশান্ত মহাসাগৰৰ দৰে বহুল আৰু গভীৰ এখন পৃথিৱী। শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ অনৱদ্য সৃষ্টিৰ মাজেদিয়েই সাগৰৰ দৰে বৃহৎ এক অসমীয়া সত্তা জ্যোতিষ্মন হৈ উঠে। বৃহত্তৰ অসমীয়া জাতিৰ সপােন চকুৰ আগত আছিল বাবেই গুৰুজনাই ভাগৱতৰ দ্বিতীয় স্কন্ধ মূল সংস্কৃতৰ পৰা ভাবানুবাদ কৰোঁতে গংগা উপত্যকাৰ হুন, পুলিন্দ, কুষাণ আদি জাতিৰ কথা উল্লেখ কৰা নাই।

অসমৰ সাধাৰণ জনসাধাৰণৰ লগত অতুলনীয় সহমর্মিতাৰ প্ৰকাশ কৰি তেৰাই লিখিছে-
কিৰাট কঘৰী খাচিগাৰাে 
মিৰি যৱন কংক গােৱাল। 
অসম মুলুক ৰজক তুৰুক
কুবাচ ম্লেচ চণ্ডাল।।

জ্যোতিপ্ৰসাদৰ অসমীয়া ডেকাৰ উক্তি’কবিতাটোতাে সকলাে জাতিজনগােষ্ঠীক লৈ এখন বহল অসমীয়া সমাজ সৃষ্টি কৰাৰ পৰিকল্পনা মূর্তমান হৈ উঠিছে। ভূপেন হাজৰিকাই নিজৰ চৈধ্য বছৰ বয়সতে ৰচনা কৰা জীৱনৰ দ্বিতীয় গীত ‘অগ্নিযুগৰ ফিৰিঙতি মইত বিভিন্ন জাতি-জনগােষ্ঠীৰ মাজৰ প্রাচীৰ ভাঙি অন্তৰ ভেদি মৌ বােৱাই এখন সাম্যৰ স্বৰ্গ ৰচনা কৰাৰ কথা কৈছে। মােৰ বাবে এই তিনিজন প্রাতঃস্মৰণীয় অসমীয়াৰ সৃষ্টিকর্মত স্পষ্টভাৱে প্রতিফলিত হােৱা বৃহত্তৰ অসমীয়া সমাজখন প্রশান্ত মহাসাগৰৰ লগতহেৰিজাৰপাৰি। এইখন সমাজবা অসমীয়াত্ব বােলা উদাৰ ধাৰণাটোক বাস্তৱায়িত কৰিবলৈকে সকলাে সচেতন অসমীয়াই এখােজ দিয়া উচিত।

সন্মিলিত সেই খােজটোৰ যােগেদি ফুটি উঠা আত্মবিশ্বাস আৰু দৃঢ়তাইহে জাতিটোক উজ্জীৱিত কৰিবলৈ সক্ষম হ'ব। জাতিটো উজলি উঠিলে ‘অশান্ত ইলেকট্রন বিচাৰি ফুৰা সংকীর্ণ মনবােৰ আপােনা-আপুনি ব্বির্ণ হৈ পৰিব। আপুনি বাৰু কি ভাবে?
লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিকোডত সংৰক্ষণ তথা ইণ্টাৰনেটত অসমীয়া সমল বৃদ্ধিৰ প্ৰকল্পৰ অধীনত পুনৰ সুখ-দুখতো প্ৰকাশ কৰা হৈছে। 
লেখকৰ ফোনঃ ৯৪৩৫০-৫২২৮২ 
ময়ূৰ বৰাদেৱৰ সুখ-দুখত প্ৰকাশিত লেখা সমূহৰ একত্ৰ লিংকঃ http://www.xukhdukh.com/search/label/MAYUR-BORA

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages