সম্পাদকীয়ঃ ডক্টৰেটে যেতিয়া হব খোজে পিয়নঃ শিক্ষিত নিবনুৱাৰ সমস্যা কোন দিশে? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়ঃ ডক্টৰেটে যেতিয়া হব খোজে পিয়নঃ শিক্ষিত নিবনুৱাৰ সমস্যা কোন দিশে?

সম্পাদকীয়ঃ ডক্টৰেটে যেতিয়া হব খোজে পিয়নঃ শিক্ষিত নিবনুৱাৰ সমস্যা কোন দিশে?

Share This
ভাৰতবৰ্ষত প্ৰতি বছৰেই আনুষ্ঠানিক শিক্ষাৰ চাৰ্টিফিকেট লৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰ্ম-সংস্থান বিচাৰি ওলাই আহে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ অফিচিয়েল ৱেবচাইট মতে মাৰ্চ'২০১৮ পৰ্যন্তই ভাৰতত প্ৰায় ৩ কোটিতকৈ অধিক শিক্ষিত নিৱনুৱা আছিল। টাইমচ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে যোৱা ফ্ৰেব্ৰুৱাৰী’২০১৮ ত শসিক্ষিত নিবনুৱা বৃদ্ধিৰ হাৰ ৬.১ শতাংশলৈ বৃদ্ধি পায়, যিটো হাৰ যোৱা ১৫ মাহৰ ভিতৰতে সৰ্বাধিক। এই তথ্যমতে ত্ৰিপুৰাত সৰ্বাধিক ৩০.৩ শতাংশ নিবনুৱাৰ বিপৰীতে হিমাচল প্ৰদেশ আৰু হাৰিয়ানা আদি ৰাজ্যত শিক্ষিত নিবনুৱাৰ হাৰ ১৫শতাংশতকৈ অধিক। অসমত এই হাৰ ৯.৮, পাঞ্জাৱত ৯.৭, পশ্চিম বংগত ৮.৮, মহাৰাষ্ট্ৰত ৩.৭, দিল্লীত ১.৫ আৰু সৰ্বনিম্ন হিচাবে উত্তৰাখণ্ডত ১.২ শতাংশ নিবনুৱাৰ হাৰ ফেব্ৰুৱাৰীত আছিল বুলি তথ্য প্ৰকাশ পাইছে। বিমুদ্ৰাকৰণৰ পাছত দেশৰ ক্ষুদ্ৰ, মধ্যম উদ্যোগ আৰু বাণিজ্য সমূহলৈ অহা স্থবিৰতায়ো দেশত নতুন নিয়োগৰ সম্ভাৱনা সৃষ্টিত বাধাৰ সৃষ্টি কৰিলে। 


ইণ্ডিয়া স্কিল ৰিপোৰ্টত শেহতীয়াকৈ প্ৰকাশ পোৱা মতে প্ৰতি এক লাখ চাকৰি প্ৰাৰ্থীৰ ভিতৰত প্ৰায় ৯৬ শতাংশৰে প্ৰয়োজনীয় দক্ষতাৰ অভাৱ বুলি ভাৰতত দক্ষতা বিকাশৰ নামত কোটি কোটি টকা খৰছ কৰাৰ কাৰ্যসূচী হাতত লোৱা হ’ল। বহুতেই স্কিল ইণ্ডিয়া কাৰ্যসূচীৰে বিশেষ দক্ষতাৰ চাৰ্টিফিকেটলৈহে চাকৰি পাব পাৰিব বুলিও এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। কেৱল দক্ষতা বিকাশৰ নামত ট্ৰেইনিং দিয়া কিছুমান কোম্পানী, এনজিঅ’ৰ অফিচহে দেশৰ সৰু-বৰ চহৰত স্থাপিত হোৱা দেখিবলৈ পোৱা গ’ল। কিন্তু স্কীল ইণ্ডিয়াৰ কাৰ্যসূচীত প্ৰশিক্ষণ পালেও তাৰ পৰা বিশেষ কোনো নিয়োগ লাভত সহায়ক হৈছে বুলি আনুষ্ঠিনক তথ্য এতিয়ালৈকে ৰাজহুৱা মাধ্যমত উপলদ্ধ হোৱা নাই। তাৰ বিপৰীতে ২০১৮ বৰ্ষৰ প্ৰথম তিনিটা মাহত কেৱল ৬লাখ মান চাকৰিৰহে সৃষ্টি হোৱা বুলি উদ্বেগজনক বাতৰি প্ৰকাশ পাইছে। 



চৰকাৰী পৃষ্ঠপোষকতাত উদ্যোগীকৰণৰ বিশেষ কোনো উদ্যম এই বিগত বৰ্ষ কেইটিত দেখিবলৈ পোৱা নগ’ল। তাৰ সলনি প্ৰতিষ্ঠিত চৰকাৰী কোম্পানীৰ চৰকাৰী অংশীদাৰিত্ব বিক্ৰী কৰাৰ খবৰেহে লাভ কৰিলে সংবাদ শিৰোনামা। মনৰেগাৰ দৰে আঁচনিয়ে দেশৰ শিক্ষিত নিবনুৱাক সংস্থাপিত কৰিব নোৱাৰে। আনহাতে কৃষি খণ্ডতো শিক্ষিত নিবনুৱাৰ বাবে উপযুক্ত মজুৰী দিব পৰাকৈ সংগঠিত ৰূপত কৃষি পামৰ বিকাশ হোৱা দেখা নগ’ল। ভাৰত চৰকাৰে শ্ৰম মন্ত্ৰালয়ৰ অধীনত নেচনেল কেৰিয়াৰ চাৰ্ভিচ স্কীমৰ অধীনত এটা বেব চাইট www.ncs.gov.in গঢ়ি, চাকৰি প্ৰাৰ্থী সকলক এখন চাকৰিৰ সন্ধান কৰাৰ মঞ্চ প্ৰদান কৰিছে। কিন্তু দেশৰ অৰ্থনীতিৰ পথাৰত নিয়োগ সৃষ্টিৰ বাবে কৃষি, উদ্যোগ, সেৱা খণ্ড আদিৰ উপযুক্ত বিকাশ হোৱাটো পৰিলক্ষিত হোৱা নাই। যাৰ ফলত আজিৰ তাৰিখত ভাৰতত শিক্ষিত নিবনুৱা সকলৰ বাবে বিশেষ কোনো আশাৰ ৰেঙণি দেখিবলৈ পোৱা নাই। 

তাৰ বিপৰীতে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ টেলিকম বিভাগৰ চাকৰিত আবেদনকাৰীৰ সংখ্যা আৰু শিক্ষাৰ মানে সকলোৰে চকু কপালত তুলিছে। উল্লেখযোগ্য যে এই উত্তৰ-প্ৰদেশত বিগত ফ্ৰেব্ৰুৱাৰী মাহত নিবনুৱাৰ হাৰ কেৱল চাৰি শতাংশ বুলি তথ্য প্ৰকাশ পাইছিল। কিন্তু ২ ছেপ্তেম্বৰ’১৮ ৰ ফাইনেন্সিয়েল এক্সপ্ৰেছৰ বাতৰি অনুসৰি, সেই উত্তৰ প্ৰদেশতে টেলিকম বিভাগৰ পিয়ন চাকৰিৰ ৬২টা পদৰ বাবে প্ৰায় ৯৩হাজাৰ লোকে আবেদন কৰিছে। আচৰিত হব যে, তাৰে ভিতৰত ৩৭০০ ডক্টৰেট ডিগ্ৰীধাৰী শিক্ষাৰ্থী, ২৮০০০ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু প্ৰায় ৫০হাজাৰ স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে। প্ৰায় বাৰ বছৰ পাছত এনে চাকৰিৰ বিজ্ঞাপন ওলাইছে বুলি টেলিকম বিভাগে প্ৰকাশ কৰাৰ লগতে এই চাকৰিৰ বাবে চাইকেল চলোৱাৰ অভিজ্ঞতা থকাটো জৰুৰী বুলি আবেদনকাৰীয়ে স্ব-ঘোষণা দিবৰ প্ৰয়োজন হোৱা বুলি প্ৰকাশ পাইছে। অৱশ্যে দৰমহাৰ হাৰ মাহে বিশ হাজাৰ আৰু আছে চৰকাৰী চাকৰিৰ সামাজিক সুৰক্ষা।

এই উদাহৰণেই বৰ্তমানৰ সময়ত শিক্ষিত নিবনুৱা সকলে সন্মুখীন হব লগা প্ৰত্যাহ্বানৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে। এই বৰ্ষটো নতুনকৈ শিক্ষিত হৈ আৰু কেইবা লাখো শিক্ষাৰ্থী নিয়োগ বিচাৰি ওলাই আহিব। উপযুক্ত উচ্চ শিক্ষাৰে শিক্ষিত মানৱ সম্পদক দেশৰ চৰকাৰে উপযুক্ত কাম দি দেশৰ উন্নতিত অৱদান  যোগাবলৈ সুবিধা দিব পাৰিব লাগিব। এয়া কেৱল চৰকাৰী খণ্ডৰে সম্ভৱ নহয়। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিয়োগ সৃষ্টিৰ সুবিধা কিদৰে বৃদ্ধি কৰিব পাৰি, এয়া হৈছে আজিৰ দিনৰ এক গভীৰ প্ৰত্যাহ্বান। ভাৰতত মেনুফেক্সাৰিং খণ্ডৰ বিকাশ যোৱা ২০১৪ চনৰ পৰা ২০১৭চনলৈ ক্ৰমে ৩.৬%, ৩.৮%, ৩.৮% আৰু ৪.৬% হাৰতহে হোৱাৰ তথ্যও প্ৰকাশ পাইছে।  মেক ইন ইণ্ডিয়াও মূলত প্ৰচাৰ অভিযানতেই সীমিত থকা বুলি বাস্তৱতা প্ৰকাশ পাইছে। ইয়াৰ সফলতাৰে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিশাল আশা পোষণ কৰা হৈছিল যদিও, সেয়া আশানুৰূপ নহ'ল।

ক'ত মন্দিৰ বনিব, ক'ত কোনে কি খাইছে, কোনে কি কিতাপ পঢ়িছে, কোন বেছি দেশপ্ৰেমী আদিকে ধৰি বৰ্তমান চলি থকা প্ৰপাগাণ্ডাৰ ধামখুমীয়াত কিন্তু শিক্ষিত নিবনুৱাৰ সংস্থাপনৰ বিষয়টো তল পৰি  গৈছে। কিন্তু এয়া তল পেলাই থোৱা বিষয় নহয়, যিবোৰ অবান্তৰ কথাত দেশৰ মেডিয়া আৰু মানুহৰ মন-মগজু সময় ক্ষয় কৰা হৈছে, তাতোকৈ বেছি গুৰুত্বপূৰ্ণ কথা হৈছে, এই শিক্ষিত মানৱ সম্পদৰ সদব্যৱহাৰৰ উপায় চিন্তা কৰাটো। আৰু এয়া হোৱা উচিত ক্ষন্তেকীয়া গাদী দখলৰ ৰাজনীতিৰ উৰ্ধৰ চিন্তা। কাৰণ এয়া আজিৰ দিনত অতি খৰচী  শিক্ষা ব্যৱস্থাৰ মাজেৰে শিক্ষিত হোৱা মানৱ সম্পদৰ সমস্যা। উপযুক্ত সংস্থাপন নহ'লে, শিক্ষাৰ ঋণেইবা শোধাব কেনেকৈ নতুন প্ৰজন্মই! ঘৰ-পৰিয়াল আদিৰ কথাটো বাদেই দিলো। পেটৰ জ্বালাই কোনো ধৰ্ম অথবা ৰাজনীতি নামানে, সেয়ে সংস্থাপন সৃষ্টিৰ বিষয়টোক অধিক স্পৰ্শকাতৰ ভাৱে চৰকাৰে লোৱা উচিত। তৰুণ প্ৰজন্মই ডক্টৰেট লৈও পিয়ন হবলৈ যাব লগাৰ পৰ্যায় পোৱাৰ অৰ্থ কি সমাজেও বুজিবৰ হ'ল। 

দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তৰ বৰ্ষটোত নিবনুৱা সমস্যাৰ এই ভয়াবহতাক কিদৰে দেশৰ আৰু ৰাজ্য চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰে, সেয়া হব অতিকৈ লক্ষণীয়।

1 comment:

  1. অতি চিন্তনীয় বিষয়, কিন্তু আমি জব গেৰান্টী দিয়া পাঠ্যক্ৰম দিলেও অধ্যয়ন কৰিবলৈ যুৱক -যুৱতীৰ অভাৱ|মন থাকিলেও ধনৰ অভাৱ,এডুকেচন লোন ল'বলৈ নিবিচাৰে বহুত ছাত্র-ছাত্রীয়ে ..নং-8638196682.

    ReplyDelete