আমি গুৱাহাটী চহৰৰ পৰিকল্পনা সম্বন্ধে যােৱা দহ বছৰ ধৰি অনেক প্রবন্ধই লিখিছিলাে। স্পষ্টভাৱে উল্লেখ কৰিছিলাে যে গুৱাহাটী চহৰখন যি পৰিকল্পনাহীনভাৱে সম্প্রসাৰিত হ'ব ধৰিছে চহৰখন মানুহ বসবাসৰ অনুপযােগী হৈ পৰিব। লিখিছিলাে কি দৰে গুৱাহাটী চহৰখন পৰিকল্পনা কৰে মাটিৰ দালালে। আমি আমাৰ প্রত্যেকটো লিখাতে লিখিছিলাে যে অসমৰ মন্ত্রীসকলে বিধানসভালােকসভাৰ সদস্যসকলে, ৰাজনীতিবিদসকলে, সমাজকর্মীসকলে, গণতান্ত্রিক লােকসকলে আনকি বুদ্ধিজীৱী সাহিত্যিকসকলে চহৰ গঠনৰ বা নির্মাণৰ তথা সম্প্ৰসাৰণৰ মৌলিক ধাৰণাটো চিন্তা কৰাটো তথা বুজাটো অতি জৰুৰী।
গুৱাহাটী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রাণকেন্দ্র। গুৱাহাটী অসমৰ ৰাজধানীয়েই নহয়, ৰাজ্যখনৰ অর্থনীতিৰ মুখ্য কেন্দ্র বহু লাখ লােকক জীৱন-জীৱিকাৰ পথ দিয়ে গুৱাহাটীয়ে। এই চহৰখনে ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য আদি ব্যৱস্থাৰ কেন্দ্রভূমি, সংস্কৃতি, সাহিত্য, বৌদ্ধিক চিন্তা-চৰ্চাও এই চহৰখনৰ পৰাই হয়। ৰাজনৈতিক চিন্তাৰ কেন্দ্রও এই চহৰখনেই। ২০ লাখ লােক বসবাস কৰে চহৰখনত আৰু দিনে দিনে জনসংখ্যা বৃদ্ধি হৈ আছে। তথা চহৰখন সম্প্রসাৰিত হৈ আছে দ্রুতগতিত।
গুৱাহাটী হেনো স্মার্টচিটি হ’ব। কেন্দ্রীয় চৰকাৰে স্মার্ট চিটিলৈ উন্নীত কৰিবলৈ তালিকাভুক্ত কৰা দেশৰ চহৰবােৰৰ ভিতৰত গুৱাহাটীকো অন্তর্ভুক্ত কৰিছে। ২০১৫তে এই স্মার্ট চিটিৰ মিছন আৰম্ভ হৈছিল। স্মার্টচিটি দূৰৰ কথা গুৱাহাটীখন স্বাভাৱিক চহৰ হিচাপেই নির্মিত নহ'ল। চহৰ নিৰ্মাণৰ মৌলিক কথা হ’ল ঘৰ-বাৰীকে ধৰি কোনােধৰণৰ নিৰ্মাণ হােৱাৰ আগতে বা দখল হােৱাৰ আগতে ৰাস্তা-ঘাট, ফুটপাথ, নলা-নর্দমা, খেলপথাৰ, পার্ক, পানী যােগান ব্যৱস্থা সকলােধৰণৰ চিভিক সুবিধাৰ ব্যৱস্থা কৰিছে মাটিবােৰ আবণ্টন কৰিব লাগে যিকোনােধৰণৰ নিৰ্মাণৰ বাবে। এই নির্মাণবােৰ আৰম্ভ হােৱাৰ আগতে অঞ্চলবােৰ ভাগ কৰাৰ প্ৰয়ােজন যেনে। জনবসতি এলেকা, শিক্ষানুষ্ঠানৰচিকিৎসালয়ৰ এলেকা, কল-কাৰখানাৰ এলেকা, কার্যালয়, প্রতিষ্ঠান এলেকা, ব্যৱসায় বজাৰ এলেকা ইত্যাদি ইত্যাদি। চহৰ নিৰ্মাণৰ এইটো হ’ল কনচেপ্ট (Concept)। গুৱাহাটী চহৰখনৰ ব্ৰিটিছে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা অঞ্চলখিনিৰ বাহিৰে অর্থাৎ উজানবজাৰ, পাণবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখৰ বাহিৰে বৃহৎ অঞ্চললৈ বিশেষকৈ ১৯৭২ চনত ৰাজধানী শ্বিলঙৰ পৰা স্থানান্তৰ হােৱা দিন ধৰি বৃহত্তৰ এলেকালৈ সম্প্রসাৰিত হ'ল অপৰিকল্পিতভাৱে।
দুর্ভাগ্যজনক যে কোনাে এখন চৰকাৰে গুৱাহাটী চহৰখন পৰিকল্পিতভাৱে সম্প্রসাৰণ কৰাত মনােযােগ নিদিলে। সম্পূর্ণৰূপে মাটিৰ দালালবােৰৰ ওপৰত এৰি দিলে গুৱাহাটী চহৰখনৰ পৰিকল্পনাৰ দায়িত্ব। পৰিকল্পিত চহৰতাে দূৰৰ কথা আনকি কিছুমান বহল পথ অর্থাৎ চাৰিলেন বা ছয়লেনৰ পথ নির্মাণৰাে ব্যৱস্থা নকৰিলে। আটাইতকৈ অপৰিকল্পিত আৰু অবৈজ্ঞানিক কুৎসিত ভাৱে তথা বিভিন্ন চিভিক সুবিধাহীনভাৱে সম্প্রসাৰিত হ’ল গুৱাহাটী চহৰখন যােৱা ১৫ বছৰীয়া তৰুণ গগৈ চৰকাৰখনৰ কালছােৱাত। তৰুণ গগৈ চৰকাৰৰ এই দীঘলীয়া সময়ছােৱাত চহৰখনৰ ভিতৰত চাৰিলেন বা ছয়লেন ৰাস্তা এটাও নির্মাণ নহ’ল। গগৈ চৰকাৰৰ সময়ছােৱাত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। সেই সময়তে ভেটাপাৰা-শাওকুছিলখৰা অঞ্চলত যিবােৰ পথ নির্মাণ কৰিলে অন্ততঃ ছয়লেনৰ ৰাস্তা হিচাপে নির্মাণ কৰিব পাৰিলেহেঁতেন। তৰুণ গগৈ চৰকাৰখনৰ কোনাে ধৰণৰ চিন্তাধাৰাই নাছিল গুৱাহাটী উন্নয়ন সম্বন্ধে বা চহৰ নির্মাণ সম্বন্ধে। এছিয়ান গেমছৰ বাবে যথেষ্ট টকা পাইছিল। ভেটাপাৰাৰ পৰা শাওকুছি হৈ লখৰালৈ দুইলেনতকৈ ঠেক পথ এটা নির্মাণ কৰিলে। এতিয়া পথটোৰ দুয়ােকাষে ফ্লেটৰ অট্টালিকাই ভর্তি হ’ল। পথটো বহল কৰাৰ কোনাে সুযােগ নাই, দুইফালে অট্টালিকাই অট্টালিকাই হৈ গ'ল। প্রশ্নটো হ’ল চিন্তাধাৰা। আমি এটা উদাহৰণহে দিলাে অর্থাৎ তৰুণ গগৈ চৰকাৰখনৰ ১৫ বছৰীয়া কালছােৱা গুৱাহাটীৰ কাৰণে বৰ বেয়া দিন আছিল। এই দীঘলীয়া সময়ছােৱাত গুৱাহাটীৰ আন্তঃগাঁথনি উন্নয়নৰ কোনাে কামেই নহ'ল।
আমি আগতেই লিখিছিলাে যে লখৰাৰ পৰা পামহী হৈ দ্বীপৰ বিলৰ কাষেৰে আজৰালৈ যােৱা ৰাস্তাটো ছয়লেন কৰিবলৈ পথৰ দুয়ােকাষে ঘৰ-বাৰী হােৱাৰ আগতে মাটি অধিগ্রহণ কৰি ৰাখক যাতে এই পথটো ছয়লেনযুক্তভাৱে নিৰ্মাণ কৰিব পাৰে। তৰুণ গগৈ চৰকাৰখনৰ এই দিশত কোনাে চিন্তাধাৰাই নাছিল। তৰুণ গগৈ চৰকাৰ মানে হিমন্ত বিশ্ব শর্মা, ৰকিবুল হুছেইনকে ধৰি সমস্ত টীমটো। আমি আগতেও লিখিছিলাে যে অসমৰ মন্ত্ৰীসকলে, বিধানসভাৰ সদস্যসকলে, ৰাজনীতিবিদসকলে, আমােলাসকলৰ অনেকে দিল্লী, মুম্বাই, পুণে, বাংগালুৰু আদিত ঘৰ কিনিছে। তেওঁলােকে নিশ্চয় দেখিছে দিল্লী, মুম্বাই, পুণে, বাংগালুৰুত নতুন অঞ্চলবােৰলৈ চহৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে।
দুর্ভাগ্যজনক যে অসমৰ ৰাজনীতিবিদ, সমাজকর্মী, বুদ্ধিজীৱী, সাংবাদিক বা যিকোনাে সচেতন নাগৰিকে চৰকাৰৰ ওচৰত হেঁচা প্রয়ােগ নকৰে গুৱাহাটীখন পৰিকল্পিতভাৱে সম্প্রসাৰিত কৰাৰ বাবে যেনেকৈ দিল্লীত নইদা, গুৰুগ্রাম, দ্বাৰকা, মুম্বাইত নভি মুম্বাই, কলকতাত চল্টলেক, ৰাজাৰহাট আদি ছেটেলাইট চহৰ নির্মাণ কৰিছে। ৰাজ্যৰ বা গুৱাহাটীৰ ৰাজনীতিবিদসকলৰ, সমাজকর্মীসকলৰ, বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিকসকলৰ ভিতৰত অনেকৰে ল'ৰা-ছােৱালী এইবােৰ চহৰত থিতাপি লৈছে। এওঁলােকে এইবােৰ দেখিও আমাৰ সমাজত মতামত সৃষ্টি কৰিব পাৰে গুৱাহাটীৰ পৰিকল্পনা সম্বন্ধে। দুর্ভাগ্যজনক যে এইসকল সচেতন নাগৰিকৰাে কোনাে কাণসাৰ নাই।
শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ হােৱাৰ সময়তে কেন্দ্ৰৰ পৰা পুঁজি লৈ অন্ততঃ ২০০ বা ৪০০ বর্গ কিলােমিটাৰমান ডাঙৰ পৰিকল্পিত চহৰ এখন দিছপুৰক কেন্দ্ৰ কৰি নির্মাণ কৰিব পাৰিলেহেঁতেন, যেনেদৰে বিজু পাটনায়কে ৱনেশ্বৰ নিৰ্মাণ কৰিছিল আৰু বর্তমান চন্দ্রবাবু নাইডুৱে অন্ধ্রপ্রদেশৰ ৰাজধানী নির্মাণ কৰি আছে। প্রশ্ন হল চিন্তাধাৰা। সি যিয়েই নহওক তদানীন্তন মুখ্যমন্ত্রী শৰৎ সিংহই খানাপাৰা অঞ্চলটোত (বর্তমানৰ বেলতলা বজাৰ অঞ্চলকে ধৰি) পথবােৰ সুন্দৰভাৱে নিৰ্মাণ কৰিছিল। হিতেশ্বৰ শইকীয়াৰ দিনতাে ছয়মাইলৰ পৰা নাৰেংগীলৈ আহল-বহল ভি আই পি ৰােড নির্মাণ কৰিছিল। জালুকবাৰীৰ পৰা মালিগাঁৱৰ মাজেৰে ৰেলৱে মাটি অধিগ্রহণ কৰি ভৰলুমুখলৈ পথটো বহল কৰিছিল। ১৫ বছৰীয়া তৰুণ গগৈ চৰকাৰৰ দিনত তেনেকুৱা উল্লেখযােগ্য কাম এটাও নহ’ল আৰু তেনেধৰণৰ কোনাে অভিলেখাে নাই।
ব্ৰহ্মপুত্ৰৰ দ্বিতীয় দলংখন ১৫ বছৰতাে সম্পূর্ণ কৰিব নােৱাৰিলে। পানী যােগান আঁচনিৰ বাবে বহু হেজাৰ কোটি টকা খৰচ কৰি পানী যােগান আঁচনিয়ে কেলেংকাৰীত নিমজ্জিত কৰিলে। আজিলৈ গুৱাহাটীৰ নাগৰিকে পানীৰ যােগান পােৱা নাই। প্রায়সকল নাগৰিকে নিয়মিত পানী কিনে। আশ্চর্যজনক যে গুৱাহাটীৰ নাগৰিকসকলৰ কোনাে বিক্ষোভ নাই। অনেক ব্যৱসায়ীয়ে প্রশাসনৰ বিনাবাধাই ভূগর্ভৰ পানী তুলি লৈ নিয়মিত বিক্ৰী কৰে। যেনিবা পানী যােগানৰ দায়িত্ব পৌৰ নিগম বা চৰকাৰৰ নাই। ধন থকাবােৰে বৰিং কৰি ভূগৰ্ভৰ পানী তুলি পানীৰ ব্যৱস্থা কৰে। কুঁৱাৰ পানী ব্যৱহাৰ কৰা লোেকবােৰৰ কুঁৱাৰ তলিত পানী নােহােৱা হৈছে কাৰণ বৰিং কৰি ভূগর্ভৰ সকলাে পানী টানি উঠাই লয়।
কেইদিনমান আগতে মির্জাত কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রীয়ে তথ্য-প্রযুক্তিৰ চহৰ এখন উদ্বোধন কৰিলে। মির্জা-ৰাণী অঞ্চলৰ মাটিবােৰ ইতিমধ্যে ব্যৱসায়ী আৰু মাটিৰ দালালবােৰে অসমীয়া মাটিৰ মালিকবােৰৰ পৰা কিনি লৈছে। এতিয়া মাটিৰ দালালবােৰে মাটিৰ প্লট বনাই বনাই বিক্ৰী কৰি আছে। এই বৃহত্তৰ অঞ্চলটোও গুৱাহাটী চহৰৰ লগত যােগ হ’ব আৰু সমগ্ৰ অঞ্চলটোতে চহৰ সৃষ্টি হ’ব মাটিৰ দালালৰ পৰিকল্পনাৰ দ্বাৰা। যিহেতু অসমীয়া মাটিৰ মালিকবােৰে মাটিবােৰ বিক্ৰীয়ে কৰিলে, উচিত আছিল সমগ্র অঞ্চলটোৰ মাটিখিনি চৰকাৰে মাটিৰ মালিকক মূল্য দি অধিগ্রহণ কৰি লােৱাটো আৰু সমগ্ৰ অঞ্চলত ৰাস্তা-ঘাট, ফুটপাথ, নলা-নর্দমা, খেলপথাৰ, পার্ক আদিৰ ব্যৱস্থা ৰাখি অর্থাৎ সকলাে চিভিক সুবিধাৰে উন্নত কৰি মাটিবােৰ চৰকাৰে নিৰ্ধাৰিত মূল্যৰ বিনিময়ত আবণ্টন কৰিব লাগিছিল যিদৰে দেশৰ আন চহৰবােৰত কৰে। আমি এবছৰমান আগতে টিভি টক শ্ব এটাত গুৱাহাটী উন্নয়ন মন্ত্রী মহাশয়ক এই প্রস্তাৱ দিছিলাে। আমাৰ প্রস্তাৱে কোনাে গুৰুত্বই নাপালে।
দুর্ভাগ্যজনক যে সমগ্র সম্প্রসাৰিত অঞ্চলবােৰাে অপৰিকল্পিত ভাৱে সম্প্ৰসাৰণ হ'ব। অঞ্চলবােৰ বৰষুণ হলে পানীত ডুব যাব, পানী যােগানকে ধৰি কোনাে চিভিক সুবিধা নাথাকিব। খেলপথাৰ, পার্ক আদিটো দূৰৰ কথা। বহল ৰাস্তাও নাথাকিব। চাৰিওফালে ট্রেফিক জাম হ’ব।
আমি আমাৰ আগৰ প্ৰবন্ধবােৰত লিখিছিলাে যে খানাপাৰাৰ পৰা জালুকবাৰীলৈ থকা ছয়লেনৰ হাইৱেটোকো বৰষুণৰ পানীয়ে ডুবাই ৰাখিব। কাৰণ এই হাইৱেটোৰ দুয়ােফালে বৃহৎ অঞ্চলটো ভর্তি হৈ গৈছে বা দখল হৈ গৈছে ঘৰ-বাৰীঅট্টালিকাৰ দ্বাৰা অপৰিকল্পিতভাৱে। উপযুক্ত বহল ৰাস্তা, নলা-নর্দমা, খােলা ঠাই, খেলপথাৰ, পার্ক আদিৰ ব্যৱস্থা নৰখাকৈ নির্মাণবােৰ হৈছে। বৰষুণৰ পানীবােৰ যােৱাৰ পথ নাই গতিকে হাইৱেটোৱে নলা হল।
আমাৰ এই প্ৰবন্ধটো আৰু দীঘলীয়া নকৰাে। চৰকাৰখনৰ চহৰ পৰিকল্পনাৰ কনচেপ্টেই যিহেতু নাই, আলােচনা মূল্যহীন। চহৰখনত থকা ৰাজনীতিবিদ, সমাজকর্মী, জাতীয়তাবাদী নেতা, বুদ্ধিজীৱী, সাহিত্যিক, সচেতন নাগৰিক, সাংবাদিক, কোনােৰে উদ্বেগ নাই যে গুৱাহাটী চহৰখন অপৰিকল্পিতভাৱে সম্প্রসাৰণ হৈ আছে আৰু চহৰখন মানুহ থকাৰ অনুপযােগী হৈছে। নাগৰিকসকলে দুর্ভোগ ভুগি থাকিব। ধনী লােকসকলৰ, উচ্চ মধ্যবিত্ত লােকসকলৰ, অনেক ৰাজনীতিবিদৰ তথা অনেক সাহিত্যিক-বুদ্ধিজীৱীৰ সতি-সন্ততি সকলেটো গুৱাহাটীতে সংস্থাপন নকৰে এওঁলােকে দিল্লী, মুম্বাই, পুণে, হায়দৰাবাদ, বাংগালুৰু বা আমেৰিকা, অষ্ট্রেলিয়া, কানাডাত সংস্থাপিত হৈছে আৰু হ'ব। দুর্ভোগ ভুগি থাকিব যিসকলে গুৱাহাটীত থাকিবই লাগিব। বসবাসৰ অনুপযােগী চহৰ এখন হ’ব অসমৰ প্রাণকেন্দ্র, উত্তৰ-পূৱৰ দুৱাৰডলি!
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ হৈছে। লেখকৰ ফোন- ৯৪৩৫০-৪১২০৩
No comments:
Post a Comment